অন্যযুগ/


অচিন জগতত বাটলু

 স্মৃতিৰেখা দেৱী


চাওঁতে চাওঁতে গ্ৰীনা নামৰ জগতখনৰপৰা অহা লোকসকলৰ ঐকান্তিক প্ৰচেষ্টা আৰু প্ৰতিপালনত সেউজপুৰ ৰাজ্যৰ বহুখিনি খালী হৈ থকা ঠাই গছ-লতাৰে ভৰি উঠিল৷ দেখাত প্ৰায় পৃথিৱীৰ মানুহৰ দৰেই, কিন্তু সম্ভৱতঃ মানুহতকৈ বেছি মৰমিয়াল এই লোকসকলৰ উপস্থিতিয়ে সেউজপুৰখনক যেন কিছু সলনি কৰি পেলালে– সেউজপুৰীয়াসকলেও আগৰ নিচিনাকৈ অলসভাৱে থাকি সময় অপব্যয় কৰিবলৈ বেয়া পোৱা হ’ল৷ ঘাইকৈ সৰুমখাৰ আচাৰ-আচৰণত আমূল পৰিৱৰ্তন লক্ষ্য কৰিলে মহাৰাজ কেশৰীয়ে৷

এয়া স্বাভাৱিকতেই শুভ লক্ষণ৷’  ভাবিলে তেওঁ৷

অহা দুই-এদিনৰ ভিতৰতে সেউজপুৰৰপৰা গ্ৰীনা নামৰ জগতখনলৈ অলপ অলপকৈ গছপুলি নিয়া আৰম্ভ হ’ব৷ তাত তেওঁলোকে কৃত্ৰিমভাৱে প্ৰস্তুত কৰা বেলেগ বেলেগ প্ৰকাৰৰ মাটিত বেলেগ বেলেগ প্ৰজাতিৰ গছপুলি ৰোপণ কৰিবগৈ৷

আদিৰপৰা এতিয়ালৈকে ঘটনাবোৰ মনত পেলাই মহাৰাজৰ মনটো কিবা এক দুখেৰে ভৰি পৰিল– তাৰ মানে গ্ৰীনাৰ অতিথিসকল সেউজপুৰৰপৰা যাবগৈ! এৰা! অতিথি যেতিয়া এদিন নহয় এদিন যাবতো লাগিবই৷ গ্ৰীনাৰ মাটি ইতিমধ্যে গছপুলি ৰোপণ কৰিব পৰাকৈ উপযুক্ত হৈ উঠা বুলি খবৰ আহিছেই৷ সেই মাটি ইয়ালৈ আনি কিবাকিবি পৰীক্ষাও কৰি চাইছে হেনো তেওঁলোকে৷ কিছুদিনৰ আগতে সেউজপুৰৰপৰা নি তাত ৰোৱা গছপুলিখিনিও হেনো লহপহকৈ বাঢ়িছে৷ খবৰ শুনি সেউজপুৰত থকা গ্ৰীনাৰ লোকসকল আনন্দিত হোৱা দেখি সেউজপুৰীয়াসকলেও মনত ৰং পাইছে৷

মহাৰাজ, অকলে অকলে কি ভাবি আছেনো?’ – সেনাপতি হিতৰামৰ মাতষাৰ শুনি মহাৰাজে তেওঁৰ ফালে ঘূৰি চালে৷

’, আহ আহ , হিতৰাম৷ মই কি ভাবি আছোঁ জাননে?’ অকণমান সময় ৰৈ মহাৰাজে আকৌ ক’লে– ‘এই যে গ্ৰীনা নামৰ জগতখনৰপৰা অহা লোকসকল, মানে আমাৰ অতিথিসকল, তেওঁলোক হেনো ইয়াৰপৰা যাবগৈ৷ যোৱা তিনিমাহতকৈও বেছি সময়... চাচোন, তেওঁলোকে আমাক কেনেকৈ আপোন কৰি পেলালে! এতিয়া তেওঁলোকক এৰি দিবলৈকে মন যোৱা নাই অ’৷’

ঠিকেই কৈছে মহাৰাজ৷ ইমান কম দিনতে তেওঁলোকে সকলো সেউজপুৰীয়াৰ মনত বৰ দলৈকে সোমাই পৰিল৷ সৰুজাকেতো তেওঁলোক যাবগৈ বুলি শুনি কন্দা-কটা কৰিবলৈকে আৰম্ভ কৰিছে৷’ – হিতৰামে ক’লে৷

হয় নেকি? মোৰো খুব বেয়া লাগি আছে অ’ মনটো৷ অৱশ্যে তেওঁলোকে আশা কৰাৰ দৰেই কষ্টৰ ফল যে পাইছে সেই কাৰণে মনটো ভালো লাগিছে বুইছ৷ কেনেবাকৈ তেওঁলোকক আমাৰ ইয়াতে চিৰকাললৈ ৰাখি থ’ব পৰাহ’লে!’

মহাৰাজ, আপুনি দেখোন এইষাৰ একেবাৰে মোৰ পোৱালিটোৱে কোৱাদি কৈছে৷ বেয়া নাপাব, কিন্তু ল’ৰাই বুঢ়াই সমান বুলি কিয় কয় মই আজিহে বুজিলোঁ মহাৰাজ৷’– হিতৰামে হাঁহি হাঁহি ক’লে৷

ঐ তই মোক বুঢ়া বুলিছ হ’বলা? বয়স অৱশ্যে মোৰ ভালেখিনি হৈছে৷ সেইবুলি এতিয়াও তোৰ নিচিনা সাতোটা-আঠোটাক হৰুৱাব পৰা শক্তি আছে দেই এই বুঢ়াৰ দেহত৷ চাৱ নেকি প্ৰমাণ?’

