অন্যযুগ/


হৈমন্তীৰ আধৰুৱা টোকা আৰু এটি ৰক্তাক্ত পুৱা

শিল্পীকা ৰাজগুৰু

স্মৃতি বুলিব পৰাকৈ সময় ৰৈ নাথাকে যদিও উৰ্মি স্মৃতিৰ মাজতে জীয়াই থাকে।

স্মৃতিবোৰ তাই বুকু ভৰাই উশাহত টানি লয়, আৱেগৰ হোঁচাত বুকুৰ বৰফবোৰ পানী হৈ সৰসৰকৈ চকুেৰ বৈ আহে। বৈ আহি আকৌ তাইৰ বুকুখনতে পৰে। উস্ ! বুকু বোলা গোপন যন্ত্ৰটো নথকাহ'লে মানুহ কিমান যে সুখী নহ'লহেঁতেন। হঠাতে আনন্দ-আহ্লাদত উৰুলীকৃত হোৱা বুকুখন যে মুহূৰ্ততে জঁয় পৰি যায়, ভাগি পৰে একেবাৰে।

স্মৃতিৰ শোভাযাত্ৰা এটা তাইৰ পৰম সম্পদ। সেইটো শোভাযাত্ৰাত একালত তায়ো খোজ কাঢ়িছিল। সম্ভৱত: এতিয়াও স্মৃতিৰ সেইটো শোভাযাত্ৰাৰে তাই অন্তিম যাত্ৰী...।

সোণালী সোৱৰণিৰ সোঁতত মাকণ কত হেৰাল?

আইতাজনী... যাৰ নাম আছিল হৈমন্তী...?

উৰ্মিয়ে ভাবে, বিচ্ছেদেই জীৱনৰ চৰম আৰু পৰম সত্য। নহলেনো বাৰে বাৰে মূৰৰ ওপৰৰ আকাশ ভাগি পৰাৰ পাছতো  মানুহ জীয়াই থাকিব পাৰে কেনেকৈ! হাঁহিব পাৰে কেনেকৈ! 

মানুহে?

                                                                 *********

ঢলাসুঁতি গাঁৱৰ সমূহীয়া বৰনামঘৰটোৰ দাঁতিৰে ফাটি যোৱা, সৰাপাতে আবুৰত ৰখা লুংলুঙীয়া কেঁচা আলিটোৰ সমুখতে মাকণৰ মোমায়েকৰ পঁজাটো! য’ত মেজাংকৰী স্বপ্নৰে বটা পোৱালমণি যেন আদৰুৱা হেঁপাহবোৰে এঙামুৰি দিছিল৷ সেই কেঁকোৰাগাঁতৰ মাটিৰে চিকচিকীয়াকৈ লিপা ইটাগুৰীয়া ৰাজকাৰেংটো তাইৰ যেন বুকুৰ আমঠু৷ শৈশৱত গৰমৰ বন্ধত জুনুমাহী আহিলে তাই উলাহতে কিৰিলিয়াই সাতজাঁপ মাৰে কানিবিয়লটোৰ দৰে৷ মাহীয়েকৰ সৈতে ফ’ৰ জিৰ’ ছেভেনখনত উঠি মামাঘৰলৈ যাব পাৰিব বুলি৷ ডালমুট, জিনটান, ভজা বাদাম, কেঞাবগৰী, মাটিমাহৰ চানা, টেঙা মৰ্টন আদি খবৰ কাগজত বান্ধি অনাৰ উপৰি সেইদিনা মাহীয়েকে কণমানি ঢোলটোৰ আকৃতিৰ কুহুম বৰণীয়া কাণফুলি এযোৰ আনিছিল একমাত্ৰ ভাগিনীয়েকজনীলৈ! 

কি মহা ফূৰ্তি লাগিছিল তাইৰ,  

 “বাঃ এইটোচোন সৰু ঢোল, এইযোৰ বৰ ধুনু কাণফুলি জুনুমাহী৷” 

“এইবাৰ কিমানদিনলৈ তোৰ ছুটী?”

“এমাহ থাকিম, এক্কেবাৰে স্কুল খোলাৰ আগদিনাহে উভতিম৷” 

 প্ৰায় ছয় কিল’মিটাৰমান খোজ কঢ়াৰ পাছত সাঁজ লগা বেলিকা সিহঁতে খেৰীঘৰ এটাৰ চোতালৰ দীঘল নঙলাডাল খুলি সোমাই  গ’ল৷ চোতালতে দাইটিককাই জাগ দি ধুনামলাটো চৰাপাটীৰে বিচি থাকোঁতেই নাতিনীক দেখি সোলা মুখেৰে হাঁহিটো মাৰিলে৷ 

মদৰুৱা চুৰীয়া পৰিহিত সোণটি ককাই মাটিত লাখুটীৰে খটক খটক শব্দ কৰি ডাঙৰকৈ মাতিলে সোলামুখেৰে, ‘‘ঐ মাকণ, তই যে ফুটগধূলিখন আহিলি, স্কুলত গৰম বন্ধ দিলেই হ’বলা?’’ 

“অ’তোন ককা, আজি ভাতসাঁজ কিহেৰে খুৱাব বুলি পাঙিছে?”

