ৰত্নোত্তমা দাস বিক্ৰম
প্ৰথমাংশ, নৱম অধ্যায়
গাড়ী চলোৱাৰ কথা
দেউতাক হেৰুওৱা আৰু দিল্লী বিশ্ববিদ্যালয়ত স্থায়ী অধ্যাপক
হিচাপে যোগদান কৰা, মোৰ জীৱনৰ এই দুয়োটা ঘটনা মাথোঁ এক-ডেৰমাহৰ ব্যৱধানত ঘটিছিল।
সৰুৰে পৰা মই ইমানেই বেছি ‘দেউতাৰ ছোৱালী’ আছিলোঁ যে বহুদিনলৈকে দেউতাক হেৰুওৱাৰ
শোকে মোক মুঠেও এৰা দিয়া নাছিল। আমাৰ লখিমপুৰৰ নাৰায়ণপুৰৰ ঘৰখনত দেউতাৰ শেষকৃত্য
কৰি উভতি অহাৰ পাছত দিল্লী বিশ্ববিদ্যাললয়ত চাকৰি পোৱাৰ দৰে ভাল খবৰ এটাই মোক অলপো
উৎফুল্লিত কৰি তুলিব পৰা নাছিল। যন্ত্ৰৱৎ চাকৰিত যোগদান কৰিছিলোঁ। ভাগি পৰা ঘৰখনত,
ভাগি নপৰাৰ ভাও জোৰা মাক ভাল খবৰ এটা দিব পাৰি সকাহ পোৱা যেন পাইছিলোঁ। তাৰ বাহিৰে
কোনো আনন্দ উদ্যাপনৰ স্মৃতি নাই। ইয়াৰ কেইবাবছৰৰ পাছত যেতিয়া মই গৰ্ভধাৰণ কৰাৰ
খবৰটো পৰিয়ালৰ মানুহবোৰে পালে আৰু আনন্দ কৰিলে, সকলোৱে মোক নোকোৱাকৈ এই কথাও
পাতিলে যে মোৰ দেউতা থকা হ’লে এই খবৰটোত কিমান যে আনন্দ পালেহেঁতেন। মোক নক’লেও
মানুহবোৰে এনেকৈ পাতিছিল বুলি মই জানিছিলোঁ। কিন্তু মোৰ মৰমীয়াল আৰু সৰল সৰুমাহীয়ে
সন্তাপ আৰু লাগিলহেঁতেন!
চিকিৎসালয়ত নিৰ্দিষ্ট পৰীক্ষাৰ অন্তত গৰ্ভাৱস্থা নিশ্চিত
হোৱাৰ খবৰটো দিবলৈ মালৈ প্ৰথম ফোনটো কৰিবলৈ বুলি যেতিয়া ম’বাইল ফনটো হাতত ল’লোঁ,
প্ৰথমেই চকুত পৰিল, মোৰ ফোনত মাৰ নাম্বাৰটো ‘দে’তা’ বুলিয়েই সাঁচি থোৱা আছিল।
আচলতে মায়ে এতিয়াও ব্যৱহাৰ কৰি থকা ফোন নাম্বাৰটো দেউতাৰ নাম্বাৰ আছিল। এই ফোন
নাম্বাৰটোৰ মই চে’ভ কৰি থোৱা ‘দে’তা’ শব্দটো কেতিয়াও সলনি নকৰিলোঁ।
বছৰবোৰ বাগৰাৰ লগে লগে দেউতা নোহোৱা কথাটো লাহে লাহে স্বাভাৱিক
যেন হৈ আহিছিল। কিন্তু মোৰ গৰ্ভাৱস্থাত যেতিয়া মই গাড়ী চলাবলৈ আৰম্ভ কৰিলোঁ,
তেতিয়া এদিন অকলে অকলে গাড়ী চলাই গৈ থকাৰ মাজতে দেউতালৈ ইমান তীব্ৰতাৰে মনত পৰিল
যে ৰাস্তাৰ কাষত গাড়ী ৰখাই বহুপৰ ধৰি মই মোক ভালেপৰ ধৰি দেউতাৰ স্মৃতিত বিচৰণ
কৰিবলৈ এৰি দিলোঁ। ভিজি অহা চকুযুৰি ঢকাৰো কোনো চেষ্টা নকৰিলোঁ। অৱশ্যে বন্ধ গাড়ীৰ
মাজত মোৰ দুৰ্বল স্মৃতিকাতৰতা দেখা পাবলৈ মোৰ কাষত কোনো নাছিল। হঠাতে তেনেকৈ
দেউতালৈ মনত পৰাৰ কাৰণটো মই জানিছিলোঁ। কাৰণ, মোক পঢ়িবলৈ, আখৰ লিখিবলৈ, আৰু চাইকেল
