অন্যযুগ/


উলাহেৰে উভতি চাওঁ : ২০

 ড° পোনা মহন্ত


টিৰাপ সীমান্ত দেখিলোঁ


মোৰ ওপজা ঠাই চলিহা বাৰেঘৰ সত্ৰ আৰু বৰ্তমান অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ অধিবাসী নক্তে জনগোষ্ঠীয় লোকসকলৰ মাজৰ প্ৰায় চাৰিশ বছৰীয়া পুৰণি সামাজিক-সাংস্কৃতিক সম্পৰ্কৰ কথা আগতে কৈ আহিছোঁ৷ বিদেশী চৰকাৰে ইনাৰ লাইন পাছআইন প্ৰৱৰ্তন কৰাৰ পাছত কি দৰে পাহাৰ-ভৈয়ামৰ মাজৰ এই সংযোগ বাধাগ্ৰস্ত হৈছিল আৰু কি দৰে সত্ৰৰ এজন ডেকা গোঁসায়ে উক্ত আইন ভংগ কৰি বিনা পাছে অৰুণাচলত (তেতিয়াৰনেফা’) প্ৰৱেশ কৰিছিল, সেই সম্পৰ্কেও যথাস্থানত উল্লেখ কৰা হৈছে৷ আইনভংগকাৰী ডেকা গোঁসাই মুনীন্দ্ৰনাথ মহন্ত হল এই লেখকৰ জ্যেষ্ঠ ভাতৃডাঙৰ দাদা৷

এই কথাও বোধকৰোঁ কৈ আহিছোঁ যে আইন ভংগৰ অপৰাধত মুনীন্দ্ৰনাথ মহন্তক কুৰিটকাৰ যি দণ্ড বিহা হৈছিল পাহাৰ-ভৈয়ামৰ সম্পৰ্কৰ কথা জানিব পাৰি আৰু নক্তে গঞাসকলৰ হেঁচাত সেই টকা সসন্মানে ওভতাই দিয়াৰ উপৰিও দুয়ো পক্ষৰ সুবিধাৰ্থে মহন্তক বাৰ্ষিক পাছ প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল৷ তেতিয়াৰ পৰা দাদা মুনীন্দ্ৰনাথ মহন্তই মন গলেই বা নক্তে শিষ্যসকলৰপৰা আহ্বান পালেই টিৰাপলৈ গৈ নক্তে গাঁওসমূহ ভ্ৰমণ কৰিছিল৷ দাদাক তেনেকৈ গৈ থকা দেখি আৰু তেওঁৰ মুখে পাহাৰবাসীসকলৰ বিষয়ে নানা কথা শুনি মোৰ মনটোৱেও সেইবোৰ নিজ চকুৰে চাবলৈ লকলকাই আছিল৷ পিছে ইতিমধ্যে হাইস্কুলৰ ওপৰ শ্ৰেণী পোৱাগৈ বাবে সুযোগ তেনেকৈ মিলা মাছিল৷ মেট্ৰিক পৰীক্ষাৰ পাছৰ বিৰতিয়ে যেনিবা মোলৈ এই সুযোগ আনি দিলে৷ পৰীক্ষাৰ পিছত মোক পাহাৰলৈ লৈ যাম বুলি দাদায়ো ইতিমধ্যে কথা দি থৈছিল৷

