অন্যযুগ/


ৰিংপ’হঁতৰ সপোন

 অংগনা ভট্টাচাৰ্য্য

 

 আজি দেওবাৰ৷ পঢ়াশালি বন্ধ৷ তথাপি ৰিংপ’ৰ মনটো বেয়া৷ পুৱাৰ পৰাই তাই আমন-জিমনকৈ আছে৷ পঢ়া-শুনাতো মনোযোগ দিয়া নাই৷ তৃতীয় শ্ৰেণীত পঢ়িলেও ৰিংপ’ বৰ দায়িত্বশীল৷ সময়মতে পঢ়াশালিলৈ যাবলৈ, পুৱা-সন্ধিয়া পঢ়া-মেজত বহিবলৈ আজিকালি তাইক ক’ব নালাগে৷ 

আমতেৰেং কিছু সময়ৰ কাৰণে বাহিৰলৈ গৈছিল৷ আহিয়েই তেওঁ ৰিংপ’ক বিষণ্ণ মনেৰে বহি থকা দেখিলে৷ আমতেৰেং তাইৰ মাক৷ তেওঁ জীয়েকজনীৰ মনৰ দুখ নুবুজা নহয়৷ বহল পথ বান্ধিবৰ বাবে দুদিনমান আগতে সিহঁতৰ সমুখৰ আটাইবোৰ গছ চৰকাৰৰ মানুহে কাটি পেলালে৷ তেওঁৰো বৰ দুখ লাগিছে৷  কিন্তু কৰিবনো কি? 

খাঙটোৰ পৰা বনৰীয়া আলু, কমলা, ঔটেঙা, ঢেঁকীয়া আৰু কাঠফুলাখিনি মাটিৰ মজিয়াখনতে নমাই থৈ তেওঁ ৰিংপ’ৰ কাষলৈ আহিল৷ চাং-চোতালখনত ছাগলী পোৱালি দুটাই খেলি আছে৷ কাথিতে পীৰা এখনত বহি বিষণ্ণ মনেৰে তাই সিহঁতকে চাই আছে৷ আমতেৰেঙে তাইক মাত লগালে- 

“আজি নপঢ়া নেকি জুনজুন?” 

ৰিংপ’ৰ ঘৰত মতা নামটো জুনজুন৷ তাই মাকৰ ফালে চাই মূৰটো জোকাৰিলে৷ মাকে তাইক মৰমলগাকৈ ক’লে- 

“আজি আমাৰ ৰিংপ’ৰ প’ৱে দেওবৰীয়া হাটৰ পৰা কুকুৰা এটা আনিবলৈ গৈছে৷ কৈছে- বোলে মোৰ ছোৱালীজনীয়ে কিমান দিন যে মাংস অকণ খোৱা নাই! আজি কুকুৰা এটা ঘৰলৈ আনিমেই৷ তেতিয়াহে চাগৈ ছোৱালীজনীৰ মুখখনো পোহৰ হ’ব!” 

মাকে বৰ উলাহেৰে ক’লে৷ কিন্তু তাইৰ মনত সিমান আনন্দ নালাগিল৷ তথাপি সামান্য উজলি উঠা জীয়েকৰ মুখখনি দেখি তেওঁ অলপ শান্তি পালে৷ কাথিতে থোৱা ঢেঁকীয়াখিনি বাচি-কুচি খৰাহিটোত ভৰাই থাকি ৰিংপ’লৈ চাই তেওঁ ক’লে- 

“জুনজুন, হাঁহৰ কণীৰে ঢেঁকীয়া ভাজিম৷ খাবানে তুমি?” 

“তুমি যি দিয়া তাকেই খাম পাই৷ কিন্তু মোৰ জুলনা থকা গছডাল জীয়াই তোলানা৷” 

তাই অনুৰোধৰ সুৰত মাকক ক’লে৷ মাকে কি ক’ব ভাবি নাপালে৷ জীয়েকৰ নিচেই কাষলৈ গৈ  মাটিৰ মজিয়াখনতে লেপেটা খাই বহি তেওঁ ক’লে- 

