ৰত্নোত্তমা দাস বিক্ৰম
প্ৰথমাংশ, তৃতীয় অধ্যায়
পূৰৈৰঙী আঁচ দুডাল
ৰংবোৰ ভালপাওঁ৷ ৰংবোৰ লিৰিকি-বিদাৰি চাওঁ৷ সেইকাৰণেই কিজানি সেই বিশেষ আঁচ দুডাল
প্ৰথম দেখাৰ দিনা, মোৰ মনলৈ অহা প্ৰথম
ভাবটোৱেই আছিল সেই আঁচ দুডালৰ ৰংটো৷ আঁচ দুডাল দেখাৰ উচ্ছাস আৰু আৱেগৰ সেই মুহূৰ্তকেইটা
পাৰ হোৱাৰ পাছত যেতিয়া সেই আঁচ দুডাল বাৰে বাৰে চাই আছিলোঁ, তেতিয়া প্ৰথমে এইটো কথাই ভাবিছিলোঁ, কেনেকুৱা ৰং এইটো? ৰঙা? গুলপীয়া? অলপ বেঙুনীয়া? তাৰ মিশ্ৰিত কিবা এটা?
আগতে কৈ লওঁ কোন দুডাল আঁচৰ কথা মই ক’বলৈ ওলাইছোঁ৷ যিহেতু এই গোটেই
লেখালানি ‘মাতৃত্ব সাহিত্য’ (Matrescence Literature)ৰ অন্তৰ্গত, স্বাভাৱিকতে ইতিমধ্যে বহুতে হয়তো অনুমান কৰিব পাৰিছেই যে মই ঘৰতে গৰ্ভাৱস্থাৰ
পৰীক্ষা কৰিব পৰা যতনবিধত (home pregnancy test kit)ত ফলাফল পজিটিভ হ’লে জিলিকি উঠা কণ কণ আঁচ দুডালৰ কথাই কৈছোঁ৷ সাধাৰণতে
এই বিশেষ আঁচ দুডালক ‘The two pink lines’ বুলিয়েই কোৱা হয়৷ গভাৱস্থাৰ একেবাৰে আৰম্ভণিতেই নাৰীগৰাকীৰ শৰীৰত hGC, অৰ্থাৎ, Human Chorionic Gonadotropin নামৰ প্ৰেগনেন্সী হৰম’নবিধ প্ৰস্তুত হয়৷
এই হ’ৰমনবিধৰ উপস্থিতি পৰীক্ষা কৰিব পৰা এই হ’ম প্ৰেগনেন্সী কিট তেনেই কম
দামতে উপলব্ধ৷ দেখাত আজি-কালিৰ সৰু চেপেটা থাৰ্ম’মিটাৰৰ দৰে এই
যতনবিধত দুটোপালমান প্ৰসাৱৰ নমুনা ৰাখিব লাগে৷ নাৰীগৰাকীৰ শৰীৰত hGC হৰম’নৰ উপস্থিতি থাকিলে যতনবিধত এই বিশেষ আঁচ দুডাল জিলিকি উঠে৷ আৰু শৰীৰত এই হৰম’নবিধ প্ৰস্তুত হোৱা
মানেই নাৰীগৰাকী সন্তানসম্ভৱা হোৱা৷
কিমান যে নাৰীৰ পৰম আকাংক্ষাৰ সম্পদ এই আঁচ দুডাল! কিমানে যে কিমান আকুলতাৰে ৰৈ থাকে এই আঁচ দুডাল জিলিকি উঠা দেখা পাবলৈ৷ কিন্তু
এই আঁচ দুডালেই কোনো কোনো নাৰীৰ জীৱনলৈ সৰ্বনাশী পৰিস্থিতি নমাই অনাৰ কাহিনীও
শুনিছোঁ৷ সেয়া অবাঞ্ছিত গৰ্ভাৱস্থাৰ কথা৷ গৰ্ভাৱস্থাৰ দৰে শ্বাশ্বত সুন্দৰ সত্য
এটাওনো অবাঞ্ছিত হ’ব পাৰেনে? হয়, পৰিস্থিতি সাপেক্ষে সেয়া হ’বও পাৰে৷
বিবাহপূৰ্বক কৈশোৰ গৰ্ভাৱস্থাৰ উদাহৰণকে দিব পৰা যায়৷ চিকিৎসাজনিত কাৰণতো কেতিয়াবা