মোৰ এই প্ৰথম পাহাৰ ভ্ৰমণৰ কথা কবলৈ গৈ কলম থমকি ৰব লগা হৈছে৷ অনেক কথা পাহৰিছোঁ; কিছুমান কথা ৰিণিকি ৰিণিকিহে মনত আছে৷ দাদাই সাধাৰণতে লগত এজন বা দুজন সহায়কাৰী বা ভাৰী লৈ গৈছিল৷ সেইবাৰ যিহেতু ময়ো আছিলোঁ, সেয়ে এজন ডেকা লৰাকহে সংগী হিচাপে লোৱা হৈছিল৷ যথা সময়ত প্ৰয়োজনীয় বস্তু-বেহানিৰে সৈতে আমি তিনিও গৈ ওচৰতে থকা মেজেংগা ষ্টেইশ্বনত ট্ৰেইনত উঠিলোঁগৈ৷ উল্লেখযোগ্য যে ষ্টেইশ্বন বুলিলেও মেজেংগা প্ৰকৃততে এটাছাইডিং’(Siding)-হে যত মূল ৰেইল লাইনৰ কাষত কেইটামান ডবাযুক্ত ট্ৰেইন এখন ৰাখিব পৰাকৈ আন এটা লাইন আছিল৷ আমাৰ অঞ্চলটোত যিহেতু অনেক চাহ বাগিচা আছিল, সেয়ে ইউৰোপীয় মালিকসকলৰ সুবিধাৰ বাবেই বোধকৰোঁ এই ছাইডিং স্থাপন কৰা হৈছিল৷ এনে কৰাৰ বাবে নিয়মীয়া ট্ৰেইনবিলাকৰ গতি বাধাগ্ৰস্ত নকৰাকৈ কাষৰ লাইনত ৰাখি থোৱা ডবাত বাগানত উৎপাদিত চাহপাত বোজাই কৰিবলৈ সুবিধা হৈছিল৷ সেয়ে মেজেংগাত দ্ৰুতগতিৰএক্সপ্ৰেছজাতীয় ট্ৰেইন ৰখা হোৱা নাছিল, কেৱল কম দূৰত্বত চলা সাধাৰণ ট্ৰেইনহে ৰাখিছিল, তাকো কেইটামান মুহূৰ্তৰ বাবে৷ 

দাদাই ইতিমধ্যে তিনিটা টিকট লৈ থৈছিল৷ ট্ৰেইন আহি পাই সামান্য থমাৰ লগে লগে দবাৰ বাছ-বিচাৰ নকৰাকৈ খদমদম কৈ উঠাৰ কথা এতিয়াও পাহৰা নাই৷ ট্ৰেইনখনে নাজিৰা, শিমলুগুৰি, লাকুৱা, সাপেখাতী প্ৰভৃতি কেইবাটাও ষ্টেইশ্বনত ৰৈ ৰৈ যোৱাৰ পাছত এটা সময়ত নাহৰকটীয়া পায়গৈ৷ নাহৰকটীয়াত ৰেইলৰ পৰা আমি জয়পুৰ নামৰ ঠাইডোখৰলৈ গৈছিলোঁ৷ কেনেকৈ গৈছিলোঁ মনত নাই৷ বোধকৰোঁ খোজ কাঢ়িয়েই গৈছিলোঁ৷ সেইকালত বাছ মটৰৰ চাল-চলন তেনেই সীমিত আছিল; তাতে নাহৰকটীয়া আৰু জয়পুৰৰ মাজৰ দূৰত্বও বেছি নহয়৷ এইখিনিতে জয়পুৰৰ বিষয়ে দুআষাৰ কোৱা উচিত হ, কাৰণ অসমৰ জয়পুৰ নামৰ ক্ষুদ্ৰ চহৰখনৰ কথা আমাৰ অনেকে নাজানে৷ গুৰুত্বপূৰ্ণ ভৌগোলিক অৱস্থিতিৰ বাবে ঔপনিৱেশিক শাসনৰ দিনত জয়পুৰ এক সামৰিক কেন্দ্ৰ আছিল৷ বেপ্য়িষ্ট্ মিশ্বনেৰীসকলেও জয়পুৰক তেওঁলোকৰ কাম-কাজৰ কেন্দ্ৰৰূপে ব্যৱহাৰ কৰিছিল৷ শেহতীয়া লোকপিয়ল মতে আঢ়ৈ হেজাৰমান লোকৰ বসতিৰে জয়পুৰ এখন সৰু চহৰ৷ এই জয়পুৰৰপৰাই আমাৰ প্ৰকৃত পাহাৰ ভ্ৰমণ আৰম্ভ হয়৷ আগতীয়াকৈ চিঠিৰে যোগাযোগ কৰা অনুসৰি আমাক সংগ দিবলৈ নক্তে গাঁৱৰ পৰা পঠোৱা দুজন গজগজীয়া নক্তে ডেকা ইতিমধ্যে জয়পুৰত আহি আছিলহি৷ তেওঁলোকেই হল আমাৰ পথপ্ৰদৰ্শক আৰু প্ৰায় দুৰ্গম পাহাৰীয়া পথৰ সকলো প্ৰকাৰৰ সহায়ক৷

