অন্যযুগ/


ৰিণি আৰু আইতাৰ সাধু

 নৱনীতা ভট্টাচাৰ্য্য


বয়স বাঢ়ি অহাৰ লগে লগে মানুহ পৰিপক্ক হৈ উঠে৷ অৱশ্যে ইয়াৰ ওপৰত পৰিৱেশৰ প্রভাৱ আটাইতকৈ গুৰুত্বপূৰ্ণ৷ সেইবাবে শিশুক এনে এটা পৰিবেশ প্ৰদান কৰিবলৈ চেষ্টা কৰিব লাগে য’ত সিহঁতে নতুন নতুন কথা শিকাৰ সুযোগ পায়৷ ৰিণিকো এনে এটা পৰিবেশ দিবলৈ আইতাকে সদায় চেষ্টা কৰি আহিছে৷ আজি তেনে কাহিনী এটাকে কওঁ শুনা-

ৰিণি আৰু আইতাকৰ মাজৰ সম্পৰ্ক বৰ মধুৰ৷ দুয়ো লগা-লগি হ’লেই কিমান যে কথা ওলায়! কিবা এটা বিষয়বস্তু পাবহে লাগে, তাৰ আঁতি-গুৰি নজনালৈকে দুয়োৰে আলোচনাৰ শেষ নহয়৷ সিদিনাখনৰে কথা, ৰিণিয়ে আইতাকৰ আগত কিছুদিন আগতে মাক-দেউতাকৰ লগত ফুৰিবলৈ যোৱাৰ অভিজ্ঞতাবোৰ কৈ আছে, বিশেষকৈ সাগৰৰ পাৰত ফুৰিবলৈ যোৱা দিনাখনৰ কথা৷ কথাৰ মাজতে তাই আইতাকৰ হাতত ৰঙ-বিৰঙী শামুকৰ খোলা কেইটামান দি ক’লে, “আইতা আমি সাগৰৰ তীৰলৈ ফুৰিবলৈ গৈছিলো নহয়!”

আইতাকে তাই দিয়া শামুকৰ খোলাকেইটা হাতত লৈ ৰিণিক সুধিলে, “তুমি সাগৰৰ পানীত গা ধুলানে?”

আইতাকে কথাটো সুধিবলৈহে পালে তাই উৎসাহেৰে ক’বলৈ ধৰিলে, “ধুইছোঁ! ধুইছোঁ! আমি সাগৰৰ পানীত কিমান যে খেলিলোঁ! আৰু জানা, দাদা আৰু মই সাগৰৰ ঢৌতে খৰ মাৰিলোঁ নহয়৷ তুমি যে কোৱা ঢৌতে খৰ মাৰি কামটো কৰিলোঁ বুলি, আমি সিদিনাখন সঁচাকৈয়ে ঢৌতে খৰ মাৰিলোঁ৷”

ৰিণিৰ কথা শুনি আইতাকৰ হাঁহি উঠি গ’ল৷ হাঁহি সামৰি তেওঁ ক’লে, “মই সময়ৰ ঢৌত খৰ মাৰোঁ আৰু তোমালোকে সাগৰৰ ঢৌত খৰ মাৰিছা৷

“সময়ৰো ঢৌ! সময়ৰো ঢৌ থাকে নেকি?- ৰিণিয়ে আচৰিত হৈ সুধিলে৷

ৰিণিৰ প্ৰশ্ন শুনি আইতাকে ক’লে, “দৰাচলতে সিদিনাখন মই কোৱা কথাষাৰৰ অৰ্থ বেলেগ আছিল৷ বহুত ব্যস্ততাৰ মাজতো কামটো কৰা বুজাবলৈহে মই তেনেদৰে কৈছিলোঁ৷ আমি এনেকৈও কথা ক’ব পাৰো৷”

আইতাকৰ কথা শুনি ৰিণিৰ মনটো খেলি-মেলি লাগি গ’ল৷ তেওঁ কি ক’লে তাই একো বুজি নাপালে৷ ব্যস্ততাৰ লগত ঢৌৰ কি সম্পর্ক, তাকে ভবি তাই মনে মনে বহি থাকিল৷ ইফালে ৰিণিৰ মুখত ডাঙৰ প্ৰশ্নবোধক চিনটো দেখি আইতাকে ক’লে, “আমি কথা কওঁতে বা লিখোতে তাক অধিক শুৱলা কৰি তুলিবলৈ আৰু কথাৰ জোৰ বুজাবলৈ এনে কিছুমান খণ্ডবাক্য ব্যাৱহাৰ কৰিব পাৰো৷ এই খণ্ডবাক্যবোৰ অতি পুৰণিকালৰে পৰা মানুহৰ মুখে মুখে চলি আহিছে৷ আমি আমাৰ মনোভাব অধিক দৃঢ় কৰি তুলিবলৈ এই খণ্ডবাক্যবোৰ ব্যৱহাৰ কৰো৷ এইবোৰ আমাৰ ভাষাৰ ৰত্নস্বৰূপ, সাহিত্যৰ অলংকাৰ৷ ইয়াক প্রবাদ-প্রবচন বুলি কোৱা হয়৷”

“অ’ তাৰমানে পুৰণি কথাবোৰক প্ৰবাদ-প্রবচন বুলি কোৱা হয়৷”