“জুনজুন অ’, গছকেইজোপা কাটি তেনেই তহিলং কৰিলে চৰকাৰখনে৷ গোটেই পথটো উদং হৈ পৰিল৷ টাউনৰ পৰা ৰেলআলিলৈকে সকলো মুকলি হৈ পৰিল৷ ধূলি-বালিৰ উৎপাতত মানুহ ৰ’ব নোৱাৰা হ’লোঁ৷ কিন্তু আমাৰ সমস্যাবোৰ চৰকাৰে নুবুজে৷ তেওঁলোকক কেৱল বহল পথ লাগে৷ ধনী দেশ হ’বলৈ লাগে৷” 

মাকৰ কথাবোৰে ৰিংপ’ৰ কোমল মনটোত ৰেখাপাত কৰিব নোৱাৰিলে। তাই পুনৰবাৰ অভিযোগৰ সুৰত মাকক ক’লে- 

“আঁহতজোপা কিমান ডাঙৰ আছিল পাই! তাৰ তলতে তুমি তামোল-চকলেটৰ দোকানো দিছিলা, জুলনাখনো সাজি দিছিলা আৰু দুপৰীয়া শুবলৈ বেঞ্চখনো পাৰি দিছিলা৷ এতিয়া একোৱেই নাই ৷ মোৰ একেবাৰে ভাল নালাগে৷ স্কুলৰ পৰা আহি এই গৰমত শুবই নোৱাৰোঁ৷

আমাৰ পথটো তেনেই উদং হৈ পৰিল৷ মোৰ যে একেবাৰেই অচিনাকি যেন লগা হ’ল৷ আমি নতুন গছ কেতিয়ালৈ ৰুম পাই?” 

মাকে এটা হুমুনিয়াহ এৰি দুখ মনেৰে ক’লে- 

“আমাৰ ফেন নোহোৱা কথাটো আগতে অনুভৱেই হোৱা নাছিল৷ এতিয়াহে গৰমৰ জুয়ে দেই  পুৰি নিয়ে৷ ক’তো অকণ শান্তি নাই৷ গছপুলি দুটামান ৰুব লাগিছিল৷ ময়ো কথাটো নভবা নহয়৷ কিন্তু গছপুলি আমাক দিবনো কোনে? যিটোহে দাম, নিজে কিনাৰতো সাহস গোটাবই নোৱাৰোঁ৷ আকৌ ৰুলেও সেইবোৰ ডাঙৰ হোৱালৈ বহুত সময় লাগিব৷ উঘালি পেলোৱা গছবোৰ দেখিলেই মনটো কিহবাই হেঁচা মাৰি ধৰে এতিয়াও৷” 

“মোৰ মনটোও বৰ বেয়া লাগে পাই৷ মোৰ সৈতে খেলিবলৈ কোনো ভাই-ভনীও নাই৷ এতিয়া জুলনাখনো নোহোৱা হ’ল৷ প’ আহিলে ক’বাচোন দুজোপামান গছ সোনকালে ৰুবলৈ৷” 

ৰিংপ’ৱে সেমেনা-সেমেনিকৈ কথাখিনি কওঁতে শেষৰখিনি কন্দাৰ দৰে হ’ল৷ মাকে তাইৰ মনটো ভাল লগাবলৈ মূৰটো মৰমেৰে পিহি-পিহি ক’লে- 

“আজি তোমাৰ ভাললগাকৈ আঞ্জাবোৰ ৰান্ধিম দেই জুনজুন৷ কাঠফুলাৰ কাংথু, কুকুৰাৰ কালাংদাঙৰ লগতে হানচেৰং আৰু দেলাপ শাকৰ টেঙা বৰ জুতিলগাকৈ ৰান্ধিম৷ আমি আজি বৰ স্ফূৰ্তিৰে ভাতসাঁজ খাম৷” 

“তুমি যি দিয়া, তাকেই খাম৷ আমাৰ বিজ্ঞানৰ ছাৰে কৈছে- গছ-বনবোৰ থাকিলে বোলে আমাৰ বৰ সুবিধা হয়৷  শাক-পাচলিবোৰ খাবও পাৰোঁ, মুকলিকৈ উশাহো ল’ব পাৰোঁ আৰু গৰমৰ পৰা মুক্তিও পাব পাৰে৷ কি জানা পাই, আমাৰ সাহিত্যৰ ছাৰে আমাক এখন বাহিৰা কিতাপ পঢ়িবলৈ দিছিল৷ তাত কি লিখা আছিল জানানে? গছ থাকিলেহে মানুহ থাকিব৷ কিন্তু মানুহ থাকিলে গছ নাথাকে৷ কথাষাৰ সঁচাকৈ চাগৈ বৰ সঁচা ন পাই?” 