আমাৰ ভ্ৰমণৰ সময় ১৯৬০-৬১ৰ ভিতৰৰ কোনো এটা মাহ হব৷ যিমান দূৰ মনত পৰে সেয়া আছিল জহকালিৰ শেষ আৰু জাৰকালিৰ আৰম্ভণি৷ যিহেতু গৰমৰ সময়ছোৱাত পাহাৰ-ভৈয়াম উভয় অঞ্চলতে প্ৰায়ে ধাৰাষাৰে বৰষুণ হৈ থাকে, সেয়ে দাদাই সাধাৰণতে জাৰকালিহে নেফা ভ্ৰমণলৈ গৈছিল৷

আমাৰ গন্তব্যস্থান আছিল টিৰাপৰ সদৰ ঠাই খুন্চা৷ সেইকালত নাহৰকটীয়া আৰু খুন্‌চাৰ মাজত সুচল পথ নাছিল৷ আমি পাহাৰীয়া লুংলুঙীয়া, ওখোৰা-মোখোৰা আৰু একা-বেঁকা বাটেৰে আগবাঢ়িছিলোঁ৷ তেতিয়া দাদা আছিল প্ৰায় সাতাইছ- আঠাইছ বছৰীয়া ডেকা; মই মেট্ৰিক দিয়া চেঙেলীয়া লৰা আৰু বাকী তিনিওজন আছিল গজগজীয়া যুৱক৷ নক্তে লৰা দুজনৰ কথা নকওঁৱেই, মুনীন্দ্ৰনাথ মহন্ত আৰু আমাৰ সহায়কাৰীজনো ইতিমধ্যে এনে পাহাৰীয়া ৰাস্তা বগোৱাত প্ৰায় অভ্যস্ত হৈছিল৷ মইহে আছিলোঁ একেবাৰে নতুন৷ প্ৰথম অৱস্থাত অত্যন্ত আগ্ৰহ আৰু পাহাৰ ভ্ৰমণৰ উত্তেজনাৰ বাবে একো পৰোৱা নকৰি নক্তে দুজনৰ পিছে পিছে সহজভাৱেই গৈ আছিলোঁ৷ কাষে কাষে কুলুকুলু সুৰেৰে সৰ্পিল গতিৰে বৈ যোৱা নিজৰা আৰু পাহাৰীয়া চৰাইৰ অচিনাকি অথচ সুৰীয়া মাতে মোৰ কিশোৰ মনটো পুলকিত কৰিছিল৷ পাছলৈ যেতিয়া ইংৰাজী সাহিত্যবিশেষকৈ কবি ৱাৰ্ডজৱাৰ্থৰ (William Wordsworth) The Prelude প্ৰভৃতি কেতবোৰ কবিতা পঢ়োঁ আৰু পঢ়ুৱাওঁ, তেতিয়া সেই দৃশ্য আৰু ধ্বনিবোৰৰ কথা প্ৰায়ে মনলৈ আহিছিল৷ ইংৰাজ কবিগৰাকীয়ে যেনেকৈ অকলশৰীয়া দাৱনীজনীৰ গীতৰ সুৰ হৃদয়ত কঢ়িয়াই ফুৰিছিল, মোৰ মনতো যেন তাহানিতে দেখা আৰু শুনা পাহাৰীয়া জুৰিৰ কুলুকুলু সুৰ আৰু চৰাই-চিৰিকতিৰ সুৰীয়া মাতবোৰ অনেক দিনলৈ প্ৰতিধ্বনিত হৈ আছিল৷ ৱাৰ্ডজৱাৰ্থে  লিখিছিল

… I listened mothionless and still;

And as I mounted up the hill

The music in my heart I bore,

Long after it was heard no more.

(The Solitary Reaper)

(…

শুনিছিলোঁ সেই গান হৈ ধীৰ স্থিৰ,

বগাই গলো পাহাৰৰ শিৰ;

যদিওবা আগুৱাই আহিলোঁ বহুদূৰ,

হৃদয়ত কঢ়িয়াওঁ সেই সংগীতৰ সুৰ৷)


প্ৰখ্যাত কবিৰ অনুভৱ-অভিজ্ঞতাৰ সৈতে এই সামান্য নৰ-মনিচৰ অভিজ্ঞতা-অনুভূতিৰ মিল দেখি অভিভূত হোৱাৰ লগতে আচৰিতো হওঁ৷ ইয়াকে কয় নেকি কবিতাৰ বিশ্বজনীনতা?

