অন্যযুগ/


কলা কি?

 

লিও টলষ্টয়ৰ ‘What is Art?’   গ্ৰন্থৰ অসমীয়া অনুবাদ

অনুবাদ : ড° বিৰিঞ্চি কুমাৰ দাস

 

(৯) 

কলাৰ কাৰ্য এইটো কথাৰ ওপৰত প্ৰতিষ্ঠিত যে যিগৰাকী মানুহে তেওঁৰ শ্ৰৱণেন্দ্ৰিয় অথবা দৰ্শনেন্দ্ৰিয়ৰ মাধ্যমেৰে আন এগৰাকীৰ অনুভূতিৰ অভিব্যক্তিক গ্ৰহণ কৰে, তেওঁ নিজে সেই অনুভূতিৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম, যি অনুভূতিয়ে ইয়াৰ প্ৰকাশ কৰোঁতাগৰাকীক আন্দোলিত কৰিছিল৷ আটাইতকৈ সৰল উদাহৰণ ল’বলৈ হ’লে, এগৰাকী মানুহে হাঁহে, আৰু আন এগৰাকীয়ে, যিয়ে শুনিলে, ফূৰ্তি পায়; অথবা এগৰাকী মানুহে কান্দে, আৰু আন এগৰাকীয়ে, যিয়ে শুনিলে, দুঃখিত হয়৷ এগৰাকী মানুহ উত্তেজিত অথবা বিৰক্ত হয়, আৰু তেওঁক দেখি আন এগৰাকী মানুহ প্ৰায় একেই মানসিক অৱস্থালৈ আহে৷ তেওঁৰ গতিৰে, অথবা তেওঁৰ কণ্ঠৰ ধ্বনিৰে এগৰাকী মানুহে সাহস আৰু দৃঢ়তা,  অথবা দুখ আৰু ধৈৰ্যশীলতা প্ৰকাশ কৰে, আৰু  মনৰ এই অৱস্থাটো আন মানুহলৈ বিয়পে৷ এগৰাকী মানুহে দুখ ভোগে, আৰু আৰ্তনাদ আৰু বিক্ষুদ্ধ আৱেগেৰে এই দুখ প্ৰকাশ কৰে, আৰু এই দুখখিনিয়ে নিজকে আন মানুহৰ মাজলৈ বিয়পাই দিয়ে; এগৰাকী মানুহে কোনো বস্তু, মানুহ অথবা প্ৰপঞ্চৰ প্ৰতি তেওঁৰ প্ৰশংসাৰ, উৎসৰ্গাৰ, ভয়ৰ, সন্মানৰ অথবা প্ৰেমৰ অনুভৱ প্ৰকাশ কৰে, আৰু আন মানুহে সেই একে বস্তু, মানুহ অথবা প্ৰপঞ্চৰ প্ৰতি প্ৰশংসাৰ, উৎসৰ্গাৰ, ভয়ৰ, সন্মানৰ অথবা প্ৰেমৰ অনুভৱৰ দ্বাৰা আক্ৰান্ত হয়৷

আৰু আন মানুহৰ অনুভূতিৰ প্ৰকাশক গ্ৰহণ কৰা আৰু সেই অনুভূতিবোৰৰ অভিজ্ঞতা নিজে আহৰণ কৰাৰ বাবে থকা মানুহৰ সক্ষমতাই হৈছে কলাৰ কাৰ্যৰ ভিত্তি৷

যদি এগৰাকী মানুহে তেওঁৰ  বাহ্যিক ৰূপৰদ্বাৰা, অথবা অনুভূতি মনলৈ অহাৰ লগে লগেই ইয়াক প্ৰকাশ কৰা ধ্বনিৰদ্বাৰা আন এগৰাকীক বা আন বহুতকে প্ৰভাৱিত কৰে; যদি তেওঁ নিজে হামি নকঢ়াকৈ থাকিব নোৱৰা হোৱা সময়ত আন এগৰাকীকো হামি কঢ়ায়, নাইবা তেওঁ নিজে হাঁহিবলৈ বা কান্দিবলৈ বাধ্য হৈ আনকো হঁহুৱায় বা কন্দুৱায়, নাইবা তেওঁ যন্ত্ৰণা ভূগি থাকোতে আনকো যন্ত্ৰণা ভোগায় - সেয়া কলাৰ সমকক্ষ নহয়৷