গৰ্ভাৱস্থা অবাঞ্ছিত হ’ব পাৰে৷ কাণ্ট্ৰি মিউজিক মোৰ প্ৰিয়৷ মাৰ্কিন কাণ্ট্ৰি
সংগীতজ্ঞ এৰিক চ্ছাৰ্চৰ এটা গান আছে, Two pink lines. গানটোত এটা কাহিনী আছে, কেনেকৈ বিবাহপূৰ্বক
এটা অপৰিকল্পিত যৌন সম্পৰ্কৰ পাছত গৰ্ভাৱস্থা পৰীক্ষা কৰাওঁতে এই two pink lines দেখিব নে নেদেখিব, দেখিলে কি হ’ব, সেই উৎকণ্ঠাৰ এটা কাহিনী৷ এটা শুনি ভাল লগা গান৷ এই গানটো আগতে শুনোঁতে
কেতিয়াও two pink lines কথা ইমান বেছিকৈ কেতিয়াও ভাবি চোৱা নাছিলোঁ৷
Two pink lines কোনোবাই চাব নিবিচাৰে আৰু কোনোবাই কাতৰতাৰে ৰৈ থাক৷
প্ৰতি মাহে আশা কৰে, এইবাৰ মাসিক স্ৰাৱ নহওক, প্ৰেগনেন্সী কিটত জিলিকি উঠক two pink lines৷ সন্তান আকাংক্ষী কত নাৰীয়ে কত হতাশাৰে যে প্ৰত্যক্ষ
কৰে তেওঁলোকৰ মাসিক স্ৰাৱ৷ অলপ হ’লেও কিজানি অনুভৱ কৰিব পাৰোঁ৷ সেয়ে কিজানি বহু বছৰৰ
আগতে এটা গল্প লিখিছিলোঁ৷ প্ৰথম পুৰুষত লিখা গল্পটোৰ কেন্দ্ৰীয় নাৰী চৰিত্ৰটোৰ
সন্তান প্ৰাপ্তিৰ আকুল আকাংক্ষা ইমানেই তীব্ৰ আছিল যে তেওঁৰ ধৰ্ষণৰ পাছত গৰ্ভধাৰণ
ৰোধ কৰিব পৰা ‘মৰ্ণিং আফটাৰ পিল’ সেৱন কৰা নাছিল৷ হয়, এনেকুৱাও সম্ভৱ হ’ব পাৰে৷ পাছত
অৰ্চনা বৰঠাকুৰৰ এটা গল্প পঢ়া মনত পৰে৷ এটা লোকবিশ্বাস, চেক্চেকী চৰায়ে মতা মানে কাৰোবাৰ মাহেকীয়া হোৱাৰ জাননী দিয়া৷ গল্পৰ নায়িকা
বেণুৱে (গল্পটোৰ শিৰোনামো আছিল ‘বেণু’) সেই মাত শুনিব নিবিচাৰে৷ তেওঁ বিচাৰে তেওঁৰ মাহেকীয়া
বন্ধ হওক, তেওঁৰ গৰ্ভত থিত লওক তেওঁৰ ভৱিষ্যতে৷ কিন্তু তেওঁক
হতাশ কৰি পুনৰ সেই একেই মাসিক ৰক্তস্ৰাৱ৷ চূড়ান্ত হতাশাৰ মুহূৰ্তত তেওঁ ভাবে
আত্মহননৰ কথা৷
আকাংক্ষিত আৰু অনাকাংক্ষিত গৰ্ভাৱস্থাৰ অলেখ কথা-কাহিনীৰে ভৰি আছে
সাহিত্য, চিনেমা, ভৰি আছে আমাৰ বাস্তৱৰ আশ-পাশ৷ এই অধ্যায়ত অৱশ্যে গৰ্ভাৱস্থাৰ আৰম্ভণি হোৱা গম
পোৱা মুহূৰ্তটোৰ কথাহে ক’বলৈ চেষ্টা কৰিছোঁ৷ মাকৰ মনত পৰেনে সেই প্ৰথম
মুহূৰ্তটো, যেতিয়া তেওঁ প্ৰথমবাৰ কাৰণে জানিছিল যে তেওঁৰ জৰায়ুত
তেওঁৰ সপোনে থিত লৈছে? মোৰ ক্ষেত্ৰত কি
হৈছিল? কেনেকুৱা আছিল মোৰ অনুভৱ?