এইদৰে কিমান সময় আগুৱাই গৈ আছিলোঁ মনত নাই৷ অৱশ্যে পিয়াহ লাগিলে ফটফটীয়া শিলৰ ওপৰেদি তললৈ নামি অহা দেখাত অতি পৰিষ্কাৰ পানী হাতৰ আজলিৰে বা ওচৰতে পোৱা কৌপাতৰ বাতি বনাই খোৱাৰ কথা পাহৰিব নোৱাৰোঁ৷ নকলেও হব যে এই কামবোৰত নক্তে ডেকা দুজনে সকলো প্ৰকাৰে সহায় কৰিছিল৷ ভোক গুচাবৰ বাবে আমি লগত লৈ যোৱা ফলমূল আৰু নক্তে দুজনেও হোৰাত ভৰাই অনা কল আৰু কিবাকিবি আছিল৷ এটা সময়ত কিছু ভাগৰুৱা যেন দেখি এজনে তেওঁৰ হোৰাটো সিজনৰ হাতত দিজৌবানৰ ভাইটোৰ ভাগৰ লাগিছে না?’ বুলি কৈ মোক বোকোচাত উঠাই ললে৷জৌবানমানে নক্তে ভাষাত গুৰু বা দেৱতা৷ সি যি নহওক, এইদৰে কিছুদূৰ গৈ আমি সামান্য সমতল ভূমি পালোঁগৈ; অৰ্থাৎ খুন্‌চা চহৰত প্ৰৱেশ কৰিলোঁ৷ চহৰ বুলি কৈছোঁ যদিও সেই সময়ত খুন্‌চা এখন সামান্য উন্নত গাঁৱৰ লেখীয়াহে আছিল৷ খুন্‌চাৰ পৰা কিছু দূৰে দূৰে নামচাং, লাপটাং, বৰদুৰীয়া আদি নক্তে গাওঁসমূহ অৱস্থিত৷ নক্তে যুৱক দুজনে আমাক আগবঢ়াই নি এটা আধুনিক ধৰণৰ ঘৰৰ চৌহদত সুমুৱালেগৈ৷ সেইটো আছিল নক্তেসকলৰ এজন নেতৃস্থানীয় ব্যক্তি ৱাংকাপ ৰাজকুমাৰৰ ঘৰ৷ ৱাংকাপ হল লাপটাং গাঁৱৰ ৰজাৰ ভাতৃ৷ তেওঁৰ নক্তে উপাধি লৌৱাং আছিল যদিও ৰাজকুমাৰ বুলিয়েই জনাজাত আছিল৷ ইয়াৰ পৰাই বুজিব পাৰি পাহাৰত ইতিমধ্যে ভৈয়ামৰ আৰ্য সংস্কৃতিয়ে সামান্যভাৱে হলেও প্ৰভাৱ পেলাইছিল৷ ৰাজকুমাৰ ইতিমধ্যে সত্ৰৰপৰা যোৱা তেওঁলোকৰ গুৰুক আদৰিবলৈ সাজু হৈ আছিল৷ আমাক আথে-বেথে আগবঢ়াই নি তেওঁলোকৰ বৈঠকখানা বা ড্ৰইংৰূমত বহুৱালেগৈ৷ গুৰু-শিষ্য পাৰম্পৰ্য অনুসৰি ৰাজকুমাৰ আৰু মুনীন্দ্ৰনাথ মহন্তৰ মাজত কিছু বাৰ্তালাপ হল৷ মই মাত্ৰ শ্ৰোতা হৈ আছিলোঁ৷ তাৰ পিছত নানা প্ৰকাৰে অপ্যায়িত কৰি আমাৰ গন্তব্যস্থান লাপটাঙলৈ যোৱাৰ বাবে আমাক সাজু কৰোৱা হল৷ উল্লেখযোগ্য যে কিছু লেখা-পঢ়া জনা ৱাংকাপ ৰাজকুমাৰ আছিল এজন স্থানীয় চৰকাৰী বিষয়-বাব ভোগ কৰি থকা লোক৷ পিছলৈ তেওঁ পলিটিকেল অফিচাৰৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷ মোৰ সঠিক কৈ মনত নাই যদিও আমি বোধকৰোঁ সেই একে দিনাই লাপটাঙলৈ যোৱা নাছিলোঁ, কাৰণ ইতিমধ্যে বেলি পৰি আহিছিল আহিছিল আৰু লাপটাঙলৈ দূৰত্বও কম নাছিল৷

