স্মৃতিৰেখা দেৱী
কথামতেই কাম৷
পাছদিনা
পুৱাবেলাতে কেইবাজনো মুখ্য সভাসদক লৈ মহাৰাজ কেশৰী গৈ জুৰণিপাৰৰ কাঠনিখন পালেগৈ৷
ইতিপূৰ্বেই ছটছটীৰপৰা আগতীয়াকৈ খবৰ পাই বৃদ্ধ বাদুলিহাল মহাৰাজ কেশৰীক অভিবাদন
জনাবলৈ সাজু হৈ আছিল৷
‘প্ৰণাম, মহাৰাজ৷’
– দিনৰ ভাগত চকুৰে প্ৰায় একোকে নেদেখা বাদুলিহালে প্ৰখৰ শ্ৰৱণশক্তিৰ দ্বাৰা মহাৰাজ
আৰু সভাসদসকল আহি তেওঁলোকৰ ওচৰ পোৱাৰ উমান পাই মাত লগালে৷
‘প্ৰণাম, প্ৰণাম৷
কেনে আছা তোমালোক? শ্ৰীমতী বাদুলী আয়ে গাটো বাৰু আগতকৈ অলপ ভাল
পাইছানে?’
‘আমি ভালেই আছোঁ৷
ময়ো গাটো অলপ ভাল পাইছোঁ৷’ লেৰেলি পৰা বহল গছপাত এখিলাৰে নাকটো মচি মচি বৃদ্ধা
বাদুলীগৰাকীয়ে কৈ উঠিল৷
‘আজি আমি বিশেষ
গুৰুত্বপূৰ্ণ সকাম এটাতহে তোমালোকৰ ওচৰলৈ আহিছোঁ৷ সেউজপুৰৰ বাবে বাটলু কি বা কোন
তোমালোককতো বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই৷ সি নিৰুদ্দেশ হোৱাৰ পাছত তাৰ বিষয়ে
তোমালোকে দিয়া খবৰ আমি ছটছটীৰপৰা পাইছোঁ৷ তোমালোকক নথৈ ধন্যবাদ জনাইছোঁ৷ এতিয়া আমি
বাটলুৰ সবিশেষ খবৰ পোৱাৰ ক্ষেত্ৰত আৰু তাৰ সৈতে আমি যোগাযোগ কৰিব পৰাকৈ কিবা এটা
ব্যৱস্থা কৰিবলৈ যত্ন কৰিব লাগে৷ আৰু তোমালোকৰ বাহিৰে আন কোনেও এই ক্ষেত্ৰত আমাক
সহায় কৰিব নোৱাৰে৷’
অলপো পলম নকৰাকৈ
প্ৰায় একেটা উশাহতে মহাৰাজে কথাখিনি কৈ তেওঁলোকলৈ চালে৷ তেওঁলোকৰ মুখমণ্ডলত একো
অভিব্যক্তি নেদেখি মহাৰাজৰ খঙেই উঠিছিল৷ মহামন্ত্ৰী বৃকোদৰে তেওঁৰ কাণে কাণে ক’লে–
‘আপোনাৰ খং উঠিছে,
মহাৰাজ৷
অনুগ্ৰহ কৰি খং-ৰাগ নকৰিব৷ তেওঁলোকে দিনত একোকে নেদেখে, আমাকো দেখা নাই৷
কেৱল অনুমানতহে কথা পাতি আছে...৷’
মহামন্ত্ৰীৰ কথা
শেষ হ’ল কি নহ’ল, বৃদ্ধ বাদুলিজনে ক’বলৈ ধৰিলে–
‘ধন্যবাদ দি আমাক
লাজ নিদিব মহাৰাজ৷ সেউজপুৰীয়া হিচাপে এইখিনি আমাৰ দায়িত্বই৷ বয়সৰ কাৰণেই আমি
