পৰিস্মিতা বৰদলৈ
: ককা, আজি মোক তুমি ব্যাকৰণৰ বিষয়ে বুজোৱাৰ
কথা আছিল যে! কেতিয়াকৈ বুজাবা?
: অ’ বাবামণি, মোৰ মনত আছে কথাটো৷ তুমি আকৌ
ছবি আঁকিবলৈ গ’লা বুলিহে মই তোমাক মাত দিয়া নাই৷
: আজি আৰ্টৰ স্কুল বন্ধ ককা৷ ৰাস্তাবোৰ খান্দি
আছে যে চৰকাৰী পানীৰ পাইপ বহুৱাবলৈ, সেয়ে আমাৰ আৰ্ট স্কুলৰ আগত এটা মস্ত গাঁত৷ ৰাস্তাই
নাই যাবলৈ৷
: অঁ হয় নেকি৷ হ’ব তেন্তে৷ তুমি আহাঁ৷
: অঁ ককা গৈ আছোঁ, তুমি অলপমান ‘ৰখাঁ’ দেই৷
: বাবামণি এটা কথা শুনি যোৱাচোন৷
: কি ককা?
: এইযে তুমি মোক ক’লা ‘ৰখাঁ’ বুলি ? কি ৰখিবলৈ
ক’লানো বাৰু? কাৰণ মইতো ইয়াত ৰখি থাকিবলৈ একোৱেই নাই৷
: ইচ্ ককাই যে কি কোৱা৷ মোৰ বাবে ৰখি থাকিবলৈ
কৈছোঁ আকৌ তোমাক৷
: সেয়া তুমি ভুল কৰিলাই নহয়!
: কি ভুল ককা?
: চোৱাঁ, যদিহে তোমাৰ মায়েৰাই তোমাক কয় যে,
“বাবা৷ তুমি অলপমান সময় ভণ্টিক ৰখি থাকাচোন, মই তোমালৈ গাখীৰ আনোঁ মানে!” তাৰ অৰ্থ
মানে তোমাৰ ভণ্টিক চাবলৈ কৈছে৷ সেইদৰে গৰখীয়াবোৰে পথাৰত গৰু ৰখে৷ এই ৰখা শব্দ আৰু ৰোৱাৰ
অৰ্থ একে নহয় দেই৷ ৰোৱা মানে কাৰোবালৈ বাট চাই থকা৷ এই যে মোক তুমি ক’লা “ককা অলপমান
ৰখাঁ দেই”, তাৰ সলনি ক’ব লাগিছিল “ককা অলপমান ৰোৱাঁ দেই”৷ বুজিলানে?
: বুজিলোঁ বুজিলোঁ ককা৷
: বাৰু বুজিলা যদি এতিয়া যোৱা আৰু আহাঁগৈ৷
মই ৰৈছোঁ বাৰু৷
: ঠিক আছে ককা৷
বাবামণিয়ে অলপমান পাছতে হাতত এখন বহী আৰু পেঞ্চিল এডাল লৈ ককাকৰ ওচৰ পালেহি৷
: ককা, মই আহিলোঁ৷
: আহাঁ বাবা আহাঁ৷ অ’ হাতত এয়া কি আনিছা?
বহী আৰু পেঞ্চিল? বঢ়িয়া কৰিছা? দৰকাৰী কথাবোৰ টুকি যাব পাৰিবা তুমি৷ কাৰণ কিছুমান কথা
কওঁতে শুনিবলৈ একে লাগিলেও লিখিত ৰূপত সিহঁতৰ বানানৰ তফাৎ থাকে৷ এতিয়া ধৰি লোৱা ‘খায়’
শব্দটোৰে দুটা ৰূপ, এটাৰ ‘খা’ ৰ পাছত ‘ই’ হয় আৰু আনটোৰ ‘য়’ হয়৷ তেনেকৈ ‘পা’ ৰ পাছত
‘ই’ হ’লেও ‘পাই’ আৰু ‘পা’ ৰ পাছত ‘য়’ হ’লেও ‘পায়’ ; অৰ্থাৎ উচ্চাৰণ একে কিন্তু বানান
পৃথক৷
: এইখিনি বুজি পাইছোঁ বাৰু ককা৷ কিন্তু কেতিয়া
কোনটো শব্দৰ ব্যৱহাৰ কৰিম সেয়া কিদৰে জানিম ককা?