কলাৰ সূচনা হয় যেতিয়া এগৰাকী ব্যক্তিয়ে, আন এগৰাকী বা আনসকলক একে অনুভৱত নিজৰ সৈতে যুক্ত কৰিবলৈ গৈ সেই অনুভৱটোক নিৰ্দিষ্ট বাহ্যিক সূচক কিছুমানেৰে প্ৰকাশ কৰে৷ ইয়াৰ সৰলতম উদাহৰণ ল’বলৈ হ’লেঃ ধৰা হ’ল এজন ল’ৰাই কুকুৰনেচীয়া বাঘৰ মুখামুখি হৈ ভয়ৰ অনুভৱ কৰাৰ পাছত সেই মুখামুখিৰ বিষয়ে আনক কৈছে; আৰু তাৰ মনত সৃষ্টি হোৱা অনুভৱখিনি আনৰ মনতো জগাই তুলিবলৈ সি তাৰ নিজৰ কথা, মুখামুখিৰ আগৰ তাৰ অৱস্থা, তাৰ চৌপাশ, বননি, তাৰ নিজৰ ফূৰ্তিবাজ মনটোৰ কথা, আৰু তাৰ পাছত কুকুৰনেচীয়াটোৰ অৱয়ব, ইয়াৰ গতিবিধি, তাৰ আৰু কুকুৰনেচীয়াটোৰ দূৰত্ব এইবোৰ বৰ্ণনা কৰিছে৷ যদিহে ল’ৰাজনে সি মুখামুখি হৈ অহা অনুভূতিখিনিৰ উপস্থিতি কাহিনীটো কোৱাৰ সময়ত পুনৰ  অনুভৱ কৰে, আৰু তেওঁৰ শ্ৰোতালৈ সেইখিনি বিয়পাই দিয়ে আৰু কথকজনৰ অভিজ্ঞতাখিনি অনুভৱ কৰিবলৈ শ্ৰোতাক বাধ্য কৰে, তেনেহ’লে এয়া কলা৷ আনকি যদি ল’ৰাজনে কুকুৰনেচীয়া দেখা নাছিল, অথচ সঘনাই কুকুৰনেচীয়াৰ প্ৰতি মনত ভয় পোষণ কৰি আছিল, আৰু যদি সি নিজে অনুভৱ কৰি থকা ভয়খিনি আনৰ মনতো সৃষ্টি কৰিবলৈ কুকুৰনেচীয়াৰ সৈতে মুখামুখিৰ কাহিনী এটা উদ্ভাৱন কৰিছিল আৰু কাহিনীটো এনেভাবে বৰ্ণনা কৰিছিল যাতে কুকুৰনেচীয়াৰ প্ৰতি থকা তাৰ ভয় শ্ৰোতায়ো অনুভৱ কৰে, তেনেহ’লে সেয়াও কলা হ’ব৷ আৰু ঠিক একে ধৰণেৰেই এয়াও কলা হ’ব যদি এজন মানুহে হয় যন্ত্ৰণাৰ ভয়ত অথবা উপভোগৰ আকৰ্ষণত ভূগি (বাস্তৱতেই হওক বা কল্পনাতে) সেই অনুভৱবোৰ কেনভাচত অথবা মাৰ্বলত প্ৰকাশ কৰে যাতে সেইবোৰ আন মানুহলৈ বিয়পে৷আৰু এয়াও কলা যদি এজন মানুহৰ মনলৈ আনন্দ, প্ৰসন্নতা, দুখ, হতাশা, সাহস অথবা ভগ্নোৎসাহ আহে, আৰু এই অনুভৱবোৰৰ এটাৰপৰা আনটোলৈ পৰিৱৰ্তন তেওঁ অনুভৱ কৰে, আৰু মানুহজনে এই অনুভৱবোৰ ধ্বনিৰে প্ৰকাশ কৰে যাতে ই শ্ৰোতাক প্ৰভাৱিত কৰে, আৰু শ্ৰোতাই ধ্বনিবোৰৰ স্ৰষ্টাৰ দৰেই এইবোৰ অনুভৱ কৰে৷