আগৰ সংখ্যাত ইতিমধ্যে উল্লেখ কৰিছোঁ, একেলগে থকাৰ, জীৱনটো ভগাই লোৱা, আৰু বিৱাহৰ সিদ্ধান্তৰ দৰে সন্তানৰ আৱাহনো আছিল আমাৰ দুয়োৰে ভাবি-চিন্তি লোৱা
পৰিপক্ক সময়ৰ পৰিপক্ক সিদ্ধান্ত৷ মই নিজে মাতৃত্বৰ কাৰণে মানসিক, শাৰীৰিক, আৱেগিকভাবে সাজু
হোৱাটো মোৰ কাৰণে আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ৷ যোৱা সংখ্যাত লিখিছিলোঁ, কেনেকৈ নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ গৈ আমন্ত্ৰিত অধ্যাপক হিচাপে ক্লাছ
লোৱাৰ দিনকেইটাত মই অকলে নিজৰ লগত বহু সময় কাটাইছিলোঁ আৰু কেনেকৈ মাতৃত্বৰ কাৰণে
মনোশৰীৰে সাজু হোৱাৰ কথা ভাবিছিলোঁ৷ এই কথাটো মই মাক হ’ব বিচৰা সকলো
নাৰীকে ক’ব খোজোঁ৷ প্ৰথমে নিজে সাজু হোৱাটো আটাইতকৈ প্ৰয়োজনীয়, আটাইতকৈ গুৰুত্বপূৰ্ণ৷
উপযুক্ত বয়সৰ আৰু সুস্বাস্থ্যৰ মানুহ এহালে মাক-দেউতাক হ’বলৈ আগ বাঢ়োঁতে
চিকিৎসকে প্ৰথমে প্ৰাকৃতিক ধৰণে এক নিৰ্দিষ্ট সময়লৈ চেষ্টা কৰিবলৈ বা অপেক্ষা
কৰিবলৈ উপদেশ দিয়ে৷ তাৰ পাছত গৰ্ভধাৰণ নকৰিলেহে চিকিৎসাৰ কথা আহে৷ বহুতৰে ক্ষেত্ৰত
কেতিয়াবা এই অপেক্ষা দীঘলীয়া হয়৷ বহুতে হয়তো এক বা একাধিক বাৰ গৰ্ভ নষ্টৰ কষ্টৰ
পাছতহে সন্তান আদৰিব পাৰে৷ আধুনিক চিকিৎসা বিজ্ঞানেও অনেককে সন্তান লাভত সহায় কৰে৷
সন্তানসম্ভৱা হোৱাটো এক প্ৰাকৃতিক প্ৰক্ৰিয়া৷ কিন্তু কথাবোৰ আচলতে আগৰ হিন্দী
চিনেমাবোৰত দেখুওৱাৰ দৰে নহয়৷ এনে নহয় যে নাৰীগৰাকীৰ মূৰ ঘূৰালে, বমি হ’ল আৰু চিকিৎসকে তেওঁৰ হাতৰ নাড়ী চাই ক’লে, বধাই হো, আপ মা বননেৱালী হো৷
আৰু লগে লগে পটভূমিত বাজি উঠিল আনন্দৰ সুৰ৷ এনেকুৱাও নহয় যে টেঙা খাবলৈ মন যোৱা
মানেই তাৰ ইংগিত সুকীয়া৷ কিন্তু চিকিৎসাৰ সুবিধা নথকা পৰিৱেশ-পৰিস্থিতিত আজিও
মহিলাগৰাকীৰ মাসিক স্ৰাৱ বন্ধ হোৱাটোকেই গৰ্ভাৱস্থাৰ আটাইতকৈ পতিয়নযোগ্য লক্ষণ
বুলি ধৰা হয়৷ আৰু আজি-কালি গৰ্ভাৱস্থাৰ ঘৰতে পৰীক্ষা কৰাৰ আটাইতকৈ সহজ, সুচল, সুলভ ব্যৱস্থাটোৱেই হৈছে to check for the two pink lines.
