ৰত্নোত্তমা দাস বিক্ৰম
প্ৰথমাংশ, চতুৰ্থ অধ্যায়
নতুন খোজবোৰ
দিল্লীত শীতকালটোত বেছিয়েই জাৰ পৰে আৰু গ্ৰীষ্মকালটোত বেছিয়েই গৰম। বতৰ
সাধাৰণতে শুকান আৰু ৰুক্ষ। কিন্তু তাৰ মাজতো এই ধূলিয়ৰি ৰাজধানী চহৰখনলৈয়ো বসন্ত
আহে, আহে শৰৎ। মোৰ গৰ্ভত মোৰ কণমানিকণে থিত লোৱাৰ সময়ত দিল্লীত বাৰুকৈয়ে গৰম
পৰিছে। সেয়া এপ্ৰিল-মে’ মাহৰ কথা। লাহে লাহে মে-জুনৰ আটাইতকৈ ‘নিঠুৰ নিদাঘ’ৰ
দিনবোৰ আহিল। সেইবেলি মোক যেন জাৰ-জহ একোৱেই ঢুকি পাব নোৱাৰে! মোৰ খোজবোৰ যেন খোজ
নহয়, আলাসত উৰণ। মই বিচৰণ কৰিবলৈ লৈছিলোঁ অন্য এখন পৃথিৱীত। কিন্তু বাস্তৱত মোৰ
খোজবোৰ হৈ উঠিছিল খুব সাৱধানী। এদিনৰ কথা। মই লাহে লাহে চিৰিয়েদি নামি আহি আছোঁ।
তলত ৰৈ বিক্ৰমে মোলৈ চাই মুখ টিপি হাঁহি আছে। মই তেওঁলৈ মুঠেও মন কৰা নাই। মই জুখি
জুখিহে যেন খোজবোৰ দিছিলোঁ। আচলতে তাৰো এটা কাৰণ আছিল। সাধাৰণতে মোৰ খৰকৈ খোজ কঢ়াৰ
অভ্যাস আৰু খোজ কাঢ়োতে মই প্ৰায়ে কিবা ভাবি ভাবি অমনোযোগী হওঁ। আগতে মই বৰ
য’তে-ত’তে উজুটি খাই পৰিছিলোঁ। ভণ্টীয়ে এবাৰ ভিনিহিয়েক কৈছিল, বিক্ৰম দা, এইজনী
ইমানকৈ কেলৈ পৰি থাকে? তেওঁ গহীনাই উত্তৰ দিছিল, কিয়, নাজানা? চৰাই যে, খোজ কাঢ়িব
নাজানে নহয়, উৰিবহে জানে। মই ওচৰতে আছিলোঁ আৰু নাটকীয়ভাৱে চিঞৰি দিছিলোঁ, ৱাও, হাও
ৰোমাণ্টিক! মই চৰাই! মই চৰাই। আৰু তেওঁ আৰু বেছি গহীনাই ভণ্টীলৈ চাই কৈ উঠিছিল, কি
চৰাই সোধা আক’। কাউৰী। ভাইটিও সেইখিনিতে আছিল। সিহঁতে মই পৰি থকাটো লৈ বেছ ৰগৰ
কৰিছিল। সি অঞ্জনাৰ ঘটনাটো মনত পেলাই দিছিল। সেইটো আছিল বহুত পুৰণা ঘটনা। কিন্তু
সেইটো লৈ আমাৰ ঘৰত আজিও ৰগৰ চলি থাকে। সেইটো ঘটনা মই কটন কলেজত পঢ়ি থকা দিনৰে।
অঞ্জনা (অঞ্জনাময়া ডেকা পাটগিৰি) আছিল মোৰ কটনৰ দিনৰ লগ। সেইদিনাও মই ধুপুচকৈ
ফুটপাথতে লুটি খাই পৰিছোঁ। মোৰ লগে লগে খোজকাঢ়ি গৈ থকা অঞ্জনা ৰৈ গৈছে আৰু মোলৈ
খঙেৰে চাইছে। চকুৰ চাৱনিতে গম পোৱা যায়, আৰু কিমান পৰ তই! দেখিয়েই গম পাইছোঁ, অলপো
দুখ পোৱা নাই তই। উঠ নিজে। হয় বাৰু, দুখ পোৱা নাই, কিন্তু মই ধৰাশায়িত আৰু ইফালে
