নৱনীতা ভট্টাচাৰ্য্য
(৫)
জৰাসন্ধ বধ
ভীমৰ বিষয়ে তিনিটাকৈ
সাধু শুনাৰ পাছতো বনীৰ কিন্তু মন নভৰিল৷ সেইবাবে পাছ দিনাখনো সি মাকৰ ওচৰলৈ আহি ভীমৰ
বিষয়ে আন এটা সাধু ক’বলৈ অনুৰোধ কৰিলেহি৷ বনীৰ কথা শুনি মাকে কিছুপৰ চিন্তা কৰি ক’লে-
আজি মোৰ জৰাসন্ধ বধৰ কাহিনীটো মনত পৰিছে। তাকে কওঁ শুনা৷ ভীমে এটা বিশেষ কাৰণত জৰাসন্ধক বধ কৰিবলগীয়া হৈছিল৷ জৰাসন্ধ দুৰ্মতি কংসৰ শহুৰেক আছিল৷ কংসক বধ কৰিয়ে জৰাসন্ধৰ অত্যাচাৰত কৃষ্ণই মথুৰা এৰি দ্বাৰকালৈ আহি নতুন এখন দেশ পাতি লৈছিল৷ পঞ্চপাণ্ডৱে যেতিয়া বনৰ পৰা উভতি আহি ইন্দপ্ৰস্থত ৰাজ্য পাতি থাকিবলৈ লৈছিল, তেতিয়া এদিন দেৱৰ্ষি নাৰদে লগত চাৰিজন ঋষিক লগত লৈ যুধিষ্ঠিৰৰ ৰাজসভাত আহি উপস্থিত হৈছিল৷ তেওঁলোকে যুধিষ্ঠিৰৰ ৰাজসভাক ভূয়সী প্ৰশংসা কৰি ৰাজসূয় যজ্ঞ সম্পাদন কৰাৰ উপদেশ দিছিল৷ তেওঁ লগতে কৈছিল যে তেওঁলোকৰ পিতৃ পাণ্ডুৰো এই ইচ্ছা আছিল৷
নাৰদৰ কথা শুনি যুধিষ্ঠিৰে
ৰাজসূয় যজ্ঞ পতাৰ কথা চিন্তা কৰিছিল৷ সেইবাবে তেওঁ মন্ত্ৰী আৰু ভায়েকহঁতক সেই বিষয়ে
সুধি চালে৷ সকলোৱে তেওঁৰ কথাত সমৰ্থন দিলে, কিন্তু সকলোৱে কথাটো এবাৰ কৃষ্ণক সুধি চাবলৈ
ক’লে৷ সেইমৰ্মে তেওঁৰ পৰামৰ্শ বিচাৰি ৰজাই দূত এজনক দ্বাৰকালৈ পঠিয়াই দিলে৷ খবৰটো
পোৱাৰ লগে লগে কৃষ্ণ সোঁ-শৰীৰে আহি ইন্দ্ৰপ্ৰস্থ ওলালহি। তেওঁ আহি যুধিষ্ঠিৰক ক’লে
যে, “জৰাসন্ধ জীয়াই থকালৈকে ৰজসূয় যজ্ঞ কৰাটো অসম্ভব৷ কিয়নো পৃথিৱীত এতিয়া যিমানবোৰ
ৰজা আছে, সকলোবোৰ ৰজা পাকে-প্ৰকাৰে জৰাসন্ধই বশ কৰি থৈছে। শিশুপাল হ’ল তেওঁৰ সেনাপতি৷
সেইবাবে সকলো ৰজাই জৰাসন্ধৰ ভয়ত আপোনাক বিৰোধিতা কৰিব৷ অৰ্থৎ জৰাসন্ধ জীয়াই থকালৈকে
আপুনি ৰাজসূয় যজ্ঞ পাতিব নোৱাৰিব৷ জৰাসন্ধই মহাদেৱৰ বৰ পাই চাৰিকুৰি ছজন ৰজাৰ ৰাজ্য
জয় কৰি তেওঁলোকক ৰাজধানীত কাৰাবন্দী কৰি থৈছে৷”
“মা! চাৰিকুৰি মানে
কি?”. বনীয়ে সুধিলে
“কুৰি হ’ল গণনা কৰাৰ
এটা পদ্ধতি৷ দহৰ দুগুণক এক কুৰি বুলি কোৱা হয়৷ অৰ্থাৎ বিছ মানে হ’ল একুৰি৷
এতিয়া কোৱাঁ, চাৰিকুৰি
মানে কিমান?”