মই আছিলোঁ এক প্ৰকাৰে ভাগ্যশালী৷ বছৰৰ আৰম্ভণিতে আমি দুয়ো বহি যি কথা
পাতিছিলোঁ আৰু মাৰ্চ মাহত নাহৰৰ দেশখনত অকলে অকলে খোজ কাঢ়ি ঘূৰি ফুৰোঁতে বৰষুণীয়া
ৰাতিপুৱা এটাত মই যিহৰ কাৰণে সাজু হৈছিলোঁ, তাৰ কাৰণে মোৰ অপেক্ষা আছিল হ্ৰস্ব৷ ঘটনাৰ ক্ৰমটোৰ আধামান ইতিমধ্যে লিখিছোঁ, মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ক্লাছবোৰ লৈ উভতি অহাৰ পাছতে মোৰ ফৰাছী বন্ধু
চেবাস্তিয়েন ৰ’খ কাযাল আৰু থিঅ’ফানে লেলিভাৰ দিল্লীলৈ আহিছিল৷
থিঅ’ই আটোম-টোকাৰিকৈ সেই বিশেষ কমলাৰ গুটি কেইটামান বান্ধি-কুন্ধি লৈ সিহঁতৰ
দেশলৈ উভতি গৈছিল৷ তাৰ ঠিক পাছতে বিক্ৰম গ’ল মুম্বাইলৈ৷ মুম্বাইলৈ তেওঁ
কৰ্কট ৰোগৰ চিকিৎসা বিষয়ক এক সন্মানীয় আলোচনা সত্ৰত যোগদান কৰিবলৈ গৈছিল৷ তেতিয়ালৈ
বিক্ৰমে কৰ্কট ৰোগ বিষয়ত Super Specialty কৰিছে৷ আমাৰ বিয়াৰ সময়ত বিক্ৰম আছিল দিল্লীতে কৰ্মৰত শল্য চিকিৎসক৷ বিয়াৰ ঠিক পাছতে
তেওঁ সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হৈ দিল্লীৰ মেক্স
হস্পিটেলত কৰ্কট ৰোগৰ শল্য চিকিৎসা বিষয়ত ডিগ্ৰীৰ কাৰণে পঢ়া-শুনা কৰিছিল৷
বিক্ৰম মুম্বাইলৈ যোৱাৰ পাছত সেইকেইদিন মই ঘৰত অকলে৷ কিয় নাজানো, পুনৰ মোৰ মূৰত পল গগা, গুস্তাভ ক্লিম্ট্
আৰু খলিল জিব্ৰানৰ বিশেষ পেইণ্টিং কেইখনে ভৰ কৰিলেহি৷ কিছুদিন আগতে ডিব্ৰুগড়
বিশ্ববিদ্যালয়ৰ অতিথিশালা ‘বিশ্ৰান্ত’ত থাকোঁতে এই পেইণ্টিং
কেইখনেই বাৰে বাৰে গুগল কৰি চাইছিলোঁ৷ মোৰ ম’বাইল ফোন আৰু লেপটপৰ স্ক্ৰীন ছে’ভাৰ কৰি ৰাখিছিলোঁ৷
এতিয়া দিল্লীলৈ উভতি আহি আমাৰ নতুনকৈ থান-থিত লগোৱা ঘৰটোত (দিল্লী বিশ্ববিদ্যালয়ৰ মৌৰিছ
নগৰৰ কোৱাৰ্টাৰ) মোৰ কিতাপৰ
আলমাৰীবোৰ খুলিলোঁ৷ মোৰ এগালমান পেইণ্টিঙৰ ধুনীয়া ধুনীয়া দেশী-বিদেশী কিতাপ আছে৷
এইবোৰ মোৰ অতি মৰমৰ সম্পদ৷ চালেই আৰু চুলেই ভাল লগা এই কিতাপবোৰ খুচৰি বিচাৰি
উলিয়াই পুনৰ খুটিয়াই খুটিয়াই চালোঁ, গগাৰ পেইণ্টিং- Where Do We Come From? What Are We?