“আইতাৰক সোধগৈ, কচুথোৰৰ আঞ্জা ৰান্ধিছেই হ’বলা সেইফালে৷”

সোণটি ককাৰ মাত শুনি শয্যাশায়ী হৰকান্ত ককায়ো সেহাই সেহাই নাতিনীয়েকক মাত লগাইছিল, “বাখৰ আহিছ নেকি, ৰহ৷ এইবাৰ খলিহনা-পুঠিমাছ খুৱাম তোক, পুখুৰীত জাল মাৰিব জয়কণে৷” 

ককাৰ বয়সে চাৰিকুৰিৰ ভেটি গৰকাৰ লগতে খোজ-কাটলো থৰক-বৰক হোৱা বাবে তেওঁ প্ৰায়ে দীৰ্ঘকাল নৰীয়াত ভোগা লোকৰ দৰে বিছনাতে শুই থাকিছিল৷ বিছনাতে ভাত এবাটি, পানী এঘটী খাইছিল৷ ককাই বৰকৈ বান্দৰ বিড়ি হোঁপা বাবে পকাকফে খুন্দা মাৰি ধৰিছিল বুকুত বাৰেপতি৷ 

দেউতাকে বাগানৰ পৰা পোৱা অৰ্গেনিক চাহপাত এটোপোলা দি পঠিয়াইছিল তাইৰ হাতত৷ গাঢ় ৰঙচুৱা ৰঙৰ চাহপাতৰ ফুৰ্ফুৰীয়া সুগন্ধিযুক্ত  চাহপানীকণ বৰ সোৱাদ পালে আইতাই৷ নহ’লে অশোকৰ গেলামালৰ দোকানৰ চাহপাত সিজালে  ঢেঙঢেঙীয়া পানীত চুমুক দিয়াৰ দৰেহে লাগে হেনো৷ বহুদিনৰ মূৰত নাতিনীয়েকৰ সান্নিধ্য পাই তিলৰ লাৰু, চচপিঠা, আখৈভজা আৰু খোলাচপৰীয়া পিঠাৰে পীৰাত বহাই গাখীৰপানী অকণো খুৱাইছিল৷ ঘৰখনত যজমানি কৰা বৰ মোমায়েক অনল মামা, খেতিয়ক মামা জয়কণ, অবিবাহিতা মাজু জীয়েক জুনু মাহী আৰু আইতাকৰ দেওৰেক সোণটি ককা আছিল৷ মাকণে গোবৰমাটিৰে লিপা জুহালতে চুঙাৰে ফু দি জুই পুৱাই থাকোঁতেই গাঁৱৰে মুন মামা, ধন মামা, যদু মামাহঁতে গধূকিৰ আড্ডা দিবলৈ আহি জুহালত বহি মণিপুৰী ভাঙৰ চিলিম টানিলে৷ মুন মামাই ভিন্ন জতুৱা থাঁচ, সাঁথৰ আইতাকো গীত এফাঁকি গাবলৈ কাবৌ কৰিলে৷  আইতাই’ সমুদ্ৰ মন্থন’ গাঁথা, ’ জতুগৃহ দাহ’, ’দক্ষযজ্ঞ’ আদি ধৰ্মীয় আখ্যানৰ প্ৰাঞ্জল ভাষাৰে বিবৃতি দিয়াৰ উপৰি এটি জটিল সাঁথৰৰ মেৰপেচ ভাঙিবলৈ দিছিল৷ কিয়নো গল্প-গুজৱৰ লগতে সাঁথৰৰ ৰহঘৰাও আৰম্ভ হৈছিল৷ লগতে সৰু মোমায়েক ৰঞ্জনে ভগা টিং এটাত ঘোটনি, কাঠৰ পাগমাৰি, কৰচলিৰে বিচিত্ৰ বাদ্য বজাই বজাই বিহুগীতো জুৰিছিল৷ 

“ঢাপে ঢাপে গ’লোঁ মই, ঢাপলিকা চৰাই এজনী পালোঁ, তাইকে ছমাহলৈ কুটি-বাছি খালোঁ।’’

মুন মামাই সাঁথৰ সুধিলে৷ তাই বহুপৰ তভক লাগি জঁট ভঙাৰ চেষ্টা কৰি আইতাকৰ মুখলৈ চালে পোন্দোৱাকৈ৷ আইতাকেহে উত্তৰটো খৰিচা বুলি টপৰাই দিলে৷  

“এইটো ক’ কি? 

জগতক পালং চা

মাজৰটো নকওঁ যা

শেষৰটো ’ল ’

কি হ’ব ক।” 

তেনেদৰেই মাকণৰ আইতাকে দহোটামান সাঁথৰ সুধিছিল৷  আটাইবোৰৰে উত্তৰ দিয়া অসাধ্যই আছিল সিহঁতৰ পক্ষে৷ 

আইতাক হৈমন্তী যে সৰ্ববিদ্যাবিশাৰদ, কণ্ঠত সৰস্বতী, ভাগ্যত লক্ষ্মীবসতি অন্নপূৰ্ণা দেৱীৰ দৰে আছিল৷ আইতাকে সৰু দবুৱা কটাৰীৰেই কচুথোৰ ছিঙি কণবিলাহী, বনজালুকৰ সুস্বাদু জালুকীয়া আঞ্জা, কলডিল, মেৰলাইৰে পাৰৰ মঙহ, পাতত দিয়া ডৰিকণা মাছ, খৰিচাৰে ভজা মোৱা মাছ, বগা সৰিয়হেৰে ভাঙোন মাছৰ চৰ্চৰি, কেঁহেৰাজ-ব্ৰাক্ষ্মীশাকৰ আঞ্জা, ভেঁকুৰীতিতা আৰু কলফুলৰ ভাদি, কাৱৈমাছ-ভেদাইলতাৰ আঞ্জা, নৰসিংহ পাতৰ বড়, চেঁৱা দিয়া ভাতৰ লগত জুহালতে পোৰা কঁঠালগুটি 

পিটিকা, কৰ্দৈৰ আচাৰ, ঠেকেৰাৰ চৰবত, মাটি-বেলৰ ৰস, কাহুঁদি, পানীটেঙা, চচপিঠা, চুঙা পিঠা, হুৰুম আদি অসমীয়া মুখৰোচক ব্যঞ্জনসমূহ বৰ আটোমটোকাৰীকৈ ৰান্ধিছিল৷ কুঁজা কঁকাল, শীৰ্ণ শৰীৰ, বয়সে অকাই পকাই আকুহা বৃদ্ধাই কঁপা কঁপা দুহাতেৰেই বাহৰ টুকুৰা বুটলি চিৰিলি চিৰিলিকৈ বাঁহনি তোলাই, ধানৰ নৰাৰে শোতা বান্ধে, আবেলি পৰত বিচনীবোৰৰ কাষত বিছনাচাদৰ কাটি ’ফিল’লগায়, চাদৰৰ পটীৰে টেবুলক্ল’থ, গাৰু গিলিপ, আঁঠুৱা, ফাঁচিজাল, বিছনা চাদৰ, ফটা কাপোৰেৰে গুঁঠা হাতৰ কামেবাৰ চালে হিয়া জুৰোৱাকৈ কৰিব পাৰিছিল৷ আইতাৰ হাতত নিৰ্জীৱ বস্তুৱেও জীৱন পাইছিল৷  

আইতাকৰ নিৰন্তৰ কৰ্মস্পৃহা দেখি তাইৰ হৃদয়তো এক অনন্য সৃষ্টিকামী অনুৰণনৰ উন্মেষ ঘটিছিল! 

