অন্যযুগ/


টিটু

 নিৰু দত্ত


ধনটিহঁতৰ ঘৰৰ লাকীয়ে কাতি বিহুৰ পাছতে ছটা পোৱালি দিলে৷ চুবুৰীৰ ল’ৰাজাকে চকু নেমেলাৰে পৰা কোনটো কোনে পুহিবলৈ নিব আলচ কৰে৷ ছটা ল’ৰা-ছোৱালীৰ মাজৰ দুটাৰ ভাগত নপৰে বাবে সদায় আবেলি খেলৰ শেষত কাজিয়া হয়৷ তথাপি সিহঁতে মিলিজুলি  লাকীক খোৱা যোগাৰ দি থাকে৷ আজি ইঘৰ কালি সিঘৰকৈ চোং সলাই মাকে পোৱালী কেইটাক টনটনীয়া কৰিলে৷ 

 অঘাইটং টিটুক মাকে বলাব নোৱৰা হ’লত ডিঙিত আলফুলে কামোৰ মাৰি ধৰি গুডুহঁতৰ ঘৰত থৈ গ’লহি৷ মাক লাকী চিম্বা পৰিয়ালৰ, বগাকৈ বৰ ধুনীয়াজনী৷ দেউতাক হে ভতুৱা৷ হ’লেও কিচকিচিয়া ক’লা টমীক চুবুৰীৰ সকলোৱে আদৰ কৰে৷ 

গুডুহঁতৰ ঘৰত আগৰে পৰা ডাঙৰে-সৰুৱে এজাক আছিলেই৷ পহিলা আঘোণৰ মাজ ৰাতি এটাত ভঁৰালৰ তলত কুঁ-কুঁৱাই থকা শুনি টৰ্চ মাৰি দেখিলে বুলিহে গুডুৱে তাক জুহালৰ কাষলৈ আনিলে৷ নহ’লে শিয়ালে আধ্যা পেলালেহেঁতেন৷ টিটু নামটো সেই দিনাৰে পৰা তাৰ গাত ষ্টাম্প মাৰি বহিল যি বহিলেই৷ 

জাকৰ ভিতৰত নুমলীয়া বুলি ভালৰ ভাল খোৱা বস্তু টিটুৰ ভাগত পৰে৷ তাৰ নোদোকা গাটোৰ পহু ৰঙি নোমবোৰত হাত ফুৰাবলৈ মজ্জা লাগে৷ পিছে খেনোক আকৌ মৰম কৰিলে সি গেঙেৰি মাৰি দিয়ে৷ জোঙা নখ কেইটাৰে আঁকুহিব খোজে৷ তাৰ ফল সি নিজে পালে নহয়৷ গুডুৰ দেউতাকে চাইকেলৰ বাস্কেটত বহুৱাই ভেটেনেৰী হস্পিটেললৈ নি এণ্টি ৰেবীজ ভেকচিন দিয়াই আনিলে৷ ডাক্টৰ খুৰা আৰু নাৰ্চ বাইদেউক দেখি তাৰ যি হে কান্দোন৷

পিছে কান্দুৰা টিটুৱে কালি বৰ সাহসীকতাৰ কাম এফেৰা কৰিলে৷ তাৰ কেংকেঙনি আমনি পোৱা সকলেও ক’বলৈ বাধ্য হ’ল যে সেয়া নোহোৱা হ’লে ঘোৰ অথন্তৰ ঘটিলেহেঁতেন৷

গুডুৰ দুবছৰীয়া ভায়েক এটা আছে নহয়৷ তাৰ নাম লাডু৷ লাডুৰ খোজবোৰ বৰকৈ পোন হোৱাই নাই৷ থুপুক-থাপাক খোজেৰ সি ধুপুক-ধাপাক পৰে৷ মাকে ভালকৈ জোতা-মোজা পিন্ধাই থয়৷ সোঁভৰিত জুনুকা এটাও পিন্ধাই থৈছে৷ জুনুক-জানাক বাজি থকা খোজৰ শব্দতে পৰিয়ালৰ সদস্যই গম পায় লাডুগোপাল আহিছে বুলি৷ তথাপি অথন্তৰ ঘটিল নহয়৷ 

পুৱা ১০ বজাৰ ভিতৰত ঘৰৰ প্ৰায়বোৰ সদস্য কামে-কাজে বাহিৰ ওলাই যায়৷ ঘৰত থাকে আইতাক, মাক, ককাকৰ সাৰথি তজুকাই আৰু আমাৰ লাডুগোপাল৷ ন বজাত মাকে খুৱাই-বুৱাই লাডুক চোতালতে কঠ এখন পাৰি ৰ’দ লগাকৈ বহুৱাই দিলে৷ আনদিনৰ দৰে তাৰ প্ৰিয় খেলনাবোৰ ওচৰতে দি তেওঁ ককাক আৰু তজুকাইক মন দিবলৈ কাণচোৱাই থৈ ভিতৰৰ কামত লাগিল গৈ৷ টিটুৱে কাণ দাঙি লাডুৰ খেলা চাই আছিল৷ কোনোবা চেগত লাডু চোতালৰ পৰা ঘৰৰ মূধেদি হাঁহ এজাকৰ পাছে পাছে পিছচোতাল পালে গৈ৷ হাঁহৰ তাঁত তাঁত মাতে লাডুৰ জুনুকাৰ শব্দক তল পেলালে৷ হাঁহজাক উৰা মৰাদি পুখুৰীৰ পানীত সাঁতোৰ ধৰে মানে আমাৰ লাডুৱেও পুখুৰীৰ পাৰ পালেগৈ৷ টিটুৱে বাট ভেটা দিয়াৰ আগতে লাডু টুপুঙকৈ তৰাং পুখুৰীত পৰিল৷ টিটুৱে তাৰ তীক্ষ্ণ মাতটোৰে যিমান পাৰে সিমাৰ জোৰ দি কেংকেঙালে৷ হাঁহজাকেও তেঁ তেঁৱালে৷  মাকে কি হৈছে বুলি ডিঙি মেলি চাওতে টিটুৱে তেওঁৰ চাদৰখনত ধৰি টানি আনি পুখুৰীৰ পাৰ পোৱালেহি৷ “লাডু ঐ” বুলি চিঞৰ মাৰি তেওঁ  গৰাৰ বোকাত লেটি লৈ বোকা খামুচিয়াই খেলি থকা লাডুগোপালক বুকুত সাৱতি ধৰিলেগৈ৷ ককাকে পাৰতে টিটুৰ গাটো মোহাৰি মৰম কৰি থাকিল৷ 

     

 

নাশান্ত নিবাস

সৰুপথাৰ-৭৮৫৬০১

গোলাঘাট

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