ৰত্নোত্তমা দাস বিক্ৰম
প্ৰথমাংশ,
ষষ্ঠ অধ্যায়
এদিন আধা ৰাস্তাতে ... .
দিনবোৰ আগ বাঢ়িছিল। ধীৰে ধীৰে নে খৰগতিৰে
আগ বাঢ়িছিল, গম পোৱা নাছিলোঁ। সকলো কথাই আছিল নতুন। গৰ্ভাৱস্থাৰ লগত জড়িত সকলো
ঘটনাই আছিল প্ৰথমবাৰৰ বাবে হোৱা। ৰাতিপুৱা প্ৰথম ওকালি, প্ৰথম মূৰঘূৰণি, আগতে
কেতিয়াও অনুভৱ নকৰা ভোক, ভাগৰ আৰু উদ্যম, আদিকিশোৰী কালৰে পৰা প্ৰতিমাহে নিৰ্দিষ্ট
তাৰিখত দেখি অহা ৰজোস্ৰাৱৰ অনুপস্থিতি, এদিন হঠাতে আৰম্ভ হোৱা ডিঙি আৰু বুকুৰ
আচৰিত জ্বলা-পোৰা, হঠাতে দাইলৰ গোন্ধ সহিব নোৱাৰা হোৱা—প্ৰথম ত্ৰিমাসিকটোত এই
সকলোবোৰ নতুন মনো-শৰীৰীক পৰিঘটনা কম-বেছি পৰিমাণে মোৰ ক্ষেত্ৰতো আৰম্ভ হৈছিল।
কিন্তু মই কিজানি আছিলোঁ ভাগ্যশালী। মোৰ ক্ষেত্ৰত শাৰীৰীক পৰিঘটনাবোৰৰ তীব্ৰতা অতি
বেছি কেতিয়াও হোৱা নাছিল। আৰু হয়তো হৈছিল যদিও তাক মই মনৰ জোৰেৰে অৱদমন কৰিবলৈ
সক্ষম হৈছিলোঁ। নিয়মীয়া ৰুটিন অনুসৰণ কৰি স্বাস্থ্য ভালে ৰাখিবলৈও সক্ষম হৈছিলোঁ।
মৰ্ণিং চিক্নেছৰ দিনবোৰত বমিৰ ভাব আহিলেও বতিয়াব লগা হোৱা নাছিল, মূৰ ঘূৰাই পৰি
যোৱা নাছিলোঁ। বিশেষ একো খোৱাবস্তুৰে প্ৰতি প্ৰেগনেন্সী ক্ৰে’ভিং মোৰ শেষলৈকে হোৱা
নাছিল। কিন্তু প্ৰতিগৰাকী গৰ্ভৱতীৰে গৰ্ভাৱস্থা একে নহয়। বহুতে বহু অকল্পনীয় কষ্ট
ভুগি ভুগি তিনিওটা ত্ৰিমাসিক (first, second and third trimester of pregnancy)
কটাবলগা হয়। কিন্তু মোৰ ক্ষেত্ৰত এনেকুৱাও হোৱা নাছিল যে সকলো কথাই আছিল সাতোৰঙী
সপোনৰ দৰে। গোলাপৰ পাপৰি ছটিয়াই থোৱা ৰাস্তা এটাৰে খোজ কঢ়াৰ দৰে মুঠেও নাছিল সেই
যাত্ৰা। আন যিকোনো এগৰাকী নতুন গৰ্ভৱতীৰ দৰেই ময়ো একেটা বাটেৰেই বাট বুলিছিলোঁ,
য’ত কেতিয়াবা কাঁইট আছিল আৰু কেতিয়াবা গোলাপ। কিন্তু তাৰ মাজতে এটা অভাৱনীয় ঘটনা
ঘটিল। ঘটনাটো প্ৰথমে আছিল আচৰিত ধৰণৰ এটা ভাল সংযোগৰ ভাল খবৰ। কিন্তু মাত্ৰ দুটা
মাহৰ পাছতে সেই ঘটনাটোৱে ৰূপ সলাই মোৰ গৰ্ভাৱস্থাৰ সময়ছোৱাৰ আটাইতকৈ ট্ৰেজিক অপঘটনাটোৰ
ৰূপ লৈছিল। এই কথাখিনি লিখিবলৈ মোৰ কষ্ট হৈছে। লিখিম নে এৰি যাম সেই কথাও বহুবাৰ
ভাবিছিলোঁ। কিন্তু নিলিখিলে মোৰ সেই সময়ৰ যাত্ৰাটোৰ মানচিত্ৰখন সম্পূৰ্ণ নহ’ব।
এইখিনি লিখাৰ আগতে অলপমান পুৰণি কথাও কোৱা যাব। মই গৰ্ভধাৰণ কৰাৰ আগৰ কথা।
মানুহৰ পৰিয়ালবোৰ যেতিয়া তেজ-মঙহ আৰু
