অন্যযুগ/


মাক-কথা : Unfolded Stories of a Mother

 ৰত্নোত্তমা দাস বিক্ৰম


প্ৰথমাংশ, সপ্তম অধ্যায়

 

মই পুনৰ এবাৰ উপজিবৰ আয়োজন

 

“Every May, something extra-ordinary happens …”

টেম্‌চুলা (টেম্‌চিলা) আওৰ গল্প এটা এনেদৰে এইটো বাক্যৰেই আৰম্ভ হয়৷ গল্পটোত কোৱা মে’ মাহত ঘটা ‘extra-ordinary’ পৰিঘটনাটো হ’ল, মে’ মাহতে ডাল ভৰি ভৰি সোণাৰু ফুলাটো৷ সোণাৰু, কৃষ্ণচূড়া, আজাৰে বুকু উজাৰি বিলোৱা জাক্‌জমক্ বৈভৱৰ প্ৰেমত পৰিবলৈ অন্ততঃ আমি অসমৰ মানুহবোৰক গান-ছবি-গল্প-কবিতা নালাগেই, স্বয়ং সেই ফুলতী গছবোৰেই যথেষ্ট৷ কিন্তু টেম্‌চুলা আওৰ laburnum for my Head শীৰ্ষক সেই বিশেষ গল্পটো পঢ়াৰে পৰা সোণাৰু আৰু মে’ মাহৰ সংযোগটো বেছিকৈ চকুত পৰিবলৈ ল’লে৷

 

মোৰ কণমানিকণ পৃথিৱীলৈ অহাৰ আগৰ মে’ মাহৰ কথাটো বাৰু কোৱা হ’লনে? কথাটো আছিল, সেইটো মে’ মাহতে মই নতুনকৈ আৱিষ্কাৰ কৰিছিলোঁ আমাৰ দিল্লী বিশ্ববিদ্যালয়ৰ চৌহদৰ নিচেই কাষতে থকা কমলা নগৰ নামৰ বজাৰখনলৈ যোৱাৰ বাংলো’ ৰ’ড নামৰ ৰাস্তা এটাৰ এডোখৰ ঠিক মে’ মাহতে হঠাতে সোণাৰু ফুলেৰে উপচি পৰে৷ গছবোৰ, ফুলবোৰ, পাতবোৰ সদায়েই পিত্‌-পিত্‌কৈ চাই ফুৰোঁ, বিচাৰি ফুৰোঁ৷ ক’ত কি ফুলে, ক’ত কি ফল ধৰে, ফল খাবলৈ, গুটি খাবলৈ কেতিয়া কোনবোৰ চৰাই-চিৰিকতি, আহে এইবোৰ খবৰ মই জানো৷ গতিকে, আমাৰ পৰিসৰৰ নিচেই কাষতে থকা কমলা নগৰলৈ যোৱা বাংলো’ ৰ’ডৰ সোণাৰুকেইজোপাও মই নিশ্চয় বহু আগৰে পৰা চিনি পাইছিলোঁ৷ সিহঁতে সোণ-হালধীয়াৰ পোহাৰ মেলাৰ কথাও মই জানিছিলোঁ৷ কিন্তু মে’ মাহটোত এদিন হঠাতে যেন প্ৰথমবাৰৰ কাৰণেহে দেখিলোঁ (নে আচলতে নতুনকৈ দেখিলো?) গোটেই ৰাস্তাটোত যেন কোনোবাই পাচিয়ে পাচিয়ে হালধীয়া আনি আকাশ আৰু পৃথিৱী ওপচাই পেলাইছে৷ মই গাড়ীখন ৰাস্তাৰ একাষে ৰখাই সেই স্বৰ্ণাভ প্ৰাচুৰ্য চাই ৰ’লোঁ৷ কিমান দেৰি চাই আছিলোঁ, কি কি বা ভাবি আছিলোঁ মোৰ মনত নাই, কিন্তু মনত আছে, গাড়ীৰ বনেটত এপাহ এপাহকৈ সোণাৰু সৰিছিল৷ এই কামটো মই প্ৰায়ে কৰোঁ, জানি-বুজিয়ে পকা জামুৰে ভৰি থকা জামুগছৰ তলত গাড়ীখন ৰাখোঁ, যাতে টপৰ্‌-টপৰ্‌কৈ সৰি পৰা জামুবোৰে গাঢ় বেঙুনীয়া চেকাবোৰ গাড়ীখনত লাগে৷ এই কথাটো কিবা প্ৰসংগক্ৰমে মিলান কুন্দেৰাৰ বিষয়ে বিশেষ লেখা এটা লিখোতেও উল্লেখ কৰিছিলোঁ৷ প্ৰায়ে ভাবোঁ, আমাৰ দিল্লী বিশ্ববিদ্যালয়ৰ পৰিসৰটো ইমান গছ-গছনিৰে ভৰা নোহোৱা হ’লে মই মোৰ এইবোৰ প্ৰিয় কাম কৰাৰ হেঁপাহ পলুৱাব কেনেকৈ পাৰিলোঁহেতেন?

