নৱনীতা ভট্টাচাৰ্য্য
(১)
“ভীম
ভীম নকৰিবি ভীমৰ আগত, হাড়া-মূৰা ভাঙি দিম গদাৰ কোবত।”- বনীয়ে প্লাষ্টিকৰ গদাটো হাতত
লৈ ভীমৰ ভাও ধৰি ধৰি মাকৰ ওচৰ পালেহি। মাকে বনীক দেখি গাখীৰৰ গিলাচটো মেজখনত ওপৰত থৈ
ক’লে, “ভীম! গদাটো থৈ গাখীৰ গিলাচ ঘট ঘট কৈ পি খাই পলকতে শেষ কৰি দিয়া।”
মাকে কোৱাৰ লগে লগে বনীয়ে গাখীৰ গিলাচ খাই শেষ কৰি
দুবাহু দেখুৱাই ক’লে, “অ’ আৰু অলপ বল পালোঁ। এতিয়া মোৰ আগলৈ কোনোবা আহিলেই গদাৰ কোবত
ওফৰাই দিম।”- কথাষাৰ কৈ কৈ সি বাহিৰলৈ ওলাই গ’ল আৰু তাত পাতি থোৱা প্লাষ্টিকৰ চকীখনতে
গদাটোৰে কোবাব ধৰিলে। এনেতে কোনোবা এপাকত
চকীখন আহি বনীৰ ভৰিতে পৰিলহি। সি দুখ পাই “মা! মা!” বুলি কান্দিব ধৰিলে। তাৰ কান্দোন শুনি মাকে উধাতু খাই দৌৰি আহি তাক সাৱটি
ধৰিলেহি আৰু ক’ত দুখ পাইছে তাকে পৰীক্ষা কৰিব ধৰিলে। বিশেষ একো নেদেখি তাৰ কান্দোনটো
ৰখাবলৈ মাকে ক’লে, “ভীমে জন্ম হৈয়ে শিলত পৰিও অকণো কন্দা নাছিল আৰু তুমি এই দুৰ্বল
চকীখন ভৰিত পৰোতেই ইমান
কান্দিব লাগেনে? ভীম হ’বলৈ হ’লে বলীৰ লগতে সাহসীও হ’ব লাগিব।”
মাকৰ
কথা শুনি বনীয়ে কন্দা বন্ধ কৰি ক’লে, “মা! ভীমৰ বহুত বল আছিল নেকি? ভীমে সকলো বস্তু
ভাঙি চুৰমাৰ কৰি দিব পাৰে নেকি?
বনীৰ ইমান প্ৰশ্নৰ উত্তৰত মাকে মাথো ক’লে, “ভীমে সকলো বস্তুৱে বহুত বহুত কৈ
খাইছিল বাবে ভীমৰ বহুত বল আছিল।”
মাকৰ কথাত বনী কিন্তু সন্তুষ্ট নহ’ল। সেইবাবে সি পুনৰ মাকক সুধিলে, “অকল খালেই
ইমান বল হ’বনে? মই জানো নহয় ভীমৰ তাত কিবা মহাশক্তি আছিল বাবে ভীম ইমান বলী আছিল।
কিন্তু এই শক্তিনো পাই ক’ত? মা! মোক ভীমৰ সাধুটো কোৱানা!”