চলাবলৈ শিকোৱা মানুহজন যেনেকৈ আছিল দেউতা, তেনেকৈয়ে মোক গাড়ীৰ ষ্টিয়েৰিং ধৰিবলৈ
শিকোৱা প্ৰথম মানুহজনো আছিল মোৰ দেউতা। সেয়া মই কটন কলেজত পঢ়িবলৈ অহাৰ সময়ৰে কথা।
দেউতাৰ সৈতে মোৰ বন্ধুত্বৰ সম্পৰ্ক বেছি। আৰু তেওঁৰ সৈতে মোৰ কাজিয়া, মতানৈক্যও
অছিল অনেক। বিচৰা শব্দ এটা অভিধানত তৎমুহূৰ্তৰ ভিতৰতে উলিয়াব নোৱাৰিলে বা ইংৰাজী
ব্যাকৰণ ভুল কৰিলে তেওঁ যিদৰে অসন্তুষ্ট হৈছিল, ঠিক একেদৰে গাড়ী চলাওঁতে সতৰ্ক
নহ’লে বা কিবা সৰু ভুল কৰিলেও তেওঁ বৰ
অসন্তুষ্ট হৈছিল।
সগৰ্ভা অৱস্থাত মই গাড়ী চলোৱাৰ প্ৰসংগতে সেইদিনা হঠাতে দেউতালৈ
বৰকৈ পৰিছিল।
গৰ্ভাৱস্থাত গাড়ী
চলোৱা-নচলোৱাটো নিজা নিজা সিদ্ধান্তৰ কথা, গৰ্ভৱতীগৰাকীৰ মনো-শাৰীৰীক অৱস্থাৰ ওপৰত
নিৰ্ভৰশীল কথা। কিন্তু প্ৰথম কথা, সকলোৰে গাড়ী এখন নাথাকে। বহু নাৰীকে গাড়ী চলাবলৈ
দিয়াও নহয়। মোৰ মায়ে তেওঁৰ গৰ্ভাৱস্থাত বাছত অহা-যোৱা কৰি শিক্ষকতা কৰাৰ কথাবোৰ মই
জানো। তেওঁৰ দৰে কত যে গৰ্ভৱতী নাৰীয়ে তেনেকৈয়ে চাকৰি কৰে, সেই কথাও মোৰ অজ্ঞাত
নহয়। কিন্তু গৰ্ভাৱস্থাত নিজৰ গাড়ী নিজে চলোৱাটোও কোনো আনক দেখুৱাবলৈ কৰা কাম নহয়।
গাড়ী চলোৱাটো মোৰ কাৰণে চখ বা বিলাস কেতিয়াও নাছিল, আজিও নহয়। সেয়া মই মোৰ নিজৰ
কামবোৰ নিজে আৰু অকলে কৰাৰ এক প্ৰাত্যহিকতা মাথোঁ।
গৰ্ভাৱস্থাৰ একেবাৰে শেষলৈকে মই
নিজেই গাড়ী চলাইছিলোঁ। এইক্ষেত্ৰত মোৰ চিকিৎসক মানুহজনৰ লগতে মোৰ গৰ্ভাৱস্থাৰ
তত্ত্বাৱধান লোৱা দুয়োগৰাকী স্ত্ৰীৰোগ তথা প্ৰসূতি বিশেষজ্ঞ (আৰ্টেমিছ হস্পিটেলৰ
ডা০ গীতা বৰুৱা নাথ আৰু মেক্স হস্পিটেলৰ ডা০ অনুৰাধা
কাপুৰ)ৰ পৰামৰ্শ লোৱাৰ উপৰিও ঘৰৰ আনকেইজন চিকিৎসক আৰু আমাৰ কেইবাজনো চিকিৎসক বন্ধু-বান্ধৱীৰ
পৰামৰ্শ লৈছিলোঁ। পৰিয়ালৰ দুই-একে মোক গাড়ীচালক এজন ৰখাৰ কথা কৈছিল যদিও মই আনৰ
গাড়ীচালনাতলৈ মোৰ নিজৰেই চালন দক্ষতা আৰু সাৱধানতাৰ ওপৰত বিশ্বাস বেছি আছিল। মনলৈ
এক ধৰণৰ দৃঢ়তা আহি পৰিছিল, মই মোৰ লগতে মোৰ মাজত থকা কণমাণিকণৰ যত্ন আৰু সুৰক্ষা
ল’বই লাগিব আৰু এই কামটো মোতকৈ ভালকৈ আৰু কোনোৱে কৰিব নোৱাৰে। মই মোক সুখী ৰাখিবলৈ
যত্ন কৰিছিলোঁ। শৰীৰ আৰু মনৰ যত্ন ইমান বেছি ভালকৈ আগতে কেতিয়াও লৈ পোৱা নাছিলোঁ।
