(৭)
নৱনীতা ভট্টাচাৰ্য্য
অজগৰৰ সাধুটো কৈ উঠি মাকে বনীক ক’লে, “সেইবাবে মানুহ কেতিয়াও অহংকাৰী হ’ব নালাগে৷ যিমানেই গুণ-গৰিমা, ধন-সোণ নাথাকক কিয় মানুহ সদায় বিনয়ী হ’ব লাগে৷ অহংকাৰে মানুহক লোভী কৰিও তোলে৷ কথাতে কয় নহয় - লোভেই পাপ আৰু পাপেই মৃত্যু৷”
মাকৰ মুখে মুখে বনীয়েও কথাষাৰ আওৰাই দুপাক মান জঁপিয়ালে৷ মাকে তাক টানি বহুৱাই ক’লে, আজি তোমাক তেনে এটা সাধু কওঁ শুনা-
বনবাসৰ সময়ত কিছুদিনৰ
বাবে পঞ্চপাণ্ডৱ কাম্যক বনত আছিল৷ সেই সময়ত তেওঁলোক ধৌম্য মুনিৰ আশ্রমত আশ্রয় লৈছিল৷
এদিনৰ কথা, পঞ্চপাণ্ডৱে মুনিৰ অনুমতি লৈ মৃগয়া কৰিবলৈ ওলাই গৈছিল আৰু দ্রৌপদী ঘৰত অকলে
আছিল৷ এনেতে সেই ফালেদি দুর্যোধনৰ ভনীজোঁৱায়েক সিন্ধুৰাজ জয়দ্রথ পাৰ হৈ গ’ল৷ হঠাৎ তেওঁ
দ্রৌপদীক দেখা পাই থমকি ৰ’ল৷ দ্রৌপদীৰ ৰূপত মোহিত হৈ তেওঁ সেই ৰূপহীগৰাকী কোন তাকে জানিবলৈ
মন কৰিলে৷ সেইবাবে তেওঁ লগৰ ৰজা এজনক আশ্রমলৈ পঠিয়াই দিলে৷ ৰজাজনে গৈ নিজৰ চিনাকি দি
তালৈ কিয় গৈছে তাৰ উদ্দেশ্য বর্ণনা কৰিলে৷ দ্রৌপদীয়ে সকলো কথা বুজি পাই তেওঁ নিজৰ চিনাকি
দাঙি ধৰি ক’লে যে, দুর্যোধনৰ ভনীজোঁৱায়েক তেওঁলোকৰো আপোন৷ পঞ্চপাণ্ডৱ আহি তেওঁলোকক
দেখা পালে বৰ সন্তোষ পাব৷ সেইবাবে তেওঁ জয়দ্রথক মাতি আদৰ-সাদৰকৈ আগবঢ়াই নি চোতালত
বহিবলৈ দিলে আৰু জা-জলপানৰ যোগাৰ কৰি দিলে৷ দুষ্ট মনৰ জয়দ্রথে জলপানৰ ওপৰত চকু ফুৰাই
ক’লে, “তোমাৰ স্থান ৰাজকাৰেঙতহে, বনত নহয়৷ এতিয়াই মোৰ ৰথত উঠাঁ৷”
জয়দ্রথৰ কথা শুনি
দ্রোপদীৰ খঙে চুলিৰ আগ পালেগৈ৷ তেওঁ জয়দ্রথক অতি সোনকালে তাৰ পৰা আঁতৰি যাবলৈ ক’লে,
নহ’লে পঞ্চপাণ্ডৱ আহি কি দশা কৰিব তাক বৰ্ণনা কৰিলে৷ জয়দ্রথে কিন্তু দৌপদীক কথা নুশুনি
তেওঁক টানি নি ৰথত উঠাবলৈ চেষ্টা কৰিলে৷ দৌপদীয়ে উপায় নাপাই পুৰোহিত ধৌম্যক চিঞৰি চিঞৰি
মাতিব ধৰিলে৷ ধৌম্য আহি পৰিস্থিতি বিষম দেখি ভীমক চিঞৰি মাতি মাতি ৰথৰ পিছে পিছে দৌৰি
যাবলৈ ধৰিলে৷ এনেতে পঞ্চপাণ্ডৱ উভতি আহি শিবিৰত কাকো নেদেখি চিন্তাত পৰিল৷ লগে লগে
লিগিৰী এজনী আহি কান্দি কান্দি অলপ আগতে ঘটি যোৱা ঘটনাটো বিৱৰি ক’লে৷ কথাটো শুনাৰ লগে
লগে সকলোৱে দৌপদীক বিচাৰি ওলাল৷ কিছুদূৰ যোৱাৰ পাছত তেওঁলোকে ধৌম্য মুনিৰ চিঞৰ শুনি