“আশী!”- বনীয়ে টপৰাই
উত্তৰ দিলে৷
“অ’ তাৰমানে ৰজাই
ছয়াশীজন ৰজাক বন্দী কৰি ৰাখিছে!”- কথাটো ভাবিয়ে বনীৰ চকু কপালত উঠিল!
“আটাইতকৈ ডাঙৰ কথাটো
হ’ল এই সংখ্যা গৈ এশ হ’লেই তেওঁ হেনো ৰজাসকলক বলি দিব৷ সেইবাবে কৃষ্ণই কৈছিল যে ৰাজসূয়
যজ্ঞ পাতিবলৈ হ’লে, এই ৰজাকেইজনক মুক্তি কৰি দিব লাগিব আৰু জৰাসন্ধক বধ কৰিব লাগিব!”
“জৰাসন্ধ নামতো শুনিবলৈ
যিমানে বেয়া, তাৰ মনটো সিমানে কুৎসিত, নহয় নে মা!
“তুমি ঠিকেই কৈছা৷
কিন্তু জৰাসন্ধৰ জন্মৰ কাহিনীটোও বৰ আমোদজনক। এতিয়া জৰাসন্ধৰ জন্মকাহিনী কওঁ শুনা -
‘মগধত বৃহদ্ৰথ নামৰ
এজন বৰ প্ৰতাপী ৰজা আছিল৷ তেওঁ কাশীৰাজৰ দুজনী যমজ জীয়েকক বিয়া কৰাইছিল৷ বহুদিন ধৰি
তেওঁলোকৰ সন্তান জন্ম হোৱা নাছিল। এদিন চণ্ডকৌশিক নামৰ এগৰাকী মুনি অহাত ৰজাই তেওঁৰ
আগত সকলো কথা বিৱৰি ক’লে৷ তেতিয়া মুনিয়ে বৃহদ্ৰথ ৰজাক আম এটা দি ক’লে যে, “ৰাণীয়ে
এই আমটো খালে সন্তান জন্ম হ’ব৷”
ৰজাই আমটো দুফাল
কৰি দুয়োগৰাকী ৰাণীক খাবলৈ দিলে৷ কিছুদিনৰ পাছত দুয়োগৰাকী ৰাণীৰে একেদিনাই একে সময়তে
এফাল এফাল ল’ৰাৰ জন্ম হ’ল৷ অদ্ভুত কাণ্ড হোৱা দেখি ৰাণীয়ে ধাইৰ সহায়ত সন্তান দুফালক
কাপোৰেৰে ঢাকোন দি বাহিৰত পেলাই থৈ আহিল৷ এনেতে সেইফালেৰে জৰা নামৰ ৰাক্ষসিনী এজনী
আহি আছিল৷
তেওঁৰ কি মন গ’ল কেঁচুৱা দুফালক চপাই আনি জোৰা লগাই দিলে৷ লগে লগে এটা সুন্দৰ কেঁচুৱা হৈ পৰিল৷ জৰা ৰাক্ষসীয়ে কেঁচুৱাটোক নাখাই ৰজা বৃহদ্ৰথক গটাই দিলে৷ সেই ৰাজ্যত জৰা ৰাক্ষসীৰ পূজা কৰা হৈছিল বাবে ৰাক্ষসীয়ে ৰজাৰ কল্যাণ কামনা কৰি ৰজাক সেই সন্তানটো উপহাৰ হিচাপে দিছিল৷ সেইবাবে সন্তানটোৰ নাম জৰাসন্ধ ৰখা হৈছিল৷ এয়াই হ’ল জৰাসন্ধৰ জন্ম বৃত্তান্ত৷’