: মোৰ তোমাক সেইবাবেই ভাল লাগে বাবা৷ তুমি
নজনা কথাটো জানিবলৈ মন কৰাই নহয়, খুঁটি-নাটি মাৰি তাক আয়ত্ত কৰাৰ প্ৰয়াস কৰা৷
: তোমাৰ নিচিনাকৈ ইমান ধুনীয়াকৈ বুজাই দিব
পৰা ককাক এজনো যে পাইছোঁ, সেয়া যে মোৰ বাবেও ভাললগা কথা নহয়নে ককা?
: হয় নেকি? বাৰু এতিয়া কি ক’ম বুলি ভাবি আছিলোঁ! অঁ মনত পৰিছে৷ শুনা, এই যে গায়,
খায়, পায় আদি শব্দবোৰৰ সুকীয়া ব্যৱহাৰ আছে৷ এতিয়া ধৰা ৰামে পুৱা উঠি গান গায়, ইয়াত
‘গা’ ৰ পাছত ‘য়’ হ’ব৷ কোনো এটা কাম সম্পন্ন হোৱাৰ ক্ষেত্ৰত অৰ্থাৎ সমাপিকা ক্ৰিয়াৰ
ক্ষেত্ৰত প্ৰায়ে এই ধৰণৰ গায়, খায়, পায় আদি শব্দৰ ব্যৱহাৰ হয়৷
: তাৰমানে ককা, কাম এটা সম্পূৰ্ণকৈ কৰা বা
হোৱা বুজালে তাক সমাপিকা ক্ৰিয়া বুজোৱা হয় নহয়নে?
: একদম ঠিক ক’লা বাবামণি৷ আনহাতে কাম এটা কৰা বা হোৱা বুজালেও যদিহে
অসম্পূৰ্ণ হৈ ৰয়, সেয়াই অসমাপিকা ক্ৰিয়া৷ ধৰি লোৱাঁ, মীনাই গান গাই ভাল পায়৷ ইয়াতে ‘গাই’
টো অসমাপিকা আৰু ‘পায়’ টো সমাপিকা ক্ৰিয়া৷ ঠিক সেইদৰে আন এটা উদাহৰণ দিছোঁ দেই৷ পৰীয়ে
আবেলি আবেলি গান গায়৷ ইয়াতে ‘গায়’ টো সমাপিকা৷ পাইছানে বুজি?
: ককা বুজিছোঁ৷ পিছে এটা কথা কোৱাঁচোন ককা৷
: কোৱাঁ বাবা৷
: সমাপিকা ক্ৰিয়া হ’বলৈ হ’লে সদায়ে বাক্যটোৰ
শেষতে বহিব লাগিব নেকি বাৰু?
: বঢ়িয়া প্ৰশ্ন৷ শুনা। যদিওবা আমাৰ এনে লাগে
যে বাক্যৰ শেষত বহিলেই সমাপিকা ক্ৰিয়া৷ দৰাচলতে কথাটো তেনে নহয়৷ ধৰা এই বাক্যটো, “তাৰ
আমনি লাগিল বাট চাই চাই”_ইয়াতে কিন্তু ‘চায়’ নহৈ ‘চাই’ হে হৈছে ৷ বুজিলানে এতিয়া?
: একদম বুজিলোঁ ককা৷ আজিৰপৰা আৰু ভুল নকৰোঁ৷
: সেয়াহে ভাল ল’ৰাৰ ভাল কথা৷ এতিয়া আৰু কি
কথাত তোমাৰ অলপমান দিগদাৰি আছে কোৱাচোন৷
: ককা, সিদিনা তুমি মামাককাৰ সৈতে কথা পাতি
থাকোঁতে মই কিবা এটা শুনা পাইছিলোঁ৷ সেইবিষয়ে তোমাক মোৰ সুধিবলগীয়া আছে৷
: বাবামণি, ডাঙৰে কথা পাতোতে জানো মনে মনে
শুনিব পায়?
: নহয় ককা, মোৰ কাণত পৰি গৈছিল বাবেহে কিবা
শুনিলোঁ৷ আৰু ককা, মোৰমতে জানিবলগীয়া কথাবোৰ শুনাটো সিমান বেয়া কথাও নহয় চাগে!
: এইটো কিন্তু ঠিক ক’লা দেই বাবামণি৷ জানিবলগীয়া
বাবেই কিজানি কথাটো তোমাৰ কাণতো পৰিল সিদিনা৷ এতিয়া কোৱাচোন, সিদিনা কি কথানো শুনিলা
তুমি?