বনীৰ আব্দাৰ ৰক্ষা কৰি মাকে ক’বলৈ আৰম্ভ কৰিলে, “মহাভাৰতত বৰ্ণনা কৰা
মতে ভীম মহা-পৰাক্ৰমী যোদ্ধা আছিল। গদা যুদ্ধত তেওঁৰ সমান পাৰ্গত ত্ৰিলোকত কোনোৱে
নাই। পৰম প্ৰতাপশালী পৱন দেৱতাৰ আশীৰ্বাদত কুন্তীৰ ঔৰসত ভীমসেনৰ জন্ম হৈছিল। অৰ্থাৎ
ভীম হ’ল দ্বিতীয় পাণ্ডৱ। ভীম জন্ম হোৱাৰ পাছতে ওচৰৰ হাবিখনৰ পৰা বাঘৰ গোঁজৰণি শুনা পোৱা
গৈছিল। কুন্তীয়ে বাঘৰ গোঁজৰণি শুনি ভায় খাই লৰ মাৰিব খোজোঁতে কোলাৰ পৰা ভীম ছিটিকি
পৰিল, কিন্তু ভীমৰ একোৱেই নহ’ল ওলোটাই তেওঁ উফৰি পৰা শিলটোহে ভাঙি চূৰমাৰ হ’ল।”
“মা! তুমি যে ক’লা ওচৰত হাবি আছে বুলি। ভীম জানো ৰজাৰ পুতেক নহয়। তেওঁ ৰাজ
কাৰেঙতহে থাকিব লাগে।”
“বাঃ! বৰ সুন্দৰ প্ৰশ্ন। তোমাৰ দুবাহুত ভীমৰ সমান বল নাথাকিলেও তোমাৰ মগজুৰ
জোৰ কিন্তু বহুত দেই। ভীম ৰজাৰ পুতেক হ’লেও ভীমৰ পিতৃ পাণ্ডুৱে সেইসময়ত ৰাজ্যৰ
সকলো ভাৰ ধৃতৰাষ্ট্ৰৰ হাতত দি মৃগয়া কৰিবলৈ হাবিলৈ ওলাই গৈছিল। সেইসময়তে অজানিতে
কৰা ভুল কামৰ বাবে কিমিন্দিম মুনিয়ে তেওঁক শাপ দিছিল। মনৰ দুখত ৰজা পাণ্ডুৱে ৰাজ্যলৈ উভতি নগৈ হাবিতে তপস্যা কৰি
দিন কটাবলৈ থিৰাং কৰিছিল। সেইবাবে ৰাজপুত্ৰ হ’লেও পঞ্চপাণ্ডৱৰ জন্ম হৈছিল বনত।
অৱশ্যে পাণ্ডুৰ মৃত্যুৰ পিছত কুন্তীয়ে পাঁচ পাণ্ডৱক লৈ ৰাজপ্ৰাসাদলৈ উভতি আহিছিল।
হস্তিনাপুৰলৈ উভতি আহি ৰাজ কাৰেঙত থাকিবলৈ পাই পাণ্ডৱসকলৰ মন আনন্দতে ভৰি
পৰিছিল। তাত খেলিবলৈ লগ-বন্ধুও পাইছিল বাবে উদ্ভাণ্ডালিও অলপ বাঢ়িছিল। কেতিয়াবা
ভীমৰ কামত লগৰীয়াসকল অসন্তুষ্টও হৈছিল। তেওঁ মাজে মাজে কৌৰৱসকলক অৰ্থৎ ধৃতৰাষ্ট্ৰৰ এশ পুতেকক
বৰকৈ আমনি কৰিছিল। ভীমৰ বাহুবল যে আন সকলোতকৈ বেছি তাক কাৰেঙৰ সকলোৱে অতি সোনকালে
বুজি পাইছিল। মল্লযুদ্ধ, দৌৰ আৰু সাঁতোৰ আদি সকলো বিষয়তে ভীমক কোনেও হৰুৱাব
নোৱাৰিছিল। জেষ্ঠ কৌৰৱ দুৰ্যোধনে ইফালে সদায় পঞ্চ পাণ্ডৱৰ অপকাৰ সাধিবলৈ নানা
চক্ৰান্ত কৰিবলৈ ধৰিছিল। এবাৰ ভীমৰ ধেমালিৰ প্ৰতিশোধ ল’বলৈ দুৰ্যোধনে ফান্দি
পাতিলে। দুৰ্যোধনে কোনেও ধৰিব নোৱাৰাকৈ গংগা নদীৰ পাৰত এক বিয়াগোম ঘৰ সজাই
ঘৰটোৰ সন্মুখতে এটা কৃত্ৰিম পুখুৰী এটা খান্দিলে। ওচৰতে পাতি দিলে এখন ধুনীয়া ফুলনি। পুখুৰীৰ পানীত খেল-ধেমালি কৰি আহি ঘৰটোত
জিৰণি লোৱাৰ সুন্দৰ ব্যৱস্থা কৰি দিলে। তাৰপিছত পৰিকল্পনা অনুসৰি দুৰ্যোধনে সকলোকে তালৈ মাতি আনি