মৰমৰ বান্ধোনেৰে বান্ধ খাই থকা হয়, সুখ-দুখবোৰৰো সমানে ভাগ-বটোৱাৰা হয়। বিভিন্ন
প্ৰসংগত ইতিমধ্যে মই উল্লেখ কৰিছোঁৱেই, মোৰ ভনী এজনী আৰু ভাই এটা। মোৰ বিয়াৰ এবছৰৰ
পাছত ভনীজনীৰ বিয়া হৈছিল। কিন্তু মই আৰু মোৰ মানুহজনে যিহেতু বিয়াৰ পাছত কেইবছৰমান
সন্তানৰ পৰিকল্পনা কৰা নাছিলোঁ, মোতকৈ তিনিবছৰে সৰু মোৰ ভনীজনীয়ে মোতকৈ বহু আগতেই
গৰ্ভধাৰণ কৰিছিল। প্ৰথমবাৰ তাই যেতিয়া গৰ্ভৱতী হোৱাৰ খবৰটো পাইছিলোঁ, আমাৰ গোটেই
পৰিয়ালটোৰ উলাহে নধৰা হিয়া যেন হৈছিল। আমাৰ পৰিয়ালৰ আটাইতকৈ ৰঙিয়াল, আটাইতকৈ উপহাৰ
লৈ ভাল পোৱা, আটাইৰে খবৰ ৰখা, যতন লোৱা, ছোৱালীজনী ভণ্টী। তেতিয়া ভাইটি কিবা কাৰণত
দিল্লীলৈ আহিছিল। মই তাৰ হাতত সদ্য-সগৰ্ভা ভণ্টীলৈ বুলি এসোপামান কিবা-কিবি দি
পঠাইছিলোঁ। কিন্তু আমাৰ সেই আনন্দ আছিল তেনেই অস্থায়ী। তাইৰ সেই গৰ্ভ নষ্ট হৈছিল।
তাইৰ লগতে আমি সকলোৱে মনোকষ্ট পাইছিলোঁ। সকলোৱে কৈছিল, প্ৰথমবাৰ এনকুৱা হোৱাটো একো
ডাঙৰ কথা নহয়, বহুতৰে হয়। বিশেষকৈ প্ৰথম ত্ৰিমাসিকটোতে হয়। আৰু এইটো কাৰণতে বহুতে
প্ৰথম তিনিটা মাহত ‘ভাল খবৰ’টো সকলোকে জনাবও নিবিচাৰে। আকৌ এবাৰ যেতিয়া মোৰ ভণ্টীয়ে
গৰ্ভধাৰণ কৰিলে, মোৰ ভাগৱতপ্ৰাণা মায়ে তেওঁৰ ইষ্ট ভগৱন্তৰ চৰণত উবুৰি খাই পৰিল,
ছোৱালীজনীয়ে আকৌ এবাৰ কষ্ট নাপাওক আৰু প্ৰভু। সেইবাৰ গুৱাহাটীত প্ৰথমবাৰৰ কাৰণে
ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ হৈছে। আমন্ত্ৰণ পাই মই দিল্লীৰ পৰা যাবলৈ ওলাইছোঁ।
বিশেষকৈ ভণ্টীক লগ পাম বুলি মই বৰ উৎসাহী হৈ আছিলোঁ। অসমলৈ যোৱাৰ আগদিনাৰ কথা। বজাৰলৈ
গৈ উলাহতে তাইৰ কাৰণে কিবা-কিবি কিনি আছোঁ। হঠাতে সৰুমাহীৰ ফোন পালোঁ, তাইৰ
পুনৰবাৰ গৰ্ভ নষ্ট হৈছে। পাছদিনাই (মানে মই গুৱাহাটী গৈ পোৱাৰ দিনাই) হস্পিতালত
অপাৰেশ্যন হোৱাৰ কথা। সেই মুহূৰ্তত মোৰ কেনেকুৱা লাগিছিলো সেয়া শব্দেৰে বুজাব
পৰাকৈ মই সক্ষম নহয়। দিল্লীৰ কমলা নগৰ বজাৰৰ হুলস্থলৰ মাজত মই ফোনটোৰ সিপাৰৰ সেই
দুঃখবৰটো ভুলকৈহে শুনিছিলোঁ বুলি মিছাকৈ ভাবিবলৈ চেষ্টা কৰিছিলোঁ। ফোনটো ধৰি থকা
কাণখন গুম্গুম্ কৰা যেন লাগিছিল। কিজানি মই য’ত আছিলোঁ, মাজবজাৰৰ সেইখিনিতে বহু
সময় ধৰি থিয় হৈ আছিলোঁ। মোৰ দুহাতত ভনীলৈ বুলি কিনা উপহাৰৰ টোপোলা। মই মোৰ ভনীজনীৰ
কাৰণে গৰ্ভৱতীৰ উপযোগী কি কি কিনিছিলোঁ সেয়া মোৰ আজিও এটা এটা মনত আছে। কিন্তু