আবেলি তাই কেতিয়াবা কান- সমনীয়া পাপু, মাকচি, সোণমনি, ভনীকণহঁতৰ সৈতে’ মাদ্ৰাজ’, টেকেলিভঙা ’, হেতালি, হৈগুডু, কাবাডী খেলিছিল৷ নামঘৰৰ গাতে লাগি থকা বেঙুনীয়া, ৰঙা গুটি গুটি হেলচৰ মিঠা-টেঙা সোৱাদ লৈছিল৷ মাকচীৰ সৈতে আলিৰে খোজকাঢ়ি পদুমপুখুৰী স্কুল পালেগৈ ৷ বকুলৰ তলসৰা কেঁহা গুটি খালে৷ শিলগুটি ফৰ্মুতিয়াই আমলখি, বগৰী পাৰিছিল৷ দুয়োজনী বান্ধৱীৰ খিলখিলীয়া নিষ্পাপ হাঁহিটিত যেন সুমথিৰা, হেঙুলীয়া, গেৰুৱা  আকাশীনীলা, ৰঙবোৰ যেন মেঘ নামৰ তুলিকাত ঘঁহনি খাই ত্ৰিভংগ আকৃতিৰে সিঁচৰতি হৈ আকাশ নামৰ কেনভাছৰ বিস্তীৰ্ণ বক্ষমণ্ডলত কলাত্মকভাৱে অঙ্কিত কৰিছিল এটি আলোকিত স্বপ্নালয়! 

“আইতা তুমি বিছনাত বহাঁ, মই মূঢ়াতে বহিম৷ খেজুৰবেণী এডাল দীঘলকৈ গুঁঠি দিয়াঁচোন।” 

“চা, তোক সাইলাখ মীনাকুমাৰী নে মধুবালাৰ নিচিনা লাগিছে।” 

তাইৰ ৰঙচুৱা জপৰা চুলিকোছা নৱৰত্ন তেল সানি কাঁকৈখনেৰে আঁচুৰি বেণীডাল আইতাকে বৰ ধুনীয়াকৈ গুঁঠি দিছিল৷ 

আইতাকৰ হাতত যেন মায়ঙৰ যাদুদণ্ডাহে আছিল৷ আনন্দতে বিহবল হৈ তাইু আইতাকৰ ডিঙিতে সাৱতি ধৰি চেনেহেৰে সুধিছিল, “তুমি বৰ ভাল, তোমাৰ নামটো হৈমন্তী কোনে দিলে, ইয়াৰ অৰ্থটো কোৱাচোন।” 

“অ’ মাকণ এই নামটো তোৰ বুঢ়ীমাৰক তোৰ আজোআইতাৰে দিছিল, পহিলাতে মানে মোৰ সোঁৱৰণী নামটো হোমকান্তি আছিল৷ তাৰ পাছত সেইটোকে অলপ সলাই-মেলি হৈমন্তী ৰাখিলে পোছাকী নাম হিচাপে।’’

“আইতা হোমকান্তিৰ অৰ্থটো কিনো কোৱানা।” 

“হোমজুইৰ কান্তি, অৰ্থাৎ পৱিত্ৰ হোমৰ সুন্দৰতা।” 

শীতৰ উমাল নিশা জুহালত কাঠআলু ভাজি আছিল জুনুমাহীয়ে ৷ তাই আইতাকৰ প্ৰিয় গোৱালপৰীয়া লোকগীত, ঝুমৰাই গীত, বৰগীত, মহোহো গীত, বিহুগীত, টোকাৰি গীত, ভটীমা গাঁৱতে গাঁৱতেই অজানিতে ঢলি পৰিছিল টোপনিৰ গৰাহত৷ 

চকামককৈ মাজ নিশা তাই অনুভৱ কৰিছিল এখন সিৰা-উপসিৰাৰে ভৰা শুকান হাতে তাইৰ কপালতে, চুলিৰ ভাঁজে ভাঁজে আঙুলি বোলাই সুৰীয়া মাতেৰে গুণগুণকৈ গাইছে, 

“গধূলিতে মাৱে কান্দে

কেতিয়া আহিব কানাই

মুৰুলি বজাই, 

 

দৈ থৈছোঁ, দুগ্ধ থৈছোঁ, থৈছোঁ ঘৃতৰ লাৰু, 

শীতল পাটী পাৰি থৈছোঁ

তাতে থৈছোঁ গাৰু।”

দিনটো লৰা-ঢপৰাৰ ভাগৰখিনি কপালত থুপ খাই তাইৰ চকুৰ পতালৈ নিদ্ৰাদেৱী নামি আহিছিল৷ সেই আৱাহনী গীতৰ অমিয়া কণ্ঠৰ ছন্দত তাই টোপনিতে ঢলি পৰিছিল আইতাকৰ মমতাময়ী কোলাত! 