তাক অনুসৰণ কৰি আগ বাঢ়ি যাবলৈ ধৰিলে৷ জয়দ্রথে তেওঁলোকক দেখি লগৰ ৰজাবিলাকক আগচি ধৰিবলৈ
আদেশ দিলে৷ জয়দ্ৰথৰ মিত্ৰ ৰজাবিলাকৰ লগত পঞ্চপাণ্ডৱৰ তয়াময়া ৰণ লাগিল৷ পঞ্চপাণ্ডৱৰ
ৰণৰ দক্ষতা দেখি জয়দ্রথে ভয় খাই দৌপদীক ৰথৰ পৰা নমাই হাবিৰ ফালে পলাবলৈ ধৰিলে৷ তেতিয়া
যুধিষ্ঠিৰে লৰালৰিকৈ দৌপদীক ৰথত উঠাই লৈ আশ্ৰমলৈ আহিবলৈ ওলাল৷ অহাৰ সময়ত তেওঁ ভীমক
উদ্দেশ্যি ক’লে, “ভীমসেন, জয়দ্রথ যিমানে পাপী নহওক কিয় দুঃশালা আৰু গান্ধাৰীৰ কথা
সুঁৱৰি প্ৰাণে মৰাটো উচিত নহ’ব৷”
ইফালে অর্জুন আৰু
ভীম দুয়ো মহাবিক্ৰমেৰে জয়দ্ৰথৰ পিছে পিছে খেদি গ’ল৷ অর্জুনে জয়দ্রথৰ ৰথৰ ঘোঁৰাকেইটাক
মাৰিলে আৰু ভীমে জয়দ্রথৰ পাহকটা চুলিকোছা থাপ মাৰি ধৰি কৰঙন দুটাৰ মাজত সুমুৱাই লৈ
কুঁহিয়াৰ চেপা দি চেপিবলৈ ধৰিলে৷ জয়দ্রথে ধৰফৰাবলৈ ধৰিলে৷ এনেতে অর্জুনে যুধিষ্ঠিৰে কৈ
যোৱা কথাষাৰ ভীমক সোঁৱৰাই দি জয়দ্রথক প্রাণে মাৰিবলৈ হাক দিলে৷
তাকে শুনি ভীমৰ খং
উঠি গ’ল৷ খঙতে তেওঁ জয়দ্রথৰ চুলিত সেওঁতা ফলাৰ নিচিনাকৈ খুৰাই পাটি আঁকি দিলে আৰু
জৰীৰে বান্ধি যুধিষ্ঠিৰৰ ওচৰলৈ লৈ আহিল৷ যুধিষ্ঠিৰে জয়দ্রথৰ অৱস্থা দেখি ফিচিককৈ হাঁহি
এটা মাৰি ভীমক ক’লে, “এওঁক যাবলৈ দিয়াঁ৷”
ভীমে তেতিয়া ক’লে,
“দৌপদীয়ে ক’লেহে ইয়াক মুক্তি দিয়া হ’ব৷”
দৌপদীয়ে তেতিয়া ক’লে,
“এওঁক মূৰত পাঁচটা জঁটা দেখিয়েই বুজিছোঁ, এওঁ যে আমাৰ যাউতি-যুগীয়া দাস৷ এতিয়া এওঁক মুকলি
কৰি দিয়াই ভাল হ’ব৷” ভীমে তেতিয়া জয়দ্রথৰৰ হাতে-ভৰিয়ে বান্ধি থোৱা জৰীৰ বান্ধোন খুলি
দিলে৷ মুক্তি পায়েই জয়দ্রথে যুধিষ্ঠিৰক ভক্তিভাৱে সেৱা কৰি লাজে-অপমানে তাৰ পৰা গুচি
গ’ল৷”
মাকে কথাখিনি কৈ
অলপ জিৰণি লোৱা দেখি বনীয়ে ক’লে, “শেষত পঞ্চপাণ্ডৱৰ হাতত জয়দ্রথেও হাৰ মানিলে৷”
“ঠিকেই কৈছা। কিন্তু
সিদিনাখন হাৰ মানিলে হয়, তথাপি পাণ্ডৱ পুত্ৰৰ সমস্যা শেষ নহ’ল কিয়নো লাজে-অপমানে মর্মাহত
হৈ জয়দ্রথে গংগাস্নান কৰি মহাদেৱক তপস্যা কৰিবলৈ ধৰিলে৷ কঠোৰ তপস্যাৰ ফলত তেওঁ মহাদেৱৰ
পৰা এটা বৰ পালে৷ বৰটো হ’ল তেওঁ এদিনৰ বাবে অৰ্জুনৰ বাহিৰে আন চাৰিজন পাণ্ডৱক জিনিব
পাৰিব৷”
“অ’ তাৰমানে জয়দ্রথে