যিবোৰ অনুভৱেৰে কলাকাৰে আনক প্ৰভাৱিত কৰে সেইবোৰ অত্যন্ত বিভিন্নতাপূৰ্ণ হ’ব পাৰে- বৰ শক্তিশালী অথবা বৰ দুৰ্বল, বৰ গুৰুত্বপূৰ্ণ অথবা বৰ গুৰুত্বহীন, বৰ বেয়া অথবা বৰ ভাল: এখন নাটকত প্ৰকাশ কৰা নিজ দেশৰ প্ৰতি প্ৰেমৰ অনুভৱ, আত্মোৎসৰ্গা আৰু ভাগ্য অথবা ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণ, উপন্যাসত প্ৰকাশ কৰা প্ৰেমিক-প্ৰেমিকাৰ আনন্দোচ্ছ্বাস, এখন চিত্ৰত তুলি ধৰা ইন্দ্ৰিয়পৰায়ণতা, এটা বিজয় সমদলত প্ৰকাশিত সাহস, এটা নৃত্যই জাগ্ৰত কৰা আনন্দ, এখন ধেমেলীয়া নাটকে আনি দিয়া হাস্যৰস, সন্ধিয়াৰ দৃশ্যপটে বা এটা নিচুকনি গীতে বিয়পাই দিয়া প্ৰশান্তি, অথবা এটা সুন্দৰ নৃত্যভংগিমাই জগাই তোলা প্ৰশংসা- এই আটাইবোৰ কলা৷

যদি কেৱল দৰ্শক অথবা শ্ৰোতা লেখকে অনুভৱ কৰা অনুভূতিবোৰৰদ্বাৰা আক্ৰান্ত হয়, তেনেহ’লে ই কলা৷

এগৰাকী ব্যক্তিয়ে এসময়ত অনুভৱ কৰা এটা অনুভূতি নিজৰ মাজত জগাই তুলিবলৈ, আৰু সেই অনুভূতি নিজৰ মাজত জগাই তোলাৰ পাছত গতি, ৰেখা, ৰং, ধ্বনি, আৰু শব্দৰে প্ৰকাশ কৰা গঠনৰ মাজেৰে সেই অনুভূতিবোৰ বিয়পাই দিয়া যাতে সেই একে অনুভূতি আনে মনত অনুভৱ কৰিব পাৰে- এয়াই হৈছে কলাৰ কাৰ্য ৷

কলা হৈছে এক মানৱীয় কাৰ্য যাক এই কথাটোৱে গঢ়ি তুলিছে যে এজন মানুহে সচেতনভাৱে, কিছুমান বাহ্যিক চিহ্নৰ জৰিয়তে তেওঁ আহৰণ কৰা অনুভূতিবোৰ আন মানুহক দিয়ে, আৰু আন মানুহে এই অনুভূতিবোৰৰ দ্বাৰা আক্ৰান্ত হয়, আৰু তাক নিজে অনুভৱ কৰে৷

অধিবিদ্যা বিশাৰদসকলে কোৱাৰ দৰে কলা সৌন্দৰ্যৰ কোনো ৰহস্যময় ধাৰণাৰ, অথবা ঈশ্বৰৰ প্ৰকাশ নহয়; শৰীৰতাত্ত্বিক নন্দনতত্ত্ববিদসকলে কোৱাৰ দৰে কলা মানুহৰ জমা হৈ থকা শক্তিৰ অতিৰিক্তখিনি উলিয়াই দিয়াৰ এটা খেলা নহয়; ই বাহ্যিক চিহ্নৰ জৰিয়তে মানুহৰ আৱেগৰ প্ৰকাশ নহয়; ই আনন্দদায়ক বস্তুৰ সৃষ্টি নহয়; আৰু, সৰ্বোপৰি, ই আনন্দও নহয়; কিন্তু ই হৈছে মানুহৰ মাজত সংঘবদ্ধতাৰ এটা উপায়, যাৰ জৰিয়তে মানুহক একে অনুভূতিৰে বান্ধ খুউৱা হয়, আৰু ই জীৱনৰ বাবে আৰু ব্যক্তি আৰু সমূহৰ ভালৰ বাবে অপৰিহাৰ্য৷