শালিকীপুৱাতে গৰুৰ হেম্বেলনি, ছাগলীৰ বেবনি, পাৰৈয়ে ৰুণ দিয়া শুনি তাইৰ টোপনি ভাগিছিল৷ বৰমোমায়েকৰ আঙুলিত খামুচি নিয়ৰ সিক্ত দুৱৰিৰে ঢকা কেঁচা আলিৰে দুয়ো গৈছিল প্ৰাত: ভ্ৰমণ অভিমুখে৷ কুঁৱলীৰ ডাঠ ধোঁৱা বৰণীয়া চাদৰ এখনে যেন চৌদিশ জিনি লৈছে দুবাহুত৷ পূৰ্বাচলত দিনমণিয়ে অকণমানকৈহে ভূমুকি মাৰিছিল৷ সোণবৰণীয়া সোণগুটিৰে ভৰুণ ধাননিৰ গাখীৰতী ধানৰ ঠোকবোৰৰ পৰা নিয়ৰ সৰিছিল টোপাটোপে৷ নিয়ৰৰ বৰষুণত তিতিয়েই দাৱনীয়ে দাইছিল মুঠি  মুঠি সোণগুটি কেচ কেচকৈ৷ প্ৰাতঃভ্ৰমণৰ পৰা আহি আইতাকৰ হাতৰ গাখীৰপানী খাই তাই মৌচাক নহ’লে সঁফুৰা এখন মেজতে  থৈছিল৷ সেই সময়ত তাই 'সাউদৰ পুতেকে নাও মেলি যায়’ উপন্যাসখন পঢ়ি আত্মহাৰা হৈছিল৷ কিন্তু সৰহ সময় চকু গৈছিল পদূলিৰ ফালেহে৷ ডাঙৰজন মোমায়েকে খঁৰিকাজাই, ৰাঙল, গুটিমালি, দুৱৰি ছিঙি ধূপ-দীপ, নৈবেদ্য সজাই, চন্দন পতাত পিচি, এহাতে কোশা-অৰ্ঘ্যা সহিতে পূজা সমাপণ কৰিছিল থাপনাত৷ আইতাই তাইক নৈৱেদ্য সজাই দি সাউৎকৰে গাটো তিয়াই তিতা তিয়নীৰেই থাপনাত মূৰ দোঁৱাইছিল৷ ইফালে দাঁতোন আৰু এঙাৰেৰে দাঁত মাজি সোণটি ককাই চাহপানী বিচাৰি লগাইছিল হাহাকাৰ৷ 

খেতিৰ দিনবোৰত আইতাই দাৱনী, ৰোৱণীলৈও টোপোলাত ভাত-আঞ্জা ৰান্ধি পথাৰলৈ তাঁত-বাতি কৰিছিল৷ প্ৰভুভক্ত গাই কজলা আৰু ৰাঙলীকো ভৰ দুপৰবেলা পানী একোবাল্টি খুৱাইছিলগৈ৷ দুপৰীয়ালৈকে আলোচনীৰ পাতত বুৰ গৈ থকা মাকণেও পুখুৰীৰ পাৰতে জলফাই, ভোলৰ জালিৰে ঘঁহি পিহি গা ধুৱাৰ পাছত তেল-টেঙা সানি জুহাললৈ ঢাপলি মেলিছিল৷ জুহালৰ ওপৰত এখন ধোঁৱাচাঙ আছিল৷ তাতে আইতাই কাৰোবাৰ অসুখ হ'লে দৰব হিচাপে খুৱাবলৈ ৰখা শুকান মাছ, শিলিখাৰে কৰা চিঞাহী, তেজপাত, শাকৰ গুটি, খাৰ খাবলৈ ভীমকলৰ বাকলি, খাৰলি কলপাতত থৈ শুকুৱাই থৈছিল৷ জুহালৰ ওপৰৰ চাংখনতে সদায় উদং টেকেলি কিছুমান উঠি আছিল শৰাধৰ সময়ত লগোৱা গাখীৰৰ টেকেলি। 

জুহালৰ  জুইকুৰাৰ গাপত  বহুদিনলৈ সতেজ হৈ আছিল সেই খাদ্যসম্ভাৰ! হৈমন্তী আইতাৰ ডাঙৰ জীয়েক জুনুৰ অৱশেষত পঁয়ত্ৰিছ বছৰমান বয়সতহে বিয়া হৈছিল৷ জুনুমাহী আইতাৰ বৰ আদৰুৱা জী আছিল জুনুৰ বিয়াৰ পাছত কঁকালপৰা আইতাৰ শৰীৰৰ বল-বিক্ৰমো টুটি আহিছিল বয়স নামৰ অসুৰটোৰ পাকচক্ৰত৷ সৰল অন্তৰৰ গঞা ৰাইজে একত্ৰিত হৈ বনগাঁৱৰ ঘাটমাউৰা কিন্তু কামত পাৰ্গত, নিটোল শিপিনী ছোৱালী অলকাৰ সৈতে ডাঙৰ মোমায়েক অনলক বিবাহৰ পৱিত্ৰ বান্ধোনত সাঙোৰ খাবলৈ বাধ্য কৰালে৷ 

তেতিয়া মাকণ দশম মানৰ ছাত্ৰী৷ 

চুটি-মুটি হৈমন্তী আইতাই বিয়াৰ তৃতীয়দিনা ককাই দিয়া সিংখাপৰ গুণাকৰা মেখেলা এখন, জেঠীনেজীয় আঙুঠি এটা, বাউটী এযোৰ আৰু থুৰিয়া এযোৰ বোৱাৰীয়েকৰ চাদৰৰ আঁচলত গুঁজি চেনেহেৰে সংপৃক্ত মাতেৰে কৈছিল—

“আই অ’, গঞা ৰাইজে মিলি তহঁতহালক বিবাহপাশত বন্দী কৰালে৷ মইনো তোক কিটো দিম, এই সোণ-ৰূপৰ গহণা চাৰিপদকে ৰাখিবি সযতনে, শাহুৱেৰাৰ মৰমৰ চিনস্বৰূপে।” 

“কিনো কয় আই, জীয়াৰীক মাতৃয়ে সোণেৰে গঢ়াই সাতসৰী পিন্ধাব নেলাগে, বুকুতে জীয়ন দিব পাৰিলেই হ’ব।” 

