নৱনীতা ভট্টাচার্য্য
(৮)
ভীমৰ কীচক বধ আৰু স্বৰ্গযাত্রা
সাধুটো শুনি বনীয়ে
স্বস্তিৰ নিশ্বাস পেলালে, যেন ডাঙৰ বিপদ এটাহে আঁতৰিল৷ সি লগে লগে ক’লে, “ডাঙৰ সমস্যা
এটা আঁতৰিল দিয়া৷”
বনীৰ কথা শুনি মাকে
ক’লে, “পঞ্চ পাণ্ডৱৰ জীৱনলৈ এটা এনে বহুতো সমস্যাই আহিছিল৷ দৌপদীৰ সন্মতি মতে সিদিনাখন
ভীমে জয়দ্রথক যাবলৈ দিয়াৰ কিছুদিন পিছতে তেওঁলোকৰ বাৰ বছৰৰ বনবাস শেষ হ’বলৈ লৈছিল৷
বনবাস শেষ হোৱাৰ পিছত ত্রয়োদশ বছৰটো আছিল অজ্ঞাতবাসৰ সময়৷ এই কালচোৱা তেওঁলোকে এনেদৰে
কটাব লাগিব যে কোনোৱে চিনিব নোৱাৰিব৷”
বনীয়ে এইবাৰ আচৰিত
হৈ ক’লে, “কিন্তু মা! ভীমক জানো কোনোবাই চিনি নোপোৱাকৈ থাকিব! ভীমৰ নিচিনা এজনক লুকুৱাই
ৰখা জানো সহজ কথা!”
“ঠিকেই কৈছা৷ পঞ্চ
পাণ্ডৱে বৰ কষ্টৰে এই বছৰটো পাৰ কৰিবলগীয়া হৈছিল৷ বনবাসৰ সময় চমু চাপি অহাত তেওঁলোকে
অজ্ঞাতবাসৰ কথা চিন্তা কৰিবলৈ ধৰিছিল৷ অৱশ্যে যুধিষ্ঠিৰৰ পিতৃ ধৰ্মৰ আশীর্বাদে এই ক্ষেত্রত
সহায় কৰিছিল৷ ধর্মই তেওঁলোকক বিৰাট ৰজাৰ নগৰত কটোৱাৰ উপদেশ দি এই সময়চোৱাত কোনেও চিনি
নপোৱাৰ বৰ প্ৰদান কৰিছিল, আৰু পঞ্চ পাণ্ডৱেও বলৱান, ধার্মিক আৰু মৰমীয়াল বিৰাট ৰজাৰ
ৰাজ্যলৈ গৈ কিবা এটা কাম বিচাৰি লোৱাৰ সিন্ধান্ত লৈছিল৷”
মাকৰ কথা শুনি বনীৰ
কৌতুহল বাঢ়ি গ’ল৷ সি অতি উৎসুকতাৰে মাকক সুধিলে, “মা! ৰজাৰ ঘৰত গৈ তেওঁলোকে কি কাম
কৰিছিল, কোৱানা৷”
“বিৰাট ৰজাই পাশা
খেলি ভাল পাইছিল৷ সেইবাবে যুধিষ্ঠিৰে নিজকে কংক নামৰ ব্ৰাহ্মণ বুলি পৰিচয় দি কৈছিল
যে তেওঁ যুধিষ্ঠিৰৰ প্ৰাণৰ লগৰীয়া আছিল৷ ভীমে আকৌ বল্লভ নাম লৈ যুধিষ্ঠিৰৰ ৰান্ধনিশালৰ
ঘাই ৰান্ধনি আছিল বুলি চিনাকি দিছিল৷ অৱশ্যে অর্জুনৰ এই ক্ষেত্ৰত অকণো অসুবিধা হোৱা
নাছিল৷ কিয়নো উর্বশীয়ে তেওঁক এবছৰৰ বাবে নপুংসক হৈ থকাৰ অভিশাপ দিছিল৷ সেই সময়ত অর্জুনে
নপুংসকৰ ৰূপ লৈ বৃহন্নলা নাম লৈ ৰাজকুঁৱৰীসকলক নাচ-গান শিকাইছিল৷ দৌপদীয়ে আকৌ ৰাজসভাত
গৈ কৈছিল যে তাহানি তেওঁ দৌপদীৰ আলধৰা লিগিৰী আছিল আৰু তেওঁৰ নাম আছিল সৈৰন্ধ্ৰী৷ নকুলে
