অন্যযুগ/


আশা

 আকাশ দীপ্ত ঠাকুৰ

 

       মাইনীয়ে প্লেটফৰ্মৰ ওপৰৰ ফালে ৰঙা হৈ জিলিকি থকা ফলকখনলৈ চাই আছিল৷ সময় কিমান হৈছে তাতে নিৰ্দেশ কৰা থাকে৷ পুৱা ঠিক ছয় বাজি একচল্লিছ মিনিট হোৱাৰ লগে লগে ক’ৰবাৰপৰা কিবা এটা ঘোষণা কৰাৰ দৰে শব্দ শুনিবলৈ পোৱা গ’ল৷ লগে লগে যেন প্লেটফৰ্মত অ’ত-ত’ত বহি থকা মানুহবোৰ বৰ ব্যস্ত হৈ পৰিল৷

       মাইনীয়ে মাকলৈ চালে-“কি হ’লনো মা? ৰেলখন অহাৰ সময় হ’ল নেকি?”

       মাইনীৰ মাকেও নিজৰ বেগটো সামৰি লৈ গাত লোৱা শ্বলখন অলপ ঠিক কৰিলে আৰু মাইনীৰ হাতত ধৰি তাইক বহি থকাৰপৰা উঠালে -“ৰেলখন এতিয়া পাবহিয়ে৷ উঠা উঠা৷”

       মাইনীয়ে ইফালে-সিফালে চালে -“দেউতা কেনি গ’ল মা?”

       মাইনীৰ মাকেও তেখেতকে বিচাৰিছিল -“জানো পায়; এই মানুহজননো সময়ত কেনি যায়!”

       অলপ পাছতে সোঁফালে দূৰৈত ৰেলৰ উকি শুনিবলৈ পোৱা গ’ল৷  বাঁওফালে হাতত চাহৰ কাপটো লৈ মাইনীৰ দেউতাকো কোবাকুবিকৈ আহি -“ব’লা ব’লা; ৰেল আহিল৷”

       মাইনীৰ বাবে গোটেই পৰিৱেশটো বৰ বিচিত্ৰ ধৰণৰ হৈ পৰিল৷ দূৰৈত ৰেলখন আহি থকা তাই দেখিলে; ইফালে মানুহবোৰচোন হাতত টালি-টোপোলা লৈ ৰেলখন আহি থকাৰ দিশতে দৌৰিবলৈ আৰম্ভ কৰি দিলেই৷ মাইনীয়ে মাকক সুধিলে -“ৰেলখন ৰোৱাৰ আগতে মানুহবোৰ দৌৰিছে কিয় মা?”

       মাইনীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মাকৰ যেন সময় নাই৷ তেখেতে এহাতেৰে বেগটো আৰু আনখন হাতেৰে মাইনীক ধৰি খৰ খোজেৰে আগলৈ যাবলৈ ধৰিলে৷ মাইনীৰ দেউতাকেও আনটো বেগ হাতত লৈ আগে আগে গ’ল৷ মাইনীয়ে দেখিলে দীঘল ৰেলখন লাহে লাহে প্লেটফৰ্মত ৰ’ব খুজিছে আৰু মানুহবোৰে তাত উঠিবলৈ যেনি-তেনি হেতাওপৰা লগাইছে৷