পৱিত্ৰ আম-চন্দনৰ হোমাগ্নিক সাক্ষী কৰি ইষ্ট দেৱতা, মিতিৰ-কুটুম, পিতৃ- মাতৃৰ আশীৰ্বাদেৰে ঘৰ গছকা বোৱাৰী সুনয়না কিন্তু বৰ একাচেকা আৰু নিৰ্দয় অন্তৰৰ মানুহ আছিল৷ নতুন বোৱাৰী আহিয়েই দেওৰেক, গিৰীয়েক, শাহু-শহুৰ সকলোৰে ওপৰতে কৰ্তৃত্ব খটাবলৈ আৰম্ভ কৰি দিলে৷ ৰান্ধনীশালৰ দায়িত্বও চম্ভালি ল’লে৷ আইতাই পাছলৈ বোৱাৰীয়েকক নোসোধাকৈ পাকঘৰৰ পৰা বৈয়াম খুলি চিৰা-মুড়ি, লাৰু-পিঠা আনিবলৈকে ভয় কৰা হ’ল, মাকণৰ ঘৰলৈ চাউল-পাত, বাৰীত গোটাচেৰেক শাক- পাচলিও দিব নোৱাৰাত পৰিল৷ ইফালে চেকচেকী বোৱাৰীয়েকে মাকণ আহিলেই শাহুৱেকৰ কুৎসা ৰটনাৰ নাটক একোখনৰ পাতনি মেলা আৰম্ভ হ’ল৷ 

“বুইছ, মাকণ, এইখন নৰকলৈ এহাত দীঘল ওৰণী টানি আহি অকল দিনত চাৰিবাৰ চাহ-ভাত দিওঁতেই দিন কটাইছো, বেমাৰী বুঢ়াটো মৰিও নথকা হ’ল, কিমান যে লেদেনা উকটিছোঁ কি ক’ম...।”

“ভাতসাঁজহে ৰান্ধিবলগীয়া হৈছে আপুনি...৷”

মাকণৰ কথাত বিকচিনা লগাত চকুচৰহা অলকাই পূৰ্বতকৈও গাৰ সমস্ত শকতিৰে চিঞৰিবলৈ ধৰিলে, “বিয়াৰ পাছত পতিৰ সৈতে এখন সুখ-স্বাচ্ছন্দ্যৰ সংসাৰৰ অংশীদাৰ হওক চাৰি সাতোটা ভতুৱালৈ চৰুৱে চৰুৱে ফুটছাইৰে টাটৰি বন্ধা চৰুত ভাত ৰান্ধোতেই শেহতীয়া যৌৱনতো মামৰ উঠিল, কণা গোঁসায়ে মোৰ দৰে দুৰ্কপলীয়াক নৰকলৈ ঠেলি দিলে।”

নতুন মামীৰ ঘৰখনৰ প্ৰতি অগাধ শত্ৰুতাৰ উমান পাই মাকণৰো মনটো ভৰি পৰে অন্ত: হীন বিষাদেৰে!  মামীয়েকে য’তি নৰখাকৈ বকি থাকোঁতেই আইতাকে নাতিনীয়েকৰ চোলাটো টানি তেওঁৰ কোঠাৰ পালেঙখনত বহিবলৈ ক’লে৷ 

“বুইছ’ মাকণ, বিষে-কোপে জঠৰ হৈ পৰা এই অকামিলা দেহটোৱে শুবলৈও নিদিয়ে, পুৱতি নিশালৈকে কোনোমতে ইলুটি-সিলুটিকৈ কটাই দিওঁ বিছনাখনতে৷ হাতৰ সিৰবোৰ, ভৰিৰ আঁঠুহাল টানি টানি ধৰে, বুকুত কিহবাই খোঁচা-বিন্ধা কৰে৷ ইপিনে কেঁচুমূৰীয়াটো আছেই৷ হাত-ভৰি, গাটোও কোঁচ খাই লাডু এটাৰ নিচিনা হৈ পৰো৷ অদৃশ্যজনে এই আলৰ বুঢ়ীক কোন জনমৰ জীয়াতু ভুগাইছে ক’ব নোৱাৰোঁ, জীৱটো লৈয়ো নেযায়।”

“হেহ, নক’ব তেনে কথা আইতা, আপুনি বহুবছৰ জীয়াই থাকিব লাগিব।“ মাকণো উচুপি উঠে আইতাকৰ যন্ত্ৰণা অনুমান কৰি৷ 

কেৱল গাঁৱৰে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটোৰ ঔষধ বিক্ৰেতা(ফাৰ্মাচিষ্ট ) বপুৰামে থেছিছস্কো’পডাল ডিঙিতে মেৰিয়াই বয়োজ্যেষ্ঠ লোকসকলৰ ৰক্তচাপৰ পৰিমাণ আৰু তেজত শৰ্কৰাৰ জোখ লৈছিল সপ্তাহত এবাৰকৈ৷  কাঠচিতীয়া স্বভাৱৰ মামীয়েকে মাকণক পাকঘৰতে বহুৱাই প্ৰায়ে দাঁত কৰচি অৰ্থচীন মিছা অপবাদৰ বকলা মেলিছিল শাহুৰেকৰ বিৰুদ্ধে, “নিলাজী বুঢ়ীয়ে বৰ ফাঁকি মাৰে বুজিছা৷ তেওঁ কি বেমাৰ পুহিছে, পুৱা-গধূলি একাঁহী একাঁহী ভাতচোন দস্তুৰমত খায়, ইফালে বেমাৰৰ নাটক ৰচে৷ অকল নিজৰ বৰজীয়েকলৈহে দৰদ বুঢ়ীৰ। বাকীবোৰ মানুহেই নহয়, যেন কিনা গোলামহে।” 

জীৱনৰ অপৰাহ্ণ বেলাত আইতালৈ আপোন মানুহবোৰে অনা হৰলিক্স, বিভা, নেচটাম, ওটছ, মিঠাই, ফল-মূল এইবোৰ মামীয়েক অলকাই মনে মনে আইতাৰ চকুত ধূলি ছটিয়াই নিজৰ শোৱনিকোঠাত আৱদ্ধ কৰি থৈছিল৷ কলেজত নাম লগোৱা দিনলৈকে মাকণে দেখিছিল আইতাকে সৰু নালবিহীন কটাৰীখনেৰে লাও, কোমোৰা, শাক-পাত কুটি বোৱাৰীয়েকক ভাতমুঠি ৰন্ধা-বঢ়াত সহায় কৰি দিছিল৷ তথাপি বোৱাৰীয়েকে এৰা নাছিল বদনাম ৰটিবলৈ৷ 