 

ঠিক এনেকুৱা এপ্ৰিল-মে’ মাহতে আৰম্ভ হোৱা মাহত মোৰ জীৱনৰ আটাইতকৈ বিশেষ, আটাইতকৈ ধুনীয়া যাত্ৰাটো চলি থাকিল৷ ঘৰৰ পৰা নিলগত, পৰিয়ালৰ মানুহবোৰৰ পৰা দূৰত, ৰাজধানী চহৰখনৰ মাজ-মজিয়াতো মই মোৰ প্ৰিয়তম প্ৰকৃতিৰ সান্নিধ্যত সেই যাত্ৰা কৰি থাকিলোঁ৷ আৰু যাত্ৰাকালচোৱাত মই আৱিষ্কাৰ কৰিলোঁ যে মোৰ শৰীৰটোৰ লগতে মন আৰু অনুভূতিবোৰো যেন লাহে লাহে সলনি হৈ আহিছিল৷ আচলতে সেই মে’মহীয়া দুপৰীয়াটোত বাংলো’ ৰোড নামৰ ৰাস্তাটোৰ কাষত উজ্বল নীলা আকাশৰ পটভূমিত সোণ-হালধীয়া ফুলে জক্‌-মক্‌ সোণাৰুকেইজোপা দেখি ৰৈ যোৱা ঘটনাটোৰ লগত মোৰ নতুন আৱিষ্কাৰটো সম্পৰ্কিত৷ কেনেকৈ সম্পৰ্কিত, সেয়া কৈ আছোঁ৷ এতিয়া উভতি চাই ভাব হয়, সেই নমহীয়া যাত্ৰাকালত মোৰ বিভিন্ন ইন্দ্ৰিয়সমূহ যেন অধিক সক্ৰিয় হৈ উঠিছিল৷ ৰংবোৰ যেন বেছি উজ্জ্বলকৈ দেখিছিলোঁ, শব্দবোৰ যেন বেছি স্পষ্টকৈ শুনিছিলোঁ, গোন্ধবোৰ বেছি তীব্ৰতাৰে অনুভৱ কৰিছিলোঁ৷ (অ’হ, ক’লোঁ নে বাৰু, সেই যে প্ৰথম ত্ৰিমাসিকটোত দাইলৰ গোন্ধ পালেই ওকালিৰ ভাব অহাটো!) আৰু আনন্দ, বিষাদৰ অনুভূতিবোৰ অধিক গভীৰ, অধিক সিক্ত হৈ পৰিছিল৷ ভাগৰ যিমানে বাঢ়িছিল, উদ্যমো সিমানে বাঢ়িছিল৷ আচৰিত, আচৰিত! প্ৰকৃতিয়ে যেন মোক নতুনকৈ গঢ়িবলৈ আৰম্ভ কৰিছিল৷ মই যেন লেটা (ককুন) এটাৰ ভিতৰত থকা পিউপা এটা, ক্ৰিছেলিস৷ ক্ৰিছেলিসৰ পাছৰ স্তৰটোতে পলু এটাই মথ বা পখিলাৰ ৰূপ লৈ পুনৰ জনম লয়৷ গৰ্ভধাৰণৰ নমহীয়া যাত্ৰাটোত সম্পূৰ্ণ নতুন ৰূপ এটা লৈ পুনৰ এবাৰ উপজিবলৈ মই যেন সাজু হৈছিলোঁ৷