আজিলৈকে মই কাকো নক’লোঁ, সেই উপহাৰৰ বস্তুবোৰৰ বোজাটো মই কি কৰিলোঁ। পাছদিনা
পুৱাতে মোৰ অসমলৈ বুলি বিমান আছিল। যিহেতু মই দিল্লীৰ পৰা ব্ৰহ্মপু্ত্ৰ সাহিত্য
উৎসৱৰ আমন্ত্ৰিত অতিথি হিচাপে গৈছিলোঁ, গুৱাহাটীৰ বিমান বন্দৰত সাহিত্য উৎসৱৰ
আয়োজক দলৰ কেইবাগৰাকীও ৰৈ আছিল। সেইবাৰ সেই আয়োজনটো তেনেদৰেই কৰা হৈছিল, অসমৰ
বাহিৰৰ পৰা যোৱা সকলো অতিথিকে বিমান বন্দৰৰ পৰা ফুলৰ তোৰা, গামোছা আদিৰে আদৰি লৈ
অনা হৈছিল। মই হাড়ে-হিমজুৱে অসমৰে যদিও স্থায়ীভাৱে দিল্লীত থকাৰ কাৰণে ময়ো অসমৰ
বাহিৰৰ অতিথিৰ তালিকাতে পৰিছিলোঁ। সেই সুবাদতে ডেইজী শৰ্মা নামৰ কলেজীয়া
ছাত্ৰীগৰাকীকো মোৰ গাইড হিচাপে পাইছিলোঁ। কথাটো মোৰ কাৰণে বৰ অসজা লগা আছিল। কাৰণ
মোৰেই চহৰখনত মোক গাইডৰ প্ৰয়োজন নাছিল, যিদৰে প্ৰয়োজন নাছিল মোৰ থকা-খোৱাৰ
ব্যৱস্থাৰ। বিনম্ৰভাৱে সেয়া মই প্ৰত্যাখ্যান কৰিছিলোঁ। কিন্তু বিমান বন্দৰত তেনে
আদৰণিৰ কাৰণে মই প্ৰস্তুত নাছিলোঁ। সেই উষ্ম আদৰণি প্ৰত্যাখান কৰাৰ কথা নাছিল।
কিন্তু সেই আদৰৰ এধানিও মই উপভোগ কৰিব পৰা নাছিলোঁ। সেই মুহূৰ্তত মোৰ
মনত মাত্ৰ এটা কথাই পাক্ঘূৰণি খাই আছিল, মই বিমান বন্দৰৰ পৰা পোনে পোনে যেন-তেনে
নিৰ্দিষ্ট হস্পিটেলখন গৈ পাবগৈ লাগে, য’ত মোৰ মৰমৰ ভনীজনীৰ আটাইতকৈ দুৰ্ভগীয়া
অপাৰেশ্যনটো হ’ব। মই একেটা কথাই ভাবি আছিলোঁ, মই যেনেকৈ হ’লেও তাইৰ সেই দুঃসময়ত
তাইৰ কাষত থিয় দিব পাৰিব লাগে। বিমান বন্দৰৰ আদৰণি পৰ্ব মই উপভোগ কৰা দূৰ কথা,
সেয়া কেনেকৈ শেষ হয় মই তাকেহে ভাবি আছিলোঁ। পৰা ততা-তৈয়াকৈ সাহিত্য উৎসৱৰ আদৰণিৰ
ফুলৰ তোৰা, গামোচা সামৰি মই যিমান পাৰোঁ সিমান বেগেৰে পোনে পোনে গৈ ভণ্টীৰ
অপাৰেশ্যন হোৱা হস্পিটেলখন ওলাইছিলোঁ। গৈয়ে ভনীজোঁৱাই চিৰঞ্জিতৰ মুখা-মুখি হ’লোঁ।
আমাৰ পৰিয়ালৰ আটাইতকৈ ভাল আৰু ভদ্ৰ ল’ৰাজনেই তেওঁ, ডা০ চিৰঞ্জিৎ সৰকাৰ,
আমি জিৎ বুলি মাতো। সেইদিনা হস্পিটেলখনৰ ক’ৰিডৰত দেখা জিতৰ বিমোৰ, ভাগৰুৱা চকুহালৰ
কৰুণ দৃষ্টিটো এইখিনি লিখি থাকোঁতেও মোৰ মনত পৰিছে। হস্পিটেলৰ ক’ৰিডৰটো যেন ক’ৰিডৰ
নহয়, পোহৰৰ ৰেশ মাথোঁ নথকা এটা অন্ধকাৰ সুৰংগহে। কোনো সন্তাপেই কিজানি সন্তান
হেৰুওৱাৰ সন্তাপৰ সমান নহয়। মোৰ মনত আছে, কেনেকৈ মোৰ আইতামাই (মাৰ মাক) তেওঁৰ শেষ