স্নাতক চূড়ান্ত বৰ্ষ পাৰ হোৱাৰ পাছত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত মাকণে উচ্চশিক্ষা ল’বলৈ গুচি গৈছিল৷ শিক্ষা-দীক্ষাৰ মেটমৰা গুৰুদায়িত্ব লোৱাৰ পাছত সেৰেঙা হৈছিল মোমায়েকৰ ঘৰলৈ আহ-যাহ৷ মামীয়েকৰ শাহুৱেকৰ প্ৰতি আস্থাহীনতা তথা চৰম অনীহাই সীমাৰেখা অতিক্ৰম কৰিছিল৷ সকলো সময়তে তেওঁ ককৰ্থনাৰ বিস্ফোৰণেৰে আইতাক থকা-সৰকা কৰে৷ অলকাই বৃদ্ধাক পুষ্টিকৰ আহাৰ, শক্তিবৰ্ধক টনিক, অসুখ-বিসুখৰ বাবে ঔষধপাতি যোগান ধৰা ইয়াৰ এভাগো শুশ্ৰূষা নকৰিছিল৷ কেৱল এলাহৰ আচিলাৰে খুদ চাউলযুক্ত ভাত, কেচেলুৱা আধাসিজা ভাজি, পনীয়া দাইলহে ৰান্ধিছিল৷ 

আইতাক কোনোবা মিতিৰে সন্দেশ, গাখীৰৰ পেকেট বা ফল-মূল আনি দিলেও অলকাই গোপনে খাদ্যসামগ্ৰী নিজৰ তেনেতে এদিন আচম্বিতে অনল মোমায়েকে ফোন কৰিছিল যে আইতাকৰ টান নৰিয়া! সেয়ে মাজু জীয়েক অৰ্থাৎ মাকণৰ মাক পুষ্পাঞ্জলি আৰু নাতিনীজনীক চাবলৈ মাতিছে এবাৰ৷ নষ্টালজিয়াৰ ঘন কুঁৱলিত পুনৰ সৰাপাতৰ ডিঙা মেলি ঢলাসুঁতিলৈ সিহঁতে যাত্ৰা কৰিছিল৷ 

বহু বছৰৰ অপেক্ষাৰ অন্তত: জীয়েক, নাতিনীৰ উমাল সান্নিধ্যত আইতাক লীন গৈছিল অপত্য মমতাত৷ শীৰ্ণকায় আইতাৰ দেহত মঙহ নাছিলেই, যেন শুকান লঠঙা গছৰ ডাল এটাহে৷ 

“অ’ মাকণ, দিনচেৰেক ধৰি দেহাই টনালৈ দুইহাতেৰে আঁজুৰিলো, এতিয়া বিষে-কোপে নুকুলোৱা হৈছে।” 

এসপ্তাহ তাই আইতাকৰ সৈতে থাকিছিল৷ 

হৈমন্তী আইতকে দুৰ্বল আৰু নিশকতীয়া দেহাটোৰে ইফালে সিফালে যাব নোৱাৰি কেৱল পালেঙতে ৰেডিঅ’টো শুনি শুনিয়ে জীৱনৰ অপৰাহ্ণ বেলাৰ ক্ষণবোৰ কটাইছিল৷ আইতাকৰ মাজুল’ৰা জয়কণ বৰলা হৈ ৰোৱাৰ মানসিক চিন্তা, ডাঙৰ ল’ৰা অনলৰ বিয়াৰ সাত-আঠ বছৰ অতিবাহিত হোৱাৰ পাছতো সন্তান এটি জন্ম নোহোৱাৰ বাবেও অলপো অসন্তোষ নকৰিলে আইতাকে৷ অন্যহাতে চুবুৰীয়া জীয়াৰী-বোৱাৰীবোৰে অলকাক ’বাঁজী তিৰোতা’ বুলি ঠাট্টা-মস্কৰা, হেয়জ্ঞান কৰিলেও তিলমানো পৰিতাপ নাছিল হৈমন্তী আইতাৰ মনত৷ তেনেতে এদিন অনল মামাই পানীকেঁচুৱা এটি অনাথ আশ্ৰমৰ পৰা কোলাত লৈ আনিছিল আলফুলেৰে৷ সোণপোনা চন্দ্ৰকলাৰ দৰে বাঢ়িছিল৷ শিশুটিৰ কলকলনিৰে আইতাকৰ মনৰ একাকী ভাৱনা মষিমূৰ কৰি এমুঠি মমতাময়ী প্ৰশান্তিৰ ঢল বোৱাই আনিছিল৷ সোণপোনাক ঈচপৰ সাধু, পঞ্চতন্ত্ৰৰ সাধু, বুঢ়ী আইৰ সাধু, জাতক, বত্ৰিছ পুতলাৰ সাধু, লাই হিলালি গীত, নিচুকণী গীত গাই উমলাই আছিল৷ বহাগৰ এটি চনকা দুপৰীয়া নৰাৰ মেজিটোৰ ওপৰতে নাতিয়েকক বুকুতে সাৱতি, মাকণকো লগতে লৈ আইতাকে গোমা আকাশলৈ চাই তাক শিকাইছিল “ৰ’দালি এ ৰ’দ দে ’, আলিকাটি জালি দিম’ গাবলৈ৷  সোণপোনাক শিলৰ চিলথত স্বৰবৰ্ণ শিকাইছিল৷ তাৰ কণমানি গুলপীয়া হাতৰ মুঠিত এমুঠি বাদামগুটিও দিছিল সুমুৱাই! বহুপৰ হাঁহি-ধেমালিৰে পাৰ হ’লেও হঠাতে ৰণচণ্ডী মূৰ্তি ধৰি অলকা মামীয়েকে লাইশাক দুজোপা এহাতে লৈ দপদপাই আহিছিল কঁঠিয়নী বাৰীৰ পৰা৷ আহিয়েই ল’ৰাটোক চিলনীয়ে থাপ মৰাৰ দৰে আইতাকৰ বুকুৰ পৰা আঁজুৰি গৰজি উঠিছিল,  “খবৰদাৰ, মোৰ পোৰ গাত হাত নলগাব, আপোনাৰ দুতলীয়া আশীৰ্বাদ মোৰ ল’ৰাক নেলাগে।” 

নিৰ্বাক হৈ ৰোৱা আইতাৰ বয়:কুঞ্চিত দুচকুৰে অহৰহ বৈছিল অশ্ৰুৰ প্লাৱন৷ সেই নিৰ্মম ঘটনাৰ পাছত মাকণে উচ্চশিক্ষাৰ বাবে মহানগৰলৈ গমন কৰিছিল৷     

*********

 

“উৰ্মি, অথনিৰেপৰা মাতি আছোঁ, তুমি কি ভাবত বিভোৰ হৈ আছা?”