“প্রবাদ-প্রবচনবোৰ পুৰণি, কিন্তু সকলো পুৰণি কথাকে আমি প্রবাদ-প্রবচন বুলি ক’ব নোৱাৰো৷ প্রবাদ-প্রবচন কিছুমান সংক্ষিপ্ত আৰু জ্ঞানদীপ্ত উক্তি যিবোৰ আৱহমান কালৰে পৰা চলি আহিছে৷ ইয়াৰ লগত এটা চিৰন্তন বা বাস্তৱ সত্য লুকাই থাকে৷”

আইতাকৰ কথা শুনি ৰিণিয়ে ক’লে, “অ’ তাৰমানে পুৰণিকালত কোনোবা বিজ্ঞলোকে এই প্রবাদ-প্রবচনবোৰ ৰচনা কৰিছিল আৰু সেইবোৰ এতিয়ালৈকে প্ৰচলিত হৈ আছে৷”

ৰিণিৰ অনুসন্ধিৎসু মনৰ উমান পাই আইতাকৰ বৰ ভাল লাগিল৷ যিহেতু তেওঁ এগৰাকী শিক্ষয়িত্ৰী আছিল সেইবাবে তেওঁ ভালদৰে বুজি পালে যে এতিয়া তাইৰ মন শিকিবলৈ সম্পূর্ণ প্রস্তুত৷ এই সুবর্ণ সুযোগ তেওঁ অথলে যাবলৈ দিব নোৱাৰে৷ সেইবাবে তেওঁ কাম-বন কাতি কৰি থৈ ৰিণিৰ ওচৰতে বহি ল’লে আৰু প্ৰবাদ-প্রবচনৰ বিষয়ে বহলাই ক’বলৈ ধৰিলে, “প্রবাদ-প্রবচনসমূহৰ কোনো ৰচয়িতা নাই৷ মানুহে যেতিয়া সভ্যভাবে সমাজপাতি বসবাস কৰিবলৈ লৈছিল তেতিয়াই প্রবাদ-প্রবচনসমূহৰ জন্ম হৈছিল৷ এইবোৰ হৈছে মানুহৰ দীৰ্ঘ অভিজ্ঞতাৰ বুদ্ধিদীপ্ত বাণী৷ ই সমাজৰ ৰীতি-নীতি, খাৱন-শোৱন, পিন্ধন-উৰণ, ভ্ৰমন-গমন, ৰূপ-সৌন্দৰ্য্য, স্বাস্থ্য-নীতি, স্বভাৱ-চৰিত্ৰৰ শুভ আৰু অশুভ দিশৰ বিষয়ে আগতীয়াকৈ সজাগ কৰি দিয়ে৷ অতি প্ৰাচীন কালৰে পৰা এই প্ৰবাদসমূহ চলি আছে যদিও আজিও ই প্ৰাসংগিকতা হেৰুওৱা নাই৷ আমি কথা কওঁতে প্রবাদ বাক্য ব্যৱহাৰ কৰি আমাৰ কথাৰ গুৰুত্ব দহ গুণে বৃদ্ধি কৰিব পাৰো৷ প্ৰবাদৰ প্ৰয়োগে সাধাৰণ বাক্যশাৰীকো আকর্ষণীয় কৰি তুলিব পাৰে৷ প্ৰবাদ-প্রবচনসমূহ ব্যৱহাৰ কৰি কম শব্দৰ দ্বাৰা অধিক স্পষ্টভাবে মনৰ ভাব প্ৰকাশ কৰিব পাৰো৷ “

আইতাকৰ সুন্দৰ বৰ্ণনা শুনি ৰিণিয়ে ক’লে, “আমাৰ পূৰ্বপুৰুষসকল কিমান বুধিয়ক আছিল চোৱাচোন৷ তেওঁলোকৰ তাত আজিকালিৰ দৰে উন্নতি প্ৰযুক্তিবিদ্যা নাথাকিলেও তেওঁলোকে বুদ্ধিৰে অৰ্জিত জ্ঞানক আমাৰ বাবে সাঁচি থৈ গৈছে আৰু কথাবোৰ ইমান সহজভাবে ৰচনা কৰি গৈছে যে আমি অতি সহজতে মনত ৰাখিব পাৰো৷”

ৰিণিৰ সুন্দৰ বিশ্লেষণ শুনি আইতাকৰ ক’লে, “তোমালোক হৈছা আমাৰ সমাজৰ ভবিষ্যত৷ তোমালোকে আমাৰ সংস্কৃতি, পৰম্পৰা ধৰি ৰাখিব লাগিব৷ এইবোৰ পাহৰি যোৱা মানে সমাজত বিশৃংখলতাৰ সৃষ্টি হোৱা৷ এখন সুসংস্কৃতিসম্পন্ন সমাজতহে সুৰীতি-নীতি, আচাৰ-ব্যৱহাৰ তথা জীৱন নিৰ্বাহৰ সুপ্ৰণালী গঢ় লৈ উঠে৷ সেইবাবে লোক-সাহিত্যসমূহৰ বিষয়ে জনা উচিত৷”

“বাৰু আইতা আৰু কি কি লোক-সাহিত্য আছে কোৱাচোন?”

“কম বাৰু, প্ৰথমতে তুমি জলপান খাই লোৱা আৰু ময়ো ৰন্ধা-বঢ়াৰ কাম অলপ আগবঢ়াই থওঁ৷ কথা পাতি থাকিলে খাবলৈ ক’ত পাবা৷ কথাতে কয় নহয় চোৰক মেলে নুশুৱাই বুলি৷”

 

ভ্ৰাম্যভাষ : ৯৮৬৪১৩৩৪৫০ 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