দিনকেইটাতো কৈ থাকিছিল, তেওঁৰ হেৰুওৱা তেওঁৰ প্ৰথম সন্তানটো কেনে সুন্দৰ আছিল। অথচ
শুনামতে সেই সন্তান আছিল পৃথিৱীত মাত্ৰ কেইটামান দিনৰহে আলহী। কেঁচুৱা, শিশু, যুৱক
আদি বিভিন্ন বয়সৰ সন্তান হেৰুওৱা বহু পিতৃ-মাতৃৰ শুকান চকুবোৰ দেখাৰ, স্বৰবিহীন
কণ্ঠ শুনাৰ দুৰ্ভগীয়া অভিজ্ঞতা মোৰ হৈছে। বৰ অসহায় লাগে, অথচ মাকগৰাকী বা
দেউতাকজনৰ হাত দুখন সাৱটি ধৰাৰ বাহিৰে, বা আধা মৌনতাৰে তেওঁলোকৰ লগত কথা পতাৰ
বাহিৰে কৰিব পৰাত একোৱেই নাথাকে।এখন ৱেব চিৰিজ চাইছিলোঁ, Six Feet Under,
তাৰে এটা চৰিত্ৰ ব্ৰেণ্ডা চ্ছেন’ৱিড (অভিনেত্ৰী ৰিচ্ছেল গ্ৰিফিথ)। ৱেব চিৰিজটোৰ
প্ৰথন চিজনতে Life is Too Short শীৰ্ষক খণ্ডটোত ব্ৰেণ্ডাই কোৱা
বাক্য এটা মোৰ মনত খাজ কাটি বহি ৰৈছিল। ব্ৰেণ্ডাই আফ্চোছ কৰি অত্যন্ত দুখত নিজকে
কোৱাদি তাইৰ দাম্পত্যসংগী নেইটক কৈছিল, সন্তান হেৰুওৱা পিতৃ-মাতৃক বুজাবলৈ কি শব্দ
আছে? “If you lose a spouse, you’re called a widow or a widower. If you are
a child and lose your parent, then you are an orphan. But what’s the word to
describe a parent who loses a child? I guess that’s just too fucking awful to
even have a word.”
মই আজিও ভাবোঁ, গৰ্ভস্থ সন্তান
গৰ্ভতে হেৰুওৱা মানুহৰ মানসিক অৱস্থা কেনে হয়? বহুতে কয়, সন্তানৰ মুখ নেদেখেকাকৈয়ে
হেৰুৱালে সেয়া পাহৰি যোৱা যায়। মই নাজানো। হয়তো হ’বও পাৰে। কিন্তু অশেষ আকুলতাৰে
সন্তান কামনা কৰা মানুহ এহালে যেতিয়া একাধিকবাৰ গৰ্ভস্থ সন্তান হেৰুৱায়, কিমান বা
নোবোৱা তেজেৰে তুমৰলি হয় তেওঁলোকৰ কলিজা, কিমান বা নেদেখা চকুলোৰে তিতি থাকে
তেওঁলোকৰ চকু… । বিশেষকৈ মাকগৰাকী, তেওঁৰতো মনটোৰ লগতে শৰীৰটোৱেও যাতনা ভোগে! পাছত
হয়তো সন্তান জন্ম হ’লেহে সেই কষ্ট আৰু শূন্যতাৰ অৱসান ঘটে। অন্ততঃ নিজৰ পৰিয়ালতে
সেয়া মই মোৰ মৰমৰ ভনীজনী আৰু ভনীজোঁৱাইৰ ক্ষেত্ৰত দেখিছিলোঁ। সদ্য সন্তানহাৰা,
তাকো গৰ্ভতে, তাকো একাধিকবাৰ, মোৰ কাৰণে সিহঁতহালৰ লগত কথা পতাটোৱেই কষ্টকৰ আছিল।
হস্পিটেলৰ বিচনাৰ পৰা উঠি অহা ভণ্টীৰ দুৰ্বল খোজবোৰৰ এটা এটা খোজে মোক কষ্ট দিছিল।
কিন্তু সেই সময়ত মই সিহঁতৰ ওচৰত থাকিব পাৰি মই কিছু শান্তি পাব পাৰিছিলোঁ।
ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত ভাগ ল’লোঁ।