হঠাৎ স্বামী আকাশৰ মাতত মাকণ কল্পনাৰ ভাৰ্চুৱেল আকাশৰ পৰা কংক্ৰিট পৃথিৱীলৈ উভতি আহিল৷ তাইৰ এই পোছাকী নামটোও আইতাকেই মৰমতে দিছিল- উৰ্মিমালা৷ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ পাছত তাই জগন্নাথ বৰুৱা মহাবিদ্যালয়তে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা হিচাপে নিযুক্তি পাইছিল৷ লগতে বহুকেইখন গল্প সংকলন, উপন্যাস লিখি তাই ইতিমধ্যে অসমৰ এগৰাকী উল্লেখযোগ্য লেখিকা হিচাপে জনমানসত পৰিচিত হৈছিল৷  

“জানানে, মামীহঁত অৰণাচললৈ গুচি যোৱাৰ পাছত ককা-আইতাৰ কোনো খবৰ-খাতি নোপোৱাই হ’লোঁ?”

“তেওঁলোক অলকা মামীহঁতৰ ঘৰতে আছে, জুনুমাহীয়ে কৈছিল নহয় তোমাক।”

“তথাপি মাহীৰ মাতত যেন সত্যৰ উপস্থিতি নগণ্য।”

“মিছাতে অবান্তৰ চিন্তা নকৰিবাচোন।” 

আকাশৰ বুজনিয়ে ক্ষান্ত কৰিব পৰা নাছিল তাইৰ অশান্ত মনটো৷ মাহীয়েকে যেন পৰিস্থিতিৰ দাবীতে অনিচ্ছা সত্ত্বেও কিছুমান ভুল তথ্য দিছিল৷ কিয়নো এক অবোধগম্য শীতলতা আছিল মাহীৰ কথা-বতৰাত৷ আইতালৈ বেজাৰেৰে ভাৰাক্ৰান্ত মনটো অলপ মুকলি কৰাৰ প্ৰয়াসেৰে মাকণে সোমবাৰে শিৱদ’লতে দেৱাদিদেৱ মহাদেৱৰ চৰণত বন্তি এগছি দিয়াৰ সিদ্ধান্ত ল’লে৷  

   শিৱদ’লৰ কাষৰ ফুটপাথত অঘৰী জনতাৰ দীঘলীয়া লানি৷ দ’লটোৰ কাষে কাষে ধূপ-চাকি, মালা, ফল-মূল, মাটিৰ পাত্ৰ, ঘৰুৱা শাক-পাচলি, ফটোৰ, চশমাৰ দোকান মণিহাৰী, চাহ-তামোলৰ সৰু সৰু দোকানৰ পোহাৰ৷ নীলিম দিগন্তত এপাহ সুৰুযমুখীৰ পাহিৰ দৰে চপৰা চপৰে ধূসৰ ডাৱৰৰ চপৰাবোৰ গোট খুৱাইছে এটুকুৰা সৰু ডাৱৰৰ চৌপাশে৷ ইতিমধ্যে বতৰৰ গতি-মতি শোচনীয় হৈ পৰিছিল।ছিল৷ মাকণৰ চকু গৈছিল সন্মুখৰ ফুটপাথটোলৈ৷ খোজনীয়া মগনীয়া,  যাযাবৰীসকলৰ বসতিও সেৰেঙা৷ 

তেনেতে এটা বিকট দুৰ্গন্ধত তাই নাক কোঁচাই দিলে৷ এটা অচিন তীব্ৰ ভেকেটা ভেকেট পঁচা আৱৰ্জনাৰ দৰে গোন্ধ পথিকসকলৰ নাসাৰন্ধ্ৰ আৱৰি ধৰিছিল৷ ইতিমধ্যে দিগন্তত চাৰিটাকৈ শগুণ উৰি ফুৰিছিল৷ ধূসৰ আকাশ-বতাহ, গছে বিৰিখে ধূলিৰ চামনি৷ 

অন্য দৰ্শনাৰ্থীসকলেও ধূপ-চাকি জ্বলাবলৈ ঐতিহাসিক শিৱদ’ল প্ৰাংঙ্গনত সমবেত হৈছিল৷ ভেকেটাভেকেট গোন্ধটোৰ উৎস চলাথ কৰোঁতে মাকণৰ হঠাতে চকু গৈছিল ফুটপাথৰ ফালে৷ এহাল মগনিয়া, দুটামান ধূলি-মাকতিৰে খেলি থকা দৰিদ্ৰ শিশুৱে খিলখিলাই হাঁহিছিল৷ গোমা আকাশে চিপচিপকৈ বৰষিছিল৷ কিন্তু কমা নাছিল সেই অকটা গোন্ধটো৷ প্ৰশাসনে ফুটপাথৰ এচুকত ক’লা আৰোৱান পৰিহিত ফকিৰজনক হেঁচুকি জগাবলৈ চেষ্টা কৰিছিল৷ উৎকট লেতৰা গোন্ধৰ উৎস সেই জিম উঠা ফটা কঁঠাখনৰপৰাই গেলা গোন্ধটো বতাহত বিয়পিছিল৷ মানুহৰ জুম ঠেলি আৰক্ষীৰ দলে গুচাই পেলালে ফটা কঁঠাখন৷ বিভৎস সেই দৃশ্য বৰ্ণতাতীত কৰুণ আছিল৷ মাকণ ঠাইতে আকাশখন হুৰুসকৈ ভাগি পৰা লোকৰ দৰে আঁঠু কাঢ়ি ৰাস্তাতে বহি পৰিছিল৷ এয়া ভ্ৰম নে সত্য!  

