অন্যযুগ/


অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱী


ভাগৰুৱা বাটলু মুহূৰ্ততে চোপনিৰ কোলাত ঢলি পৰিল৷ 

টোপনিতে সি এটা ধুনীয়া সপোন দেখিলে৷ 

... সি সৰগ হেন ধুনীয়া ঠাই এখনত আছেহি৷ তাৰ কাষৰপৰাই চাৰিওফালে দূৰ-দূৰণিলৈকে নানা ৰঙৰ ফুলনি, সেউজীয়া গছ-বন, দূৰণিত ওখ পাহাৰ, তাতকৈও দূৰৈত আকাশ চুব খোজা পৰ্বতৰ বৰফে বগাকৈ ৰখা শিখৰ... সেই শিখৰবোৰৰপৰা যেন ওপঙি ওপঙি ওলাই আহি আকাশ ভৰাই তুলিছে শুকুলা ডাৱৰবোৰে৷ মাজে মাজে জাকে জাকে ৰং-বিৰঙৰ চৰাই উৰি উৰি আকাশৰ ৰং যেন চৰাই তুলিছে৷ ধুনীয়া দেশখনৰ লোকসকলো ধুনীয়া আৰু মৰমিয়াল৷ ধুনীয়া ধুনীয়া পৰিচাৰিকা দুজনীমানে বাটলুৰ আলপৈচান ধৰিছে, তাৰ ভাগৰুৱা হাত-ভৰি পিটিকি দিছে৷ দেখাত তাহাঁত দুজনীও বাটলুৰ নিচিনাই... তাহাঁতে তাক কিবা খাবলৈও দিছে৷ কপাহৰ নিচিনা কোমল বিছনা এখনত শুই শুই বাটলুৰ খুব আনন্দ লাগিছে৷ আনন্দতে সি একোবাৰ শুইছে, একোবাৰ বহিছে, কোনোবা এবাৰত আকৌ ৰঙতে জঁপিয়াইছে সি...

কিবা হুলস্থুলত টোপনি ভাগি গল বাটলুৰ৷ 

চকুহাল মেলিহে সি গম পালে যে ইমান পৰে সি সপোনৰ ৰাজ্য এখনতহে ভাহি আছিল৷ হুলস্থুল দেখোন তাৰ একেবাৰে ওচৰতে হৈছে৷ সি আকৌ ভয় খালে৷

চৌপাশৰ দৃশ্যটো দেখি সি এইবাৰ আগতকৈও বেছিকৈহে আচৰিত হ’ল৷ কাৰণ সি আৱিষ্কাৰ কৰিলে যে শুবৰ সময়ত সি য’ত আছিল এতিয়া তাত নাই৷ এতিয়া সি যি ঠাইত আছে তাত চাৰিওফালে আইনাৰ নিচিনা কিহবাৰ বেৰা এখন আছে৷ বেৰাখন আকাশৰ ফালেও থকা দেখি তাৰ অনুভৱ হ’ল, সি যেন কিবা এটা যন্ত্ৰৰ ভিতৰতহে সোমাই আছে!

সি সোমাই থকা যন্ত্ৰটোৰপৰা অলপ দূৰত ইপ্পিহঁতৰ নিচিনা অনেক প্ৰাণী৷ আটাইবোৰে তাৰ ফালেই চাই আছে দেখোন৷ সি লৰচৰ কৰা দেখি প্ৰাণীবোৰে নিজৰ মাজতে কিবাকিবি কোৱাকুই কৰিছে৷ ফলত এক প্ৰকাৰ হুলস্থুলীয়া পৰিস্থিতি এটাৰ সৃষ্টি হৈছে৷

সি মন কৰিলে, লাহে লাহে যেন আকাশৰ ফালে থকা বেৰাখন আঁতৰি গ’ল৷ আকাশখন, ৰাতিপুৱাৰ শেঁতা জোনটোৰ লগতে তৰা কিছুমানো সি ফটফটীয়াকৈ দেখা পালে৷