আকৌ গ্রান্থিক নাম লৈ ঘোঁৰাশালত কাম কৰিছিল আৰু সহদেৱে তন্তিপাল নাম লৈ ৰজাৰ গৰুবোৰৰ
চোৱা-চিতাৰ কাম কৰিছিল৷”
মাকৰ কথা শুনি বনীয়ে
ক’লে, “ভীমে বৰ ভাল কাম বাচি লৈছিল৷ ৰান্ধনি ঘৰত থাকিলে তেওঁৰ খাদ্যৰ ক্ষেত্ৰত অকণো
অসুবিধা নহয়৷”
“ঠিকেই কৈছা তোমাৰ
নিচিনাকৈ ভীমক লৈ যুধিষ্ঠিৰেও চিন্তা কৰিছিল৷ কিন্তু তেওঁলোক তাত গৈ বৰ দক্ষতাৰে কামবোৰ
কৰি গৈছিল বাবে কোনেও গম নপোৱাকৈ কামবোৰ আগবঢ়াই নিছিল৷ কিন্তু শেষৰ ফালেহে অঘটন এটা
ঘটিল৷
তেতিয়াও অজ্ঞাতবাস
শেষ হোৱালৈ দুমাহমান বাকী আছিল৷ এনেতে এদিন বিৰাট ৰজাৰ সেনাপতি কীচক ৰাজ-কাৰেঙৰ অন্তেষপুৰত
ভনীয়েক সুদেষ্ণাক দেখা কৰিবলৈ গৈছিল৷ তাতে তেওঁ দ্রৌপদীক দেখা পাইছিল৷ সুদেষ্ণা হ’ল
বিৰাট ৰজাৰ ৰাণী৷ দ্রৌপদীয়ে ৰাণীৰ সৈৰন্ধ্ৰী হৈ আছিল৷ দ্রৌপদীয়ে নানা ধৰণৰ খোপা বন্ধা
আৰু ভিন ভিন অনুষ্ঠানৰ উপযোগীকৈ সজাই-পৰাই দিয়া কামটো ভালদৰে জানিছিল৷ দ্রৌপদীৰ ৰূপ
দেখি কীচকৰ মন পিছলিল আৰু বিয়া কৰাবলৈ মন মেলিলে৷ লগে লগে তেওঁ সেই প্রস্তাৱ লৈ দ্রৌপদীৰ
ওচৰ পালেগৈ৷ দ্রৌপদীয়ে শুনাৰ লগে লগে সেই প্রস্তাবটো প্রত্যাখ্যান কৰি ক’লে, “মই আনৰ
বিবাহিতা পত্নী৷ মোৰ গন্ধর্ব স্বামী কেইজন মোৰ পিচে পিচে ছাঁৰ দৰে লাগি থাকে৷ যদি আপুনি
মোক অন্যায়ভাৱে পাবলৈ বিচাৰে তেনেহ’লে মোৰ স্বামীকেইজনে আপোনাক বধ কৰিব৷”
দ্রৌপদীৰ কথা শুনি
কীচক আহি ভনীয়েক সুদেষ্ণাৰ ওচৰ পালেগৈ আৰু কিবা এটা কৰিবলৈ অনুৰোধ কৰিলে, যাৰদ্বাৰা
দ্রৌপদীক সৈমান কৰিবলৈ সম্ভৱ হ’ব৷ ৰাণী সুদেষ্ণা আহি দ্রৌপদীক কীচকৰ ওচৰলৈ যোৱাৰ কথা
কোৱাত সেই বিষয়ে তেওঁ পঞ্চ পাণ্ডৱৰ আগত ক’লে৷ অৱশ্যে সেই সময়ত যুধিষ্ঠিৰে মনে মনে থকাটোৱে
উচিত বুলি ভাবিলে৷ কিন্তু ভীমে ক্ষান্ত হৈ থাকিব নোৱাৰিলে৷ সেইবাবে দ্রৌপদীৰ লগত লগ
লাগি কীচক বধৰ পৰিকল্পনা কৰিলে৷
দ্রৌপদীয়ে চালনা
কৰি কীচকক গধুলি সময়ত ছোৱালীৰ নাচঘৰলৈ মাতি পঠিয়েলে৷ কীচকেও আনন্দতে সাজি-কাচি নাচঘৰলৈ
আহিল৷ ইফালে ভীমে আগৰে পৰাই তাত সোমাই আছিল৷ কীচকক দেখাৰ লগে লগে ভীমে তাৰ চুলিকোছাত
