নিৰু দত্ত
ধনটিহঁতৰ ঘৰৰ লাকীয়ে
কাতি বিহুৰ পাছতে ছটা পোৱালি দিলে৷ চুবুৰীৰ ল’ৰাজাকে চকু নেমেলাৰে পৰা কোনটো কোনে পুহিবলৈ
নিব আলচ কৰে৷ ছটা ল’ৰা-ছোৱালীৰ মাজৰ দুটাৰ ভাগত নপৰে বাবে সদায় আবেলি খেলৰ শেষত কাজিয়া
হয়৷ তথাপি সিহঁতে মিলিজুলি লাকীক খোৱা যোগাৰ দি থাকে৷ আজি ইঘৰ কালি
সিঘৰকৈ চোং সলাই মাকে পোৱালী কেইটাক টনটনীয়া কৰিলে৷
অঘাইটং টিটুক মাকে
বলাব নোৱৰা হ’লত ডিঙিত আলফুলে কামোৰ মাৰি ধৰি গুডুহঁতৰ ঘৰত থৈ গ’লহি৷ মাক লাকী চিম্বা
পৰিয়ালৰ, বগাকৈ বৰ ধুনীয়াজনী৷ দেউতাক হে ভতুৱা৷ হ’লেও কিচকিচিয়া ক’লা টমীক চুবুৰীৰ
সকলোৱে আদৰ কৰে৷
গুডুহঁতৰ ঘৰত আগৰে
পৰা ডাঙৰে-সৰুৱে এজাক আছিলেই৷ পহিলা আঘোণৰ মাজ ৰাতি এটাত ভঁৰালৰ তলত কুঁ-কুঁৱাই থকা
শুনি টৰ্চ মাৰি দেখিলে বুলিহে গুডুৱে তাক জুহালৰ কাষলৈ আনিলে৷ নহ’লে শিয়ালে আধ্যা পেলালেহেঁতেন৷
টিটু নামটো সেই দিনাৰে পৰা তাৰ গাত ষ্টাম্প মাৰি বহিল যি বহিলেই৷
জাকৰ ভিতৰত নুমলীয়া
বুলি ভালৰ ভাল খোৱা বস্তু টিটুৰ ভাগত পৰে৷ তাৰ নোদোকা গাটোৰ পহু ৰঙি নোমবোৰত হাত ফুৰাবলৈ
মজ্জা লাগে৷ পিছে খেনোক আকৌ মৰম কৰিলে সি গেঙেৰি মাৰি দিয়ে৷ জোঙা নখ কেইটাৰে আঁকুহিব
খোজে৷ তাৰ ফল সি নিজে পালে নহয়৷ গুডুৰ দেউতাকে চাইকেলৰ বাস্কেটত বহুৱাই ভেটেনেৰী হস্পিটেললৈ
নি এণ্টি ৰেবীজ ভেকচিন দিয়াই আনিলে৷ ডাক্টৰ খুৰা আৰু নাৰ্চ বাইদেউক দেখি তাৰ যি হে
কান্দোন৷
পিছে কান্দুৰা টিটুৱে
কালি বৰ সাহসীকতাৰ কাম এফেৰা কৰিলে৷ তাৰ কেংকেঙনি আমনি পোৱা সকলেও ক’বলৈ বাধ্য হ’ল
যে সেয়া নোহোৱা হ’লে ঘোৰ অথন্তৰ ঘটিলেহেঁতেন৷
গুডুৰ দুবছৰীয়া ভায়েক
এটা আছে নহয়৷ তাৰ নাম লাডু৷ লাডুৰ খোজবোৰ বৰকৈ পোন হোৱাই নাই৷ থুপুক-থাপাক খোজেৰ সি
ধুপুক-ধাপাক পৰে৷ মাকে ভালকৈ জোতা-মোজা পিন্ধাই থয়৷ সোঁভৰিত জুনুকা এটাও পিন্ধাই থৈছে৷
জুনুক-জানাক বাজি থকা খোজৰ শব্দতে পৰিয়ালৰ সদস্যই গম পায় লাডুগোপাল আহিছে বুলি৷ তথাপি
অথন্তৰ ঘটিল নহয়৷
পুৱা ১০ বজাৰ ভিতৰত
ঘৰৰ প্ৰায়বোৰ সদস্য কামে-কাজে বাহিৰ ওলাই যায়৷ ঘৰত থাকে আইতাক, মাক, ককাকৰ সাৰথি তজুকাই
আৰু আমাৰ লাডুগোপাল৷ ন বজাত মাকে খুৱাই-বুৱাই লাডুক চোতালতে কঠ এখন পাৰি ৰ’দ লগাকৈ
বহুৱাই দিলে৷ আনদিনৰ দৰে তাৰ প্ৰিয় খেলনাবোৰ ওচৰতে দি তেওঁ ককাক আৰু তজুকাইক মন দিবলৈ
কাণচোৱাই থৈ ভিতৰৰ কামত লাগিল গৈ৷ টিটুৱে কাণ দাঙি লাডুৰ খেলা চাই আছিল৷ কোনোবা চেগত
লাডু চোতালৰ পৰা ঘৰৰ মূধেদি হাঁহ এজাকৰ পাছে পাছে পিছচোতাল পালে গৈ৷ হাঁহৰ তাঁত তাঁত
মাতে লাডুৰ জুনুকাৰ শব্দক তল পেলালে৷ হাঁহজাক উৰা মৰাদি পুখুৰীৰ পানীত সাঁতোৰ ধৰে মানে
আমাৰ লাডুৱেও পুখুৰীৰ পাৰ পালেগৈ৷ টিটুৱে বাট ভেটা দিয়াৰ আগতে লাডু টুপুঙকৈ তৰাং পুখুৰীত
পৰিল৷ টিটুৱে তাৰ তীক্ষ্ণ মাতটোৰে যিমান পাৰে সিমাৰ জোৰ দি কেংকেঙালে৷ হাঁহজাকেও তেঁ
তেঁৱালে৷ মাকে কি হৈছে বুলি
ডিঙি মেলি চাওতে টিটুৱে তেওঁৰ চাদৰখনত ধৰি টানি আনি পুখুৰীৰ পাৰ পোৱালেহি৷ “লাডু ঐ”
বুলি চিঞৰ মাৰি তেওঁ গৰাৰ বোকাত লেটি
লৈ বোকা খামুচিয়াই খেলি থকা লাডুগোপালক বুকুত সাৱতি ধৰিলেগৈ৷ ককাকে পাৰতে টিটুৰ গাটো
মোহাৰি মৰম কৰি থাকিল৷
নাশান্ত নিবাস
সৰুপথাৰ-৭৮৫৬০১
গোলাঘাট
