নৱনীতা ভট্টাচাৰ্য্য
(৩)
বকাসুৰ বধ
আবেলি হৈ অহাৰ লগে
লগে বনীয়ে মাকৰ ওচৰলৈ আহি ভীমৰ বিষয়ে অন্য এটা সাধু ক’বলৈ অনুৰোধ কৰিলে৷ বনীৰ অনুৰোধ
ৰক্ষা কৰি মাকে কলে-
আজি মই তোমাক বক
ৰাক্ষস নিধনৰ কাহিনীটো কওঁ শুনা-
ঘটোৎকচৰ জন্মৰ পাছত
ভীমে তেওঁক মাকৰ লগত থৈ আহিছিল৷ তেওঁলোক সেই বনখনৰ পৰা ওলাই আহি ত্রিগর্ভা দেশত সোমাইছিল৷
তাৰপিছত পাঞ্চাল দেশ পাৰহৈ কীচক দেশত সোমাইছিল৷ এনেদৰে গৈ থাকোঁতে এদিন তেওঁলোকে ব্যাসদেৱক
লগ পাইছিল৷ তেওঁ পাণ্ডৱক একচক্ৰা নগৰত কিছুদিন থকাৰ উপদেশ দিছিল৷ ঋষিৰ আদেশমতেই তেওঁলোক
গৈ একচক্ৰা নগৰত ওলাল৷ তাতে তেওঁলোক ব্রাহ্মণ এজনৰ ঘৰত আশ্ৰয় ল’লেহি৷ তেওঁলোকে তাত
থকা সময়ত প্ৰতিদিনে ৰাতিপুৱা ভিক্ষাৰ মোনা লৈ ওলাই গৈছিল৷ দিনটো ভিক্ষা কৰি যি পায়
তাকে মাক কুন্তীয়ে বান্ধি সকলোকে ভগাই খাবলৈ দিছিল৷ তেওঁ যি ৰান্ধিছিল তাক প্ৰথমতে দুটা
ভাগ কৰি তাৰে এভাগ ভীমক দিছিল আৰু বাকী ভাগক আকৌ চাৰিজন ভায়েক আৰু মাক কুন্তীয়ে ভগাই
খাইছিল৷ এনেদৰে তেওঁলোকে দুখ-কষ্টৰ মাজেৰে দিনবোৰ পাৰ কৰিছিল৷
এদিনৰ কথা। ভীমে সিদিনাখন
মাকৰ সৈতে ঘৰতে আছিল৷ এনেতে কাৰোবাৰ কান্দোনৰ ৰোল ভাহি আহি তেওঁলোকৰ কাণত পৰিল৷ ওলাই
আহি দেখে যে ব্ৰাহ্মণৰ ঘৰৰ পৰাই এই শব্দ ভাহি আহিছে৷ কিনো হৈছে তাৰ উমান ল’বলৈ কুন্তী
ব্ৰাহ্মণৰ ঘৰলৈ গ’ল৷ ভিতৰত সোমায়েই তেওঁ দেখিলে যে ব্রাহ্মণ আৰু ব্রাহ্মণীয়ে বহি কান্দি
আছে৷ কুন্তীয়ে তেওঁলোকক দুখৰ কাৰণ কি সোধাত ক’লে যে, “সেই নগৰৰ ওচৰতে মহাপৰাক্ৰমী ৰাক্ষস
এটাই বাস কৰে৷ তাৰ নাম হ’ল বক৷ আচলতে সিয়েই এই নগৰখনৰ গৰাকী৷ কাৰণ দেশখনৰ আচল ৰজা একেবাৰে
দুৰ্বল৷ এতিয়া ৰাক্ষসজনে নিয়ম বান্ধি দিছে যে নিতৌ এই নগৰৰ পৰা একোজন মানুহ আৰু দুটাকৈ
ম’হ আৰু সেই পৰিমাণৰ আন ধৰণৰ খোৱাবস্তু একোভাৰকৈ খাবলৈ যোগান ধৰিব লাগিব৷ আজি আমাৰ
পাল পৰিছে৷”
ব্রাহ্মণৰ কথা শুনি