ৰাজ্যখনৰ কাৰণে একোকে কৰিব নোৱৰা হ’লোঁ৷ এইবাৰ ভাগ্যক্ৰমেহে সেই উৰণীয়া যানখনৰ
ভিতৰত বাটলু মহাশয়ক দেখা পালোঁ৷ তেখেতক দেখাৰ পাছৰেপৰা আমাৰ মন উগুল-থুগুল লাগি
আছিল৷ অৱশ্যে তেখেত কুশলে আছে বুলি জনাৰ পাছতহে আমাৰ মন ভাললৈ আহিল৷ আচলতে মহাৰাজ
আৰু সভাসদসকল, আপোনালোকে জানি খুব ভাল পাব যে সেই উৰণীয়া
ঘূৰণীয়া যানখনত সোমাই অহা লোকসকল দেখাত প্ৰায় আমাৰ পৃথিৱীৰ মানুহবোৰৰ দৰেই৷
তেওঁলোক কেৱল অলপ চাপৰ আৰু তেওঁলোকৰ মূৰত চুলি নাই৷ নিজৰ মাজত এটা অদ্ভুত ভাষাত
কথা পাতে তেওঁলোকে, আমি বুজি নাপাওঁ৷ কিন্তু আমাক আচৰিত কৰি
তেওঁলোকে আমাৰ লগত আমাৰ ভাষাতে কথা পাতিছিল৷ আমি অনুমান কৰিছোঁ, তেওঁলোক
যেন আমাৰ মানুহতকৈও বেছি কথা জনা প্ৰাণী৷ আৰু মহাৰাজ, তেওঁলোক যথেষ্ট
মৰমিয়াল আৰু ভদ্ৰ৷’
কথা কৈ কৈ
বাদুলিজনে ফোঁপাইছিল৷ মহাৰাজে ক’লে– ‘হ’ব হ’ব৷ খন্তেক ৰৈ দীঘল দীঘলকৈ উশাহ দুটামান
লৈ লোৱাঁ৷ তুমি ভাগৰি গৈছা৷ আমি অলপ ৰৈছোঁ বাৰু৷’ মহাৰাজৰ কথা শুনি তেওঁ অকণমান
সময় ৰ’ল৷ ভাগৰি পৰিলেও কিবা এটা উত্তেজনাত তেওঁ পুনৰ ক’বলৈ আৰম্ভ কৰিলে–
‘সেইদিনা মহাৰাজ,
সেই
উৰণীয়া যানখন মাটিত ৰৈ থাকোঁতে তাৰ ভিতৰত কোনো নাই বুলি ভাবি ভিতৰলৈ সোমাই
গৈছিলোঁ৷ তেতিয়াই তাত বাটলু মহাশয়ৰ দৰে এজনক দেখা পালোঁ– কিন্তু সেইজন আচলজন নহয়৷
মানে আমি যে পানীত নিজকে দেখোঁ, তেনেকৈহে তেখেতক দেখিছিলোঁ এটা যন্ত্ৰৰ
ভিতৰত৷ কিন্তু তেখেতে কৈ থকা কথা মই শুনিছিলোঁ, মহাৰাজ৷ তেখেতে
কথা কোৱা শুনি তেখেত সোমাই থকা যন্ত্ৰটোৰ ওচৰ চাপি গৈ মই তেখেতক বিবিধ কথা সুধিবলৈ
ধৰিছিলোঁ৷ তেনেকুৱা সময়তে ওচৰতে মই বেলেগ মাত এটা শুনিলোঁ৷ ‘তেওঁ তোমাৰ কথা
নুশুনে’ বুলি কোনোবাই লাহেকৈ কোৱা শুনি মই উচপ খায়েই উঠিছিলোঁ৷ ইফালে সিফালে চাইহে
