অন্যযুগ/


মাক-কথা : Unfolded Stories of a Mother

ৰত্নোত্তমা দাস বিক্ৰম

 

প্ৰথমাংশ, পঞ্চম অধ্যায়

নতুন খোজবোৰ

 

 

কোনজনা ভগৱানক কোনে পূজিছে, কোনখন ধৰমপুথি কোনে মানিছে -এইবোৰৰ পৰা মই যোজন দূৰত৷ মন্দিৰ-মছজিদ-গীৰ্জা-নামঘৰ সকললৈকে শ্ৰদ্ধা ৰাখিও ক’লৈকো মই নিয়মীয়াকৈ গৈ পোৱা নাই৷ যি পাৰোঁ, কিতাপবোৰ অলপ হ’লেও পঢ়িছোঁ৷ পঢ়ি তাত থকা ভাল জীৱন এটা জীয়াই থকাৰ মন্ত্ৰসমূহত মুগ্ধ হৈছোঁ৷ তাত থকা অলেখ কাহিনীবোৰত শিহৰি উঠিছোঁ৷ কেতিয়াবা অনন্দত, কেতিয়াবা আশ্চৰ্যত৷ আৰু এটা আটাইতকৈ সৰল কথা কেতিয়াও বুজি পোৱা নাই যে কিয় মানুহে বিশ্বাসক অবিশ্বাস কৰি তোৰ ভগৱান-মোৰ ভগৱান ভাগ কৰি খিয়লা-খিয়লি কৰি পৃথিৱীলৈ নৰক মাতে৷ বাৰু এইবোৰ কথা বাদ, কওঁ তাৰ পাছত কি হ’ল৷            

তাৰ পাছত আমি দুয়ো মন্দিৰটোলৈ সোমাই গ’লোঁ৷ ওহোঁ, দুয়ো নহয়, তিনিও৷ মোৰ মাজত আমাৰ কণমানি৷ যদিও তেতিয়ালৈ মই আচলতে শাৰীৰীকভাবে বৰ বিশেষ একো একো পাৰ্থক্য অনুভৱ কৰা নাই, মন-মানসত কিন্তু অনবৰতে এটা নতুন অনুভৱ৷ নতুন খবৰটো জনা মাত্ৰ কেইদিনমানহে হৈছিল৷ ঘৰৰ মানুহবোৰৰ উলাহৰ লগতে চিন্তা, আমি দুটাই দূৰত অকলে কেনেকৈ কি চম্ভালিব পাৰিম৷ তাতে আমি দুয়োটাই বহেমিয়ান স্বভাৱৰ ঘৰ-সংসাৰৰ আও-ভাও নজনা আৰু জানিবও নিবিচৰা প্ৰকৃতিৰ মানুহ৷ এনেকুৱা মানুহ এহাল যেতিয়া মাক-দেউতাক হ’বলৈ আগবাঢ়ে, তেতিয়া চিকিৎসা ব্যৱস্থাত আস্থা অধিক হয়৷ তাতে মোৰ মানুহজন যিহেতু চিকিৎসক, আমি মূলত স্বাস্থ্যবিধি আৰু চিকিৎসকৰ পৰামৰ্শ পালন কৰিয়েই নমহীয়া যাত্ৰাটোলৈ সাজু হৈছিলোঁ৷ বেলেগকৈ কোনো ধৰণৰ নিয়ম-নীতি-ৰীতি আমি কৰা নাছিলোঁ৷ কিন্তু কমলা নেহেৰু ৰিজ্জৰ সেই হাবিয়নিৰ মাজেৰে গৈ সেই প্ৰাচীন মন্দিৰটো আৱিষ্কাৰ কৰাৰ দিনা হঠাতে মোৰ মনলৈ আহিল, খবৰটো জনাৰ পাছতচোন মোৰ মনলৈ আপোনা-আপুনি মোৰ মনলৈ নাৰায়ণপুৰৰ মাধৱদেৱ থানৰ বাটচৰা আৰু মণিকূটৰ সিংহাসনভাগ মনলৈ আৰু কথাটো মই একপ্ৰকাৰ পাহৰিয়ে আছিলোঁ৷

 