কুন্তীয়ে তেওঁলোকক অভয় দি ক’লে, “আপুনি চিন্তা কৰিব নালাগে৷ মোৰ পাঁচজন পুত্রই আপোনাক
এই বিপদৰ পৰা ৰক্ষা কৰিব৷ তেওঁলোক মহাপ্রতাপী, মহাতেজস্বী আৰু মন্ত্ৰসিদ্ধ যোদ্ধা৷”
প্ৰথম অৱস্থাত তেওঁলোকে
কুন্তীৰ কথাত আপত্তি কৰিছিল যদিও পাছত পতিয়ন গ’ল৷ তেতিয়া কুন্তীয়ে তেওঁলোকক ধন্যবাদ
দি কলে, “আপোনালোকে কথাষাৰ কাকো নক’ব৷ কাৰণ মানুহে আহি মন্ত্ৰ বিচাৰি আমনি কৰিব৷”
কুন্তীয়ে বাহ্মণৰ
পৰিয়ালক অভয় প্ৰদান কৰি ঘৰলৈ উভতি আহিল আৰু ভীমৰ আগত সকলো কথা বিবৰি কৈ ব্ৰাহ্মণৰ পৰিয়ালটোক
ৰক্ষা কৰিবলৈ অনুৰোধ কৰিলে৷ এনেতে বাকী চাৰিজন পাণ্ডৱ আহি ঘৰ পাই মাকৰ কথা শুনি চিন্তাত
পৰিল৷ কিয়নো ভীমৰ সাহসতে তেওঁলোকে এনেদৰে ঘূৰি ফুৰি দিন কটাই আছিল৷ যুধিষ্ঠিৰৰ চিন্তাৰ
কাৰণ বুজি পাই মাকে ক’লে, “মই বুদ্ধি হেৰুৱাই এনে এটা কামলৈ ভীমক পাচিছোঁ বুলি নাভাবিবা৷
মই ভালদৰে জানো যে ভীমৰ দেহত অযুত হাতীৰ সমান বল আছে৷ জন্মৰ দিনাখনেই যাৰ শৰীৰৰ ভৰত
শিল ভাঙি চুৰমাৰ হৈছিল তেওঁৰ শক্তিকলৈ সন্দেহ কৰাৰ কোনো কাৰণ নাই৷ ভীমে ৰাক্ষসটোক বধ
কৰিহে উভতি আহিব৷ এই সুযোগতে আমি ব্ৰাহ্মণৰ উপকাৰৰ প্রতিদানো দিয়া হ’ব৷”
মাকৰ কথা শুনি সকলোৰে
চিন্তাৰ অন্ত পৰিল৷ পাছদিনা ৰাতিপুৱা ভীমে ভাত-পানীৰ ভাৰখন লৈ বকাসুৰ থকা হাবিখনত সোমাল৷
হাবিত সোমায়েই ভীমে তাৰ নাম ধৰি চিঞৰি চিঞৰি মাতিব ধৰিলে৷ ৰাক্ষসটোৱে খঙত ৰুদ্ৰমূর্তি
ধাৰণ কৰি ওলাই আহিল৷ তাক দেখি ভীমে ৰগৰ কৰি ক’লে, “বকাসুৰ ভাই, তই থাক চাই, মই পেলাওঁ খাই৷”
কথাষাৰ কৈয়ে ভীমে
বকাসুৰৰ বাবে লৈ অহা ভাত-পানীখিনি এফালৰ পৰা খাবলৈ আৰম্ভ কৰি দিলে৷ তাকে দেখি বকাসুৰ
খঙত জ্বলি-পকি উঠিল আৰু ভীমক মাৰিবলৈ ওচৰৰ শাল গছ এজোপা উভালি আনিলে৷ ইফালে ভীমে ভাত খোৱাতে
ব্যস্ত হৈ থাকিল৷ ভীমে ভাত-পানী খাই শৰীৰত বল বান্ধি ল’লে৷ ভীমে বকাসুৰে দলিয়াই দিয়া
গছজোপা আলাসতে থাপ মাৰি ধৰি পেলাই দিলে আৰু অসুৰটোৰ বাহু দুটাত খামুচি ধৰিলে৷ তাৰ পাছত