মাকৰ মুখৰ মাত হৰিল৷ তথাপি জীয়েকৰ পঢ়া-শুনাৰ প্ৰতি ধাউতি দেখি তেওঁ সুখী হ’ল৷ কমলা দুটাৰ কোঁহ দুটামান এৰুৱাই তাইৰ হাতত দি মাকে ক’লে- 

“গছ নাথাকিলে জীৱ-জন্তুও জীয়াই নাথাকিব৷ আমি জীয়াই থকাৰ কাৰণেই হ’ল পৃথিৱীৰ সেউজীয়াখিনি৷ আমি প্ৰত্যেক বছৰে সেইকাৰণেই চ’জুন পূজা কৰোঁ, যাতে গছ-বন-নদী-পাহাৰ আদিৰ যতন ল’বলৈকে হেম্ফুৱে আমাক সহায় কৰে ৷” 

দুয়ো মাক-জীয়েকে ৰ’দত বহি কমলা খাবলৈ ধৰিলে৷ মাকৰ সৈতে কথা পাতি ৰিংপ’ৰ মনটো কিছু ভাল লাগিল৷ মাকে পাকঘৰলৈ যোৱাৰ লগে-লগে তাই আগফাললৈ ওলাই আহিল৷ ডাঙৰকৈ পথটো বন্ধাবৰ বাবেই তাইৰ মাকৰ দোকানখনো উঠাই দিয়া হৈছিল৷ এতিয়া মাকে ঘৰৰ সমুখতে মেজখন বহুৱাই লৈ দুই-এপদ বস্তু বিক্ৰী কৰিবলৈ চায়৷ তাই মেজখন সামান্য ঠিক-ঠাক কৰি পথটোৰে যোৱা গাড়ীবোৰ চাবলৈ ধৰিলে৷ এনেতে কোনোবাই তাইক মাত লগালে- 

“অ’ই ৰিংপ’, শিলিখা খাবি?” 

তাই ঘূৰি চাই দেখে যে, হুনমিলিয়ে তাইৰ ফালে আহি আছে৷ হুনমিলিয়ে এটা নাহৰ বৰণীয়া হাত চুটি ফুলাম ফ্ৰক পিন্ধি আছে৷ ফ্ৰকটোৰ কোচতেই হয়তো শিলিখাবোৰ লৈ আহিছে৷ হুনমিলি তাইৰ চুবুৰীয়া৷ লগতে সমনীয়াও৷ তায়ো আগুৱাই গ’ল৷ বিশেষ উলাহ নেদেখুৱাকৈ সুধিলে- 

“ইমান শিলিখা ক’ত পালি তই?” 

হুনমিলিয়ে শিলিখাবোৰ মেজখনৰ ওপৰত থৈয়েই ক’লে- 

“ঔমাৰি পথাৰখন যে! তাৰ কাষেদিয়েই হেনো পকী বাট যাব। পথাৰখনৰ নিচেই কাষলৈকে সকলো গছ-বন চাফা কৰিলে৷ এজোপা মস্ত ডাঙৰ শিলিখা আছিল জান! গছজোপা কটাৰ পাছত শিলিখাবোৰ যিয়ে যেনেকৈ পাৰে, বুটলি আনিছে৷ আমাৰ ফুয়ে পথাৰত কাম কৰি আছিল৷ আহোঁতে মোলৈ কেইটামান বুটলি আনিলে৷ নিমখ লগাই খাচোন খা৷ মজা পাবি৷” 

ৰিংপ’ৱে মেজখনৰ পৰা শিলিখা এটা হাতত লৈ গাৰ চোলাটোতে মোহাৰি লৈ মুখত ভৰাই ল’লে৷ আধা চোবোৱা যেন হোৱাৰ পাছত তাই হুনমিলিক ক’লে- 

“কি জান হুনমিলি, আমি আৰু বেছিদিন জীয়াই নাথাকোঁ৷” 

হুনমিলিয়ে আচৰিত হৈ তাইক সুধিলে- 

“কিয়? আকৌ কৰ’না আহিব নেকি?” 

