ক্ষিপ্ৰকল্প গগৈ
এদিন এটা গুবৰুৱাই গোবৰ খুঁচৰি আছিল। তেনেতে সি তাৰ কাষেদি ক’ৰবালৈ উৰি যোৱা এটা ভোমোৰাক দেখা পালে। ভোমোৰাটোক দেখি গুবৰুৱাই মাত লগালে, “হেৰা ভোমোৰা ককাই, কোনফালেনো ওলালা ভোঁ-ভোঁৱাই?”
ভোমোৰাই উত্তৰ দিলে, “মই ফুলৰ মৌ খাবলৈ যাওঁ।”
গুবৰুৱাই আচৰিত হৈ সুধিলে, “ইনো কি বস্তু? আজিলৈকে নামেই শুনা নাই!”
ভোমোৰাই হাঁহি মাৰি ক’লে, “তুমিনো কেনেকৈ চিনি পাবা! তুমি দেখোন দিনৰ দিনটো গোবৰেই খুঁচৰি থাকাঁ!”
গুবৰুৱাই অনুৰোধৰ সুৰত ক’লে, “মৌ খাবলৈ নিবানে মোকো তোমাৰ লগত?”
ভোমোৰাই ক’লে, “যাব যদি খুজিছা, আহাঁ গোঁ-গোঁৱাই, নকৰি পলম।”
কথা শুনি গুবৰুৱাই ভোমোৰাৰ পিছ ল’লে। আগে আগে ভোমোৰা— ভোঁ-ভোঁৱাই; পিছে পিছে গুবৰুৱা— গোঁ-গোঁৱাই! গৈ গৈ সিহঁতে এখন বৰ ধুনীয়া ফুলৰ বাগিচা পালেগৈ। তাত জকমকাই ফুলি থকা নানাৰঙী ফুলবোৰ দেখি গুবৰুৱাৰ চকু থৰ হৈ গ’ল। সি আগেয়ে এনে সুন্দৰ, মনোমোহা দৃশ্য কাহানিও দেখা নাছিল।
গুবৰুৱাক থৰ লাগি থকা দেখি ভোমোৰাই মাত লগালে, “ৰৈ নাথাকিবা। ফুলৰ মৌ খাবলৈ আৰম্ভ কৰি দিয়াঁ।”
গুবৰুৱাই ভোমোৰাক চাই চাই ফুলৰপৰা মৌ চুহি খোৱা কিটিপটো শিকি ল’লে। মৌৰ সোৱাদ পাই গুবৰুৱা একেবাৰে আপোন-পাহৰা হৈ পৰিল। সি এপাহ ফুলৰপৰা উৰি আন এপাহ ফুলত পৰি মৌ খাবলৈ ধৰিলে।
এনেকৈ মৌ খাই থাকোঁতে ক্ৰমান্বয়ে গধূলি হৈ আহিল। ভোমোৰাই উভতিব খুজি গুবৰুৱাক চিঞৰিলে, “গুবৰুৱা ভাই, হ’লনে তোমাৰ? গধূলি হৈ আহিছে। ব’লা, ঘৰলৈ ওভতোঁ।”
গুবৰুৱাৰপৰা কোনো উত্তৰ নাপাই ভোমোৰাই আকৌ চিঞৰিলে, “গধূলি হ’লে ফুলবোৰ জাপ খাই যাব। তেতিয়া আৰু মৌ খাব নোৱাৰিবা। আহাঁ, আমি দিনে-পোহৰে উভতি যাওঁ।”
মৌৰ সোৱাদ আৰু বাগিচাৰ সৌন্দৰ্যত গুবৰুৱা ইমানেই আপোন-পাহৰা হৈ আছিল যে ভোমোৰাৰ কোনো কথাই তাৰ কাণত নোসোমাল; তদুপৰি সময়ৰ প্ৰতিও তাৰ কোনো ধ্যান নাছিল। উপায় নাপাই গুবৰুৱাক এৰি ভোমোৰাই নিজৰ ঘৰলৈ উৰা মাৰিলে। ইফালে বাগিচাৰ ফুলবোৰো জাপ খাই আহিল। এপাহ ফুলত সোমাই গুবৰুৱাটোৱে মৌৰস খাই আছিল। সেই ফুলপাহৰ পাহিবোৰো জাপ খাই অহাত গুবৰুৱাটো তাতেই আৱদ্ধ হৈ পৰিল। গধূলি হ’লে যে ফুলবোৰ জাপ খাই যায়, সেই কথাটো গুবৰুৱাই জনা নাছিল।
সেই বাগিচাখন আছিল ৰজা বিক্ৰমাদিত্যৰ। ৰজাই সদায় সূৰ্যোদয়ৰ আগতেই উঠি স্নান কৰি বাগিচাৰপৰা ফুল ছিঙি আনি পূজা কৰি সূৰ্যোদয়ৰ লগে লগে ফুলবোৰ গংগা নদীত বিসৰ্জন দিয়ে। সেইদিনাও ৰজাই পূজাৰ বাবে ফুল ছিঙি আনিলে। ৰজাই ছিঙা ফুলবোৰৰ মাজতে গুবৰুৱা সোমাই থকা ফুলপাহো আছিল। ৰজাই পূজা কৰি সূৰ্যোদয়ৰ আগে আগে ফুলবোৰ মূৰত তুলি নি গংগা নদীত বিসৰ্জন দিলে। ফুলবোৰ নদীৰ সোঁতত লাহে লাহে উটি যাবলৈ ধৰিলে।
অলপ পাছতেই বেলি ওলাল। বেলিৰ পোহৰ পাই জাপ খাই থকা ফুলবোৰ লাহে লাহে আকৌ মেল খাই গ’ল। ফুলৰ পাহিবোৰ মেল খাই যোৱাত ভিতৰত সোমাই থকা গুবৰুৱাটো মুকলি হৈ পৰিল। পুৱাৰ কোমল ৰ’দত গুবৰুৱাটোৱে তাৰ কণ কণ পাখি আৰু ঠেংবোৰ পোনাই লৈ মনৰ আনন্দতে উৰি উৰি গাবলৈ ধৰিলে, “সজৰ লগত সংগ কৰি মধু কৰিলোঁ পান, বিক্ৰমাদিত্যৰ মূৰত উঠি গংগাত কৰিলোঁ স্নান!” r
(সৰুতে দেউতাৰ মুখৰপৰা শুনা)
লেখকৰ ঠিকনা :
কাৱৈমাৰী গাঁও, ডাক- কলাকটা, ধেমাজি-৭৮৭০৫৮
ভ্ৰাম্যভাষ-৯৮৬৪২১৮৯৩০