তাক মুৰৰ ওপৰলৈ তুলি লাটুম ঘূৰোৱাদি ঘূৰাই লৈ আচাৰ মাৰি পঠিয়ালে৷ মাটিত পেলাই লৈ তাৰ
বুকুতে গচক মাৰি ধৰিলে৷ অসুৰটোৱে গগন ফালি চিঞৰিবলৈ ধৰিলে৷ তাৰ চিঞৰ শুনি লগৰ অসুৰবোৰো
ওলাই আহিল৷৷ সিহঁতক দেখি ভীমে ক’লে, “আগলৈ কোনো মানুহক জুলুম কৰা দেখিলে, তহঁতৰো এই
দশা হ’ব৷ সাৱধানে থাকিবি৷”
ভীমৰ ভয়তে সকলোৱে
তাপ মাৰিলে আৰু পলাই পত্ৰং দিলে৷ ভীমে বক ৰাক্ষসৰ মৰা শৰীৰটো নগৰৰ ঘাই দুৱাৰৰ মুখতে
পেলাই থৈ কোনেও গম নপোৱাকৈ ঘৰলৈ উভতি আহিল৷ ইফালে ৰাক্ষসৰ মৰা-শটো দেখি নগৰবাসীৰ মাজত
হুৱা-দুৱা লগিল৷ কি কথা, কি বতৰা তাৰ উমান ল’বলৈ সকলো আহি ব্ৰাহ্মণৰ ঘৰ পালেহি৷ ব্রাহ্মণে
কুন্তীৰ অনুৰোধ ৰক্ষা কৰি সকলোৰে আগত মিছা মাতিছিল আৰু কৈছিল, “এগৰাকী মন্ত্ৰসিদ্ধ
পুৰুষ আহি আমাক চিৰদিনলৈ উদ্ধাৰ কৰিলে৷”
ইমান দিনে ভয়ে ভয়ে
জীয়াই থকা নগৰবাসীয়ে বকাসুৰ মৰা দেখি আনন্দ কৰিব ধৰিলে৷
মাকৰ সাধুটো শেষ
হোৱাৰ লগে লগে বনীয়ে দীঘল উশাহ এটা লৈ ক’লে, “ভীমে সিদিনাখন বকাসুৰক বধ কৰি অকল ব্ৰাহ্মণৰ
পৰিয়ালটোকে নহয় নগৰৰ বহুতৰে জীৱন ৰক্ষা কৰিলে আৰু গোটেই নগৰবাসীৰ ভয় দূৰ কৰিলে৷”
“পঞ্চপাণ্ডৱে সদায়
দুখীজনক সহায় কৰিছিল৷ বিপদ আপদৰ সময়ত সহায় কৰা বাবে তেওঁলোকে সদায় আশীর্বাদো পাইছিল৷
পাণ্ডৱৰ এনে কামৰ বাবেই ময়দানৱে ভীমক গদা এটা উপহাৰ হিচাপে দিছিল৷”- মাকে ক’লে৷
“ভীম গদাযুদ্ধত পাৰ্গত
আছিল নহয়নে মা!”-বণীয়ে ক’লে৷
“তুমি ঠিকেই কৈছা৷
ভীমে তেওঁলোকৰ শিক্ষাগুৰু দ্রোণাচাৰ্য্যৰ পৰা গদা যুদ্ধ শিকিছিল৷ তদুপৰি তেওঁ বলোৰোমৰো
শিষ্য আছিল৷ অগ্নিয়ে খাণ্ডৱ বন দাহ কৰাৰ সময়ত অর্জুনে ময়দানৱ নামৰ এজন অসুৰৰ প্ৰাণ
ৰক্ষা কৰিছিল৷ সেইবাবে ময়দানৱে অর্জুনক হাতযোৰ কৰি কৈছিল, “হে! মহাযোদ্ধা, মই আপোনাৰ
দয়াতেই কৃষ্ণৰ খং আৰু অগ্নিৰ দহনৰ পৰা ৰক্ষা পৰিছোঁ৷ আপোনাৰ উপকাৰৰ শলাগ লোৱাৰ ভাষা
