অন্যযুগ/


অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱী

 

হু’ৰ কাণৰ খোপত বহি আইনাখনৰ ভিতৰৰপৰাই বাটলুৱে অচিনাকী জগতখন হেঁপাহ পলুৱাই চাবলৈ ধৰিলে৷ সি যিমানবোৰ গছ-গছনি দেখিলে আটাইবোৰ ৰঙচুৱা– কেৱল ডাল কিছুমানহে আছে, পাত-ফুল একো নাই৷ কিছুমানতো একেবাৰে ক’লা, এঙাৰৰ নিচিনা৷ মাটিবোৰো ৰঙচুৱা, ঠায়ে ঠায়ে একেবাৰে ক’লা৷ কিছুমান ঠাইৰ মাটিবোৰ মাটি নে শিল বুজিবই নোৱাৰিলে বাটলুৱে৷ নৈ আৰু বিল কিছুমানত পানী আছে, কিছুমান নৈৰ চিনহে আছে, পানী নাই৷

ৰ’দজাক বেছ চোকা৷ হয়তো এনে চোকা ৰ’দৰ কাৰণেই গছ-বন-মাটি আটাইবোৰ শুকাই গৈছে৷ ভাবিলে বাটলুৱে৷

সি সেউজপুৰৰ হাতীপোৱালি গণুৰ মানুহ বন্ধুজনৰপৰা গম পাইছিল যে বেলিৰ পোহৰ আৰু উত্তাপকে ৰ’দ বুলি কয়৷ পৃথিৱীখন হেনো বেলিটোৰপৰা এনে এটা দূৰত্বত আছে য’ত ৰ’দৰ উত্তাপ আৰু পোহৰ পৃথিৱীৰ জীৱবোৰৰ কাৰণে সহিব পৰা হয়৷ পৃথিৱীখন বেলিৰপৰা আঁতৰি গ’লে হেনো জীৱবোৰ জাৰতে মৰিব৷ আকৌ কিবা কাৰণত পৃথিৱীখন বেলিৰ ওচৰ চাপি গ’লেও জীৱবোৰে হেনো গৰম সহিব নোৱাৰিয়ে মৰিব লাগিব!

এইখন জগত বাৰু বেলিটোৰ বেছি ওচৰত আছে নেকি?

পৃথিৱীৰ মানুহৰ ঘৰৰ নিচিনা ঘৰ কিছুমানো মাজে মাজে বাটলুৰ চকুত পৰিল৷ কিন্তু ঘৰবোৰ তেনেই চাপৰ৷ ইপিনে ইপ্পি, হু নাইবা লিবুহঁত দেখোন মানুহতকৈ ওখ! কথাটো কি? ইপ্পিকে সুধিব লাগিব৷ ভাবি ভাবি গৈ থাকিল বাটলু৷

হঠাতে সামান্য জোকাৰ খাই বাহনখন মাটিত নামি ৰৈ গ’ল৷

: আমাৰ মাটিত এলপ খোজ কাঢ়ি চাওকগৈ ব’লক৷ – বাটলুক উদেশ্যি সামান্য হাঁহি এটা মাৰি লিবুৱে ক’লে আৰু দুয়োজন বাহনখনৰপৰা নামি গ’ল৷

হুৱে বাটলুক মাটিত নমাই দিলে৷

মাটিত নামিবলৈ পাই বাটলুৰ ভাল লাগিল৷ মাটিখিনি অৱশ্যে বেছ গৰম৷ বৰ বেছি সময় এই মাটিত খোজ কাঢ়ি ফুৰিব পৰা নাযাব কিজানি৷ – সি ভাবিলে৷

: অকণমান আগলৈ আমাৰ পৰীক্ষাগাৰ এটা আছে৷ তাৰ ওচৰলৈ আমি ৰিগাত উঠি যাব নোৱাৰিম৷ অনুগ্ৰহ কৰি ক্ষমা কৰিব৷– হুৱে বাটলুক উদ্দেশ্যি ক’লে৷

: ৰিগা মানে? – সুধিলে বাটলুৱে৷

: ৰিগা মানে এই যে আমি উঠি আহিলোঁ বাহনখন, সেইখন৷

: অ’, আমাৰ পৃথিৱীত আকৌ এনেকুৱা বাহনক সাধাৰণভাৱে গাড়ী বুলি কয়৷

: কি বুলি কয়? গাড়ী? গা... ড়ী, ৰি... গা৷ বাঃ! – হু আনন্দিত হৈ উঠি লিবুক ক’লে– শুনিছা লিবু? এখেতসকলৰ তাত গা... ড়ী, আমাৰ ইয়াত ৰি... গা৷ বাঃ!