 

কিন্তু এনে নহয় যে আশ্চৰ্য আৰু ঐশ্চৰ্যৰে ভৰা সেই অভিনৱ যাত্ৰাটো কেৱল পখিলাৰ পাখিৰ ৰং, লাস্য আৰু উলাহেৰে ভৰা আছিল৷ কেতিয়াবা কিছু শাৰীৰিক অসুবিধাও পাইছিলোঁ৷ কেতিয়াবা দুখবোধ আৰু নিঃসংগতাৰ অনুভৱে মনটো কোঙা কৰিবলৈ চল বিচাৰি চোপ লৈ আছিল৷ তেতিয়া মোৰ শল্য চিকিৎসক মানুহজনে দক্ষিণ দিল্লীৰ মেক্স হস্পিতেলত কৰ্কট ৰোগৰ শল্য চিকিৎসা বিভাগৰ ডি. এন. বি. কৰি আছিল৷ তেওঁ তেতিয়া প্ৰায়ে নাইট ডিউটিও কৰিব লগা হৈছিল৷ এনেয়েও তেওঁৰ বিষয় তথা বিভাগটোৱে (অংকচাৰ্জাৰী) অতিশয় ব্যস্ততা দাবী কৰে৷ তাতে আকৌ আমাৰ বিশ্ববিদ্যালয়ৰ পৰিসৰৰ পৰা তেওঁৰ হস্পিতেললৈ দূৰত্বও অধিক৷ পুৱাতে ওলাই গৈ দেৰিকৈ, কেতিয়াবা বহু দেৰিকৈ ঘৰলৈ উভতিবলগা হয়৷ মই প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ বা আন কোনো কামত ওলাই গৈ যেতিয়া উভতি আহোঁ, প্ৰত্যেকবাৰেই মই ঘৰৰ তলাটো খুলিবলগা হয়৷ সেই দিনবোৰত এই কামটো কৰি মই একবাৰে ভাল পোৱা নাছিলোঁ৷ ঘৰত কোনো নাথাকে৷ ঘৰৰ তলা খুলি হু হু শূন্যতা৷ ঘৰটো যিহেতু চতুৰ্থ মহলাত, ছাদৰ তলত, ইমানবোৰ চিৰি বগাই মোৰ ভাগৰ লাগে৷ হাতত, কান্ধত এবোজা কিতাপ, লেপটপ, পানীৰ বটল, খোৱাবস্তু৷ তলা খুলি ঘৰ সোমাওঁ৷ আমাৰ কেম্পাছটো নিৰ্জন৷ চৰাইৰ মাত৷ কেতিয়াবা পাচলি বিক্ৰেতা, ফল বিক্ৰেতাত একোটা চিনাকি ৰিং৷ ওচৰতে থকা স্কুল কেইখনৰ পৰা অহা শব্দবোৰো নিজান পৰে৷ তেনেকুৱা সময়বোৰতে মোৰ অনুভৱ হয়, মই ঘৰৰ পৰা ইমান দূৰত… মোৰ বাঢ়ি অহা উদৰৰ সৈতে মোৰ নতুন গৰবিনী ৰূপটো মোৰ পৰিয়ালৰ মানুহবোৰে দেখাই নাইচোন৷ কেতিয়াও কোনো ৰীতি-নীতিক লৈ অলপো ব্যস্ত নথকা মোৰ দৰে মানুহজনীৰ মনলৈ এদিন হঠাতে এটা ভাব আহিল, মোৰ গৰ্ভাৱস্থাত মোকনো কোনে পঞ্চামৃত খুৱাব? গোটেই গৰ্ভাৱস্থাটোতে কোনো খোৱাবস্তুৰ প্ৰতি বিশেষ ক্ৰেভিং নোহোৱাকৈয়ে পাৰ হৈছিল যদিও কিয় জানো সেই সময়ত মোৰ মন গৈছিল ‘পঞ্চামৃত’ খাবলৈ! এতিয়া ভাবি চালে বুজি পাওঁ, আচলতে মোৰ মনে বিচাৰিছিল মোৰ মানুহজনৰ বাহিৰেও মোক কোনোবাই আদৰ কৰক, মোৰ বিশেষ সময়চোৱাক বিশেষভাৱে গুৰুত্ব দিয়ক৷ দিল্লীত মোৰ বৃত্তটোৰ মানুহবোৰে মোক নিশ্চয় আদৰ কৰিছিল, কিন্তু মোৰ মনে বিচাৰিছিল আৰু অলপ, আৰু অলপ৷ সাধাৰণতে মানুহৰ পৰা খুব কম এক্সপেক্‌টেশ্বন ৰখা মই মোৰ এই আকাংক্ষাৰ কথা কাকো একোৱেই কোৱা নাছিলোঁ৷