“হেই যাহ৷ কৰ’না নাহে৷ অক্সিজেনবোৰহে শেষ হ’ব৷ গছ নাথাকিলে কেনেকৈ আমি উশাহ ল’ব পাৰিম ক’চোন?” 

“তাকেই অ’৷ পথ বান্ধে বুলিয়েই গছবোৰ কাটি পেলালে ভাই৷ ডাঙৰ হৈ মোৰতো মাক নহ’লেও আইতা হ’বৰ বৰ মন আছিল৷ এতিয়া মৰিবই লাগিব চাগৈ৷” 

“আইতা হ’বৰহে মন নেকি তোৰ পাগলী?  ভালকৈ পঢ়া-শুনা কৰি ডাঙৰ মানুহ হ’বৰ মন নাই?” 

“একো ডাঙৰ মানুহ হ’বৰ মন নাই যাহ৷ মাক হ’বলৈও মন নাই৷ কেৱল কাম আৰু কাম৷ আজৰি পালে মুখখনেৰে ইটোক বকা, সিটোক গালি পৰা, সেইটোৱেই আৰু৷ কিন্তু আইতাক হ’লে একো কাম কৰিব নালাগে৷ ফুৰি থাকিম আৰু নাতি-পোৱালিবোৰক সাধু শুনাম, মৰম কৰিম৷ কি আৰাম হ’ব পাই!” 

“এই যাহ কিবা৷ কিবাকিবিখন কৈ থাক!” 

“নহ’লে কি? মূৰটো থাকিল বুলিয়েই  ইমান চিন্তা কৰিম নে ?” 

“কিন্তু গছবোৰ নাথাকিলে যে আমিও নাথাকিম, সেইটো তই জানিছনে নাই?” 

“এটা কাম কৰিম দে৷ চৰকাৰে গছবোৰ কাটি থাকক৷ আমি ৰুই থাকিম৷ কালি আমাৰ প’ৱে ইস্কুলৰ পৰা কেইটামান অগৰু আৰু তিতাচঁপা গছৰ পুলি আনিছে৷ আজি হেনো ৰুব৷” 

“ৱাহ, তই গছপুলিৰ নামো জনা হ’লি!” 

“মই চিনি নাপাওঁ নহয়৷ পুলিবোৰৰ তলত দেখোন একোখন কাগজত নামবোৰ লিখি থোৱা আছে৷ সেইবোৰ পঢ়িহে জানিব পাৰিছোঁ৷” 

“তাকেই ক’ আকৌ৷পিছে পুলিবোৰতনো কিয় নাম লিখি থোৱা আছিল?” 

“তই যে একোৱেই নাজান ৰিংপ’৷ কিয় পাহৰিলি ন তই? চৰকাৰে দেখোন স্কুলবোৰত গছপুলি ৰুবলৈ দিছিল৷ আমাৰ স্কুলতো আমাৰ ছাৰসকলে ৰুৱা নাছিল জানো? আমাকো যে পুলিবোৰৰ ওচৰলৈ নি ফটো উঠাইছিল? আমাৰ প’হঁতৰ স্কুলতো গছপুলি ৰুইছিল৷ পিছে কি হ’ব? চৰকাৰক ফটো পঠিয়াই দিয়াৰ পাছত বোলে কোনেও পুলিবোৰলৈ উভতি চাবলৈ নাই৷ পুলিবোৰ ৰ’দত লেৰেলি-মেমেৰি মৰহি যাব ধৰিছে৷ আমাৰ প’ৱে স্কুলত ভাত ৰান্ধিবলৈ গ’লে সদায় পুলিবোৰত পানী দিছিল৷ কিন্তু তথাপিও যত্নৰ অভাৱত দুটামান পুলি বুলি মৰিয়েই থাকিল৷ সেইদেখি প’ৱে হেড ছাৰক সুধি কালি স্কুলৰ পৰা পুলিকেইটা ঘৰলৈ লৈ আহিছে৷ বুজিলি এতিয়া?” 

“যদি আকৌ স্কুলৰ পৰা গছৰ পুলি মনে-মনে লৈ অহা কাৰণে কোনোবাই কিবা কয়?” 