: ওঁ... বেছ ভাল সংযোগ৷ আপুনি বাৰু খোজ কাঢ়িবলৈ অসুবিধা পোৱা নাইনে? মানে আমাৰ ইয়াৰ উত্তাপ আপুনি সহ্য কৰিব পাৰিছে জানো? – খোজকাঢ়ি গৈ থাকোঁতে কথা পাতি থাকিলেও সিহঁতৰ অতিথিজনৰ সা-সুবিধাৰ প্ৰতি লিবু সজাগ হৈ আছে৷ সেয়ে সি নিজে বাটলুৰ সম্মুখলৈ হাওলি হাত এখন আগ বঢ়াই দিলে৷

বাটলু হাতখনেদি উঠি গৈ লিবুৰ কান্ধ পালেগৈ৷ সি ক’লে–

: আপোনালোকৰ পৃথিৱীখন ধুনীয়া৷ কিন্তু ইয়াত বৰ বেছি গৰম৷ আমি সহিব নোৱাৰোঁ৷

: আপোনাৰ কষ্ট হোৱা বাবে দুঃখিত৷

: ইঃ! আপুনি আকৌ কেলেই দুখ প্ৰকাশ কৰিব লাগে? প্ৰকৃতিদেৱীয়েহে আপোনালোকৰ পৃথিৱীখন সাজি দিছে৷

তিনিও গৈ চাৰিওফালে বন্ধ ঘৰ এটাৰ ওচৰ পালেগৈ৷ ঘৰটোৰ মূল দুৱাৰখনৰ ওচৰত কিবাকিবি লিখি থোৱা আছে৷ বাটলুক সেইফালে চাই ভেবা লগা দেখি হুৱে ক’লে–

: এইটো আমাৰ তৃতীয় পৰীক্ষাগাৰ৷ আমাৰ এনেকুৱা পোন্ধৰটা পৰীক্ষাগাৰ আছে। ইয়াৰ ভিতৰত বিভিন্ন প্ৰজাতিৰ গছপুলি আৰু গুটি সংৰক্ষণ কৰা হৈছে৷ আপোনালোকৰ পৃথিৱীৰপৰা অনা কিছুমান ডালত আমাৰ বিজ্ঞানীসকলে ইয়াতে শিপা গজাইছে৷ শিপা ওলোৱা ডালবোৰ ৰুব পৰা হোৱালৈকে ইয়াতে যতনেৰে সংৰক্ষণ কৰা হৈছে৷ ৰুবলগীয়া গছবোৰ আমি যিহেতু চিনি নাপাওঁ সেই কাৰণে সেইবোৰৰ উপকাৰিতা-অপকাৰিতা আৰু গুণাগুণো ইয়াতে পৰীক্ষা কৰা হয়৷ ইয়াত কি কি প্ৰজাতিৰ উদ্ভিদ ৰখা হৈছে সৌ তালিকাখনতে লিখি থোৱা হৈছে৷

বাটলুৱে আকৌ এবাৰ লিখাখিনিৰ পিনে চালে৷ এইবাৰ লিবুৱে ক’লে–

: গছ-গছনিক লৈ আমাৰ বৰ দুখৰ ঘটনা ঘটি গৈছে, বুজিছে? সময়ত আপোনাক নিশ্চয় বহলাই ক’ম৷ বৰ্তমান সময়ত আমাৰ মানুহে ইয়ালৈ আহিহে গছ-গছনি চাবলগীয়া অৱস্থা এটা হৈ আছে৷ ৰাইজক সাৱধান কৰি দিবলৈকে সৌ তালিকাখনত বিষাক্ত উদ্ভিদৰ বিষয়েও বৰ্ণনা কৰা আছে৷ এতিয়া ব’লক, ভিতৰলৈ যাওঁ৷

এইবুলি দুৱাৰখনৰ ওচৰতে থকা বুটাম এটা টিপিলে লিবুৱে৷ লগে লগে ভিতৰৰপৰা দুৱাৰখন খোল খাই গ’ল৷ লিবু আৰু হু ভিতৰ সোমাই গ’ল, লগতে বাটলুও৷