 

কিন্তু মোৰ ক্ষেত্ৰত এনে হৈছিল যে অৱশেষত মই এবাৰ দুবাৰ নহয়, চাৰিবাৰ ‘পঞ্চামৃত’ খাবলৈ পালোঁ! এদিন মোৰ গুৰু পট্টনায়ক ছাৰৰ বাইদেৱে মোক আৰু বিক্ৰমক প্ৰথমেই ভাত খাবলৈ মাতিলে৷ কিন্তু সেয়া ‘পঞ্চামৃত’ নাছিল৷ মোলৈ বুলি প্ৰথম পঞ্চামৃতৰ টোপোলা লৈ আনিলে অস্মিতা নামৰ সৰু ছোৱালী এজনীয়ে৷ তাইক গুডী বুলি মাতোঁ৷ তাই তেতিয়া আমাৰ দিল্লী বিশ্ববিদ্যালয়ৰ ভাষাবিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰী৷ তাইৰ লগতে তাইৰ ভনীয়েক পিকুও অহাৰ কথা আছিল যদিও মাহেকীয়া হোৱাৰ কাৰণে মাক আৰু আইতাকে তাইক আহিবলৈ মানা কৰিছিল৷ মই গোটেই কাৰবাৰবোৰ আমোদেৰে লক্ষ্য কৰি আছিলোঁ৷ মোৰ ক’ব লগা একো নাছিল৷ অ’, গুডীহঁতক আনি কেনেকৈ চিনি পাওঁ কৈ লওঁ৷ মোৰ ভাইটি আৰু ভণ্টী  কটনত পঢ়ি থকাৰ সময়ত সিহঁত দুটা গুড্ডীহঁতৰ উজানবজাৰৰ ঘৰৰ ভাৰাঘৰত আছিল৷ তেতিয়া মই গুৱাহাটি বিশ্ববিদ্যালয়ৰ আৰ.চি.চি.-টু ছাত্ৰীনিৱাসত৷ উজানবজাৰলৈ মোৰ সঘন আহ-যাহ৷ প্ৰায়ে তাতে থাকোঁগৈ৷ আমাৰ ঘৰখনৰ সৈতে একেবাৰে আপোন সম্পৰ্ক গঢ় উঠাৰ লৈ মূল কাৰক আছিল গুডীৰ মাক, আমি যাক আমি আণ্টি বুলি সম্বোধন কৰোঁ৷ আমি বাই-ভনী-ভাই তিনিওটাকে “ভদ্ৰ আৰু পঢ়া-শুনাত ভাল ল’ৰা-ছোৱালী” বুলি উজানবজাৰত জহাই ফুৰা আৰু আমাক খুউব মৰম কৰা আণ্টিৰ কথা, উজানবজাৰৰ দিনবোৰৰ তিতা-মিঠা কথাবোৰ এদিন লিখিম৷ সেই আণ্টিয়েই বৰজীয়েক গুড্ডীৰ হাতত মোৰ পঞ্চামৃতৰ ভাৰ দি পঠালে৷ মাক আৰু আইতাকে (আন্টিৰ মাক) শিকাই দিয়া ধৰণেই তাই আহি মোৰ ঘৰত পাঁচ বিধ ফল, পাঁচ বিধ মিঠাইৰে সৈতে প্ৰসাদ সজাই চাকি জ্বলাই মোক ঘিঁউ, মৌ, চেনি, দৈ আৰু গাখীৰৰ মিশ্ৰণ খাবলৈ দিলে৷ মাকে মোলৈ বুলি উপহাৰ দি পঠোৱা মেখেলা-চাদৰযোৰ পিন্ধাই ফটো তুলিলে৷ সেয়া আছিল মোৰ প্ৰথম পঞ্চামৃত পৰ্ব৷ পৰ্বটো আছিল ব্যতিক্ৰম৷ সাধাৰণতে অবিবাহিতা ছোৱালী এজনীয়ে তেনেকৈ অকলে আহি পঞ্চামৃত নুখুৱায়৷ কিন্তু মোক ‘বিশেষ’ অনুভৱ কৰোৱা গোটেই কাৰবাৰটো মই উপভোগ কৰিছিলোঁ৷