থাপ মাৰি ধৰিলে আৰু তাৰ মূৰটো ঘটালিবলৈ ধৰিলে৷ তাৰপিছত তাক মাটিত বাগৰাই লৈ গুৰুলা-গুৰুলিকৈ
পিটিবলৈ ধৰিলে৷ অৱশেষত কীচকৰ মৃত্যু ঘটিল৷ তেতিয়া দ্রৌপদীয়ে সকলোকে মাতি আনি ক’লে,
“মোৰ গন্ধর্ব স্বামীসকলে এই পাপীটোক এই দশা কৰিলে৷”
কীচক মৰা বুলি গম
পোৱাৰ লগে লগে বনীয়ে ক’লে, “বাঃ কি বুদ্ধি কৰি কীচকক বধ কৰিলে৷ কোনেও গম নাপালে, কিন্তু
বিপদো আতঁৰিল৷”
বনীৰ কথা শুনি মাকে
ক’লে, “ভীমে অন্যায় সহ্য নকৰিলেও, তেওঁ যুদ্ধৰ বিৰোধিতা কৰিছিল৷ সেইবাবে বনবাসৰ অন্তত
তেওঁ বাকী চাৰিজন ভায়েকৰ দৰে শান্তি স্থাপন কৰি কৌৰৱৰ লগত যুদ্ধ কৰাৰ পৰা বিৰত থাকিব
বিচাৰিছিল৷ আনকি তেওঁ শান্তি স্থাপন বাবে এখাপ তলত থাকিবলৈও ৰাজি আছিল, কিন্তু কৌৰৱসকলে
যুদ্ধ নকৰাকৈ এটা বেজিৰ আগৰ সমান মাটি এৰি দিবলৈ অমান্তি হোৱাত পাণ্ডৱ আৰু কৌৰৱৰ মাজত
কুৰুক্ষেত্ৰৰ যুদ্ধ হ’ল৷ এই যুদ্ধত ভীমে পৰাক্ৰমতাৰে যুদ্ধ কৰি বহুতো ৰথী-মহাৰথীৰ প্ৰাণ
নাশ কৰিছিল৷ তেওঁ প্রতিজ্ঞা ৰাখি দুঃশাসন আৰু দুর্যোধনক বধ কৰিছিল৷”
মাকৰ কথা শুনি বনীৰ
মনত আন এটা প্ৰশ্নৰ উদয় হ’ল, সি কিছুসময় চিন্তা কৰি মাকক সুধিলে, “মা! ভীমক কোনে বধ
কৰিছিল৷”
“মহাপৰাক্ৰমী ভীমক
কোনেনো বধ কৰিব পাৰিব৷ কুৰুক্ষেত্ৰৰ যুদ্ধত জয়ী হৈ যুধিষ্ঠিৰ হস্তিনাপুৰৰ ৰজ্য ভাৰ
গ্ৰহণ কৰিছিল৷ ৰাজ্যত শান্তি স্থাপন কৰি যঠা সময়ত পৰীক্ষিতক ৰজা পাতি তেওঁলোকে স্বৰ্গ
যাত্ৰা আৰম্ভ কৰিছিল৷ স্বৰ্গলৈ যোৱাৰ পথতে ভীমৰ মৃত্যু হৈছিল৷”
“কিন্তু কিয় মা!”-
বনীয়ে আচৰিত হৈ সুধিলে৷
“জীৱনত এটা পাপ কাম
কৰিলেও বোলে সোঁ-শৰীৰে স্বৰ্গলৈ যাব নোৱাৰে৷”
“ভীমে, ইমানবোৰ পুণ্য
কৰাৰ পিছতো স্বৰ্গলৈ যাব নোৱাৰিলে নে?”
“ভীমে বোলে খাবৰ
সময়ত আনে খাইছে নে নাই কেতিয়াও চিন্তা কৰা নাছিল, মাত্ৰ নিজৰ পেটলৈ চিন্তা কৰিছিল৷
সেই পাপৰ বাবেই ভীমে যোগভ্রষ্ট হৈ পিছলি পৰিছিল৷ সেইবাবে কিছুদিন নৰক যন্ত্ৰণা ভোগ
কৰি পিছত স্বর্গবাসী হৈছিল৷”
মাকৰ কথা শুনি বনীৰ
ওঠৰ পৰা মিঠা হাঁহি এটা সৰি পৰিল আৰু মাকেও এইখিনিতে তাৰ পৰা বিদায় ল’লে৷