কিন্তু সি আচৰিত হ’ল তাৰ বিছনাখন দেখিহে৷ এইখন দেখোন সি সপোনত দেখা বিছনাখনৰ সৈতে একে, কপাহৰ নিচিনা কোমল৷

ইপ্পি আৰু তেওঁৰ লগৰ দুজনমান বাটলু সোমাই থকা সৰু ঘৰটোৰ কাষলৈ আহিল৷ ইপ্পিক দেখি সি অলপ সাহস পালে৷

: গুড মৰ্নিং, বাটলু৷– ইপ্পিৰ সম্ভাষণ শুনি বাটলু আচৰিত হ’ল৷ 

: গুড মৰ্নিং, ইপ্পি৷ ৰাতি পুৱাল নেকি? আকাশত দেখোন তৰা ওলায়েই আছে৷ মানে...  মানে মই কিজানি বহুত দেৰি শুলোঁ...

বাটলুৰ কথা শুনি সামান্য মিচিকিয়াই হাঁহি ইপ্পিয়ে ক’লে–

: ৰাতি কেতিয়াবাই পুৱাল, বাটলু৷ তোমাৰ মূৰৰ ওপৰৰ আকাশখন আচল আকাশ নহয়, আকাশৰ দৰে সজাইহে থোৱা হৈছে৷ সেই জোন-তৰাবোৰো নকলহে৷

বাটলুৱে নকল আকাশ, নকল জোন-তৰাবোৰলৈ আকৌ এবাৰ চালে৷ ইপ্পিয়ে কৈ গ’ল–

: বাৰু কোৱাঁচোন এতিয়া৷ তুমি সম্পূৰ্ণ সুস্থ হৈ উঠিছানে? মানে তোমাৰ ভাগৰ মৰিলনে?

: হয়, হয়৷ মই এতিয়া সম্পূৰ্ণ সুস্থ৷ মনটোও ভাল লাগিছে৷ –এই বুলি বাটলুৱে বিছনাখনৰ ওপৰতে খোজ কাঢ়ি দেখুৱালে৷ ইপ্পিয়ে তেতিয়া লগৰীয়া দুজনক উদ্দেশ্যি ক’লে–

: লিবু আৰু হু৷ তোমালোক দুয়োজনে আমাৰ অতিথি পৃথিৱীবাসী বাটলুক আমাৰ জগতখন ভালকৈ দেখুৱাবলৈ ব্যৱস্থা কৰাঁ৷ মোৰ ব্যক্তিগত বাহনখনকে লৈ যাবা৷

দুয়োজনে বিশেষ ভঙ্গীত সঁহাৰি জনাই হ’ব বুলি কৈ আঁতৰি গ’ল৷

ইপ্পিয়ে বাটলুক সি সোমাই থকা যন্ত্ৰটোৰপৰা উলিয়াই আনিলে৷ বাহিৰলৈ আহিহে বাটলুৱে দেখিলে যে হয়, আচল আকাশখনত জোন-তৰা একোৱেই নাই৷ খুব প্ৰখৰ ৰ’দে তাৰ দুচকু চাট মাৰি ধৰিলে৷

তাৰ মনত আকৌ প্ৰশ্ন এটাই পাক ঘূৰণি খাবলৈ ধৰিলে–

কি জগত এইখন?’

তাত গোট খোৱা প্ৰাণীবোৰে লাহে লাহে তাক চুই চাবলৈ ধৰিলে৷ ইপ্পিয়ে বিশেষভাৱে আটাইকে সাৱধানবাণী শুনাই থাকিল– ‘অতিথিয়ে দুখ পাব নালাগে দেই৷ মৰমেৰে, লাহে লাহে’ ইত্যাদি৷ সিও তাৰ সৰু হাতোৰাখনেৰে আটাইকে মৰমেৰে স্পৰ্শ কৰি গ’ল৷ সকলোৰে চকুবোৰ মৰমেৰে উজ্জ্বল,আনন্দময়৷

তাৰ অনুভৱ হ’ল, এইখন জগতৰ প্ৰাণীবোৰ দেখোন পৃথিৱীৰ মানুহৰ সৈতে তুলনাই নহয়৷ এওঁলোক ইমান মৰমিয়াল আৰু সাৱধানী!