Where Are We Going? ক্লিম্ট্ৰ Three Ages of Women (১৯০৫) আৰু Hope (Hope-I আৰু Hope-II). পুনৰ মই মোৰ ভাবত বুৰ গ’লোঁ৷ পুনৰ নিজকে ক’লোঁ,
“হয়, এতিয়া মই সাজু৷
এতিয়া মই মোৰ জীৱনৰ আন এটা স্তৰলৈ গতি কৰিব বিচাৰোঁ৷ মই মোৰ সমস্ত শুভবোধৰ শক্তিৰে
ধাৰণ আৰু লালন আৰু পালন কৰিব বিচাৰোঁ মোৰ সন্তান, আমাৰ সন্তান৷ মই মাক হ’ব বিচাৰোঁ৷”
কৈছোঁৱেই, মই কিজানি এক প্ৰকাৰে ভাগ্যশালী আছিলোঁ৷ মোৰ অপেক্ষা
আছিল হ্ৰস্ব৷ বিক্ৰমক তেওঁ মুম্বাইত থাকোঁতেই ফোনত ক’লোঁ, মোৰ মাসিক স্ৰাৱ হোৱা নাই৷
তেওঁ চিকিৎসকসুলভভাবে আৰু একেবাৰে সাধাৰণভাবে কৈ থ’লে, একো নাই, কেতিয়াবা দেৰি হ’বও
পাৰে৷ কিন্তু কিমান দেৰি? মোৰতো সদায়ে একেবাৰে সময় মতেই হয়৷ ঋতুস্ৰাৱ বিষয়ক কথা মই
সাধাৰণতে কেতিয়াও কাৰো লগতে পতা নাছিলোঁ৷ মা, মাহী, ভণ্টি, হোষ্টেলৰ ৰূম্মে’ট- নাই
কাৰো লগতে পতা নাছিলোঁ৷ কাৰণ, ক’ব লগাকৈ মোৰ বিশেষ একো ঋতুস্ৰাৱজনিত সমস্যা নাছিল
(কেতিয়াবা অলপ থাকিলেও গুৰুত্ব দিয়া নাছিলোঁ) আৰু এইবোৰ পাতিব লগা কথা বুলি ভবা নাছিলোঁ৷
কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এই মাসিক পৰিক্ৰমাটো মই কিবা লুকুৱাব লগা, লাজ কৰিব লগা
কথা বুলি ভাবিছিলোঁ৷ মই মাত্ৰ সদায়ে ইয়াক অতি সহজ আৰু সাধাৰণভাৱে গ্ৰহণ কৰিছিলোঁ৷ ইমান
দেৰিলৈকে মাসিক স্ৰাৱ নোহোৱাত মই বিশেষ চিন্তিত হোৱা নাছিলোঁ যদিও বিক্ৰমে যেতিয়া পাছৰ
ফোন কলটোত প্ৰেগনেন্সী টেষ্ট কৰাৰ কথা ক’লে, ফোনতে তেওঁক ক’লোঁ, “ধেই, সেইটো আকৌ কেনেকৈ হ’ব পাৰে?” তেওঁৰ উত্তৰ আছিল, “কিয়? সেইটো কেনেকৈ নহ’ব পাৰে? সেইটোৱেই হ’ব পাৰে৷”
হয়তো, সেইটোৱেইটো হ’ব
পাৰে৷ তাৰ কাৰণেই মই সাজু হোৱা বুলি নিজকে কোৱা নাছিলোঁনে? তেতিয়াহে মোৰ খেয়াল আহিল,