দেখোঁ যে তাত দুজন প্ৰাণী ইতিমধ্যে আছেই৷ প্ৰথমে বৰ ভয় খালোঁ যদিও খন্তেকতে
তেওঁলোকেই মোৰ ভয় ভাঙি দিলে৷ তেওঁলোকে বাটলু মহাশয়ৰ বিষয়ে, তেখেত সোমাই থকা
যন্ত্ৰটোৰ বিষয়ে আৰু তেওঁলোকৰ নিজৰ বিষয়ে বহুত কথা ক’লে৷ সাহ পাই ময়ো সুধিলোঁ
কিবাকিবি৷ তেতিয়াই তেওঁলোকে মহাৰাজ আপোনাৰ কথা, সেউজপুৰ ৰাজ্যৰ
কথা যিখিনিহে ক’লে, মই আচৰিতেই হ’লোঁ৷ তেওঁলোকে আমাৰ বিষয়ে নজনা
কথা নায়েই মহাৰাজ৷ মই সুধিলোঁ, আমাৰ বিষয়ে অতবোৰ কথা তেওঁলোকে
কেনেকৈনো জানিলে? তেওঁলোকে একো উত্তৰ নিদি কেৱল আপোনাক লগ পাবলৈ
তেওঁলোকৰ প্ৰবল হেঁপাহৰ কথাহে ক’লে৷ আপোনাৰ অনুমতি হ’লে আপোনাৰ সৈতে তেওঁলোকৰ
সাক্ষাতৰ ব্যৱস্থা কৰিব পৰা যাব৷ তেওঁলোকে কোৱামতে বাটলু মহাশয়ৰ সৈতেও আমাক
যোগাযোগ কৰাই দিব হেনো৷’
বাদুলিজন ৰ’ল৷
কেশৰীৰ হাহোঁ নে কান্দো লাগিল৷ ইমানবোৰ কথাশুনাৰ পাছতো তেওঁলোকে দেখোন বাটলুৰ
বিষয়ে স্পষ্টকৈ একোকে জানিবলৈ নাপালে৷
মহাৰাজ কেশৰীয়ে
কিবা এষাৰ ক’বলৈ মুখ মেলিছিলহে, তেনেতে বৃদ্ধা বাদুলীগৰাকীয়ে কৈ উঠিল–
‘মহাৰাজ, কাইলৈ
বা পৰহিলৈ কিজানি উৰণীয়া যানখন আকৌ এবাৰ আহিব৷ তেওঁলোকে আমাৰ ইয়াৰপৰা গছপুলি নিয়ে৷
সৌ শালগছজোপাৰ ফালে এগালমান পুলি উভালি থৈছে চাওকচোন৷ সেইবোৰ নি সময় মতে ৰুব
নোৱাৰিলে বচাব নোৱাৰিব৷ গতিকে তেওঁলোক অতি সোনকালে আকৌ আহি পুলিখিনি নিবহি৷’
‘তুমি ঠিকেই কৈছা
বাদুলী আই৷ মোৰ মতে তেওঁলোক আজিয়েই অহাৰ সম্ভাৱনা আছে৷ আজিৰপৰা ইয়াতে আমি দুজনমানে
সেই যানখনলৈ অপেক্ষা কৰাই ভাল হ’ব নেকি! নে কি কয়, মহাৰাজ?’
– মহামন্ত্ৰী
বৃকোদৰে মহাৰাজৰ ফালে চাই সুধিলে৷
‘নিশ্চয়, ডাঙৰীয়া৷
আজিৰপৰা পাল পাতি পাতি জুৰণিপাৰত সঁজাতিৰ দল একোটা ৰখাৰ ব্যৱস্থা কৰা হওক৷ মৰমৰ
বাটলুটোৰ কাৰণে আমি এইকণ কষ্ট কৰিবই লাগিব৷’
মহাৰাজৰ কথাত
আটায়ে হয়ভৰ দিলে৷
...