আমাৰ লাপটাং গাঁৱলৈ যাত্ৰাও আগৰ দৰেই আছিল৷ অৱশ্যে এইবাৰ আমাৰ সংগীৰ সংখ্যা বাঢ়িল৷ ৱাংকাপ ৰাজকুমাৰে টালি-টোপোলাৰ সৈতে আৰু দুজনমান মানুহ আমাৰ লগত পঠালে৷ পিছত জানিব পাৰিলোঁ সেই টোপোলাবোৰত আমাৰ বাবে নতুন কম্বল আৰু বিচনাৰ বাবে প্ৰয়োজনীয় বিচনা চাদৰ আদি আছিল৷ যিহেতু সেই সময়ত গাড়ী-মটৰ চলিব পৰা ৰাস্তা হোৱাই নাছিল, সেয়ে তেওঁ এই ক্ষেত্ৰত সহায় কৰিব নোৱৰা বাবে দুখ প্ৰকাশ কৰিলে৷ যথা সময়ত আমি আগৰ দৰে একা-বেঁকা, লুংলুঙীয়া বাটেৰে পাহাৰ বগাই লাপটাং গাঁৱৰ আমাৰ বাবে নিৰ্দিষ্ট কৰি থোৱা ঠাই পালোঁগৈ৷ আঁতৰৰ পৰাই দেখিলোঁ পাহাৰীয়া বাঁহ-বেত, কৌপাত আদিৰে এটা চকুত পৰাপৰ্ণকুটীৰগুৰুৰবাহৰহিচাপে বনাই থোৱা আছে৷ ওচৰ পাই কাষত আন এটা সাধাৰণ ঘৰ দেখিলোঁ, যিটো নক্তে গঞাসকলৰ নামঘৰ বুলি জানিব পাৰিলোঁ৷ ইতিমধ্যে তাত কেইজনমান মানুহ গোট খাইছিলহি৷ নক্তে গাওঁসমূহৰ জনসংখ্যা অতি সেৰেঙা আছিল৷ সেই হিচাপত সেই কেইজন মানুহেই যথেষ্ট আছিল বুলি পাছত জানিব পাৰিছিলোঁ৷ তেওঁলোকে যি ধৰণে তেওঁলোকৰ জৌবানক আদৰ-সাদৰ কৰি আগবঢ়াই নিছিল, সেয়া দেখি মই একপ্ৰকাৰ আচৰিত হৈছিলোঁ৷ সেই প্ৰক্ৰিয়া সেই কালত (হয়তো এতিয়াও) ভৈয়ামৰ কোনো গাঁৱৰ শিচ-ভকতে তেওঁলোকৰ গাঁৱত চহৰ ফুৰিবলৈ যোৱা সত্ৰাধিকাৰ বা গুৰুক সম্ভাষণ জনোৱা আচাৰানুষ্ঠানৰ সৈতে সাইলাখ একেপ্ৰৱেশ পথৰ মূৰত ভৰি ধুৱাই গামোচা জাতীয় জনগোষ্ঠীয় কাপোৰৰ ওপৰেদি খোজকঢ়াই নি গুৰুক যথাস্থানত বহুৱালেগৈ৷ গুৰু-ভাতৃ হিচাপে মোকো একেধৰণে নিব খুজিছিল যদিও কিয় জানো মোৰ মনটোৱে তেনে কৰাত বাধা দিলে৷ মই কাপোৰ নগচকাকৈ কাষে কাষে গৈ যথাস্থানত বহিলোঁগৈ৷ গুৰুক এইদৰে স্বাগতম জনোৱা সমস্ত কাৰবাৰটো মোৰ ভাল লগা নাছিল যদিও নক্তেসকলেও যে ভাৰতীয় আৰ্যসমাজত পৰম্পৰাগতভাৱে চলি অহা প্ৰথা এটাহে অনুসৰণ কৰিছিল, সেইটো স্বীকাৰ নকৰি নোৱাৰি৷ ৰজা-মহাৰজাৰ কথা নকওঁৱেই, স্বয়ং ভগৱান কৃষ্ণইও কোনো ঋষি-মুনিয়ে তেওঁক দেখা কৰিবলৈ আহিলে অতিথিক ভগৱান জ্ঞান কৰি নিজ হাতে ভৰি ধুৱাই উপযুক্ত আসনত বহুৱাই অপ্যায়িত কৰিছিল৷ আধুনিক যুগতো ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট আৰু প্ৰভাৱশালী ব্যক্তিকৰেড কাৰ্পেট ৱেলকামপ্ৰদান কৰা প্ৰথা চলি থকা দেখিছোঁ৷ এইখিনি কথা উল্লেখ কৰা বাবে মই ওপৰত উল্লিখিত গুৰু আদৰা প্ৰণালীটো সমৰ্থন কৰিছোঁ বুলি যেন কোনেও নাভাবে৷ প্ৰথাটো মোৰ সেই সময়ৰ পোন্ধৰ-ষোল্ল বছৰীয়া কিশোৰ মনটোৱে পচন্দ নকৰা বাবেই তেওঁলোকে ধুৱাবলৈ বিচৰা মোৰ ভৰি দুটা আগবঢ়াই নিদিলোঁ আৰু কাপোৰৰ ওপৰেদি খোজ নিদি কাষেদি আগবাঢ়িলোঁ৷