ল’ৰা-কেইটামানে ৰাস্তাৰ সিপাৰৰ পৰা জোকাইছে, ভণ্টী সহায় কৰি দিম নেকি? মই
লাজে-অপমানে মাটিত পৰি থকাৰে পৰা অঞ্জনালৈ হাতখন আগ বঢ়াইছোঁ আৰু তাই দাঁত-মুখ কৰচি
এহাতেৰে চৰ দিয়াৰ ভংগী কৰি কৈছে, এক চৰ দিয়াৰ আগতে উঠ। ভণ্টীয়ে এইবাৰ মনত পেলাই
দিছে চিন্ময়ৰ কথাটো। চিন্ময় (চিন্ময় বৰগোহাঞি) মোৰ কটনৰ দিনৰো বহু আগৰ ঘৰুৱা
বন্ধু। চিন্ময়ে কেইবাবাৰো মোক পৰাৰ পৰা উঠাইছিল, কিন্তু খং কৰি কৈছিল, তই যদি
অ’লৈ-ত’লৈ চাই, আল-বাল ভাবি খোজ কাঢ়ি গৈ থাকোতেই আকৌ এবাৰ পৰ, মই তোলৈ এবাৰো ঘূৰিও
নোচোৱাকৈ পাৰ হৈ যাম। মই কৈছিলোঁ, মইতো তোৰ নাম ধৰি ধৰি চিঞৰিম, কি কৰিবি তেতিয়া?
আৰু সি কৈছিল, থাকিবি, চিঞৰি থাকিবি। ৰাস্তাৰ মানুহে সেইটো মোৰেই নাম বুলি থোৰেই
জানিব! মুঠতে মই পৰি থকাটো লৈ ঘৰত আৰু ঘনিষ্ঠ বন্ধুবৰ্গৰ মাজত ৰগৰ চলি থাকিছিল।
এনে কাহিনী আচলতে আৰু বহুত আছে। আচলতে মোৰ নিজৰ ভাবত হেৰাই যোৱা আৰু অমনোযোগিতাই
আছিল মোৰ এনে সৰু-সুৰা দুৰ্ঘটনাবোৰৰ মূল কাৰণ। এই কাহিনীবোৰ বিক্ৰমেও জানে।
সেইদিনা মই প্ৰায় খুপি খুপি চিৰিয়েদি নামি অহালৈ চাই বিক্ৰমে মুখ টিপি হাঁহি থকাটো
মই একেবাৰে মন কৰা নাছিলোঁ। আমি ওচৰতে ক’ৰবালৈ যোৱাৰ কথা আছিল আৰু তেওঁ হস্পিতেলৰ
পৰা আহি তলতে মোলৈ ৰৈ আছিল। মই নামি গৈ তেওঁৰ ওচৰ পোৱাৰ লগে লগে তেওঁ হাঁহি হাঁহি
কৈ উঠিল, কি হ’ল, তুমি যে একদম প্ৰেগনেণ্ট মানুহৰ দৰে খোজ কাঢ়িছা? মই পোন্দোৱাকৈ
তেওঁলৈ চালোঁ। কি তাৰমানে? হওঁৱেইতো! I ‘am’ pregnant! তেওঁ চিকিৎসকৰ ধৰণেৰে ক’বলৈ
ধৰিলে যে এতিয়াও আমাৰ গৰ্ভস্থিত সন্তানৰ আকাৰ একেবাৰে আকণমানি বীজ এটাৰ মানহে
কিন্তু ফাৰ্ষ্ট ট্ৰিমেষ্টাৰটো মাকজনী অলপ বেছি সাৱধানে থকাটো ভাল। মোৰ মন পুনৰ
ভাঁহি গৈছিল অন্য এখন পৃথিৱীলৈ। আপোনমনে মই ভাবি বিভোৰ হৈছিলোঁ গৰ্ভস্থ ভ্ৰূণ এটা
চকুৰে মণিব নোৱাৰা কোষৰ পৰা গৈ গৈ মাতৃগৰ্ভৰ ভিতৰতে আশুজন্মা মানৱ শিশু এটাৰ আকাৰ
লোৱালৈকে বিকাশৰ আশ্চৰ্যকৰ প্ৰক্ৰিয়াটোৰ কথা।
মই এখন নতুন জগতত প্ৰৱেশ কৰিছিলোঁ। মোৰ