মন্দিৰটোলৈ সোমাই যোৱাৰ বাটচৰা বা কোনো তোৰণ নাছিল৷ মদৰুৱা ধূতি আৰু উদং দেহত ৰঙা-কমলা উত্তৰীয় মেৰিয়াই লোৱা পূজাৰীজনে আকৌ এবাৰ টিলিঙা বজালে৷ আমি একো নোকোৱাকৈয়ে তেওঁ আমাৰ হাতত অলপ ফুল আৰু প্ৰসাদ দিলে৷ সাধাৰণতে মই য’তে যাকেই লগ পাওঁ, কথা পাতোঁ, কথা সোধোঁ৷ কিন্তু সেইদিনা সেই পূজাৰীজনৰ সৈতে মই এটা বাক্যও বিনিময় কৰা নাছিলোঁ৷ (পাছত অৱশ্যে সেইফালে আমি পুনৰ গৈছিলোঁ আৰু তেওঁৰ লগত কথাও পাতিছিলোঁ৷) কাৰণ সেইদিনা ৰাতিপুৱাৰ গোটেই কাৰবাৰটো, গোটেই পৰিৱেশটো মোৰ চ্যাৰীয়েল যেন লাগিছিল৷ সৰু মন্দৰটোৰ সৰু ঘন্টা আৰু টিলিঙাৰ শব্দৰ বাহিৰে আৰু আন কোনো শব্দৰে মই সেই পৰিৱেশটো ভাঙি দিব দিব বিচৰা নাছিলোঁ৷ অঁ, অদূৰত ময়ূৰবোৰৰ কৰ্কশ মাত আৰু জনা-নজনা অলেখ চৰাইৰ কাকলিবোৰ আছিল৷  কমলা নেহৰু ৰিজ্জত সেয়া প্ৰায় সকলো সময়তে থাকেই৷ কেতিয়াবা তাৰ মাজতে বান্দৰৰ খেক্-খেকনিও থাকে৷ সাউৎকৈ পাৰ হৈ যোৱা কেৰ্কেটুৱা এটাই শুকান পাতবোৰত খৰ্খৰণি তুলি যায়৷ ক’ৰবাৰ পৰা ঢপ্‌ঢপাই উৰি আহি ময়ূৰ এটা হুৰুস্‌কৈ গছৰ ডালত বহে৷ গহীনকৈ বনাই ফুৰা চিলনী একোজনী চোঁ মাৰি আহি ওচৰতে পৰেহি৷ শব্দ হয়৷ নৈঃশব্দ বঢ়াই তোলা শব্দ৷ মোৰ ভাল লাগে৷ মনে মনে তলপেটটো অকণমান চুই সোধোঁ, তুমিও শুনিছা নে? আৰু পাছ মুহূৰ্ততে ভাবোঁ, অ’হ্! মোৰ জৰায়ুৰ উমৰ মাজত তুমিতো এতিয়াও কণমাণি বীজ এটাৰ মানহে!

মোৰ স্বপ্নৰ বীজ৷ মোৰ সকলো সকলো ভ্ৰমৰ উৰ্ধত আটাইতকৈ সুন্দৰ সত্য সেয়া৷

ৰিজ্জৰ উপৰি আমি নিয়মীয়াকৈ ৰাতিপুৱা খোজ কাঢ়িবলৈ গৈছিলোঁ আমাৰ দিল্লী বিশ্ববিদ্যালয়ৰ উদ্যানলৈ৷ আমাৰ এইটো পৰিসৰত, মানে মেইন কেম্পাছ বা নৰ্থ কেম্পাছত দুখন নাতিবৃহৎ উদ্যান আছে৷ উপাচাৰ্যৰ কাৰ্যালয়ৰ ঠিক সমুখতে থকা জৱাহৰ গুলাব ৱাটিকা আৰু তাৰ সমুখত থকা ৰাস্তাটো পাৰ হৈ থকা মোগল গাৰ্ডেন (পাছলৈ গৌতম বুদ্ধ উদ্যান)৷ ইয়াৰ ওচৰে পাজৰে আছে আছে কেইবাটাও বিভাগ আৰু কাৰ্যালয়৷ আটাইতকৈ বিশাল আৰু দৃষ্টিনন্দন উপাচাৰ্যৰ কাৰ্যালয় থকা ভৱনটো৷ ইতিহাসৰ বহু ঘটনাৰ সাক্ষী এই ভৱনটো পূৰ্বে বৃটিছ ভাইছৰয়ৰ অফিছ আৰু বাসগৃহ আছিল৷ পুৰণা বৃটিছ ঔপনিৱেশিক অৰ্হিৰ এই প্ৰকাণ্ড শুধ বগা ভৱনটো ভাইছ ৰিগেল লজ্জ্ বুলিও জনা গৈছিল৷ গোটেই এলেকাটোতে আছে বহুতো গছ৷ বাগিছাখনত আছে ওখ ওখ বটল পামৰ শাৰী৷ বিশেষকৈ শীতকালি অলেখ ঋতুফুলেৰে এই এলেকাবোৰ, বিশেষকৈ বাগিছা দুখন উপচি থাকে৷ কোনোবাই যেন বাগিছাখনৰ বুকুত ফুল বচা দোপাট্টা একোখনহে পিন্ধাই দিয়ে৷ সেউজীয়া ঘাঁহনিবোৰত পাৰি ফুলৰ বিচনা চাদৰ একোখন৷ ক’ৰবাৰ পৰা টুকুৰিয়ে-টুকুৰিয়ে ফুলবোৰ আনি যেন য’তে-ত’তে পেলাই দিছে আৰু তাতে সিহঁত ঠেলা-হেঁচা কৰি হাঁহি-হাঁহি বাগৰি পৰিছে৷