       দৰাচলতে মাইনীৰ আজি জীৱনৰ প্ৰথমটো ৰেল যাত্ৰা৷ যোৰহাটৰপৰা গুৱাহাটীলৈ তাই মাক-দেউতাকৰ সৈতে ৰেলত যাব৷ দূৰৈৰপৰা সদায় দেখি থকা ৰেলখনত এবাৰ উঠিবলৈ তাইৰ সদায় মন যায়৷ দেউতাকে যোৱা দুমাহৰ আগতেই তাইক কথা দিছিল যে এইবাৰ পৰীক্ষা শেষ হ’লেই সিহঁত তিনিও গুৱাহাটীত থকা খুৰাকৰ ঘৰলৈ বুলি ৰেলত উঠি যাব৷ গুৱাহাটীলৈ ৰেলত উঠি যাবলৈ পোৱাৰ আশাতে মাইনীয়ে ভালকৈ পঢ়িলে, পৰীক্ষা শেষ হ’ল আৰু আজি তাইৰ অতিকৈ হেঁপাহৰ দিনটো আহিল৷ পুৱা চাৰে চাৰি বজাতে সকলো শোৱাৰপৰা উঠি গা-পা ধুই ছয় বজাত ঘৰৰপৰা ওলাল৷ পিছে এতিয়া ৰেলত উঠিবৰ সময়ত মানুহবোৰৰ ইমান খদমদম দেখি তাইৰ অকণ অকণ ভয়হে লাগিল--ইমানবোৰ মানুহ; এনেকৈয়ো মানুহ যায়নে! ৰেলখনে কেনেকৈ নিব বাৰু! সকলোৱে বহিবলৈ পাবনে!

       পিছে মানুহবোৰৰ সৈতে সিহঁতো কেনেকৈ আৰু ক’তনো উঠিল, মাইনীয়ে  ভালদৰে একো টলকিবলৈকে নাপালে৷ দীঘল দীঘলকৈ বহাৰ আসনবোৰৰ এখনত সিহঁত তিনিও বহিল৷ মাক-দেউতাকৰ মাজত মাইনী সোমাই পৰিল৷ তাই মন কৰিলে সিহঁতৰ সন্মুখৰ আসনতো তেনেকৈয়ে মানুহ বহিছে, সোঁফালে কাষতো বহিছে৷ অকণমান পাছতে ৰেলে উকি মাৰিলে৷ মাইনীয়ে খিৰিকীৰে বাহিৰলৈ চাই দেখিলে কাষৰ প্লেটফৰ্মত থকা দোকানবোৰ, খুঁটাবোৰ, ৰৈ থকা মানুহবোৰ...সকলো যেন লাহে লাহে পাছলৈ গৈ আছে...; অৰ্থাৎ ৰেলখন আগলৈ গৈছে৷ ৰেল চলিছে...মাইনীৰ মনটোও স্ফূৰ্তিতে নাচি উঠিল৷

       লাহে লাহে পৰিৱেশটো মাইনীৰ বাবে অলপ সহজ হৈ পৰিল৷ তাই খিৰিকীৰ কাষলৈ বহি বাহিৰখনলৈ মন কৰিলে৷ গছ-গছনি, মানুহ...সকলো কেৱল পিছলৈ দৌৰিছে৷ ৰেল চলি গৈছে, মাজতে কোনোবা ষ্টেশ্বনত এখন্তেক ৰৈছে, পুনৰ চলিছে, ৰেলৰ ঝক ঝক শব্দ মাজে মাজে কুঁ-কৈ মৰা উকিটো...তাইৰ ভিতৰৰ মনটোৱেও যেন দীঘলকৈ এটা উকি মাৰিলে৷

       মাইনী আৰু আচৰিত হ’ল যে ৰেলৰ ভিতৰখনত সময়ে সময়ে কি কি যে আহি থাকে! চাহ, তামোল, সিজোৱা কণী, মৰ্টন, ব্ৰেড-অমলেট...বহুত কিবাকিবি বিক্ৰী কৰিবলৈ মানুহ আহিয়ে থাকে৷ সিহঁতি ঘৰত পুৱাৰ আহাৰ খাই আহিছিল বাবে দেউতাকে একো নিকিনিলে৷ মাজতে দেউতাকে তাইক এপেকেট চেৰী কিনি দিলে৷

       “বাবু; কিবা দিয়ক৷”