লগতে বিক্ৰম, মোৰ মানুহজনেও। সেয়া আছিল মোৰ গৰ্ভাৱস্থাৰ প্ৰথমটো ত্ৰিমাসিক, the
first trimester. প্ৰথমবাৰৰ কাৰণে নিজক লৈ ইমান সজাগ হৈ উঠিছিলোঁ। সুষম খোৱা-বোৱা,
শোৱা, নিয়মীয়াকৈ খোজ কঢ়াত গুৰুত্ব দিছিলোঁ। বিশেষ গুৰুত্বপূৰ্ণ কথাটো আছিল সাৱধানে
খোজ কঢ়া আৰু অন্ততঃ অলপ হ’লেও সময়মতে শোৱা। ৰাতি ৰাতি সাৰে থাকি লিখা-পঢ়া, চিনেমা
চোৱা, গান শুনা এইবোৰ মোৰ চিৰন্তন অভ্যাস। কিন্তু সেই বছৰৰ জহকালিটো আছিল আটাইতকৈ
বেলেগ। সেই জহকালিটোৱে যেন বতাহত কিবা এটা নতুন ৰাগী লগা সুবাস কঢ়িয়াই আনিছিল।
সকলো কথাই যেন সলনি হৈ গৈছিল। সলনি হৈছিল মোৰ অমনোযোগী খোজবোৰ।
আগতেও খোজ কঢ়াৰ অভ্যাস সদায়ে আছিল যদিও
পুৱা নিয়মীয়াকৈ খোজ কঢ়াৰ এখন ৰুটিন আমি দুয়ো তৈয়াৰ কৰি ল’লোঁ। আমি যিহেতু দিল্লী
বিশ্ববিদ্যালয়ৰ পৰিসৰতে থাকোঁ, খোজ কাঢ়িবলৈ ঠাইৰ অভাস নাই। বহুতো পুৰণি পুৰণি
গছেৰে গহীন আমাৰ আৱাসিক পৰিসৰটোতো খোজ কাঢ়িব পাৰি। কিন্তু প্ৰায় সদায়েই আমি ওলাই
গৈছিলোঁ বিশ্ববিদ্যালয়ৰ মূল পৰিসৰ ফালে আৰু একেবাৰে ওচৰতে থকা ‘কমলা নেহেৰু ৰিজ্জ্’
(Kamla Nehru Ridge) এলেকাটোলৈ। এই এলেকাটো মানুহে সযতনেৰে ৰখা এখন সৰু-সুৰা হাবি
বুলিবই পাৰি। প্ৰায় এশ বাইশ হেক্টৰ এলেকা জুৰি থকা এই হাবিখিনিৰ নাম Northern
Ridge Biodiversity Park বা Kamla Nehru Ridge। গুলপীয়া, কমলা, বগা আটাইকেইটা ৰঙেৰে
জক্মকাই ফুলি থকা বগেনভিলীয়া, কৰবী, টিক’মা আদি ফুল, জধে-মধে বাঢ়ি অহা লতা,
মজলীয়া ওখ গছ আৰু অলেখ কাঁইটীয়া বাবুল বা কীকৰ গছেৰে হাবিখনৰ মাজে মাজে আকৌ পকী
আলিবাট। পকী আলিবাটবোৰে পোৱালি পৰা সৰু সৰু ৰঙা মাটিৰ বা ঘাঁহেৰে ভৰা লুংলুঙীয়া
আলি আৰু শিলুৱা বাট কিছুমানো আছে। আৰাৱলী পৰ্বতৰ ওখ-চাপৰ এঢলীয়া বাটবোৰ বেছ দীঘল।
এঠাইৰ পৰা গৈ আন ঠাইত ওলায়গৈ। একেদিনাই খোজকাঢ়ি ৰিজ্জখন শেষ কৰাটো সম্ভৱ
নহয়। ৰিজ্জ্খনৰ মাজেৰে যিকোনো বাহন যোৱা নিষেধ। তাত বান্দৰ,
কেৰ্কেটুৱাবোৰৰ অবাধ বিচৰণ। জাক পাতি বা এটা-দুটাকৈ ময়ূৰবোৰো থাকে। ঠাইখিনিৰ আকৌ