আৰক্ষী আৰু নিউজ চেনেলৰ সাংবাদিকসকলে ফটো তুলিছিল অৰ্ধগলিত মৃতদেহটোৰ! এগৰাকী বৃদ্ধাৰ দ্বিখণ্ডিত এটি অৰ্ধগলিত মৃতদেহ৷ মুখমণ্ডল সম্পূৰ্ণভাৱে ক্ষত-বিক্ষত৷ মৃতদেহটো এসপ্তাহ পুৰণি৷ মৃতদেহৰ কাষতে পৰি থকা ডায়েৰীখন আৰক্ষীয়ে মাকণক গটাই দিছিল! য’ত মাত্ৰ এটা পৃষ্ঠাত লিখা আছিল৷   

চেনেহৰ মাকণ, 

 তই কিজানি ভাবিছ’ তোক মনত নেপেলাওঁ বুলি৷ তহঁতৰ মৰমবোৰে এই বুঢ়ীক জীয়াই ৰাখিছিল৷ চলনাময়ী অলকাই এদিন মোৰ নাকে-মুখে কাপোৰ বান্ধি, হাত-ভৰি কটকটীয়াকৈ বান্ধি কোঠালীতে দুৱাৰৰ চিটকিনী লগাই বন্ধ কৰি দিছিল৷ চাৰিদিন বুঢ়ীজনীক লঘোণত ৰাখি অকথ্য নিৰ্যাতন চলালে৷ মাকণ অ’ দুটা ক’লামূৰীয়া পালোৱানে মোক চোঁচৰাই গাড়ীত ভৰাই ফুটপাথত মেলি দিলে৷ অনলটো যেন এটা তেজপিয়া অসুৰলৈ ৰূপান্তৰিত হ’ল৷ ঘৈণীৰ কথামতে সিয়ো নিজ মাতৃক অত্যচাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে৷ মাকণ, তোৰ ককাই মোৰ এনে বিলৈ-বিপত্তি নেদেখিলে৷ তেওঁ অচিন ৰোগত সিফলীয়া হ’ল৷ 

ফুটপাথত মোক জাবৰৰ টোপোলাৰ দৰে দলিয়াই দিলে অ’, মাকণ মোৰ উশাহ-নিশাহ চুটি হৈ আহিছে৷ গা-মূৰত কঁপনি উঠিছে৷ মোক লৈ যোৱা ঈশ্বৰ, মুক্তিৰ পথ দেখুৱা!”

 ইতি 

তোৰ দুৰ্ভাগিনী 

আইতাৰ

 

“হৈমন্তী আইতা।’ তোমাক ঘূৰাই বিচাৰোঁ।’

মাকণে সেই অৰ্মৃধগলিত তদেহটো সবটি ধৰি কান্দোনত গছৰ পাত সৰাইছিল৷ সংবাদিকসকলৰ উপৰি স্থানীয় ৰাইজে তাইৰ পৰিচয় জনাৰ পাছত দ’লৰ ওচৰতে মাটিৰ চাকি বেচা ৰুক্মিণী নামৰ হৰিজন তিৰোতাজনীয়ে কৈছিল যে দুটা মানুহে বোলে এদিন নিশা আইতাকক ফুটপাথতে গেলা-পঁচা সামগ্ৰীৰ দৰে পেলাই থৈ গৈছিল দুমাহমানৰ পূৰ্বে৷ তেওঁ ওৰে দিনটো সৰু  বহীখনত কিবা লিখিছিল আৰু ভোকত কলমলোৱা পেটটো খামুচি হলহলাই বমি কৰিছিল৷ মগনীয়া চন্দাই হেনো তেওঁক ফটা 

কঁঠা এখন দিছিল৷ তাকে মেৰিয়াই এমাহ অকল দৰ্শনাৰ্থীয়ে দলিওৱা দুপইচাৰে কিবা এটা, কোনোবাই আদৰতে দিয়া একোচকল পুৰণা ব্ৰেড, পঁচা ভাত একোমুঠি, কোনোদিনা পানী একোচলুহে পাইছিল খাবলৈ৷ দুসপ্তাহমান জ্বৰো হৈছিল বোলে৷ 

তাৰ পাছতে যোৱা এসপ্তাহে কাপোৰৰ তলতে ফুটপাথৰ উতলা গৰমত মৰিও গলি গ’ল নশ্বৰ শৰীৰটো! 

তাইৰ পৰা অভাগিনী আইতাকৰ শোকগাঁথা শুনি মাকণে হুৰাওৰাৱে ৰাউচি জুৰিছিল৷ 

মাকণৰ হাত-ভৰি জঠৰ হৈ যেন এছটা কাঠ হৈ পৰিল৷ কংক্ৰিটৰ নিষ্ঠুৰ কালচক্ৰত নি:শেষ হৈ গ’ল এজনী সৰল অন্তৰৰ হৈমন্তী! ভাঙি থৈ গ'ল মাকণ নামৰ কোনেও উপলব্ধি কৰিব নোৱৰা এটা আহত সত্তা। 

সেই সময়ত কিজানি পৃথিৱী কঁপাই বতাহত উৰিছিল মৃত্যুৰ ৰণচালি! তেতিয়াৰপৰাই কিজানি বতাহজাক বলি আছে। নিৰ্মম বতাহজাক। 

তাই আইতাকৰ এই অমানৱীয় মৃত্যুত বিকল যন্ত্ৰৰ দৰে হৈ পৰিল৷ নিৰ্যাতিতা হৈমন্তী আইতাৰ নিষ্পেষিত জীৱন পৰিক্ৰমাৰ দাস্তান কলমেৰে নিগৰাৰ বাহিৰে যে তাই যে নিৰুপায়, তায়ো যে অতিশয় দুৰ্ভগীয়া

<!—next-prev and print-->

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