 

তাৰ কিছুদিন পাছতে SAARC Literature Festival ভাগ ল’বলৈ বুলি দিল্লীলৈ আহিল লুট্‌ফা বাইদেউ৷ মোৰ কটন কলেজৰ দিনৰ শিক্ষক লুট্‌ফা বাইদেউ৷ (ড° লুট্‌ফা হানুম ছেলিমা বেগম) মোৰ বিয়াৰ আঠমঙলাৰ আয়োজন বাইদেৱেই তেওঁৰ দীঘলীপুখুৰীৰ পাৰৰ কটন কলেজৰ কোৱাৰ্টাৰটোতে কৰিছিল৷ সেয়াও এক কাহিনী৷ আমাৰ বিয়াখন যিহেতু গুৱাহাটিত হৈছিল, আমাৰ লখিমপুৰৰ মানুহখিনি আহি গুৱাহাটিত বাহৰ পাতিবলগা হৈছিল৷ মোৰ মা আৰু লুট্‌ফা বাইদেউৰ ইচ্ছাত বাইদেউৰ ঘৰখনকে ‘কইনাৰ মাকৰ ঘৰ’ বুলি ধৰি আঠমঙলাৰ ‘নিয়ম’টো অনিুষ্টুপীয়াকৈ কৰা হৈছিল৷ সংযোগবশতঃ সেই সময়তে বাইদেউ দিল্লীলৈ আহিল আৰু আহিয়েই তেওঁ মোক পঞ্চামৃত খুৱাবৰ যোজা কৰিলে৷ বাইদেৱে যিদৰে সুন্দৰ কবিতা লিখে, শ্ৰেণীকোঠাত যিদৰে আকৰ্ষণীয় ক্লাছ লয়, সেইদৰেই অতি সুস্বাদু ৰান্ধিবও জানে আৰু সেই ৰন্ধাবোৰ চকুত লগা ধৰণেৰে পৰিৱেশন কৰিবও জানে৷ বাইদেৱে মোৰ ঘৰতে মোৰ বাবে ৰান্ধিলে৷ পঞ্চ অমৃত মিশ্ৰণৰ যোগাৰ কৰিলে৷ আৰু থাপনা এখন পাতি চাকি এগছি জ্বলাই দুচকু মুদি প্ৰাৰ্থনা কৰিলে৷ মই মোৰ মৰমৰ আৰু শ্ৰদ্ধাৰ এই প্ৰজ্ঞাৱতী শিক্ষাগুৰুগৰাকীলৈ চাই ৰ’লোঁ৷ দুচকু মুদি তেওঁ পবিত্ৰ কোৰাণৰ চূৰাৰ আয়াত নে কলিমাই মাতিলে নে ঘোষা একুটকে আওঁৰালে মই নাজানিলোঁ, নুসুধিলোঁ কেতিয়াও৷ মই মাথোঁ দেখিছিলোঁ চাকিগছিৰ পোহৰত সেই মুহূৰ্তটোত তেওঁকেই প্ৰাৰ্থনাৰ এফাঁকিৰ দৰে, মূৰ্ত কবিতা এটাৰ দৰে লাগিছিল৷

 