যিহেতু শব্দৰে চিন্তা প্ৰকাশ কৰিব পৰা মানুহৰ সক্ষমতাৰ কাৰণে প্ৰতিগৰাকী মানুহেই তেওঁৰ সময় অহাৰ আগতেই সমগ্ৰ মানৱ জাতিয়ে চিন্তাৰ জগতত তেওঁৰ বাবে কৰি থৈ যোৱা গোটেই কামখিনিৰ কথা জানিব পাৰে, আৰু বৰ্তমানত, আনৰ চিন্তা বুজি পোৱাৰ এই সক্ষমতা গুণেই, তেওঁলোকৰ কাম-কাজৰ অংশীদাৰ হ’ব পাৰে, আৰু আনৰপৰা তেওঁ গোটোৱা আৰু লগতে তেওঁৰ নিজৰ মাজত সৃষ্টি হোৱা চিন্তাবোৰ তেওঁৰ সমসাময়িক আৰু উত্তৰসুৰীসকললৈ হস্তান্তৰ কৰিব পাৰে; গতিকে কলাৰ মাধ্যমেৰে আনৰ অনুভূতিৰদ্বাৰা আক্ৰান্ত হোৱাৰ মানুহৰ সক্ষমতাৰ গুণে তেওঁৰ সমসাময়িক লোকসকলৰ সমগ্ৰ অভিজ্ঞতা তেওঁৰ বাবে সহজলভ্য, লগতে হাজাৰ বছৰৰ আগতে মানুহে লাভ কৰা অনুভূতিবোৰো, আৰু তেওঁৰ নিজৰ অনুভূতিবোৰো আনলৈ বিয়পাই দিয়াৰ সম্ভাৱনা তেওঁ বহন কৰে৷

যদি তেওঁলোকতকৈ আগৰ মানুহবোৰৰ চিন্তা গ্ৰহণ কৰা, আৰু তেওঁলোকৰ নিজৰ চিন্তা আনলৈ প্ৰেৰণ কৰাৰ এই সক্ষমতা মানুহৰ নাথাকিলহেঁতেন, তেন্তে মানুহ বন্য জন্তুৰ দৰে হ’লহেঁতেন, নাইবা কাস্পাৰ হাউজাৰৰ দৰে৷

আৰু মানুহৰ যদি কলাৰদ্বাৰা আক্ৰান্ত হোৱাৰ এই আন সক্ষমতাখিনি নাথাকিলহেঁতেন, তেতিয়াও মানুহ প্ৰায় বৰ্বৰ হৈ থাকিলহেঁতেন, আৰু সৰ্বোপৰি পৰস্পৰৰপৰা অধিক বিচ্ছিন্ন আৰু পৰস্পৰৰ প্ৰতি অধিক শত্ৰুভাৱাপন্ন হ’লহেঁতেন৷

আৰু সেই কাৰণেই কলাগত কাৰ্য্য অত্যন্ত গুৰুত্বপূৰ্ণ এটা বস্তু, বাকশক্তিৰ নিজৰ সমানেই গুৰুত্বপূৰ্ণ, আৰু একেদৰেই সাধাৰণভাৱে ব্যাপ্ত৷

আমি কলাক কেৱল সেই বস্তুটো বুলি বুজাত অভ্যস্ত, যাক আমি থিয়েটাৰত, কনচাৰ্টত, আৰু প্ৰদৰ্শনীত দেখোঁ; লগতে অট্টালিকা, প্ৰতিমা, কবিতা, উপন্যাস… কিন্তু এই আটাইবোৰ কলাৰ কেৱল ক্ষুদ্ৰতম অংশহে, যাৰ মাধ্যমেৰে আমি জীৱনত পৰস্পৰৰ সৈতে সংযোগ স্থাপন কৰোঁ৷ গোটেই মানৱ জীৱনটো প্ৰত্যেক ধৰণৰ কলাৰ সৃষ্টিকৰ্মৰে ভৰি আছে- নিচুকণি গীত, কৌতুক, হাস্যকৰ অনুকৰণ, গৃহৰ অলংকৰণ, পোছাক আৰু বাচন-বৰ্তনৰপৰা আৰম্ভ কৰি গীৰ্জাৰ সেৱায়িত কৰ্ম, অট্টালিকা, স্মৃতিসৌধ, আৰু বিজয় সমদললৈকে৷ এই আটাইবোৰ কলাত্মক কাৰ্য৷ গতিকে শব্দটোৰ সীমিত অৰ্থত কলা বুলিলে আমি অনুভূতি বিয়পাই দিয়া সকলো মানৱীয় কৰ্মক নুবুজাওঁ, কেৱল সেই অংশটোকহে বুজাওঁ যাক আমি কোনো কাৰণত ইয়াৰ মাজৰপৰা বাচি লওঁ আৰু যাৰ ওপৰত আমি বিশেষ গুৰুত্ব আৰোপ কৰোঁ৷