অর্জুনৰ বাহিৰে আন চাৰিজন পাণ্ডৱক বধ কৰিছিল নেকি?”-বনীয়ে চিন্তিত মনেৰে ক’লে৷
“সেইয়া তুমি শুনোতে
ভুল কৰিলা নহয়৷ মই এদিনৰ বাবেহে জিনিব পাৰিব বুলিহে কৈছিলোঁ৷ মহাদেৱৰ এই বৰৰ ফলতে জয়দ্রথে
এদিন যুদ্ধত চাৰি পাণ্ডৱক ৰুদ্ধ কৰি ৰাখিছিল আৰু সিদিনাখনেই কুৰুক্ষেত্ৰৰ যুদ্ধত ডাঙৰ
ঘটনা এটা ঘটিছিল৷”
“কি ঘটনা, মা?”-
বনীয়ে পুনৰ সুধিলে৷
সিদিনাখন আছিল কুৰুক্ষেত্ৰৰ
যুদ্ধৰ ত্ৰয়োদশ দিন৷ দ্রোণাচাৰ্যই পাণ্ডৱৰ পক্ষৰ এজন নহয় এজন মহাৰথীক বধ কৰাৰ উদ্দেশ্যে
এনে এক বেহু ৰচনা কৰিছিল যে যাক ভেদ কৰাটো পাণ্ডৱসকলৰ বাবে অতি কঠিন হৈ পৰিছিল৷ সেই
বেহুটোৰ নাম আছিল চক্রবেহু৷ কিয়নো ই আছিল চকৰি এটাৰ লেখীয়া ঘূৰণীয়া আকৃতিৰ৷ এই চকৰিটোৰ
ভিতৰত আঠোটা ঘূৰণীয়া তৰপৰে পাক খাই থকা কুণ্ডলী এটাৰ ৰূপত লানি নিছিগা ধাৰাৰে সৈন্যখিনি
সজাই থোৱা থকে৷ ইয়াত প্ৰৱেশ কৰা আৰু উভতি ওলাই অহাৰ দুৱাৰ মাথোন এখন৷ এই বেহু ৰচনা
কৰি দ্রোণই তাৰ বিভিন্ন সন্ধিস্থলত বচা বচা যোদ্ধাসকলক থৈছিল৷ এই বেহুটোৰ দুৱাৰৰখীয়া
আছিল জয়দ্রথ৷ এই বেহুটো ভেদ কৰাৰ কৌশল অকল চাৰিজনেহে জানিছিল৷ তেওঁলোক হ’ল অর্জুন,
কৃষ্ণ, প্রদুন্ম আৰু অভিমন্যু৷ সিদিনাখন আকৌ কৌৰৱসকলে কৌশল কৰি অৰ্জুনক আন যোদ্ধাৰ
লগত যুদ্ধত ব্যস্ত ৰাখিছিল, কাৰণ তেওঁলোকে জানিছিল অর্জুনক বধ কৰাটো অসম্ভৱ৷ অৰ্জুনৰ
অনুপস্থিতিত সিদিনাখন অভিমন্যু চক্ৰবেহু ভেদ কৰিবলৈ ওলাল৷ অভিমন্যুৱে আকৌ চক্ৰবেহুত
প্ৰৱেশ কৰাৰ কৌশলটোহে জানিছিল৷ কেনেকৈ ওলাই আহিব লাহে সেইটো হ’লে তেওঁ নাজানিছিল৷ অভিমন্যুৰ
পিছে পিছে আন আন ৰথী-মহাৰথীসকল গৈছিল যদিও জয়দ্রথে সকলোকে আগচি ধৰি সোমোৱাত বাধা দিছিল৷ কিয়নো
মহাদেৱৰ বৰটোৰ ফলত সিদিনাখন প্রত্যেকেই জয়দ্ৰথৰ ওচৰত হাৰ মানিবলগীয়া হৈছিল৷ ফলত
অভিমন্যু অকলে বেহুৰ ভিতৰলৈ সোমাই গৈছিল আৰু অতি পাৰদৰ্শিতাৰে যুঁজি বহুতো ৰথীক নিধন
কৰিছিল৷ অভিমন্যুৰ নিপুণতা দেখি সকলোৱে তবধ মানিলে৷ সেই যুদ্ধত দুর্যোধনৰ পুতেক লক্ষ্মণ
অভিমন্যুৰ হাতত মৰিছিল৷ তাকে দেখি দুর্যোধনে সকলোকে চিঞৰি চিঞৰি ক’লে, “আপোনালোকে
যিকোনো প্ৰকাৰে অভিমন্যুক বধ কৰক৷”
অৱশেষত দ্রোণাচার্য,
কুলগুৰু কৃপাচার্য, অংগৰাজ কৰ্ণ, গুৰুপুত্ৰ অশ্বত্থামা আৰু কৃতবৰ্মা এই ছয়জন মহাৰথীয়ে