সাহিত্য উৎসৱৰ আনন্দই মোক চুব নোৱাৰিলোঁ। সেইবাৰ সেই উৎসৱৰ আৰু এটা আয়োজন আছিল।
অসমৰ বাহিৰৰ পৰা লেখকক গুৱাহাটী চহৰখন দেখুওৱাৰ, ‘sight seeing’ৰ ব্যৱস্থা। মই
পঢ়া-শুনা কৰা সূত্ৰে আৰু মোৰ বৈবাহিক ঘৰখন হোৱা সূত্ৰে মোৰেই চহৰ গুৱাহাটীখন চাবলৈ
মইনো কিয় ওলাম। তাতে সেই সময়ত ভণ্টীৰ কাৰণে মোৰ মন একবাৰেই ভাল নাছিল। কিন্তু তাৰ
মাজতে হঠাতে মোৰ কি জানো মন গ’ল নাজানো, মই সাহিত্য উৎসৱৰ আয়োজকৰ দলটোক ক’লোঁ যে গুৱাহাটীত
মোৰ আন একো নতুনকৈ চাবলগা নাই, কিন্তু বাহিৰৰ পৰা অহা লেখকৰ দলটোৰ সৈতে ময়ো
কামাখ্যা দৰ্শনৰ কাৰণে যাম। আমি যেতিয়া কটনত পঢ়ি অছিলোঁ, যেতিয়াই তেতিয়াই বাছত উঠি
বা মেখেলা উজুৱা বাটেৰে শিলৰ খট্খটী বগাই (হয়, তেতিয়া শিলৰ খটখটীয়েই আছিল)
কামাখ্যালৈ গুচি গৈছিলোঁ। কেতিয়াবা ক্লাছৰ শেষত, কেতিয়বা ক্লাছ বাংক কৰি ক্লাছৰ
মাজত। আমাৰ দলটো কেতিয়াবা সৰু, কেতিয়াবা ডাঙৰ। কেতিয়াবা কামাখ্যা মন্দিৰৰ ভিতৰত
সোমাইছিল, কেতিয়াবা তাত নোসোমোৱাকৈয়ে আমি আৰু ওপৰলৈ, ভূৱনেশ্বৰীলৈ গৈছিলোঁ। কিন্তু
মই নিজে কেতিয়াও কামাখ্যাৰ ভিতৰলৈ কেতিয়াও যোৱা নাছিলোঁ। লগৰবোৰ ভিতৰলৈ গ’লে সিহঁত
ওলাই নহালৈকে মই অলপ ওপৰলৈ গৈ পাহাৰীয়া প্ৰকৃতি নিৰিখি অকলে কিছু ভাললগা সময়
কটাইছিলোঁ। কাৰণ শাৰী পতা, ভিৰ-ভাৰ, তাৰ মাজতে পূজাৰী বা পাণ্ডাৰ
নীতি-নিৰ্দেশ-উপদেশ, এইবোৰ মোৰ কেতিয়াও ভাল লগা নাছিল। কিন্তু ব্ৰহ্মপুত্ৰ সাহিত্য
উৎসৱত ‘অসমৰ বাহিৰৰ পৰা অহা’ লেখক হিচাপে প্ৰথমবাৰৰ কাৰণে কামাখ্যাৰ একেবাৰে
ভিতৰলৈ যোৱাৰ সুযোগ পালোঁ। মোৰ লগত মোৰ গাইড হিচাপে সংগ দিবলৈ দিয়া সাহিত্য উৎসৱৰ
স্বেচ্ছাসেৱিকা ডেইজী। তাতে লগ পালোঁ মোৰ ভাতৃসম বন্ধু আৰুণিক, লেখক-অধ্যাপক অৰুণি
কাশ্যপ। তেতিয়া সি হাৰিয়ানাৰ অশোকা য়ুনিভাৰ্চিটিৰ অধ্যাপক। ব্ৰহ্মপুত্ৰ সাহিত্য
উৎসৱৰ ‘অসমৰ বাহিৰৰ পৰা অহা’ লেখকৰ তালিকাত সিও আছিল। সি অকৌ গুৱাহাটীতে ডাঙৰ
হোৱা। কিন্তু মোৰ দৰে সিও একেটা দলতে কামাখ্যা চাবলৈ গৈছিল।
— আপুনি
অকৌ ইয়াত কিয়? নাস্তিক মানুহ মন্দিৰত যে? আৰুণিয়ে মোক ধেমেলীয়াকৈ সুধিলে।
— মই
নাস্তিক নহওঁতো। অঁ, ইগ্নস্তিক বুলি ক’ব পাৰা। নন-ৰিশ্বুয়েলিস্তিক বুলি ক’ব পাৰা।
— এস্, হ’ব
দিয়ক। মই জানো। মুঠতে আপুনি ধৰ্ম-কৰ্মৰ পৰা দূৰত থকা মানুহ। আপুনিনো ক’ত মন্দিৰ
যায়?