“কিয় ক’ব আকৌ? হেড ছাৰক সুধিহে আনিছে৷ ছাৰে কৈছে নহয়, বোলে ঘৰলৈকে লৈ যা৷ ঘৰতেই ভালকৈ যতন ল’বি৷” 

“তেন্তে বৰ ভাল হ’ল হুনমিলি৷ পুলিবোৰ ডাঙৰ হ’লে গছ হ’ব৷ গছবোৰ ডাঙৰ হ’লে তাতে এখন জুলনা আঁৰি দিবলৈ ক’বি৷ আমি দুয়ো ওমলিম দে৷” 

“কিন্তু তেতিয়ালৈ আমিও ডাঙৰ হৈ যাম যে! কেনেকৈ জুলনাত উঠিবি? আৰু যদি চৰকাৰে ডাঙৰ হ’লে সেই গছবোৰো কাটি পেলায়?” 

“কিমান কাটিব? আমি ডাঙৰ হৈ চাৰিওপিনে বহুত গছপুলি ৰুম৷ চৰকাৰে কাটি গৈও তত নাপাব৷” 

“হ’ব দে৷ আমি ডাঙৰ হৈ গছৰ তলত বিহুও নাচিম নহয়৷ তেতিয়াও বৰ ভাল লাগিব৷ গছৰ ছাঁত বহি আমি বৰফো খাম দে৷” 

“খাম দে হুনমিলি৷ কিন্তু তহঁতৰ গছপুলিবোৰৰ দুটা পুলি মোক দিবি নেকি? আহঁতজোপা এতিয়া নাই যে!  চোকা  ৰ’দ দিলে, বৰষুণ আহিলে পাইৰ দোকানখন উঠাই থ’ব লাগে৷ এজোপা গছ থাকিলে বৰষুণ আহিলেও দোকানখন উঠাবলগীয়া নহ’ব৷ দিবিনে হুনমিলি?” 

“দিম দে৷ আজিয়েই দিম৷ ৰুই থ’বি৷ প’ক ক’ম মই৷ তেওঁ দি যাবহি৷ গছৰ পুলিহে খুজিছ৷ গছবোৰ দেখোন আমাৰ সকলোৰে সম্পত্তি৷ যাৰেই চোতালত থাকক, সকলোকে বতাহ দিয়ে৷”

“ৱাহ ৱাহ৷ আজিকালি তই ডাঙৰ মানুহৰ দৰে কথা কোৱা হ’লি ন?”

“মই কৈছোঁ নেকি কিবা? বিজ্ঞানৰ ছাৰেহে কৈছিল৷ ছাৰে দেখোন কৈয়েই থাকে আমাক যে, আমি প্ৰত্যেকেই হেনো সেউজীয়া সপোন এটা দেখিব লাগে৷”

“ ছাৰে কয়৷ কৈয়েই থাকে৷ মোৰো মনত আছে৷ আমি পাহৰি নাযাবৰ বাবেই ছাৰে কৈ থাকে৷ তাতে ইমান মুখ ফুলাইছ’ কিয় আকৌ? মই মৰমতহে জোকাইছোঁহে৷ শুনচোন, কুকুৰাৰ কালাংদাং খাবি?”

“তহঁতৰ মাংস আনিছে আজি?”

“প’ৱে হাটলৈ গৈছে৷ মাংস আনিবই বুলে আজি৷ তই নহ’লে আমাৰ ঘৰতে ভাত খাবি আজি৷ খাবিনে?”

“হ’ব দে অ’৷ খাম৷ ইমান জোৰ কৰিব লাগেনে?”

“তেন্তে ব’ল, ভিতৰলৈ যাওঁ৷ পাইক কথাটো কৈ থৈ আহোঁ৷ তাৰপাছত তহঁতৰ ঘৰলৈও যাওঁ৷ পুলি দুটা আনোঁ৷ ভালকৈ ৰ’দ নোলাওতেই পুলি দুটাও পাইক ৰুই থ’বলৈ কওঁ৷ কাইলৈ বিজ্ঞানৰ ছাৰক সুধিম, আমি পতা কথাবোৰকে সেউজীয়া সপোন বুলি কয় নেকি৷”

“ব’ল তেন্তে৷”

“ব’ল ব’ল৷” 

 

***

 

টোকা :

 

চ’জুন পূজা : কাৰ্বিসকলৰ এবিধ পূজা

চাং-চোতাল চোতাল

খাং : পিঠিত লোৱা খৰাহী

পাই : আই

প’: পিতা

হেম্ফু দেৱতা কাৰ্বিসকলে পূজ্য দেৱতা

ফু ককা

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