চাৰিওফালৰ পৰা বেঢ়ি ধৰি অভিমন্যুৰ ওপৰত শৰ-প্ৰহাৰ কৰিবলৈ ধৰিলে৷ অতি সাহসিকতাৰে সকলো
যোদ্ধাকে ধৰাশায়ী কৰিও অৱশেষত অভিমন্যুৱে হাৰ মানিলে আৰু সেই যুদ্ধত তেওঁৰ মৃত্যু হ’ল৷ অন্যায়
সমৰত অভিমন্যুক বধ কৰা দেখি অর্জুনে প্রতিজ্ঞা কৰিলে যে, “কাইলৈৰ ভিতৰতে মই জয়দ্রথক
বধ কৰিম, নহ’লে মই জুইত জাঁপ দি জাহ যাম৷”
অৰ্জুনৰ প্ৰতিজ্ঞা
শুনি কৌৰৱৰ শিবিৰত হুৱা-দুৱা লাগি গ’ল৷ পাছদিনা ছজনকৈ মহাৰথী জয়দ্রথৰ ৰখীয়া হৈ থাকিল৷ দ্রোণই চক্ৰশটক নামৰ এটা দুর্ভেদ্য বেহু সাজি উলিয়ালে৷ সকলোকে নেওচি জয়দ্রথক মাৰিবলৈ টান হৈ
পৰিল৷ ইফালে বেলি বুৰ যাবৰ সময় হ’ল৷ তাকে দেখি দুর্যোধনে মনে মনে ভাবিব ধৰিলে যে “বেলি
বুৰ যোৱালৈকৈ জয়দ্রথক ৰাখিব পাৰিলে অৰ্জুনৰ প্ৰতিজ্ঞা ভংগ হ’ব আৰু তেতিয়া তেওঁ আপোনা-আপুনি
জুইত জাহ যাব৷ অৰ্জুনৰ শোকত বাকী চাৰিজন পাণ্ডৱো মৰিব৷ তেতিয়া ময়ে ৰাজসুখ ভোগ কৰিব
পাৰিম৷”
পৰিস্থিতি চাই কৃষ্ণই
অর্জুনক ক’লে, “সখা, জয়দ্রথক মাৰিবলৈ টান হৈ পৰিছে৷ ইফালে সময়ৰো নাটনি৷ গতিকে ছলনাৰ
আশ্রয় ল’ব লাগিব৷ মই যোগৰ মায়াৰে বেলিটো ঢাকি ধৰিম৷ তেতিয়া জয়দ্রথে ঘেৰৰ মাজৰ পৰা ওলাই
আহিব৷ সেই ছেগতে তুমি জয়দ্রথৰ মূৰটো কাটি নি তেওঁৰ পিতৃৰ কোলাত পেলাবা৷”
এইবুলি কৈয়ে কৃষ্ণই
বেলিটো ঢাকি ধৰিলে৷ সকলোৱে ভাবিলে দিনটোৰ অন্ত পৰিলে৷ সেই চেগতে অর্জুনে বিশেষ কৌশলেৰে
জয়দ্রথক বধ কৰিলে৷ কিয়নো জয়দ্ৰথৰ জন্মৰ সময়তে তেওঁৰ পিতৃ বৃদ্ধক্ষত্ৰই আকাশবাণী শুনিবলৈ
পাইছিল যে “তোমাৰ পুত্ৰক কোনোবা বিখ্যাত যোদ্ধাই শিৰচ্ছেদ কৰি বধ কৰিব৷” তাকে শুনি
বৃদ্ধক্ষত্ৰই ভবিষ্যতৰ শত্রুক অভিশাপ দি ক’লে যে, “মোৰ পুত্ৰৰ কটা মূৰ যিয়ে মাটিত পেলাব,
তাৰো মূৰ ফালি এশফাল হ’ব৷”
সেইবাবে কৃষ্ণৰ কথা
মতে অর্জুনে জয়দ্রথলৈ এনে এবিধ আলৌকিক শৰ মাৰি পঠিয়ালে যে শৰপাটে জয়দ্রথৰ মূৰটো নি
সন্ধ্যা উপাসনা কৰি থকা বৃদ্ধক্ষত্ৰৰ কোলাত পেলাই দিলে৷ হঠাৎ কোলাত কিবা এটা পৰাত তেওঁ
উচপ খাই সেইটো আছাৰ মাৰি পঠিয়ালে৷ লগে লগে তেওঁৰ মূৰটো ফালি ছিৰাছিৰ হৈ গ’ল৷
আনফালে কৃষ্ণই মায়া
সামৰিলত গোটেইখন পোহৰেৰে ফটফটীয়া হৈ উঠিল৷ কৃষ্ণ আৰু অর্জুনে শংখ বজাই জয়দ্রথৰ মৃত্যু
হ’ল বুলি সকলোকে জনাই দিলে৷