মন বেয়া লাগি থকা ভাবটো আৰুণিৰ লগত কথা
পাতি অলপ পাতলিল। তাক ভণ্টীৰ কথাটোও ক’লোঁ। তেতিয়ালৈকে সেই কথাটো মই কাকো কোৱা
নাছিলোঁ।
শাৰী নপতাকৈয়ে মন্দিৰৰ একেবাৰে ভিতৰলৈ গৈ
মই শিয়ৰি উঠিলোঁ। আহ্, কেনে ৰহস্যময় এই দেৱী মন্দিৰ! কালিকা ভাৰতবৰ্ষৰ একাৱন্নখন
শক্তিপীঠ ভিতৰৰ এখন বুলি মানি অহা শক্তিশালী কামাখ্যাৰ গৰ্ভগৃহৰ কম পোহৰত সেই পূত
জল স্পৰ্শ কৰিও শিয়ৰি উঠিলোঁ মই। কেনে এক পূৰ্বে অননুভূত অনুভৱ। ভিতৰলৈ সোমাই গৈ
থাকোতে কম পোহৰত শিলৰ বেৰত ভাস্কৰ্য দেখিছিলোঁ। মন্দিৰৰ বাহিৰৰ বেৰত থকা
ভাস্কৰ্যবোৰো সেইদিনা মই চাইছিলোঁ আৰু চাই চাই ভাবিছিলোঁ, অসমৰ পুৰণি
ভাস্কৰ্যসমূহৰ বিষয়ে গৱেষণা কৰা ভণ্টীয়ে কিমানবাৰ যে মোৰ আগত কামাখ্যা মন্দিৰৰ
স্থাপত্য-ভাস্কৰ্য শলাগিছিল। কিমানবাৰ যে তাই শক্তিপীঠ কামাখ্যাৰ প্ৰশ্নোতীত
শক্তিৰ কথা পৰম বিশ্বাসেৰে কৈছিল। সেইদিনা হঠাতে মোৰ মোৰ মনলৈ এটা ভাব আহিছিল।
তেতিয়ালৈকে মই সন্তানৰ কথা ভবাই নাই, আৰু মোৰ ভনীজনীয়ে ইমান আকুলতাৰে সন্তান কামনা
কৰে। তাই বাৰু কেতিয়া মাক হ’ব পাৰিব? তাই গৱেষণাৰ কামত ঘূৰি ফুৰা মন্দিৰবোৰৰ শিলৰ
বিগ্ৰহবোৰে বাৰু তাইৰ মনোকামনা পূৰ কৰিব পাৰিবনে?
সেইবাৰ অসমৰ পৰা দিল্লীলৈ উভতি অহাৰ পাছত
বহুদিনলৈকে হস্পিটেলৰ পৰা ওলাই অহা ভণ্টীৰ দুৰ্বল খোজকেইটা আৰু চিৰঞ্জিতৰ বিমোৰ,
ভাগৰুৱা আৰু কৰুণ চকুদুটাই মনটো আমনি কৰি থাকিল। তাৰ পাছত নিৰ্বিকাৰ-নিৰ্লিপ্ততাৰে
সময় অথবা জীৱন নিজৰ মতেৰে, নিজে বাটেৰে আগুৱাই গৈ থাকিল। সময় নৰয়। আমাৰ সৰু-বৰ
শোক-দুখ, হা-হুমুনিয়াহলৈ সময়ে এবাৰো কটাক্ষমাত্ৰও নকৰে। লাহে লাহে সকলো নিজৰ নিজৰ
জীৱনত ব্যস্ত হৈ পৰিল।
এইখিনি অলপ পুৰণি কথা। পুনৰ উভতি আহোঁ
মোৰ গৰ্ভাৱস্থাৰ প্ৰথম ত্ৰিমাসিকটোৰ কথালৈ। মোৰ গৰ্ভাৱস্থাৰ খবৰ পাই আটাইতকৈ বেছি
উৎসাহী হোৱা মানুহ এজনী আছিল মোৰ ভণ্টী। এদিন তাই ক’লে, বা, তোমাক এটা কথা ক’বলৈ
আছে। কিন্তু কি কথা তাই নক’লে। আৰু কিছুদিনৰ পাছত, মোৰ প্ৰথম ত্ৰিমাসিকটো অন্ত
পৰাৰো কিছু দিনৰ পাছত, কথাটো জানিব পাৰিলোঁ, তাই পুনৰবাৰ গৰ্ভধাৰণ কৰিছে আৰু
ইতিমধ্যে তাইৰো প্ৰথম ত্ৰিমাসিকটোৰ অন্ত পৰিছে। আনন্দ, আশ্চৰ্য আৰু কিছু আশংকাৰ
মিশ্ৰিত অনুভৱ। আশংকা, এইবাৰ তাইৰ সকলো ঠিকে থাকিবতো? এই কথাটো ইমানদিনে তাই আৰু
চিৰঞ্জিতে এইবাৰ কাকোৱেই কোৱা নাছিল। কাকোৱেই মানে আনকি মা আৰু তাইৰ লগতে থকা
শাহুৱেককো। একাধিকবাৰ গৰ্ভনষ্টৰ যাতনাই সিহঁতক অতিশয় শংকাতুৰ কৰি তুলিছিল। আৰু