কথাখিনি কৈ মাকে
অলপ সময় জিৰণি লোৱাৰ লগে লগে বনীয়ে পুনৰ ক’লে, “মা! জৰাসন্ধক ভীমে কেনেকৈ বধ কৰিলে
সেই সাধুটো কোৱানা৷”
জৰাসন্ধক বধ কৰাটো
ইমান সহজ কথা নহয় বুলি কৃষ্ণই জানিছিল৷ কাৰণ জৰাসন্ধই মহাদেৱৰ আশীৰ্বাদত প্ৰচণ্ড শক্তিৰ
অধিকাৰী হৈ পৰিছিল৷ সেইবাবে শ্ৰীকৃষ্ণই ক’লে সন্ধিৰ বাঁহ বুদ্ধিৰে কাটিব লাগিব৷ তেওঁলোকে
ঠিক কৰিলে যে ছল-চতুৰ কৰি জৰাসন্ধক নিৰ্জন ঠাইলৈ মাতি আনি যুদ্ধ কৰিবলৈ সন্মত কৰাব
লাগিব৷ যিহেতু বাহুবলী বুলি জৰাসন্ধই মনে মনে বৰ অহংকাৰ কৰে, সেইবাবে নিশ্চয় মহাবলী
ভীমকেই প্ৰত্যাহ্বান জনাব আৰু ভীমৰ হাতত তাৰ মৃত্যু নিশ্চিত৷
পৰিকল্পনামতেই, অৰ্জুন,
ভীম আৰু শ্ৰীকৃষ্ণই ব্ৰাহ্মণৰ ভেশ ধৰি মগধত উপস্থিত হ’লহি। তাত প্ৰৱেশ কৰিয়েই তেওঁলোকে
সকলোৰে মন আকৰ্ষণ কৰিবলৈ কিবা অঘটন ঘটাই ল’ব বিচাৰিলে৷ সেইবাবে প্ৰথমতে তেওঁলোকে ওচৰতে
থকা চৈতক পাহাৰৰ শৃংগটো ভাঙি দুফাল কৰি নগৰৰ পিছ দুৱাৰেদি তীব্ৰ গতিৰে আগবাঢ়ি গৈ
ৰাজধানীত প্রৱেশ কৰিলে৷ তাৰ পাছত কোনেও ক’ব নোৱাৰাকৈ গৈ ৰাজকাৰেঙত সোমালগৈ৷ সিদিনাখন
আকৌ ৰজা জৰাসন্ধ ব্ৰতত আছিল৷ সন্মুখত তিনিজন ব্ৰাহ্মণক দেখা পাই ফল-মূলৰ উপাচাৰ আগবঢ়াই
দি জৰাসন্ধই তেওঁলোকক বহিবলৈ দিলে৷ অৱশ্যে তেওঁলোকক দেখিয়ে জৰাসন্ধই ধৰিব পাৰিছিল
যে তেওঁলোক কোনো ব্ৰাহ্মণ নহয়। সেইবাবে ৰজাসন্ধই তেওঁলোক কোন সুধিয়েই পেলালে৷ কৃষ্ণই
তেতিয়া সকলোৰে চিনাকি দাঙি ধৰি বন্দী কৰি থোৱা ৰজাসকলক মুকলি কৰি দিবলৈ ক’লে৷ তাকে
শুনি জৰাসন্ধ জ্বলি-পকি উঠি ক’লে, “তোমালোক মোৰ লগত যুঁজিবলৈ আহিছা! তেনেহ’লে কোৱাঁ তোমালোকে অকলশৰীয়াকৈ এজন এজনকৈ নে একেলগে তিনিওজনে একেলগে মোৰ লগত যুদ্ধ দিবা?”