পৰীক্ষাগাৰৰপৰা
ৰিগাত উঠাই বাটলুক পোনে পোনে ইপ্পিৰ বাসস্থানলৈ অনা হ’ল৷ কম্পিউটাৰ এটাৰ সম্মুখত
বহি ইপ্পিয়ে একান্তমনে কিবা চাই আছিল৷ আহল বহল কোঠাটোৰ বেৰত থকা ডাঙৰ ডাঙৰ
কেইবাটাও মনিটৰত কিবাকিবি ছবি আৰু আখৰ ওলাই আছিল৷ সেইবোৰকে ঘূৰি-পকি চাই চাই গৈ
কোন পলকতনো সি ইপ্পিৰ টেবুলখনৰ ওপৰ পালেগৈ গমকে নাপালে৷ ইপ্পিৰ সম্মুখৰ মনিটৰটোত
ওলাই থকা ছবি আৰু আখৰবোৰ ডাঙৰ ডাঙৰকৈ দেখিহে সি লাজ পোৱাদি পালে৷ অতিশয় ভদ্ৰ আৰু
অমায়িক এই প্ৰাণীসকলৰ সম্মুখত সি অন্ততঃ নিজৰ চঞ্চল স্বভাৱটো সম্বৰণ কৰিব পাৰিব
লাগিছিল৷ স্বভাৱসুলভ কৌতূহল আৰু ধৈৰ্য নোহোৱা স্বভাৱটোৰ বাবেই সি বিনা অনুমতিত
ইপ্পিৰ টেবুলখনৰে ওপৰ পালেগৈ৷ তাতেই কিছু স্বাভাৱিক হ’বলৈ চেষ্টা কৰি মাতটো যিমান
পাৰি গলগলীয়াকৈ উলিয়াবলৈ যত্ন কৰি সি কৈ উঠিল–
‘আপোনাৰ কোঠালিটো
বেছ সুন্দৰ, ইপ্পি৷ কম্পিউটাৰৰ মনিটৰকইটাও সুন্দৰ আৰু
ডাঙৰ৷’ ভাগ্যে মানুহৰ সংস্পৰ্শত থাকোঁতে সি মানুহে ব্যৱহাৰ কৰা বস্তু কিছুমানৰ
সৈতে পৰিচিত হৈছিল৷
‘হয়৷ ইয়াৰপৰাই মই
আমাৰ সকলো কাম চোৱা-চিতা কৰি থাকোঁ৷ যাৱতীয় নিৰ্দেশনাও দিবলগীয়া হয় মাজে মাজে৷
আপুনি অনুগ্ৰহ কৰি ভালকৈ বহি লওক৷’ – কৈ কৈ জুইশলা বাকচৰ নিচিনা সৰু বাকচ এটা তেওঁ
বাটলুৰ ফালে ঠেলি দিলে৷ বাটলুৱেও বাকচটোৰ ওপৰত উঠি বহি ল’লে৷
মহা আয়মেৰে বহি
লৈ বাটলুৱে ক’লে–
‘মই অৱশ্যে বিশেষ
এটা কথাৰ বাবেহে আপোনাৰ ওচৰলৈ আহিলোঁ৷’
‘হয় নেকি?
নিশ্চয়
আপোনাৰ কথা শুনিম, কথা পাতিম৷ কিন্তু তাৰো আগতে আপোনালৈ এটা ভাল
খবৰ আছে৷’
‘ভাল খবৰ?
মোৰ?
ইয়াতনো
বেলেগে মোৰ কি খবৰ থাকিব পাৰে!’
এক প্ৰকাৰ
দুখমনেৰেই কোনোমতে হাঁহিবলৈ যত্ন কৰি বাটলুৱে ভাব প্ৰকাশ কৰিলে৷ ইপ্পিয়ে ক’লে–
‘সঁচাকৈয়ে ভাল
খবৰ৷ সেউজপুৰৰ খবৰ৷’
ইপ্পিৰ মুখত
সেউজপুৰ শব্দটো শুনিয়েই বাটলুৰ মনটোৱে উলাহত নাচিবলৈ আৰম্ভ কৰিলে৷ চকুহাল সেমেকি
পৰিল তাৰ৷
(আগলৈ)