আমাৰ দুজনীয়া সংসাৰখনৰ গাড়ীখনো
চলি গৈ আছিল। ড্ৰাইভিং চীটত কেতিয়াবা তেওঁ, কেতিয়াবা মই। বাটত কেতিয়াবা খলা-বমা
থাকিলেও যাত্ৰাটো উপভোগ্য। গৰ্ভাৱস্থাৰ দিনবোৰত পুৱাৰ ৰুটিনখন আছিল প্ৰায়
প্ৰতিদিনেই একে ধৰণৰ। গৰ্ভধাৰণৰ খবৰটো জনাৰে পৰা আমি দুয়ো ৰাতিপুৱা বিশ্ববিদ্যালয়ৰ
চৌহদত অথবা ওচৰৰে কমলা নেহেৰু ৰিজ্জ্ নামৰ সযত্নপালিত হাবিখনৰ ধুনীয়া ৰাস্তাবোৰত
খোজকাঢ়িবলৈ ওলাই যাওঁ। তাৰ পৰা উভতি আহি
একেলগে পুৱাৰ আহাৰ কৰি মোৰ মানুহজন চিকিৎসালয়লৈ বুলি ওলাই যায়। তেওঁৰ চিকিৎসালয়
ঘৰৰ পৰা দূৰত আৰু তেওঁৰ কাম মোতকৈ আগতেই আৰম্ভ হয় কাৰণে সদায়ে তেওঁ মোতকৈ আগতে
ওলাই যায়। মই তেওঁতকৈ পাছত যাওঁ। তেতিয়ালৈ
ঘৰুৱা সহায়কাৰী গৰাকীও আহে। তাৰ পাছত ঘৰৰ তলা মাৰি মই মোৰ গাড়ীখন লৈ বিশ্ববিদ্যালয়লৈ
ওলাই যাওঁ। আমি যিহেতু বিশ্ববিদ্যালয়ৰ পৰিসৰতে অধ্যাপকৰ আৱাসত থাকোঁ, সেয়ে মোৰ
বিভাগটোও ওচৰতে। কিন্তু মই সাধাৰণতে গাড়ীখন লৈ ওলাই যাবলৈকে সুচল পাইছিলোঁ। হাঁহি
উঠা ধৰণৰ যদিও তাৰ এটা কাৰণ আছিল যে মই গাড়ী-মটৰ চলি থকা ৰাস্তা পাৰ হ’বলৈ
পেটে-পেটে ভয় কৰোঁ! ৰাস্তা পাৰ হওঁতে মই অচিনাকি মানুহৰো হাতত ধৰাৰ নজিৰ আছে। তাৰ
লগতে আন এটা কাৰণ, সাধাৰণতে মোৰ কান্ধত বেগ, পানীৰ বটল, সৰু কিবা টিফিন এটা,
কিতাপ, লেপ্টপ্ আদি থাকেই। দিল্লী মহানগৰীৰ ভিতৰৰ ব্যস্ত পথবোৰ মোৰ
টালি-টোপোলাবোৰৰ সৈতে অকলে খোজকাঢ়ি পাৰ হোৱাতকৈ মই মোৰ বহুদিনৰ সংগী মোৰ গাড়ীখনেৰে
পাৰ হোৱাটোৱেই বেছি সুৰক্ষিত বুলি এতিয়াও ভাবোঁ।
বাঢ়ি অহা উদৰৰ সৈতে মই গাড়ী
চলাওঁ। গাড়ীৰ ৰেডিঅ’ত গান শুনোঁ। বৰষুণ দিলে নিজে গাড়ীৰ ভিতৰত ডাঙৰ-ডাঙৰকৈ গান
গাওঁ। আৰু তেনেকুৱা কোনোবা এটা দিনতে অকলে অকলে গাড়ী চলাই গৈ থাকোঁতে হঠাতে মোৰ
দেউতালৈ ইমানেই তীব্ৰতাৰে মনত পৰিল যে মোৰ দুচকু সেমেকি আহিল। কলিজাৰ কোনোবা একোণত
বিষ এটাই যেন কেঁকাই উঠিল। গাড়ীখন ৰাস্তাৰ কাষত ৰখাই মই গাড়ীৰ ৰেডিঅ’টো পকালোঁ।
তাত ইতিমধ্যে দেউতাই ভালপোৱা পুৰণি গান এটা বাজি আছিল। (কিজানি গানটোৱেও মোৰ
দেউতালৈ হঠাতে মনত পৰাৰ অনুভূতিটো তীব্ৰতৰ কৰি তুলিছিল) ৰেডিঅ’টো আকৌ পকাই সেই
গানটোকে বাজি থাকিবলৈ দিলোঁ। আৰু মই ভাবি থাকিলোঁ, দে’তা থকাহ’লে . . .