: অঁ তুমি আৰু মামাককাই সিদিনা কিবা ‘পাঠক’
আৰু ‘পঢ়ুৱৈ’ এই শব্দ দুটাৰ বিষয়ে পাতি থকা শুনিছিলোঁ৷ মামাককাই কৈ আছিল যে দুয়োটাৰে
একেটাই অৰ্থ৷ তুমি কিন্তু জোৰ দি কৈছিলা যে মানুহেহে একাকাৰ কৰিছে, দৰাচলতে দুয়োটাৰে
অৰ্থ বেলেগ৷ তাৰপাছৰ খিনি মোৰ শুনিবলৈ ইচ্ছা আছিল যদিও শুনিবলৈ নোৱাৰিলোঁ, কিয়নো মোক
মায়ে মাতিলে সেই সময়তে৷
: বাঃ বাবামণি! তোমাৰ দেখিছোঁ স্মৃতিশক্তি
বৰ প্ৰখৰ দেই৷ আমি সেই কথা পতাৰো কিজানি এপষেক হৈ গ’ল৷ তথাপি তুমি মনত ৰাখি থৈছা৷
: মানে ককা মোৰ মনত যিটো কথা জানিবলৈ উচপিচাই
থাকে, সেইটো নাপাহৰোঁৱেই মই৷
: এইটো বৰ ভাল কথা৷ বাৰু শুনা তোমালোকৰ স্কুলত
পাঠ পঢ়িবলৈ দিয়েনে বাৰু?
: আমাৰ নিদিয়ে দেখোন ককা৷
: অঃ নিদিয়ে নেকি? আগতে স্কুলবোৰত দিছিল৷
তোমালোকৰ দেউতাহঁতে চতুৰ্থমানত পঢ়োঁতে বৃত্তি পৰীক্ষা দিছিল, তেতিয়াৰ দিনত ‘পাঠপঢ়া’
এটা বিষয়েই আছিল৷ এই পাঠ পঢ়াৰ অৰ্থটো হ’ল উচ্চাৰণ কৰি স্পষ্টকৈ পঢ়া, আনে শুনাকৈ৷ এইযে
ৰেডিঅ’ত কেতিয়াবা গল্পপাঠ, কবিতাপাঠ শুনানে নুশুনা?
: শুনোঁ ককা৷ আমাৰ মায়ে প্ৰায়ে শুনে ম’বাইলত
থকা ৰেডিঅ’ত ৷ কেতিয়াবাতো মাৰ গল্পও বাজে৷
: সেয়া তুমি জানাই দেখোন৷ অকল পাঠপঢ়া, গল্প
বা কবিতা পাঠৰ উপৰিও আমি নামঘৰত ভাগৱত পাঠ কৰোঁ৷ তুমিতো চাগে শুনাই ভাদ মাহত৷ নহয় জানো?
: অঁ ককা শুনোতোন৷ আকৌ মামাহঁতৰ তাত যে অখণ্ড
ভাগৱত পাঠ হৈছিল, তাতো শুনিছিলোঁ৷
: অঁ হয় হয়৷ এতিয়া সেই উচ্চাৰণ কৰি পাঠ কৰা
কাৰ্য যিয়েই কৰে তেওঁলোকেই ‘পাঠক’৷ বুজিলা?
: বুজি পাইছোঁ ককা৷ আৰু পঢ়ুৱৈ মানে ককা? পঢ়ুৱৈ
মানেওতো পঢ়া মানুহেই নহয় জানো?
: একদম হয়৷ কিন্তু পঢ়ুৱৈ মাত্ৰেই কিন্তু পাঠক
নহয়; অথচ পাঠক মাত্ৰেই পঢ়ুৱৈ৷
: ককা, কথাটো অকণমান টান পাইছোঁ বুজিবলৈ৷
: হাঃ হাঃ৷ টান পাইছা ন? একো নাই, একো নাই৷
মই তোমাক সৰলকৈ বুজাই আছোঁ ৰ’বা৷ ধৰা তোমাৰ মায়ে কিতাপ এখন পঢ়ি আছে, কিন্তু তুমি মন
কৰিছা কিতাপখন মায়ে কেৱল চকুৰে পঢ়ি গৈছে কিন্তু মুখেৰে শব্দ কৰা নাই, গতিকে তেওঁ এতিয়া
হ’ব পঢ়ুৱৈ, কিন্তু পাঠক নহয়৷ পাঠক তেতিয়া হ’ব যদিহে তেওঁ উচ্চাৰণ কৰি পঢ়ে৷ বুজিছানে?