তিনিও ভিতৰ সোমোৱাৰ লগে লগে দুৱাৰখন নিজে নিজে জাপ খাই গ’ল৷

বাটলুৰ আকৌ এবাৰ অবাক হোৱাৰ পাল৷ ঘৰৰ ভিতৰখন বাহিৰতকৈ ক্ৰমে তললৈ নমা, উত্তাপো বাহিৰতকৈ কম, পৃথিৱীৰ প্ৰায় সমানেই৷ ডাঙৰ ডাঙৰ কাঠ আৰু আইনাৰ বাকচ কিছুমানত হাজাৰ হাজাৰ গছৰ পুলি৷ কোনোবাটোত পানী আৰু কোনোবাটোত মাটি দি গছপুলিবোৰ জীয়াই ৰখা হৈছে৷ স্বাভাৱিক পোহৰ আৰু তাপৰ ব্যৱস্থাও কৰা হৈছে কৃত্ৰিমভাৱে৷

সেউজপুৰলৈ মনত পৰি গ’ল বাটলুৰ৷

... আমাৰ সেউজপুৰত দেখোন এনেকুৱা যতন নোলোৱাকৈয়ে ফুলে-ফলে জাতিষ্কাৰ হৈ অশেষ গছ-গছনি হৈছে৷ এইখন পৃথিৱীতনো এনে কি ঘটিছে যি কাৰণত এনেকৈ গছ-বন সংৰক্ষণ কৰিবলগীয়া হৈছে?...

: আমাৰ পৰীক্ষাগাৰবোৰত এনেকৈয়ে আমি কৃত্ৰিমভাৱে পানী-বতাহ আৰু তাপমান নিয়ন্ত্ৰণ কৰি গছপুলিবোৰ গজাইছোঁ৷ –লিবুৰ কথাষাৰে বাটলুক বাস্তৱলৈ ঘূৰাই আনিলে৷ মনত জাগি থকা প্ৰশ্নটো বাটলুৱে এইবাৰ সুধিয়ে পেলালে–

: আমাৰ সেউজপুৰত দেখোন এনে একো যত্ন নোলোৱাকৈয়ে গছবোৰ গজে৷ আপোনালোকৰ ইয়াতনো কিয় এনে কৰিবলগীয়া হৈছে?

: দুখৰ বিষয় যে আজিকালি আমাৰ ইয়াতে গছ নগজে৷ কিন্তু আমাৰ ইয়াতো গছ স্বাভাৱিকভাৱেই গজিছিল, বাটলু৷ ইয়াত বহুত মানুহ আছিল, আন আন জীৱও অনেক আছিল৷ আপোনালোকৰ পৃথিৱীখনত জীৱন সৃষ্টি হোৱাৰ প্ৰায় দুই বিলিয়ন বছৰৰ আগতেই আমাৰ ইয়াত জীৱ সৃষ্টি হৈছিল৷ কিন্তু কি কৰিব! আমাৰে ভাগ্য বেয়া৷ দুৰ্ভাগ্যজনকভাৱে এক মহাজাগতিক দুৰ্ঘটনাই আমাৰ পৃথিৱীখন প্ৰায় জ্বলাই দিলে৷ আমাৰ জগতখন জ্বলি তেনেই ছাৰখাৰ হৈ পৰিল৷ এইবোৰ বহুত কথা, পাছত বহলাই ক’ম বাৰু৷– কথাখিনি কৈ হু ৰ’ল৷ বাটলুৱে লক্ষ্য কৰিলে, হুৰ লগতে লিবুৰো চকুৰপৰা চকুলো ওলাইছে৷ লগতে দুয়োৰে মুখমণ্ডলত কিবা অচিন ভয়ৰ লক্ষণো ফুটি উঠিল!

কিন্তু দুইজনে চকুপানী মচি নিজকে সম্বৰণ কৰিলে৷

বাটলুৱে বুজিলে, এইখন পৃথিৱীৰ বাসিন্দাসকলে নিশ্চিতভাৱে বৰ ভয়ঙ্কৰ ঘটনাৰ মুখামুখি হ’বলগীয়াত পৰিছে৷ তাৰো মনটো মৰহি গ’ল৷ সি একো নামাতিলে৷ লিবু আৰু হুৰ সলনি হোৱা মুখৰ ৰং দেখি সি বুজিলে, তেওঁলোকে নিজে কিবা নোকোৱালৈকে একো নোকোৱাই ভাল হ’ব৷

: আমাৰ এইটো পৰীক্ষাগাৰত বেলেগ বেলেগ প্ৰজাতিৰ, বেলেগ বেলেগ পৰিৱেশত গজা অনেক গছ-গছনি আছে৷ কোনোবা জোপাক পানী বেছিকৈ লাগে, কোনোবা জোপাই আকৌ কম পানীৰেই জী থাকিব পাৰে৷ আপোনালোকৰ পৃথিৱীৰ খুব গৰম অঞ্চলত গজা গছো আমি সংগ্ৰহ কৰিছোঁ৷ তেনে গছৰ কিছুমান পুলি আমি ঠায়ে ঠায়ে ৰুইছোঁও৷ কিন্তু আমি ৰোৱা খুব কম সংখ্যক পুলিহে ডাঙৰ হৈছে৷– কৈ কৈ  লিবুৱে হুমুনিয়াহ এটা কাঢ়ি ৰৈ গ’ল৷ এইবাৰ হুৱে ক’বলৈ ধৰিলে–