তেতিয়া কৃষ্ণই ক’লে, “তুমিয়ে কোৱাঁ, কোনজনৰ লগত যুঁজি মৰিব বিচাৰিছা?”
জৰাসন্ধই ভীমৰ লগত
যুঁজিবলৈ ঠিৰাং কৰিলে৷ তাৰ পাছত দুয়োৰে মাজত তয়াময়া যুদ্ধ আৰম্ভ হ’ল৷ কোনেও কাকো
হৰুৱাব নোৱাৰিলে৷ এনেদৰে চৈধ্য দিন চৈধ্য ৰাতি একেৰাহে যুদ্ধ চলিল৷ লাহে লাহে জৰাসন্ধৰ
বল কমি আহিল৷ শ্ৰীকৃষ্ণই চেগ বুজি ভীমক সকীয়াই দি ক’লে- তুমি যে পৱনপুত্ৰ, তাক জনাই
দিয়াঁ৷”
ভীমে লগে লগে কৃষ্ণৰ
ইংগিত বুজি পাই জৰাসন্ধক মূৰৰ ওপৰলৈ দাঙি ঘূৰাই দলিয়াই পঠিয়ালে৷ জৰাসন্ধই মাতিৰ পৰা
উঠিবলৈ লওঁতেই ভীমে এখন ভৰিত গচক মাৰি ধৰিলে আৰু আনখন ভৰি হাতেৰে খামুচি ধৰি দীঘলে
দীঘলে দুচিৰা কৰি ফালি পেলালে৷
জৰাসন্ধৰ মৃত্যুৰ
পাছত, তিনিওজনে বন্দীশাললৈ গৈ বন্দী কৰি থৈ দিয়া সকলো ৰজাকে মুকলি কৰি দিলে৷
মাকৰ সাধুটো শেষ
হোৱাৰ লগে লগে বনীয়ে ক’লে, “ভীম ইমান শক্তিশালী আছিল, নহনে মা! জৰাসন্ধক অকলে যুদ্ধ
কৰি মাৰি পেলালে আৰু সকলো ৰজাক উদ্ধাৰ কৰিলে৷”
“নহ’বনো কিয়, ভীম যে হনুমানৰ ভায়েক আছিল৷”- মাকে ক’লে৷
“ভীম কেনেকৈ হনুমানৰ
ভায়েক হ’ব?”- বনীয়ে আচৰিত হৈ সুধিলে৷
“ৰামায়ণৰ সাধুবোৰত
আমি হনুমানক কথা শুনিছো পৱনপুত্ৰ হনুমানৰ সহায়ত ৰামে সাগৰ বান্ধি সুদূৰ লংকাপুৰীৰ
পৰা সীতাক উদ্ধাৰ কৰি আনিছিল।”
মাকৰ কথা শুনাৰ লগে
লগে বনীয়ে ওঠ দুটা ফুলাই লৈ “জয় শ্ৰী ৰাম”- বুলি হনুমানৰ ভাও জুৰিলে৷ তাকে দেখি মাকে
ক’লে, “শ্ৰীৰামৰ পৰম ভক্ত হনুমান হ’ল বায়ুদেৱতাৰ পুত্ৰ আৰু বায়ুদেৱতাৰ আশীৰ্বাদতে
ভীমসেনৰো জন্ম হৈছিল৷ অৰ্থাৎ দুয়ো পৱনপুত্ৰ। সেই সূত্ৰে দুয়ো ককায়েক-ভায়েক হ’ল৷”
“অ’ এতিয়াহে বুজিলোঁ।
মা! ভীমে হনুমানক কেতিয়াবা লগ পাইছিল নে?”- বনীয়ে সুধিলে৷
“মহাভাৰতত ভীম-হনুমান
মিলনৰ সুন্দৰ কাহিনী এটা বৰ্ণনা কৰা আছে, পাছত সময় পালে তোমাক ক’ম বাৰু৷”
***
ভ্ৰাম্যভাষ - ৯৮৬৪২৩৩৩৫০