       কোনে মাতিলে বাৰু? চেৰী খাই খাই বাহিৰলৈ চাই আহি থাকোঁতে দেউতাকৰ কাষতে তাইৰ বয়সৰ ছোৱালীজনীৰ মাতটো শুনি মাইনীয়ে সেইফালে চালে৷ ৰেলত মাজে মাজে পইচা বিচাৰি ভিক্ষাৰী একোজন আহি আছিল৷ তেওঁলোকক দেখিলে মাইনীৰ মনটোত বৰ বেয়া লাগে৷ এইবাৰ অকণমানি ছোৱালীজনী দেখি মাইনীয়ে থৰ লাগি তাইলৈ চালে৷ ছোৱালীজনীয়েও মাইনীলৈ একেথৰে চাই আছে৷ মাইনীৰ দেউতাকে দহটকীয়া ন’ট এখন তাইৰ হাতত দিলে৷ তাই ন’টখন লৈ মলিয়ন চোলাটোৰ জেপত ভৰালে৷ সন্মুখৰ মানুহবোৰৰ ওচৰলৈ গৈ তাই তেনেকৈয়ে হাত পাতি কিবা এটা বিচাৰিলে৷ কোনোবাই দিলে, কোনোবাই নিদিলে৷ অকণমান পাছতে তাই সেইখিনিৰপৰা ওলাই গ’ল৷ যাওঁতে মাইনীলৈ এবাৰ আকৌ চালে৷

       মাইনীয়ে তাইৰ সৈতে কথা পাতিব খুজিছিল, পিছে সুবিধাই নাপালে৷ তাই মাকৰ ফালে চালে -“ছোৱালীজনীৰ নামটো সুধিবলৈ মন গৈছে মা৷”

       মাইনীৰ মাকে মোবাইলত কিবা এটা চাই আছিল; তাইৰ প্ৰশ্নৰটো শুনি অবাক হৈ তাইলৈ চালে -“কোন ছোৱালী?”

       “এতিয়াযে আহিছিল, দেউতাইযে টকা দিলে; সেই ছোৱালীজনী আকৌ৷” মাইনীয়ে মাকৰ মুখলৈ চাই কথাষাৰ ক’লে৷

       মাকে মোবাইলটো সামৰি থ’লে৷ –“তাই গ’লগৈ নহয়৷ কেনেকৈ সুধিবা; নালাগে, থাকক দিয়াঁ৷”

       মাইনীৰ মনটো সেমেকি গ’ল–“মা...তাইৰ মাক-দেউতাক আছেনে নাই? সিহঁতৰ ঘৰ ক’তনো? তাই বাৰু স্কুলত পঢ়েনে?”

       মাইনীৰ মাকে কিবা এটা চিন্তা কৰিলে৷ মাইনীক বাঁওহাতেৰে আঁকোৱালি ধৰি মূৰত হাত ফুৰাই দিলে– “তাইৰ মাক-দেউতাকেও তেনেকুৱা কিবাকিবি কৰে চাগৈ৷ তাই চাগৈ স্কুললৈ যাবলৈ সময় নাপায়৷ তেনেকুৱা আৰু ল’ৰা-ছোৱালী আছে; ক’ৰবাত দেখিবা৷ তুমি বৰকৈ কথাবোৰ ভাবি নাথাকিবা৷ পুৱা সোনকালে উঠিছা নহয়; অলপ শুই দিয়া৷”

       মাইনীয়ে মাকৰ গাতে আঁউজি চকুহাল মুদি দিলে৷ ছোৱালীজনীয়ে মাইনীৰ ডিঙিত পিন্ধা ৰঙা মণিধাৰলৈ একেথৰে চাইছিল৷ তাইৰো চাগৈ তেনে এধাৰ মণি পিন্ধিবলৈ বৰ মন গৈছিল৷