Is it really happening? মই সন্তান সম্ভৱা নহয়তো? বিক্ৰম মুম্বাইৰ পৰা উভতি নহালৈকে
মোৰ মূৰত অলেখ আৱেগৰ অগা-ডেৱা চলি থাকিল৷ দুই-তিনিদিন মানৰ পাছত তেওঁ দিল্লীলৈ উভতি
অহাৰ পাছৰ ৰাতিপুৱাটোত শোৱাকোঠাৰ বিছনাত আমি দুয়ো বহি আছোঁ৷ আমাৰ সমুখত এটা হ’ম প্ৰেগনেন্সী
কিট৷ আমাৰ চকু কণমানি নখটোমান আয়তটোত৷ আমাৰ মুখত কোনো শব্দ নাছিল৷ ঘড়ীৰ কাঁটা বাগৰাৰ
শব্দ কিজানি আমি শুনিছিলোঁ৷ আৰু লাহে লাহে যতনটোত জিলিকি উঠিল সেই বিশেষ আঁচ দুডাল৷
চকু ডাঙৰ কৰি, জুপি জুপি আকৌ চালোঁ, হয়, স্পষ্টকৈ দুডাল আঁচ৷ ৰঙা? গুলপীয়া? অলপ বেঙুনীয়া?
তাৰ মিশ্ৰিত কিবা এটা? কাৰ ওঁঠেৰে প্ৰথমে শব্দ ওলাব? কি ক’ব কি নক’বকৈ তেওঁ মোৰ হাতখন
চুই ক’লে, কংগ্ৰে’চ্যুলেশ্বনছ!
বাৰে বাৰে চাই থাকিলোঁ সেই আঁচ দুডাল৷ কি আছিল তাত? যাদুকৰী, সন্মোহনী আঁচ দুডালত লুকাই আছিল এটা আমাৰ নতুন জীৱন, আমাৰ এটা নতুন যাত্ৰা৷
মই ভাবিছিলোঁ সেই আঁচ
দুডালৰ ৰংটোৰ কথা৷ ভাবি পাইছিলোঁ মোৰ আটাইতকৈ আপোন মোৰ ভাষাটোৰে প্ৰকাশ কৰিব পৰা শব্দ
এটা, সেই আঁচ দুডাল আছিল ‘পূৰৈৰঙী’ The two pink lines, মই নাম দিলোঁ ‘পূৰৈৰঙী আঁচ দুডাল’৷
পূৰৈৰঙী আঁচ দুডালে
পলকৰ ভিতৰতে সলনি কৰি পেলালে আমাৰ দুয়োৰে জীৱন৷ আঁচ দুডাল দেখাৰ পাছত অলপ স্থিৰ হৈ
আমাৰ মনলৈ অহা প্ৰথম প্ৰশ্নটো আছিল, এতিয়া? Now what? বিক্ৰমেই ক’লে, প্ৰথমতে আমি গীতা
বাইদেউৰ লগত কথা পাতোঁ৷ গীতা বাইদেউ মানে প্ৰখ্যাত স্ত্ৰীৰোগ বিশেষজ্ঞ ডা° গীতা বৰুৱা নাথ৷ যিহেতু দিল্লীত কেৱল আমি দুয়োটাই থাকোঁ, আৰু কাকো সেই মুহূৰ্ততে
লগে লগে একো নজনাই প্ৰথম গীতা বাইদেউলৈ ফোন কৰিলোঁ৷
● ● ●
( আগলৈ)