সকলোৱে তাক আচৰিত হৈ চাইছে, কিন্তু এজনৰ চকুতো পৃথিৱীৰ মানুহৰ নিচিনাকৈ হিংসা বা ঘৃণা প্ৰকাশ পোৱা নাই৷ হয়তো তাৰ নিচিনা অকণমানি প্ৰাণী এওঁলোকে আগতে দেখিবলৈকে পোৱা নাই৷

তেনে সময়তে সামান্য শব্দ কৰি উৰণীয়া বাহন এখন আহি সেইখিনিতে পৰিলহি৷ ইপ্পিয়ে আটাইকে আঁতৰাই বাটলুক সেই বাহনখনত উঠিবলৈ ক’লে৷ বাটলুৱে কি কৰোঁ কি নকৰোঁ কৰি থাকোঁতেই হুৱে সোঁহাতৰ তলুৱাখন পাতি তাক উঠিবলৈ ক’লে৷ 

লিবু বাহনখনৰ চালকৰ আসনত বহি আছে৷ নিজৰ হাতৰ তলুৱাত বাটলুক লৈ হু বাহনত উঠিলগৈ৷ লাহে লাহে বাহনখন মাটিৰপৰা দুজনমান মানুহৰ সমান ওপৰলৈ উঠিল আৰু আগ বাঢ়ি যাবলৈ ধৰিলে৷

পৃথিৱীত মানুহে চলোৱা উৰণীয়া বাহনবোৰলৈ মনত পৰিল বাটলুৰ– বহুত ওপৰেদি উৰি যায় যদিও ইমান ডাঙৰ শব্দ কৰে! এইখন বাহনে দেখোন সামান্য শব্দহে কৰিছে৷ সি বাৰে বাৰে আচৰিত হৈছে৷

...

মহাৰাজ কেশৰীয়ে আহ্বান কৰা সভাখন সুকলমে হৈ গ’ল৷ একেবাৰে অলৰ-অচৰ বয়সীয়া কেইজনমানক বাদ দি সেউজপুৰৰ সকলো প্ৰজাই সভাখনত ভাগ ল’লে৷ 

আচলতে এজন বিশ্বস্ত, বিচক্ষণ তথা সাহসী সভাসদ বাটলু নিৰুদ্দেশ হোৱাৰ বাতৰিটোৱে ৰাজ্যখনৰ প্ৰতিজন প্ৰজাকে চিন্তিত কৰি তুলিছে৷ প্ৰায় প্ৰতিজন সেউজপুৰবাসীৰ অন্তৰত বাটলুৱে এখন বিশেষ আসন অধিকাৰ কৰি লৈছে৷ 

আটাইৰে মৰম-শ্ৰদ্ধাৰ এধানমান প্ৰাণীটো এই মুহূৰ্তত ক’ত, কেনেকৈ আছেগৈ বাৰু? মহাৰাজ কেশৰীৰ লগতে সকলোৰে মনত অকল এইটোৱেই প্ৰশ্ন৷  

অৱশ্যে সভাখনত বিশেষ একো সমাধান নোলাল, আটায়ে কেৱল একান্তমনে বাটলুৰ মঙ্গল কামনাহে কৰিলে৷ বাৰে বাৰে আটায়ে বনদেৱীক খাটনি ধৰিলেদেৱীয়ে যেন বাটলু মহাশয়ৰ মঙ্গল কৰে; তেখেত য’তেই নাথাকক, দেৱীয়ে যেন তেখেতক অতি সোনকালে সুস্থ শৰীৰেৰে উভতি আহিবলৈ শক্তি দিয়ে৷