       ৰেল আগুৱাই গৈ থাকিল৷ অলপ পাছত মাইনীয়ে মন কৰিলে–ৰেলখন ৰৈছে৷ কোনোবা ষ্টেশ্যন পালেহি চাগৈ৷ মাইনীৰ দেউতাকে পানীৰ বটল এটা কিনিবলৈ নামি গ’ল৷ হঠাৎ যেন মাইনীৰ কান্ধত কোনোবাই হাত দিলে৷ তাই উচপ খাই উঠি সেইফালে চালে৷ ঠিক তাইৰ কাষতে ৰৈ আছে সেই মলিয়ন চোলা পিন্ধা ছোৱালীজনী৷ তাই হাঁহিছে৷ মাইনীৰ মুখতো হাঁহি বিৰিঙিল৷

       “তোমাৰ নামটো কি?” মাইনীয়ে সুধিলে৷

       তাই হাঁহি হাঁহিয়ে ক’লে–“মোৰ নাম আশা৷ তোমাৰ ডিঙিত থকা মণিডাল ইমান ধুনীয়া৷ ক’ত পালা?”

       “দেউতাই দিলে আকৌ৷ তোমাৰ এনেকুৱা মণি নাই নেকি?” মাইনীয়ে সুধিলে৷

       আশাই দুখমনেৰে ক’লে–“আমি ৰেলত ঘূৰি ফুৰোঁ; মণি ক’ৰপৰা পাম?”

       মাইনীৰ বৰ দুখ লাগিল৷ তাই ডিঙিৰ মণিধাৰ খুলিলে–“তুমি এইডাল লৈ যোৱাঁ৷ দেউতাই মোক আকৌ পাছত দিব৷”

       আশাই আকৌ আগৰ দৰে হাঁহিলে৷ মাইনীৰ হাতৰপৰা তাই মণিধাৰ লওঁতেই এজন মানুহ আহি তাইৰ হাতত ধৰিলেহি৷ মাইনী অবাক হ’ল৷ মানুহজনৰ দেখিবলৈ ভাল নহয়৷ পিন্ধি থকা চোলাটোও মলিয়ন৷ তেখেতে খঙেৰে আশাৰ হাতত ধৰি টানিলে–“তই ইয়াত কি কৰিছ? ব’ল...৷”

       আশাই ভয়তে মাইনীৰ হাতত পুনৰ মণিধাৰ দি দিলে৷ মানুহজনে তাইক টানি লৈ গ’ল৷ মাইনীয়ে জোৰেৰে চিঞৰিলে–“মণিডাল লৈ যোৱা আশা...৷”

       “মাইনী, কি হ’ল তোমাৰ? সপোন দেখিছিলা নেকি?” মাইনীৰ মাকে তাইক জোকাৰি দিলে৷

       মাইনী খপজপকৈ সাৰ পাই গ’ল৷ তাই পোন হৈ বহিল৷–“অঁ মা, সপোন দেখিছিলোঁ নেকি৷  তাইক আকৌ দেখিছিলোঁ জানা৷ সেই ছোৱালীজনীযে৷”

       মাইনীৰ মাকে মিচিকিয়াই হাঁহিলে৷ চলি থকা ৰেলখন লাহে লাহে ৰৈ গ’ল৷ আন এটা ষ্টেশ্যন পালেহি৷ মাইনীয়ে মাকৰ হাতত থকা বটলটোৰপৰা এঢোক পানী খালে৷

       পানী খাই থাকোঁতে মাইনীয়ে ভাবিলে–আহোঁতে পুনৰ সিহঁত ৰেলতে আহিব৷ তেতিয়া যদি সেই ছোৱালীজনীক আকৌ লগ পায়; তেন্তে তাই নিজে তাইৰ ডিঙিত মণিধাৰ পিন্ধাই দিব৷

 

লেখকৰ ঠিকনাঃ

আকাশ দীপ্ত ঠাকুৰ;

সহকাৰী অধ্যাপক, পদাৰ্থ বিজ্ঞান বিভাগ, জগন্নাথ বৰুৱা মহাবিদ্যালয়৷ যোৰহাট - ১৷

ভ্ৰাম্যভাষ ঃ ৮৬৩৮১৬৭৬৩০

      

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