: যোৱা দুহেজাৰ বছৰ ধৰি আমি এই যত্ন কৰি আহিছোঁ, বাটলু৷ আমাৰ কেইবাটাও প্ৰজন্মই যত্ন কৰি আহিছোঁ আমাৰ পৃথিৱীখনক আকৌ আগৰ নিচিনা কৰি তুলিবলৈ৷ আমাৰ কাম কৰিব পৰা মানুহো কম– সৰহখিনি সেই দুৰ্ঘটনাতেই মৃত্যুৰ মুখত পৰিল৷ যিসকল আছোঁ প্ৰত্যেকেই কেৱল যত্ন কৰিছোঁ আমাৰ পৃথিৱীখন সেউজীয়া কৰি তুলিবলৈ৷ নাজানো আমি সফল হ’মনে বিফল হ’ম৷

: নিশ্চয় সফল হ’ব, কিয় সফল নহ’ব? মই অৱশ্যে কথা এটা ভাবিছোঁ৷ অৱশ্যে মই ক’ব খোজাটো আপোনালোকে কিজানি কৰি চাইছেই৷

: কওকচোন, কি ভাবিছে? – হু আৰু লিবু উভয়েই একে সময়তে উৎসাহেৰে সুধিলে৷

: আপোনালোকে বাৰু ইয়াৰপৰাই পুলিবোৰ নি বাহিৰত ৰোৱেগৈ নেকি?

: হয়৷

: মোৰ বোধেৰে আপোনালোকে সামান্য ভুল কৰিছে৷ বাৰু এই ব্যৱস্থাটো কাৰ নিয়ন্ত্ৰণত চলে? মানে এই পৰীক্ষাগাৰ, পুলি গজোৱা, সংৰক্ষণ কৰা, পুলিবোৰ ৰোপণ কৰা এই গোটেই ব্যৱস্থাটো?

: বৰ্তমান ইপ্পি হৈছে আমাৰ সকলো কামৰে নেতা৷ তেওঁৰ পৰিকল্পনা আৰু নিৰ্দেশমতেই আমি ভাগে ভাগে কামবোৰ কৰোঁ৷

: মোক ইপ্পিৰ ওচৰলৈ লৈ ব’লকচোন৷ মই ভাবোঁ, আপোনালোকৰ ইয়াত গছ গজিবই৷ সময় অৱশ্যেই লাগিব৷ আমাৰ সেউজপুৰত মাটিত হোৱা, পানীত হোৱা আৰু আনকি গছৰ ডালত হোৱা অনেক গছ-লতা আছে৷ সেইবোৰ তাত যদি নিজে নিজে গজিব পাৰে তেনেহ’লে ইয়াতো গজিব৷ কেৱল তাৰ কাৰণে উপযুক্ত পৰিৱেশ সৃষ্টি কৰিব লাগিব৷ আপোনালোকে কৰা এনে কৃত্ৰিম পৰিৱেশত বেছিদিনলৈ গছ সংৰক্ষণ কৰিব নোৱাৰিব৷ গতিকে গছবোৰকো আপোনালোকৰ এইখন পৃথিৱীৰ পৰিৱেশটো সহিব পৰা কৰি তুলিব লাগিব৷

: সম্ভৱতঃ আপুনি ঠিকেই কৈছে৷ ইপ্পিয়ে নিশ্চয় আপোনাৰ কথাবোৰ ভালকৈ বুজি পাব৷ আমি কৰ্মীহে৷ তেওঁ বুজি লৈ আমাক যেনেকৈ যি কৰিবলৈ নিৰ্দেশ দিব আমিতেনেকৈয়ে কৰিম৷ মুঠতে আমি আমাৰ পৃথিৱীখনক সেউজীয়া কৰি তুলিব খোজোঁ৷

: এতিয়া ব’লক৷

: ব’লক৷

(আগলৈ)


ঠিকনা :

বাগেশ্ৰী, উপপথ  বি

জোনাকী পথ, খনীয়া গাঁও

ডিব্ৰুগড়- ৭৮৬০০৩

ফোন : ৮৪৮৬০৩৩৮৩৬

 

  

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