আটাইতকৈ ডাঙৰ কথা, মোৰ ‘ভাল খবৰটো’ৰ কাৰণে ঘৰৰ সকলো আনন্দিত হৈ থকা সময়খিনিত
সিহঁতহালে ঘৰৰ মানুহখিনিয়ে, বিশেষকৈ মই কোনো ধৰণৰ আশংকা আৰু চাপ লোৱাটোও বিচৰা
নাছিল। অৱশেষত খবৰটোৱে সকলোকে দুগুণে আনন্দিত কৰি তুলিলে। সংযোগবশতঃ তাইৰে মোৰে
EDD (Expected Date of Delivary বা Due Date)ও প্ৰায় একেই আছিল। এই সংযোগত মই
অতিশয় আনন্দিত হৈ পৰাৰ বিপৰীতে বহুদিনলৈকে ভণ্টী আৰু চিৰঞ্জিৎ আছিল শংকিত। একাধিকবাৰ
অনাকাংক্ষিত গৰ্ভপাতৰ পাছত দুয়ো যেন আনন্দিত হ’বলৈও ভয় খাইছিল। আনকি চিৰঞ্জিৎ নিজে
চিকিৎসক হোৱা স্বত্তেও শংকাৰ পৰা মুক্ত হ’ব পৰা নাছিলোঁ। আমি সকলোৱে মিলি দুয়োকে
উৎসাহ দি থাকিলোঁ, সকলো ঠিকে থাকিব, এইবাৰ সকলো ঠিকে থাকিব। ভাইটি আৰু তাৰ বাক্দত্তাও
চিকিৎসক। সিহঁত আৰু লগতে বিক্ৰম, আটায়ে মিলি প্ৰায়ে চিকিৎসা বিজ্ঞানৰ দিশেৰে
চালি-জাৰি চায় আৰু কয়, এইবাৰ ঠিকে থাকিব। মায়ে ভাগৱতৰ আগত মূৰ দোঁৱায়। ভাইটিয়ে
পৰিৱেশটো সহজ কৰিবলৈ মাক জোকায়, তুমি যঁজা নাতি/নাতিনীৰ আইতাক হ’বা! কেইদিনৰনো
ডাঙৰ সৰু হ’ব আহিবলগা দুটা বা দুজনী? পাছে একে দিনাই ডেলিভাৰি হ’লে তুমি ক’ত
থাকিবা? দিল্লীত নে গুৱাহাটীত? চিৰঞ্জিৎ, আমাৰ পৰিয়াল আটাইতকৈ ভাল, আটাইতকৈ ভদ্ৰ
ল’ৰাটোৱে চিৰিয়াছ্লি কৈ উঠে, তেনেকুৱা হ’লে তেওঁ নিশ্চয় দিল্লীলৈ যাব। আমিতো ইয়াত
চব আছোঁ, তাত বা আৰু বিক্ৰমদাৰ কোনো নাই। লাহে লাহে ভণ্টীৰো শংকাবোৰ অলপ অলপকৈ কমি
আহিল। তাই যেন ভয়ে ভয়ে মোৰ হাতখন খামুচি ধৰিলে আৰু আমি দুই বাই-ভনীয়ে যেন হাতত হাত
ধৰি নতুন যাত্ৰা এটা আৰম্ভ কৰিলোঁ। প্ৰতিদিনে ফোনত আমি আমাৰ কথাবোৰ ভগাই ল’লোঁ,
ঔষধ-পথ্যৰ কথা পাতিলোঁ। ইজনীয়ে সিজনীক স্বাস্থ্যৰ যত্ন ল’বলৈ সোঁৱৰাই দিলোঁ। আমি
আমাৰ শৈশৱৰ কথাবোৰো সেইকেইদিন বেছিকৈ পাতিবলৈ ল’লোঁ। মায়ে নজনাকৈ দেউতালৈ মনত
পেলাই দুখ কৰিলোঁ।
গৰ্ভাৱস্থাৰ প্ৰথম আৰু তৃতীয় (বা অন্তিম)
ত্ৰিমাসিক দুটা জটিল হয়। আৰু তুলনামূলকভাৱে সহজ হয় দ্বিতীয় ত্ৰিমাসিক। সেয়া
দ্বিতীয় ত্ৰিমাসিকৰে কথা আছিল। মৰ্ণিং চিক্নেছ কমি আহি প্ৰায় নোহোৱা হৈছিল,
শৰীৰটোৰ নতুন পৰিৱৰ্তনবোৰৰ সৈতে খাপ পৰিবলৈ আৰম্ভ কৰিছিলোঁ। মানসিকভাৱে সাজু
হৈছিলোঁ পৰৱৰ্তী স্তৰলৈ। দিল্লীৰ পৰা গুৱাহাটী কিমাননো দূৰ, কিন্তু প্ৰথম
ত্ৰিমাসিকত দূৰৰ যাত্ৰা চিকিৎসকেও মানা কৰে। ভণ্টীৰতো বাৰু জটিল মেডিকেল
কণ্ডিশ্বনেই আছিল। মোৰো কোনো যাত্ৰা কৰাৰ কথা নাছিল। গতিকে আমি লগ পোৱাৰ কথাও
নাছিল। আমি ফোনতে কথা পাতিছিলোঁ। কিন্তু আধা সপোন আধা দিঠকত মই যেন সেইকেইদিন