নাই৷ মোক সকলোৱে দানৱ সকলৰ বিশ্বকর্মা বুলি কয়৷ মই ৰাজপ্রসাদ, অট্টালিকা আদি সুন্দৰকৈ
নিৰ্মাণ কৰিব জানো৷ গতিকে মই আপোনাক তেনেকুৱা কিবা কাম কৰি উপকাৰ কৰিব বিচাৰো৷”
অর্জুনে ময়দানৱৰ
পৰা কোনো উপহাৰ ল’বলৈ সন্মত নহ’ল, কিন্তু ময়দানৱৰ অনুৰোধো পেলাব নোৱৰা হ’ল৷ সেইবাবে
ক’লে, “মোৰ সখা কৃষ্ণৰ কাৰণে যি মন যায়, তাকে কৰি দিয়াঁ৷”
ময়দানৱে তেতিয়া কৃষ্ণৰ
ওচৰলৈ গৈ কুটুৰিব ধৰিলে৷ তেতিয়া কৃষ্ণই অলপ চিন্তা কৰি ক’লে, “তুমি তেনেহ’লে ধৰ্মৰাজ
যুধিষ্ঠিৰৰ বাবে এটা আটকধুনীয়া সভাঘৰ নিৰ্মাণ কৰি দিয়াঁ৷ ঘৰটো এনেদৰে সাজিবা যিটো কোনেও
ক’তো অনুকৰণ কৰি দ্বিতীয়টো সাজিব নোৱাৰে৷”
কৃষ্ণৰ পৰা অনুমতি
পাই ময়দানৱে কেবাদিনো চিন্তা কৰি এটা প্রকাণ্ড সভাঘৰৰ ছবি আঁকি উলিয়ালে৷ তাৰ পিছত শুভক্ষণ
এটা চাই ঘৰটো সজাৰ কাম আৰম্ভ কৰিব বিচাৰি ময়দানৱে ক’লে, “মই বহুত দিন আগতে মোক কৈলাসৰ
সিপাৰে দানৱসকলৰ বাৱে সভা-ঘৰ এটা সাজিবলৈ বিন্দু সৰোবৰৰ ওচৰৰ পৰা অজস্ৰ মণি-মুকুতা গোটাই ৰাখিছিলোঁ৷ সেইবোৰ এতিয়াও তাতে থূপ খাই এনেয়ে পৰি আছে৷ বিন্দু সৰোবৰৰ পাৰত হয়তো
দানৱসকলৰ ৰজা বৃষপূৰ্বাৰ গদাডালো পৰি আছে। নিশ্চয় সৰোবৰৰ পাৰত বিচাৰিলে পাম৷ সেইডাল অতি বিখ্যাত
গদা৷ তাতে দেৱদত্ত নামৰ বৰুণ দেৱতাৰ বিখ্যাত শংখটোও আছে৷ মই সকলোখিনি বিচাৰি আনিব খোজোঁ৷”
অর্জুনৰ অনুমতি পাই
ময়দানৱে গৈ সকলোখিনি গোটাই আনিলে৷ ভীমে গদাডাল পাই বৰ সন্তুষ্ট হ’ল৷ সেই গদাডালৰ গোটেই
গাতে সোণপানী চৰোৱা আছে, মুঠিটো লাহী-যেনি-তেনি ঘূৰাবলৈ সহজ আৰু টানকৈ খামুচি ধৰিব
পাৰি আৰু তাৰ একোব লাগিলেই শত্রু যমৰ আলহী হয়গৈ৷
ময়দানৱে দিন-ৰাতি
একাকাৰ কৰি মূঠ চৈধ্য মাহ জোৰা কঠোৰ পৰিশ্ৰমৰ ফলত যুধিষ্ঠিৰৰ ৰাজ্যসভা নির্মাণ কৰি
উলিয়ালে৷ এই সভাঘৰ ইন্দ্ৰসভাৰ প্ৰতিনিধিস্বৰূপ আছিল, যাক দেখি অনেক ঋষি আৰু ৰজাই আহি
পঞ্চমুখে প্রশংসা কৰি গৈছিল৷