এইবুলি মহাৰাজে হিতৰামৰ ফালে চোঁচা ল’বই খুজিছিল৷

জানো মহাৰাজ, জানো৷ ক্ষমা কৰক মহাৰাজ, মই ধেমালিহে...৷’ – ভয়ত বিতত হৈ হিতৰামে নতমস্তক হৈ কলে।

হেৰৌ, ময়ো ধেমালিহে কৰিছোঁ৷’ – মহাৰাজে থিতাতে মুখত হাঁহি এটা ফুটাই তুলিলে৷

মহাৰাজ, আপুনি সঁচাই কৈছে৷ গ্ৰীনাৰ লোকসকলক আমাৰ ইয়াতে ৰাখি থ’ব পৰাহ’লে তেওঁলোকৰ স্বভাৱ-চৰিত্ৰৰ সমানে সমানে মানে লাহে লাহে তেওঁলোকৰ বুদ্ধিমত্তাৰো ভাগ আমি পালোহেঁতেন৷ লাহে লাহে তেওঁলোকৰ প্ৰযুক্তিৰ কৌশলবোৰো আমি শিকিব পাৰিলোহেঁতেন৷ তেতিয়াহ’লে আমাৰ সেউজপুৰখন ভৱিষ্যতলৈও সুৰক্ষিত কৰি ৰাখিব পাৰিলোহেঁতেন৷’

হিতৰামৰ কথা শুনি মহাৰাজে মনে মনে ভাবিলে–

সেউজপুৰত বিভিন্ন ধৰণৰ লোক আছে৷ গ্ৰীনাৰপৰা অকল এক ধৰণৰ লোকহে ইয়ালৈ আহিছে৷ তেওঁলোক নিজে এটা বেলেগ জাতৰ, বেলেগ এখন পৃথিৱীৰ জীৱ হৈও এইখন সেউজপুৰৰ বেলেগ বেলেগ জাতৰ জীৱৰ সৈতে কেনেদৰে মিলিজুলি কাম কৰিছে, ন ন কথা শিকিছে, নিজেও আমাৰ লোকসকলক যতমানে ন ন কথা শিকাইছে৷ সূৰ্য নথকা সময়তো তেওঁলোকে চাৰিওফাল পোহৰ কৰি ৰাখিব জানে, বেলি আকাশত থাকোঁতেও বহুখিনি ঠাই ৰাতিৰ নিচিনাকৈ ঘোপমৰা আন্ধাৰ কৰি ৰাখিবও জানে৷ আটাইতকৈ ডাঙৰ কথা, তেওঁলোকৰ নেতাজনে কৈছেই বোলে গ্ৰীনাত থকা সা-সুবিধা আটাইবোৰ ইয়ালৈ আনিব পৰা নাই কাৰণে তেওঁলোকৰ অসুবিধাই হৈছে৷ তথাপি তেওঁলোকে কৰিবলগীয়া সকলো কাম কৰিবও পাৰিছে৷ আমি সেউজপুৰীয়াবোৰ সম্পূৰ্ণৰূপে প্ৰাকৃতিক জীৱ৷ তেওঁলোক পিছে আমাৰ জগতৰ মানুহ নামৰ জীৱবোৰৰ নিচিনাই কিছু কৃত্ৰিম৷ কিন্তু আমাৰ জগতৰ মানুহবোৰে প্ৰকৃতিৰপৰা ক্ৰমে ক্ৰমে আঁতৰি গৈছে, প্ৰকৃতিক ধ্বংসহে কৰিছে যদিও এই গ্ৰীনাবাসীসকলে প্ৰকৃতিক প্ৰকৃতি কৰি ৰাখিবলৈ ব্যগ্ৰহে হৈ পৰিছে৷ সেই উদ্দেশ্যে তেওঁলোকে নিজকে কেনেকৈ একাগ্ৰভাৱে কামত লগাইছে!

মহাৰাজৰ চকুহাল কিবা এক বুজাব নোৱৰা আনন্দত ঢুলঢুলীয়া হৈ উঠিছে৷ তেওঁৰ মুখলৈ তধা লাগি চাই থকা হিতৰামেও যেন সেই আনন্দৰ ভাগহে পাইছে– তেওঁৰো চকুহাল সেমেকি উঠিল৷

হয় মহাৰাজ৷ তেওঁলোক সফল হ’ল যেতিয়া আমিও আনন্দ লাভ কৰিলোঁ৷ আৰু মহাৰাজ, আনন্দৰ আৰু এটা বিষয় আছে নহয়৷’

আৰু এটা আনন্দৰ বিষয়! সেইটো কি?’

মহাৰাজ! আমাৰ বাটলু মহোদয়ো খব কম সময়তে জানো সেউজপুৰলৈ উভতি নাহিব?’

বাটলুৰ কথা সঁচাকৈ পাহৰি গৈছিল কেশৰীয়ে৷ তেওঁ ক’লে–

দেখিছ, মই মোৰ দেহলাওটোৰ কথাকে বাৰু পাহৰি যাব লাগেনে? বাটলু আহিব, বুইছ৷ আহিব সি৷ সি এইবাৰ উভতি আহিব৷ মোৰ মনটোৱে তাক দেখিলেহে শান্তি পাব৷’


(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