প্ৰায়ে তাইকেই দেখিছিলোঁ। আমাৰ আইতামাৰ গাওঁ কমাৰবাৰীৰ পথৰুৱা আলি এটাৰে যেন
দুয়োজনী দৌৰিছোঁ আৰু খিল্খিলাই হাঁহিছোঁ। আমাৰ গাত আমাৰ আইতামাই চিলাই দিয়া
ফুটফুটীয়া চোলা, দুয়োটা চোলাতে তেওঁৰ কাজী হাতেৰে লগাই দিয়া লেইচ, এম্ব্ৰইডাৰী কৰি
গুঠি দিয়া ফুল। মোৰ হাতত বনৰীয়া ঘাঁহফুলৰ থোপা, তাইৰ চোলাৰ কোঁচত একোঁচ ডাঁহেচীয়া
বগৰী। বগৰী? নে তলসৰা পকা জলফাই? মই জুপি চাওঁ, সেয়া তাইৰ কোচত কেঁচা
শিলিখা নহয়তো? চোলাটো চেকা লগাই আধানাৰ্জি কৰিলে সৰুমাহীয়ে তাইক ঠিকছে গালি বৰষিব।
চিল্মিল্কৈ মই প্ৰায়ে দেখোঁ, কমাৰবাৰী গাঁৱৰ পথাৰ, মাহতলী আৰু সৰিয়হডৰা পাৰ হৈ
গৈ আমি কাচিকটা নৈখন গৈ পাইছোঁ, নৈখনৰ তৰাং পানীৰ তলত জিলিকি থকা শিলবোৰ চাই আমি
খিল্খিলাই হাঁহিছোঁ। নৈৰ পাৰত আমি সৰু সৰু নেগুৰীয়া শামুকৰ খোলা বুটলিছোঁ। এদিন
দেখিছোঁ, সৌজনী মই, মোৰ জীৱনৰ প্ৰথম প্ৰেমপত্ৰখন মনে মনে তাইক দেখুৱাইছোঁ। সৌজনী
তাই, পঢ়া-শুনা নকৰি ৰঙা চাইকেল এখন লৈ ঘূৰি ফুৰা বায়েকজনীক মাকৰ ৰোষৰ
পৰা বচাবলৈ আসৈ মাতি কৈছে, বায়েতো অলপ আগতে পঢ়িয়েই আছিল। সৌজনী মই, স্কুলৰ পাঠ পঢ়া
নাই, বাহিৰা কিতাপ এখন লৈ বহি আছোঁ। সৌজনী তাই, ভাইটিৰ লগত কাজিয়া কৰিছে। সৌজনী
মই, ছবি এখন আধা আঁকি লৈ বাহিৰলৈ চাই আছোঁ। সৌজনী তাই, দুহাত যোৰ কৰি কেনে
ধুনীয়াকৈ প্ৰাৰ্থনা কৰি উঠি ভাইটিৰ সৈতে পঢ়া টেবুলত বহিছে।
তেনেকুৱাতে এদিন কোনো আগজাননী নিদিয়াকৈ
হুৰ্-হুৰাই নামি অহা বতাহ-বৰষুণ-ধুমুহা এজাকৰ দৰে খবৰটো আহিল। ভণ্টীক হস্পিটেলত
ভৰ্তি কৰোৱা হৈছে। মই দৰক লাগি ৰ’লোঁ। মাত্ৰ দুদিন হস্পিটেলত থকাৰ পাছতে আটাইতকৈ
নিষ্ঠুৰ খবৰটো পালোঁ। পুনৰবাৰ তাইৰ গৰ্ভনষ্ট হ’ল।
পাঁচমহীয়া গৰ্ভস্থ সন্তান গৰ্ভতে হেৰুওৱাৰ
পাছতো মোৰ সাহসী ভনীজনীয়ে সেইহেন মুহূৰ্ততো মাক কৈছিল, দুখ নকৰিবা। বা ৰ কথা ভাবা।
তাই দুখ কৰিলে তাইৰ গৰ্ভৰ সন্তানটিয়েও কষ্ট পাব।
আৰু মই? সেই যে ধুনীয়া যাত্ৰা এটা
গৰ্ভাৱস্থাৰ তিনিমাহমানৰ পাছৰ পৰা ভণ্টী আৰু মই হাতত হাত ধৰি আৰম্ভ কৰিছিলোঁ, সেই
তেনেই চুটি যাত্ৰাটো হঠাতে শেষ হৈ থাকিল। হঠাতে তাই মোৰ হাতখন এৰি দি আধা ৰাস্তাতে
যেন বহি পৰিল আৰু ক’লে, মই নোৱাৰিলোঁ। এইখিনিৰ পৰা তুমি অকলেই আগবাঢ়াঁ।
সেইখিনিৰ পৰা মই আগবাঢ়োঁ কেনেকৈ?
(আগলৈ)
***
(‘মাক-কথা’ৰ এই খণ্ডটোত বৰ্ণিত ব্যক্তিগত কথাখিনি ড০°
স্বাধীনতা দাস আৰু ডা০° চিৰঞ্জিৎ সৰকাৰৰ অনুমতি সাপেক্ষে প্ৰকাশ কৰা
হৈছে। দুয়োলৈকে মোৰ কৃতজ্ঞতা।)
***
(লেখকৰ ফোন- ৯৮৬৮০২৩৪৮৪)