গৰ্ভাৱস্থাৰ একেবাৰে শেষৰ
দিনকেইটাত বাঢ়ি অহা উদৰৰ কাৰণে গাড়ী চলাবলৈ নিজেই অলপ অসুবিধা পোৱা হ’লোঁ। পেটটো
গৈ ষ্টিয়েৰিঙত প্ৰায় লাগিয়েই যায়। ইফালে পাছলৈ হালি বহিলে কঁকালৰ তলফালে বিষায়।
তথাপি শেষলৈকে যিমান পাৰোঁ নিজৰ কামবোৰ নিজেই কৰি থাকিলোঁ আৰু ওচৰে-পাজৰে অ’লৈ
ত’লৈ যাবলৈ গাড়ীখনো নিজেই চলাই থাকিলোঁ। তৃতীয় ত্ৰিমাসিকটোৰ শেষৰ ফালে এদিন মই
বজাৰ কৰিবলৈ ওলালোঁ। হাতত এখন বেছ দীঘল তালিকা। প্ৰসৱৰ আগতেই মই প্ৰয়োজনীয়
বস্তুবোৰ কিনি ৰাখিব বিচাৰিছিলোঁ। কাৰণ মই জানিছিলোঁ, প্ৰসৱৰ পাছত লগে লগে মই ইমান
সক্ৰিয় হৈ থাকিব নোৱাৰিবও পাৰোঁ। সৰু-সুৰা কামৰ কাৰণে মানুহজনৰ আজৰি দিন মিলিব
বুলি ৰৈ থকাৰ স্বভাৱ মোৰ নাই। মোক মোৰ প্ৰয়োজনীয় বস্তুবোৰ কিনি দিবলৈ বা মোক লগ
দিবলৈ বুলিও কোনো নাছিল। স্বাভাৱিকতে মই অকলেই বজাৰলৈ ওলালোঁ। কিন্তু নিজে গাড়ী
চলাবলৈ সাহ নকৰিলোঁ। মই সেই কামবোৰ কাৰণে মোৰ বহু বছৰৰ পুৰণি চিনাকি ড্ৰাইভাৰ
সুৰিন্দৰ-জীৰ গাড়ীখন ভাড়ালৈ ল’লোঁ। যোৱাৰ আগতে পেটত হাত বুলাই মোৰ মাজত থকা মোৰ
কণমানিকণক ক’লোঁ, আজি আমি বজাৰ কৰিম দেই। তুমি কিন্তু আমনি নকৰিবা! বিশেষ একো
অসুববিধা নোহোৱাকৈ মই সেইদিনা এসোপামান ঘৰুৱা বজাৰ কৰিছিলোঁ। মোৰ গৰ্ভস্থ
কণমানিকণে অকণো দিগ দিয়া নাছিল। (এই কামটো মই সদায়ে কৰিছিলোঁ, মই মোৰ গৰ্ভস্থ
সন্তানৰ সৈতে কথা পাতিছিলোঁ।) অৱশ্যে আহিবলগা সন্তানটিৰ কাৰণে আৰু প্ৰসৱৰ পাছত মোৰ
প্ৰয়োজনীয় সামগ্ৰীৰ বজাৰ কৰা কামটো বিক্ৰম আৰু মই একেলগে কৰিছিলোঁ আৰু সেই সৰু
কামটোৱে আমাক এটা একেবাৰে নতুন ধৰণৰ অনুভৱ কৰাইছিল। ‘শ্বপিং’ কৰা কামটো মোৰ মুঠেও
পছন্দৰ নহয়, কিন্তু আহিবলগা সন্তানৰ কাৰণে বস্তু কিনাটো আছিল একেবাৰে এটা সুকীয়া
অভিজ্ঞতা।
এদিনৰ এটা ঘটনা কৈ মোখনি মাৰিম।
সেইদিনা কিবা সকামত মই কমলা নগৰলৈ গৈছিলোঁ। ৰাস্তাত হঠাতে বৰ বেয়াকৈ যান-জঁট
লাগিল। তেতিয়া মোৰ তৃতীয় ত্ৰিমাসিক। সঘনাই প্ৰসাৱগাৰলৈ যাব লগা হয়। ড্ৰাইভিং চীটত