খেল-ধেমালি কৰিলে আৰু ছেগ বুজি দুৰ্যোধনে খোৱা বস্তুৰ লগত কালকূট বিহ মিহলি কৰি
ভীমক খুৱাই দিলে। বিষ খাই ভীম অচেতন হৈ গংগাৰ পাৰতে পৰি থাকিল। সেই সুযোগতে দুৰ্যোধনে ভীমৰ
হাত-ভৰি বান্ধি গংগাৰ বুকুত পেলাই দিলে। ইফালে ভীমৰ নিথৰ দেহটো গংগাৰ তলী পাই
সুৰংগ পথেৰে সৰকি নাগলোক পালেগৈ। তাত থকা নাগবিলাকে ভীমৰ অচেতন দেহটোক খুটিবলৈ
ধৰিলে। সেইটোৱে ভীমৰ বাবে দৰবৰ কাম কৰিলে। কিয়নো সাপবোৰে তেজৰ লগতে কালকূট বিষো শুহি
নিছিল। অৱশেষত ভীমে চেতনা ঘুৰাই পালে আৰু ফণা ধৰি থকা সাপবিলাকক এফালৰ পৰা বধ কৰিব
ধৰিলে। সাপক বধ কৰাৰ খবৰ পাই সৰ্প ৰজা বাসুকী ঢপলিয়াই আহিল। ভীমৰ পৰাক্ৰমিতা
দেখিয়েই তেওঁ ভীমক চিনি পালে। তেওঁ ভীমক আকোৱালি ধৰি মৰম কৰি সৰ্পলোকৰ বিশেষ আহাৰ
খাবলৈ দি ৰাতিটো তাত কটাই যাবলৈ অনুৰোধ কৰিলে।
“মা! ভীমে ইমান সাপবোৰ বধ কৰাৰ পিছতো সাপৰ ৰজাই ভীমক শাস্তি দিয়াৰ সলনি মৰম
কৰি আকোৱালি ল’লে কিয়?”- বনীয়ে আচৰিত হৈ সুধিলে।
“অ’ মই তোমাক ক’বলৈ পাহৰিয়ে গলোঁ- ভীমৰ ককাদেউতাক ৰজা কুন্তীভোজ আছিল সৰ্পৰাজ
বাসুকীৰ নাতি। সেই সম্বন্ধে ভীম হ’ল বাসুকীৰ নাতিৰো নাতি। সেইকাৰণে বাসুকীয়ে ভীমক শাস্তিৰ
সলনি মৰম কৰি দুষ্প্ৰাপ্য ৰসায়ন খাবলৈ দিছিল। ভীমে হেঁপাহ পলুৱাই আঠ কলহ বিশেষ ৰসায়ন খালে আৰু তাৰফলত তেওঁ অযুত হাতীৰ
সমান বল পালে।”
“ইমান বল!”- বনীয়ে আচৰিত হৈ ক’লে।
“ভীমৰ শৰীৰত ইমান বল আছিল যে তেওঁ সকলো বিপদতে আগবাঢ়ি গৈছিল। যেতিয়া কৌৰৱে পাণ্ডৱসকলৰ জুইত
পুৰি মাৰিবলৈ জতুগৃহত ৰাখিছিল তেতিয়া পাণ্ডৱে বিদুৰৰ পৰামৰ্শ মতে সুৰংগ খান্দি তাৰ
পৰা পলাই সাৰিছিল। সুৰংগৰ পৰা ওলাই তেওঁলোকে হাবিৰ মাজ ওলাইছিল। ওৰে ৰাতি উজাগৰে
থাকি হাবিতলীয়া বাটেৰে তেওঁলোকে খৰকৈ খোজ দিব নোৱাৰা হ’ল। তাকে দেখি ভীমে কুন্তীক
বোকোচাত উঠাই ল’লে, নকুল আৰু সহদেৱক ডিঙিত ওলোমাই বুকুৰ দুয়োফালে ল’লে আৰু অৰ্জুন
আৰু যুধিষ্ঠিৰক দুয়োকাষে খামুচি ধৰি বিজুলী বেগেৰে খোজ দিবলৈ ধৰিলে। এনেদৰে
তেওঁলোক গংগা নদীৰ পাৰত ওলালেগৈ।”
মাকৰ মুখত ভীমৰ শাৰিৰীক শক্তিৰ কথা শুনি বনীয়ে ক’লে, “মা! ভীমে ইমান ওজন
এবাৰতে কেনেকৈ উঠাব পাৰিছিল।”
“সেয়াহে নে? ভীমে ইমান কষ্ট কৰি দিন কটোৱাৰ পিছতো হিৰিম্ব ৰাক্ষসক নিধন কৰিছিল। এই সাধুটো তোমাক পিছত ক’ম দেই”-এই বুলি কৈ মাক নিজৰ কামত লাগিল।