কিন্তু আমি যেতিয়া এই ধুনীয়া ধুনীয়া ঠাইবোৰত নিয়মীয়াকৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিলোঁ, তেতিয়ালৈ শীতৰ ঋতুফুলৰ বতৰ নিজাৰ পৰিছিলগৈ৷ আৰম্ভ হৈছিল বসন্ত আৰু গ্ৰীষ্মৰ যুগলবন্দী৷ যুগলবন্দী বুলি এই কাৰণেই কৈছোঁ, দিল্লীত গ্ৰীষ্মকালত যিহেতু বেছ গৰম পৰে, বসন্তৰ দিনবোৰৰ পৰাই গৰম আৰম্ভ হৈয়েই যায়৷ কিন্তু তাৰ মাজতো প্ৰকৃতিয়ে নিজৰ মতে উজাৰি দিয়াত কাৰ্পণ্য নকৰে৷ আমাৰ বিশ্ববিদ্যালয়ৰ পৰিসৰত এই কথাষাৰ অলপ বেছিকৈয়ে প্ৰযোজ্য৷

খোজকাঢ়ি উভতি আহোঁতে ৰাস্তাৰ কাষৰ এঠাইত সদায়ে ডাব নাৰিকলৰ পানী খাওঁ৷ দোকানী আকৌ মই দিল্লী বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ছাত্ৰী হৈ থকা দিনৰে চিনাকি৷ লাহে লাহে মোৰ খোজবোৰ গধূৰ হৈ আহিছিল৷ খোজ কঢ়াৰ এই পৰিক্ৰমাটো গৰ্ভাৱস্থাৰ একেবাৰে শেষলৈকে অব্যাহত ৰাখিছিলোঁ৷ প্ৰতিটো ঋতুৰে পৰিবৰ্তনবোৰ মোৰ চকুত আৰু বেছিকৈ পৰিছিল৷ মোৰ খোজবোৰৰ সংগী বিক্ৰম মোৰ দৰে প্ৰকৃতি-পাগল নহয় যদিও মই লক্ষ্য কৰা কথাবোৰ তেওঁকো কৈছিলোঁ, আঙুলিয়াই দেখুৱাইছিলোঁ গছ ঢাকি মলিউৱা আম ফুলবোৰ, আকাশৰ নীলাৰ সৈতে ফেৰ মাৰি ফুলা ৰঙা কৃষ্ণচূড়া আৰু হালধীয়া সোণাৰুবোৰ৷ আৰু প্ৰায়ে ভাবিছিলোঁ, এদিন এই ৰাস্তাবোৰত আমাৰ কণমানিকণে মোৰ আঙুলিত ধৰি খোজ কাঢ়িব আৰু মই আঙুলিয়াই দেখুৱাম গছবোৰ, ফুলবোৰ, কেৰ্কেটুৱাবোৰ আৰু পৰুৱাৰ লানিবোৰ৷ এই ভাবটোৱে মোক ভৰাই ৰাখিছিল৷

আটাইকৈ ডাঙৰ কথা, নতুন খোজেৰে আৰম্ভ কৰা এই গোটেই পৰিক্ৰমাটোৱে মোত খোজবোৰ সলনি কৰি পেলাইছিল৷ মোৰ অসাৱধান, অমনোযোগী খোজবোৰ, যাৰ কাৰণে মই অ’ত-ত’ত উজুটি খাই পৰি থাকিছিলোঁ, সেই খোজবোৰ মোৰ নোহোৱা হ’ল৷ মোৰ কণমানিকণৰ কাৰণেই মই নতুন খোজবোৰ পাইছিলোঁ৷ মই নিজে আচৰিত হওঁ, তাৰ পাছৰ পৰা এতিয়ালৈকে এবাৰো সেই আগৰ দৰে কোনো কাৰণ নোহোৱাকৈয়ে মই উজুটি খাই পৰা নাই৷

***

ফোন- ৯৮৬৮০২৩৪৮৪

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