নৱনীতা ভট্টাচাৰ্য্য
(২)
হিড়িম্বক বধ আৰু হিড়িম্বাৰ সৈতে বিৱাহ
মাকে বনীক দিয়া প্রতিশ্রুতি
অনুসৰি সিদিনাখন হিড়িম্বাৰ সাধুটো ক’বলৈ আৰম্ভ কৰিলে - জতুগৃহৰ পৰা ওলাই পঞ্চপাণ্ডৱে
মাক কুন্তীৰ লগত গৈ গৈ গংগা নদী পাৰ হ’ল৷ তাৰ পাছত আকাশৰ নক্ষত্ৰবোৰ চাই দিশকেইটা বুজি
ল’লে আৰু তেওঁলোক দক্ষিণৰ ফালে যাবলৈ ঠিক কৰিলে৷ বহুদূৰ খোজ কাঢ়ি গৈ গৈ তেওঁলোক অটব্য
হাবি এখনত সোমাল৷ দুখে-ভাগৰে সকলো ক্লান্ত হৈ পৰিল আৰু পানী বিচাৰি হাহাকাৰ কৰিব ধৰিলে৷
অৱশ্যে ভীমৰ সিমান ভাগৰ লগা নাছিল৷ সেইবাবে তেওঁ সকলোকে জিৰণি ল’বলৈ দি পানী বিচাৰি
গ’ল৷ কিছু পৰৰ পাছত ভীমে অনা পানী খাই সকলোৱে এঘুমটি মাৰি ল’বলৈ ল’লে৷ সকলো ইমানে ভাগৰুৱা হৈ পৰিছিল যে অলপ
জিৰণি লোৱাৰ পাছতে সকলোকে টোপনিয়ে ঘেৰি ধৰিলে৷ ভীমে সকলোকে শুবলৈ দি ৰখীয়া হিচাপে সাৰ
পাই থাকিল৷
তেওঁলোক শুই থকা
ঠাইডোখৰৰ কিছু নিলগত থকা শাল গছ এজোপাত আকৌ হিড়িম্ব নামৰ ভয়ংকৰ ৰাক্ষস এটাই বাস কৰিছিল৷
তাৰ গাটো আছিল কিচকিচিয়া ক’লা, পকা আঙঠাৰ দৰে ৰঙা চকু, গাধৰ কাণৰ দৰে দীঘল আৰু কণী-চানেকীয়া
কাণ আৰু ষাড়গৰুৰ নিচিনা ডবহা দুখন কান্ধ৷ পঞ্চপাণ্ডৱক দেখি তাৰ মানুহৰ মঙহ খোৱাৰ হেঁপাহ
জাগি উঠিল৷ সি তাৰ ভনীয়েকক মাতি আনি পঞ্চপাণ্ডৱক দেখুৱাই আধা-মৰা কৰি আনিবলৈ ক’লে৷ ককায়েকৰ
কথা শুনি হিড়িম্বা গিৰিপকৈ উঠি পাণ্ডৱসকলৰ ওচৰ পালেগৈ৷ কিন্তু ভীমক দেখি হিড়িম্বাৰ
মন সলনি হৈ গ’ল৷ ভীমক দেখি তাই কি উদ্দেশ্যেৰে তালৈ গৈছিল সকলো পাহৰি গ’ল আৰু ভীমক
বিয়া কৰাবলৈ মন মেলিলে৷ সেইবাবে হিড়িম্বাই মায়াৰ বলেৰে ধুনীয়া ছোৱালী এজনী হৈ ভীমৰ
ওচৰলৈ আহি ক’লে, “এই বনত হিড়িম্ব নামৰ ৰাক্ষস এজন আছে৷ মই তেওঁৰে ভনীয়েক৷ তেওঁ আপোনালোকৰ
মঙহেৰে ভোজ পাতিবলৈ মন কৰিছে৷ সেইবাবে তেওঁ মোক ইয়ালৈ পঠিয়াইছে৷ কিন্তু মই সেইটো কাম নকৰোঁ৷
মই আপোনাক ৰক্ষা কৰিবলৈহে ইয়ালৈ আহিছোঁ৷ মই আপোনাক স্বামী হিচাপে বৰণ কৰিছোঁ৷ আপুনি য’লৈকে
যাব খোজে, ত’লৈকে যাবলৈ মই সাজু৷ আপুনি মোৰ লগত ওলাওক৷”
হিড়িম্বাৰ কথা শুনি
ভীমে হাঁহি ক’লে, “মই মোৰ আপোনসকলক এৰি ক’লৈকো নাযাওঁ, যাব নোৱাৰোঁ৷ তেওঁলোক আটাইবোৰ ধুনীয়াকৈ শুই
আছে৷ মই তেওঁলোকৰ টোপনি ভাঙিবও নোৱাৰোঁ আৰু শুনা- ৰাক্ষস হওক, যক্ষ হওক বা গন্ধর্ব
হওক- সকলোৱে মোৰ হাতত এটা পিটিকাৰ বন৷”