এই বিশেষ গুৰুত্বটো সদায় সকলো মানুহে দি আহিছে এই কাৰ্যৰ সেই অংশটোৰ ওপৰত যিয়ে তেওঁলোকৰ ধৰ্মীয় বোধৰপৰা ওলাই অহা অনুভূতিক বিয়পাই দিয়ে, আৰু কলাৰ এই ক্ষুদ্ৰ অংশটোক তেওঁলোকে কলা বুলি কয় শব্দটোৰ পূৰ্ণ অৰ্থ আৰোপ কৰি৷

এই ধৰণেৰেই অতীজৰ মানুহবোৰে-  ছক্ৰেটিছ, প্লেটো, আৰু এৰিষ্টটলে- কলাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিছিল ৷ এনেকৈয়ে হিব্ৰু নবীসকলে আৰু প্ৰাচীন খ্ৰীষ্টিয়ানসকলে কলাক বিচাৰ কৰিছিল; মুছলমানসকলে এনেদৰেই কলাক বুজিছিল আৰু এতিয়াও বুজে, আৰু এনেকৈয়ে আমাৰ নিজৰ কৃষক সম্প্ৰদায়ৰ ধৰ্মীয় লোকসকলেও কলা সম্পৰ্কে ধাৰণা কৰে৷

মানৱ জাতিৰ কিছুমান শিক্ষকে- যেনে ৰিপাব্লিক গ্ৰন্থত প্লেটোৱে, আৰু আদিম খ্ৰীষ্টিয়ান, কঠোৰ মুছলমান, আৰু বৌদ্ধসকলে- কলাক বৰ্জন কৰাৰ পৰ্যায়লৈকে গৈছিল৷

কলাক এনে ধৰণে বিচাৰ কৰা মানুহবোৰে (আজিৰ প্ৰভাৱশালী মতৰ বিপৰীতে, যিয়ে যিকোনো কলাকে ভাল বুলি ভাবে যদিহে ই আনন্দ দিব পাৰে) মানি লৈছিল আৰু লয় যে কলা (বাকশক্তিৰ বিপৰীতে, যাক শুনাৰ প্ৰয়োজন নাই) মানুহলৈ তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে সংক্ৰমিত হোৱাৰ ক্ষমতাৰে ইমানেই বিপদজনক যে প্ৰত্যেকটো কলাক সহ্য কৰাতকৈ সকলো কলাক বিসৰ্জন দিলে মানুহ কম ক্ষতিগ্ৰস্ত হ’ব৷

সকলো কলাকে বৰ্জন কৰিবলৈ গৈ এইসকল মানুহে দেখদেখকৈয়ে ভুল কৰিছিল, কাৰণ তেওঁলোকে সেই বস্তুটোক অস্বীকাৰ কৰিছিল যাক অস্বীকাৰ কৰিব নোৱাৰি- যোগাযোগৰ অপৰিহাৰ্য উপায়সমূহৰ এটা, যাৰ অবিহনে মানৱ জাতি তিষ্ঠি থাকিব নোৱাৰিলহেঁতেন৷

কিন্তু আমাৰ শ্ৰেণী আৰু সময়ৰ সভ্য ইউৰোপীয় লোকসকলৰ ভুলো কম নহয়, যিসকলে কোনো কলাক সমৰ্থন কৰে যদিহে ই সৌন্দৰ্য প্ৰকাশ কৰে, অৰ্থাৎ মানুহক আনন্দ দিয়ে৷

আগতে মানুহে এই ভয় খাইছিল যে কলাৰ সৃষ্টিকৰ্মসমূহৰ মাজত এনেকুৱা কিবা থাকিব পাৰে যিয়ে অধঃপতন ঘটোৱাৰ আশংকা বহন কৰে, আৰু তেওঁলোকে কলাক একেলগে নিষিদ্ধ কৰিছিল। এতিয়া তেওঁলোকে কেৱল ভয় কৰে কলাই দিব পৰা যিকোনো বিনোদনৰপৰা তেওঁলোক বঞ্চিত হ’ব পাৰে বুলি, আৰু যিকোনো কলাৰে তেওঁলোকে পৃষ্ঠপোষকতা কৰে। আৰু মই ভাবোঁ শেষৰ ভুলটো প্ৰথমটোতকৈ অধিক অৰুচিকৰ, আৰু ইয়াৰ ফল বহু বেছি ক্ষতিকাৰক হ’ব পাৰে। 

 

 

(ক্ৰমশঃ)

              

                 

                

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