সভাত গৃহীত হোৱা সৰ্বসন্মত প্ৰস্তাৱ মতেই বাটলুৰ সন্ধানত ছটছটীৰ নেতৃত্বত আকৌ এজাক চৰাই জুৰণিপাৰৰ অৰণ্যলৈ ৰাওনা হ’ল৷ যাবৰ সময়ত ৰাইজৰ সম্মুখত মহাৰাজ কেশৰীক তাই কথা দি গ’ল যে খবৰ যিয়েই নহওক, তথ্য-প্ৰমাণ পালেহে হেনো তাই উভতি আহিব, নহলে নাহে৷ মহাৰাজে বাটলু উভতি নহালৈকে তাৰ পৰিবাৰ আৰু সন্তানকেইটাক নিজৰ তত্ত্বাৱধানতে ৰাখিব খুজিলে৷ ৰাইজেও মহাৰাজৰ প্ৰস্তাৱটো সমৰ্থন কৰিলে৷

: মহাৰাজ, চৰাইৰ দলটোৰ পিছে পিছে বাঘসেনাৰ দল এটাৰ লগত হাতী কেইজনমানো পঠাই দিয়াটো ভাল হ’ব নেকি! কাৰণ উভলি পৰি থকা গছপুলি বা গছৰ ডাল চৰাইহঁতে কেনেকৈ আঁতৰাব? আৰু যদিহে বাটলু ডাঙৰীয়া তেনে কিহবাৰ তলত ওলাব নোৱৰা হৈ সোমাই আছে?

মহামন্ত্ৰী বৃকোদৰৰ প্ৰস্তাৱটো সমৰ্থন কৰি মহাৰাজে ক’লে–

: আপুনি সঠিক কথাকে কৈছে মন্ত্ৰীবৰ৷ মোৰ মনৰ অৱস্থা ইমান শোচনীয় যে মই একো ভাবিবই পৰা নাই৷ আপুনি কোৱামতেই ব্যৱস্থা কৰক৷

: হ’ব মহাৰাজ৷ আপুনি নিশ্চিন্ত থাকক৷ বাটলু ডাঙৰীয়া উভতি আহিব, মোৰ বিশ্বাস আছে৷ আপুনি মনটো বেয়া কৰি নাথাকিব৷

মন্ত্ৰী বৃকোদৰে মহাৰাজক সান্ত্বনা দিবলৈ যত্ন কৰিলে৷

: ময়ো সেয়ে আশা কৰোঁ মন্ত্ৰীবৰ৷ 

দীঘল হুমুনিয়াহ এটা কাঢ়ি মহাৰাজ ঠাইতে বহি পৰিল৷

অতিকে কোমল মনৰ মহাৰাজ কেশৰীৰ অস্থিৰতাৰ কাৰণ মন্ত্ৰী বৃকোদৰে ভালদৰেই বুজি পাইছে৷ বাটলুৱে মহাৰাজৰ অন্তৰত যিখন আসন লাভ কৰিছে সেইখন আসনৰ কথা আন কোনোবাই  কল্পনাও কৰিব নোৱাৰে৷

যি হওক, এই মুহূৰ্তত মহাৰাজক জিৰণিৰ প্ৰয়োজন৷ সেয়ে বৃকোদৰে ক’লে–

: মহাৰাজ, আপুনি অকণমান জিৰণি লওক৷ মই বাকী কাৰ্যব্যৱস্থা তদাৰক কৰিম৷ আপুনি অকণো চিন্তা নকৰিব৷

কথাষাৰ শেষ কৰি গজেন্দ্ৰ গমনে বৃকোদৰ সেউজপুৰৰ সেউজীয়াৰ মাজত সোমাই পৰিল৷

 (আগলৈ)

ঠিকনা :

বাগেশ্ৰী, উপপথ  বি

জোনাকী পথ, খনীয়া গাঁও

ডিব্ৰুগড়- ৭৮৬০০৩

ফোন : ৮৪৮৬০৩৩৮৩৬

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