মই অকলে। ইফালে সোনকালে যান-জঁট মুকলি হোৱাৰ কোনো সম্ভাৱনা দেখা নাই। ৰাস্তাৰ
কাষতে এখন ৰেষ্টুৰেণ্ট। দুবাৰ নাভাবি মই অদ্ভূত কাম এটা কৰিলোঁ। যান-জঁটৰ মাজতে
পাৰ্কিং লাইট জ্বলাই গাড়ী ৰাখি নামি ৰেষ্টুৰেণ্টখনলৈ সোমাই গ’লোঁ আৰু তাত থকা
প্ৰসাৱগাৰটো সুন্দৰকৈ ব্যৱহাৰ কৰি বীৰাংগণাদৰ্পে ওলাই আহিলোঁ। ভাবিলোঁ, কিনো হ’ব,
যান-জঁট খুলিলে মানুহে হৰ্ণ বজাই থাকিব, বিৰক্ত হৈ মুখেৰে ভোৰ্-ভোৰাই মোৰ ৰখাই
থোৱা গাড়ীখনৰ কাষেৰে হয়তো পাৰ হৈ যাব। যিয়েই নহওক, মোৰ কাৰণে সেই মুহূৰ্তত
প্ৰসাৱগাৰটো ব্যৱহাৰ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাম আছিল। মোৰ সেই সৰু যেন লগা
ডাঙৰ কামটোৰ কাৰণে ব্যস্ত ব্ৰহ্মাণ্ডৰ কোনো একো খতি-খুন নহ’ল। ওলাই আহি গাড়ীত বহাৰ
পাছতহে যান-জঁট খুলিছিল। সেইদিনাও; এৰা, সেইদিনাও মোৰ দেউতালৈ বৰকৈ মনত পৰিছিল।
কাৰণ শৈশৱৰে পৰা সৰু সৰু শাৰীৰিক বাধাবোৰ পৰোৱা নকৰিবলৈ তেঁৱেইতো শিকনি দিছিল। সৰুতে
অৰুণাচলৰ কিমিনত এবাৰ পিক্নিকলৈ গৈ প্ৰকৃতিৰ আহ্বানত সঁহাৰি দিবলগা হোৱাত মই অসহজ
অনুভৱ কৰোঁতে আকবৰ-বীৰবলৰ প্ৰকৃতিৰ আহ্বানৰ লগত জড়িত সাধু এটা কৈ তেঁৱেইতো মোক সহজ
কৰি দিছিল।
শৈশৱত দেউতাৰ স্কুটাৰত, দেউতাৰ
গাড়ীত উঠি ক’ৰবালৈ যোৱাটো আটাইতকৈ সুখৰ সময় আছিল। আজিও সেই স্মৃতি মধুৰতম।
ঘৰ-পৰিয়ালৰ পৰা বহু দূৰত অকলে পাৰ কৰা মোৰ গোটেই গৰ্ভাৱস্থাৰ যাত্ৰাটোত গাড়ীখন মোৰ
যাত্ৰাসংগীৰ দৰে আছিল। লাহে লাহে মই সপোন এটা দেখিবলৈ আৰম্ভ কৰিছিলোঁ, এদিন মোৰ সন্তানটি
মই চলোৱা গাড়ীত বহিব। হয়তো কেতিয়াবা মোৰ কোলাত বহি ষ্টিয়েৰিংডাল চুব, হৰ্ণটো বজাব,
হয়তো কোনোবা এদিন কণমানিকণক চাইকেল আৰু গাড়ী চলোৱাৰ আদিপাঠো মই শিকাম, ঠিক মোক মোৰ
দেউতাই শিকোৱাৰ দৰেই। নাজানো, হয়তো আমাৰ কণমানিকণ ডাঙৰ হ’লে কণমানিৰ দেউতাকেই
শিকাব, তেওঁক তেওঁৰ দেউতাকে শিকোৱাৰ দৰেই।
সপোন দেখা ভাল। ৰৈ নোযোৱাকৈ গৈ
থাকিবলৈ সপোনবোৰেইতো ইন্ধন যোগায়। মই দেখা সেই সপোনটো পাছলৈ কেনেকৈ সাকাৰ হৈছিল
সেই কথা পাছলৈ লিখিম।
***
(লেখকৰ ফোন- ৯৮৬৮০২৩৪৮৪)