তাৰ পাছত মোক পঞ্চামৃত খুওৱাৰ আয়োজন কৰিলে দীপশিখা বৌ (দিল্লী বিশ্ববিদ্যালয়ৰ দৌলতৰাম কলেজৰ অধ্যাপক ড° দীপশিখা মহন্ত তামূলী) আৰু মিতালি বা (আমাৰ বিভাগৰে মোৰ সহকৰ্মী ড° মিতালি বৰ্মন) দুয়ো মিলি৷ কিন্তু নিৰ্দিষ্ট দিনটোত শাৰীৰিক অসুবিধাৰ কাৰণে বৌ আহিব নোৱাৰাত মিতালি বাইদেউ অকলেই মোৰ ঘৰ আহি ওলাল৷ লগত পঞ্চামৃতৰ যোগাৰ৷ আহিয়েই থাপনা পাতিলে, চাকি জ্বলালে আৰু শুৱলা মাতটোৰে মন জুৰ পৰা সুৰত প্ৰাৰ্থনা গাই মোক পঞ্চামৃত খুৱাই থৈ গ’ল৷

 

এনেকৈ তিনিবাৰকৈ পঞ্চামৃত খোৱাৰ পাছতো যে আকৌ এবাৰ মোৰ কাৰণে আৰু কোনোবাই পুনৰ এবাৰ পঞ্চামৃতৰ যোগাৰ কৰিব মই ভবা নাছিলোঁ৷ এইবাৰৰ আয়োজন আছিল বাংলা পৰম্পৰাৰে৷ মোৰ বান্ধৱী পাৰমিতাই (ড° পাৰমিতা চক্ৰৱৰ্তী, বৰ্তমান পশ্চিম বংগৰ কলেজৰ অধ্যাপক) ডলা এখনত অতি চকু ৰোৱাকৈ সজাই-পৰাই এসোপামান উপহাৰ, প্ৰসাধন, তেল-সেন্দুৰ, পাঁচবিধ মিঠাই  আদি সজাই মাকে ৰান্ধি পঠিওৱা মাছৰ জোল আদি লৈ প্ৰথমতে মোৰ বিভাগ আৰু তাৰ পাছত মোৰ ঘৰ ওলালেহি৷ পাৰমিতাৰ নান্দনিক আয়োজনে মুগ্ধ কৰিলে৷ খোৱা-বোৱাত মোৰ ৰাপ নাই৷ উপহাৰ দি ভাল পাওঁ, কিন্তু ল’বলৈ সদায়ে সংকোচহে হয়৷ কিন্তু শুভবোধেৰে ভৰা এই আয়োজনবোৰে মোক আনন্দিত কৰি তুলিছিল, মোক বিশেষ অনুভৱ কৰাইছিল৷ পৰিয়ালৰ পৰা ইমান দূৰত থাকিও চাৰিবাৰকৈ ব্যতিক্ৰমী চাৰি ধৰণেৰে পঞ্চামৃত খোৱাৰ অভিজ্ঞতাবোৰ মোৰ গৰ্ভাৱস্থাৰ মধুৰ স্মৃতিবোৰ সাঁচি ৰখা পেৰাটোত সদায়ে থাকি ৰ’ব৷

 

এই আয়োজনবোৰে মোৰ মন পূৰাইছিল আৰু আন এজন খাদ্যৰসিকৰ ৰসনা তৃপ্ত কৰি উদৰ পূৰাইছিল৷ তেওঁৰ কথা নিলিখোঁ বুলি বা কমকৈ লিখোঁ বুলি ভাবিলেও বাৰে বাৰে প্ৰসংগক্ৰমে তেওঁৰ কথা ওলোৱাটোৱেই স্বাভাৱিক৷ দাইলৰ গোন্ধ পালে ওকালিৰ বাবে অহা প্ৰথম ত্ৰিমাসিকটোত তেওঁ মোৰ পৰা অলপ দূৰত বহি ভাত খাব লগা হৈছিল৷ কিন্তু তথাপি আমি দুয়ো একে সময়তে অন্তঃ এসাঁজ একেলগে খাইছিলোঁ৷ কিন্তু যিমানে ব্যস্ত থাকিলেও মোৰ খোৱা-বোৱা, ঔষধ-পথ্যাদিৰ খবৰ ৰাখিছিল৷ ঘৰখনত আমি দুজনেই মানুহ, আমাৰ লগলৈ, আমাৰ মাজলৈ তৃতীয়জন আদৰিবৰ কাৰণে আমি লাহে লাহে সাজু হৈছিলোঁ৷

(আগলৈ)

 

 

(লেখকৰ ফোন- 9868023484)

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