ইফালে হিড়িম্বা উভতি যোৱাত পলম হোৱা দেখি হিড়িম্ব আহি সেইখিনি ওলালেহি৷ ভনীয়েকক সুন্দৰী ৰূপত দেখি হিড়িম্বই সকলো বুজি পালে খঙে তাৰ চুলিৰ আগ পালেগৈ৷ খঙত জ্বলি-পকি সি পাণ্ডৱসকলৰ ফালে চোঁচা ল’লে৷ ভীমে বাকীসকল সাৰ পায় বুলি ভাবি আগচি ধৰি হিড়িম্বক অলপ আঁতৰলৈ চোঁচৰাই নিলে৷ তাৰ পাছত দুয়োৰে মাজত ভীষণ মাল-যুঁজ লাগিল৷ দুয়োৰে দপদপনিত সকলোৰে টোপনি ভাগিল৷ তেনেতে অৰ্জুনে ভীমৰ ওচৰলৈ আহি ক’লে, “দাদা, তুমি পলম নকৰিবা৷ ৰাতি পুৱাবৰ হৈছে৷ দোকমোকালিৰ সময়ত ৰাক্ষসবোৰৰ বল বাঢ়ে৷ তাক সোনকালে বধ কৰাঁ৷”
অৰ্জুনৰ কথা শুনি
ভীমে হিড়িম্বক মুৰৰ ওপৰত তুলি টাকুৰী ঘূৰোৱাদি ঘূৰাবলৈ ধৰিলে৷ তাৰ পাছত মাটিত থেকেচা
মাৰি পেলাই দিলে আৰু ভৰিৰে গচকি ধৰিলে৷ ভীমৰ ভৰ সহ্য কৰিব নোৱাৰি তাৰ প্ৰাণ-বায়ু উৰি
গ’ল৷
ভীমে হিড়িম্বক বধ কৰি হিড়িম্বাৰ ফালে চালে৷ হিড়িম্বাই ভয় খাই কুন্তীৰ ওচৰলৈ গৈ হাত যোৰ কৰি মনৰ সকলো কথা ভাঙি-পাতি ক’লে৷ হিড়িম্বাৰ কথা শুনি যুধিষ্ঠিৰে তেওঁৰ কথাতে হয়ভৰ দিলে৷ মাক আৰু চাৰি সহোদৰৰ সন্মতিত ভীম আৰু হিড়িম্বাৰ বিয়া পাতি দিয়া হ’ল৷ কিছুদিনৰ পাছত তেওঁলোকৰ সন্তান এটা জন্ম হয়৷ সন্তানটিৰ নাম ৰখা হয় ঘটোৎকচ৷ ঘটোৎকচো এজন পৰাক্ৰমী যোদ্ধা আছিল৷ কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত তেওঁ বহুতো যোদ্ধাক বধ কৰি শেষত কৰ্ণৰ অব্যৰ্থ বাণৰ আঘাতত মৃত্যুবৰণ কৰিছিল৷ তেওঁৰ মৃত্যুৱে পঞ্চপাণ্ডৱক মৃত্যুৰ পৰা উদ্ধাৰ কৰি গৈছে৷ কিয়নো কৰ্ণই ঘটোৎকচক মাৰিবলৈ বিশেষ একঘাতিনী শৰপাট ব্যৱহাৰ কৰিছিল৷ সেই শৰপাট তেওঁ ইন্দ্ৰৰ পৰা বৰ স্বৰূপে পাইছিল৷ এই শৰপাট তেওঁ অর্জুনক বধ কৰিবলৈ বুলি থৈ দিছিল৷ কিন্তু সিদিনাখন ঘটোৎকচক বধ নকৰিলে কৌৰবৰ পৰাজয় নিশ্চিত আছিল৷ সেইবাবে উপায়হীন হৈ ঘটোৎকচক মাৰিবলৈ তেওঁ সেই শৰপাট ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছিল৷
ঘটোৎকচৰ কথা শুনি
বনীৰ চকু সেমেকি উঠিল৷ তাৰ ঘটোৎকচৰ বিষয়ে আৰু অলপ জানিবলৈ মন আছিল, কিন্তু সি কিবা
এটা কোৱাৰ আগতেই মাকে ক’লে, “ভীমে হিড়িম্বৰ বাহিৰেও বহুতো ৰাক্ষসক বধ কৰি পৰিয়ালৰ লগতে
সমাজকো ৰক্ষণাবেক্ষণ দিছিল৷
মাকৰ কথা শুনি বনীৰ
তেনে আৰু এটা কাহিনী শুনিবলৈ মন গ’ল৷ সেইবাবে সি মাকক অসুৰ বধৰ আৰু এটা সাধু ক’বলৈ
খাটনি জুৰিলে৷ বনীৰ কথা শুনি মাকে ক’লে, “সোণ, এতিয়া তোমাৰ পঢ়াৰ সময়৷ আৰু এটা কথা, এদিনত এটা সাধুহে শুনিব
পাৰি৷ সেইবাবে তুমি আৰু কিছু সময় অপেক্ষা কৰিব লাগিব৷”
(আগলৈ)