:অঁ অঁ ককা৷ এতিয়া বুজিলোঁ৷ তাৰমানে কথাটো
এনেকুৱা৷ মই যেতিয়া সাধু কিতাপ পঢ়োঁ, তেতিয়া মুখেৰে শব্দ কৰি সকলোৱে শুনাকৈ পঢ়াঁ, তেতিয়া
মই একে সময়তে এজন পাঠকো হ’ম আৰু পঢ়ুৱৈও৷ কিন্তু মায়ে যিহেতু শব্দ কৰি নাই পঢ়া গতিকে
মা কেৱল হ’ব পঢ়ুৱৈ৷ সেইবাবেই তুমি কৈছিলা ন ককা যে, ‘পাঠক’ মাত্ৰেই পঢ়ুৱৈ কিন্তু পঢ়ুৱৈ
মানেই কিন্তু পাঠক নহয়৷ তাৰমানে ‘পঢ়ুৱৈ’ আৰু ‘পাঠক’ ৰ মাজত পাৰ্থক্য আছে৷
: একদম ঠিক ধৰিব পাৰিছা তুমি৷
: তুমি ইমান সৰলকৈ বুজাই দিয়াৰ বাবেই বুজিলোঁ
ককা৷
: বাৰু আৰু কি আছে কোৱা তোমাৰ বুজিবলগীয়া
বা সুধিবলগীয়া?
: ককা, আজিলৈ মোৰ ইমানখিনিয়েই মনত আছিল জানিবলগীয়া৷
পাছত মনত পৰিলে আকৌ এদিন তোমাৰ ওচৰলৈ আহিম দেই৷
: হ’ব দেই বাবামণি৷ এইযে শিকিলা কথাখিনি,
সেইখিনি তুমি আনকো ক’বা৷ সকলোৱে জানিলেহে আমাৰ ভাষাটোৰ উন্নতি হ’ব৷ ভাষা এটাৰ ব্যাকৰণ
যেতিয়া জনা থাকে, সেই ভাষা যাউতিযুগীয়া হৈ ৰয়৷
: ককা, যাউতিযুগীয়া মানে কি?
: অঁ ‘যাউতিযুগীয়া’ মানে হৈছে চিৰযুগমীয়া
অৰ্থাৎ যুগ যুগলৈ যি জীয়াই থাকিব,
অমৰ হৈ ৰ’ব৷
: অঁ ককা, আমি আমাৰ ভাষাটোক সদায়ে জীয়াই ৰাখিব
লৈ যত্ন কৰি যাম৷
: অঁতো, তোমালোকেই আইৰ মুখৰ ভাষাটো জীয়াই
ৰাখিব লাগিব৷ পাৰিবানে নাই?
: পাৰিম ককা পাৰিম৷ এটা কাম কৰিলে কেনে হয়
ককা?
: কি কাম বাবামণি?
: এইযে তুমি আজি মোক যিবোৰ কথা শিকালা, সেইবোৰকে
মই গল্পৰ আকাৰত সজাই যদি কোনোবা শিশু আলোচনীলৈ পঠিয়াই দিওঁ৷ তেতিয়াতো আন শিশুবোৰেও
পঢ়িব পাৰিব আৰু জানিব পাৰিব৷
: বাঃ বাবামণি৷ তুমি এয়া বৰ বঢ়িয়া কথা ভাবিছা৷
লিখা লিখা৷ এয়া সঁচাই বৰ ভাল কথা হ’ব৷
: কিন্তু বানান যে মোৰ ভুল হয় ককা৷ তাৰ বাবে
মায়ে কেতিয়াবা খঙো কৰে মোক৷ তুমি চাই দিবানে লিখি হোৱাৰ পাছত?
: সেইটোনো সুধিবলগীয়া কথানে কিবা? চাই দিম
আকৌ মই৷ বাকী মায়ে কিয় খং কৰে জানা? তোমাৰ মায়েও যে নিজৰ ভাষাটো বৰ ভাল পায়৷ লিখামেলাও
কৰে নহয়? সেয়ে তুমিও ভালদৰে অসমীয়া ভাষাটো আয়ত্ত কৰাটো বিচাৰে৷ বুজিলা?
: বুজিলোঁ ককা, বুজিলোঁ৷
ককাকৰ মুখত এক উজ্জ্বল আভা বিয়পি পৰে৷ কণমানি
বাবামণিয়ে ককাকক সাৱটি সি নতুনকৈ শিকা মিত্ৰদেৱ মহন্তদেৱৰ সেই গীতটি গাবলৈ ধৰিলে
“চিৰ চেনেহী মোৰ ভাষা জননী
আই ধন্যে-পূণ্যে হৃৎ পাৱনী৷”
ভ্ৰাম্যভাষ- ৯৬১৩৭৯৩০৭৭
