অন্যযুগ/


ফুল আৰু পখিলা

 নিৰু দত্ত



লাহি-পাহি পখিলাই ফুলক সুধিলে,

ৰংবোৰ তোমাক বাৰু

কোনে সানি দিলে ?

কথা শুনি ফুল মৰমতে পমিলে,  

জাক জাক পখিলা জিকমিক পাখি

ৰেণু চুমি উৰি যায় ফুলক পাতে সখী৷

মলয়া বলিছে, ফুলে হালিছে জালিছে

কোমলকৈ সুবাসে মন বৰকৈ মুহিছে৷

ৰংবোৰ মাটিয়ে দিয়ে সজাই পৰাই

গছৰ জিনতে থাকে গোপনে লুকাই৷ 

ফুলৰ বুকুতে ফল ৰঙে-ৰসে  ভৰা 

বীজটিও তাতে থাকে কেনে মনোহৰা

পিছে , তুমিও যে পখিলা এনেনো ধুনীয়া 

কোন দেশৰ পৰী তুমি কৈ থৈ যোৱাঁ

অকণো নোৰোৱাঁ যে উৰি উৰি ফুৰাঁ

ৰেণু লাগি পাখিযুৰি হ’বচোঁ লেতেৰা

ইপাহ সিপাহ কৈ মৌবোৰ চোহি

হোৱাঁ নেকি বৰণীয়া 

লৱণু কোমল দেহি ? 

কথা শুনি পখিলাৰ মিচিকিয়াই হাঁহি 

মৰতৰে জীৱ আমি, পৰী নহওঁ সমুলি

ফুলেৰে-ৰঙেৰে থাকোঁ উমলি জামলি

গছত ফুলিলে ফুল পখিলা আহিব

বতাহৰ বা লাগি দুয়ো নাচোন জুৰিব৷

 

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