বৃটিছৰ দিনৰে বিশেষ বুৰঞ্জী আৰু সেই বুৰঞ্জীৰ স্মৃতিচিহ্নও আছে। ওঠৰৰশ সাতাৱনৰ
চিপাহী বিদ্ৰোহৰ আগতে ইয়াতে বৃটিছ কেন্টন্মেন্ট আছিল। ঊনৈশ শতিকাৰ আদিভাগতে সজা
এসময়ত বৃটিছৰ পতাকা উৰা Flafhost Tower নামেৰে শিলৰ নাতিউচ্চ স্তম্ভ এটা, সাতাৱনৰ
বিদ্ৰোহীৰ ৰক্তাক্ত শবোৰ পেলোৱা ‘খুনী ঝিল’ নামৰ এটা সৰু হ্ৰদ, যিটো মোৰ পুখুৰী
যেনহে লাগে, টোগলকৰ দিনৰে চ্ছৌৱৰজী মছজিদৰ অৱশেষ আৰু খোজকাঢ়ি গৈ থাকিলে ৰাস্তা পাৰ
হৈ আন এটা ৰাস্তাৰ এমূৰে গৈ পোৱা ওঠৰশ তেষষ্ঠি চনতে ৰঙা শিলেৰে সজা Mutiny
Memorial -এই গোটেইবোৰ মিলি কমলা নেহৰু ৰিজ্জৰ বিশাল হাবিতলীয়া এলকাটো বৰ আকৰ্ষণীয়
কৰি তোলে। ৰাতি ইয়াৰ ভিতৰত প্ৰৱেশ কৰা নিষেধ যদিও দিনত ঠাইখিনি খোজকাঢ়িবলৈ,
ব্যায়াম কৰিবলৈ আৰু প্ৰকৃতি নিৰিখিবলৈ যোৱা মানুহেৰে ভৰি থাকে। তালৈ সোমোৱা গেট
একাধিক। গেটৰ মুখতে ফল, ফলৰ ৰস, নাৰিকলৰ পানী, এল’ভেৰাৰ ৰস, চাহ আদি বেচে। ভিতৰৰ
ফ্লেগ হষ্ট টাৱাৰৰ ওচৰতো চাহৰ খোলা এটা আছে। ৰাতিপুৱা তাতে খোজকাঢ়িবলৈ যোৱা মানুহৰ
গোটবোৰৰ বেছ আড্ডা জমে।
দিল্লী বিশ্ববিদ্যালয়ৰ পৰিসৰৰ লগতে এই
ৰিজ্জ্খনলৈ ৰাতিপুৱা মই আৰু বিক্ৰম খোজকাঢ়িবলৈ আৰম্ভ কৰিলোঁ। খোজবোৰ মোৰ নতুন।
সাৱধানী। যেতিয়াই-তেতিয়াই মই লাহেকৈ মোৰ তলপেটটো চুই চাওঁ। ওঁঠত হাঁহি এটা বিৰিঙে।
তেতিয়ালৈকে বাহিৰৰ পৰা একো ধৰিব নোৱাৰি। কিন্তু মইতো জানো, মোৰ মাজত সৃষ্টিৰ
বিস্তৰ আয়োজন। মোৰেই ভিতৰৰ পৰা যেন নতুন ৰাগৰ এটাৰ সৌম্য-সুধীৰ ধ্বনি এটা শুনা
পাওঁ। যেন দূৰৰ পৰা শুনা পাওঁ, ক’ৰবাত শংখ বাজিছে…
এদিনৰ কথা। আমি ৰিজ্জৰ এটা লুংলুঙীয়া
বাটেৰে সোমাই গৈ আৱিষ্কাৰ কৰিলোঁ এটা প্ৰাচীন সৰু মন্দিৰ। মন্দিৰটো আৱিষ্কাৰ কৰাটো
মোৰ কিবা এটা চ্যাৰীয়েল কাৰবাৰ যেন লাগিছিল। মন্দিৰটো ৰিজ্জৰ আনবোৰৰ দৰে স্মৃতিসৌধ
বা ভগ্নাৱশেষ নাছিল। এটা জাগ্ৰত মন্দিৰেই আছিল। কোনোবাই ঘণ্টা বজাই ঈশস্তুতি কৰি
থকা শুনি আমি আচৰিত হৈ আগুৱাই গৈছিলোঁ। গৈ দেখিছিলোঁ, তাত আছিল মাত্ৰ এজনেই
পূজাৰী। উদং দেহত এখন ৰঙা নে কমলা উত্তৰীয়। মদৰুৱা ৰং ধৰা ধূতি।
***
( আগলৈ)
ফোন- ৯৮৬৮০২৩৪৮৪