আমাক থাকিবলৈ দিয়া অস্থায়ী বাহৰটো নামঘৰৰ কাষতে বা প্ৰায় গাতে লগাকৈ বনোৱা হৈছিল, যাতে গুৰুৱে সহজে সেৱা-সৎকাৰ আৰু নাম-কীৰ্তন কৰিব পাৰে৷ নামঘৰ মানে পাহাৰীয়া বাঁহ-বেত, কৌপাত আদিৰে সজা এটা একোঠলীয়া সাধাৰণ ঘৰ৷ নামঘৰৰ অস্তিত্বই প্ৰমাণ কৰে যে ৰজা নৰোত্তমৰ দিনৰেপৰাই নক্তেসকলে মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ পৰম্পৰা জীয়াই ৰাখিছিল৷ সত্ৰৰ পৰা যোৱা গোঁসাই বা দায়িত্বপ্ৰাপ্ত ভকতৰ অবিহনে তেওঁলোকে নাম-কীৰ্তন আদি কৰিব নোৱাৰিছিল যদিও এগচ চাকি সদায় জ্বলাই ৰাখিছিল বুলি জানিবলৈ পাইছিলোঁ৷ ব্ৰিটিছে ইনাৰ লাইন পাছ প্ৰৱৰ্তন কৰাৰ পৰা সত্ৰ আৰু নক্তেসকলৰ মাজৰ যোগাযোগ ব্যাহত হোৱাৰ কথা আগতে কৈ আহিছোঁ৷ সত্তৰৰ দশকত মুখ্যমন্ত্ৰী বিমলাপ্ৰসাদ চলিহাৰ পৃষ্ঠপোষকতা আৰু সত্ৰাধিকাৰ গোপালকৃষ্ণ দেৱ গোস্বামী আৰু ডেকা গোঁসাই মুনীন্দ্ৰনাথ মহন্তৰ উদ্যোগত কেনেকৈ পকী নামঘৰ সজোৱা হৈছিল, সেই সম্পৰ্কেও আগৰ লেখাত উল্লেখ কৰা হৈছে৷ মই জনাত লাপটাং, নামচাং, বৰদুৰীয়া, পানীদুৰীয়া আদি পাঁচখনমান গাঁৱৰ ওপৰত টিন পাতৰ চালেৰে পকী নামঘৰ নিৰ্মাণ কৰা হৈছিল আৰু সিবিলাকত সত্ৰৰপৰা মানুহ নি ভাওনা কৰাও হৈছিল৷

লাপটাঙত দুই-তিনিদিনমান থকাৰ পাছত আমি নামচাং আৰু বৰদুৰীয়ালৈ গৈছিলোঁ৷ পাহাৰ বগাই যোৱাৰ অভিজ্ঞতা আৰু বাহৰত থকা-মেলা ব্যৱস্থা আদি যিহেতু প্ৰায় একেই সেইবোৰ কথা বহলাই কৈ সহৃদয় পাঠকক আমনি দিব খোজা নাই৷ এতিয়া মনত পেলাবলৈ চেষ্টা কৰিছোঁ আমি নক্তে গাঁৱত সেই দিনবোৰ বাৰু কেনেকৈ কটাইছিলোঁ? সত্ৰৰপৰা যোৱা গুৰু হিচাপে দাদা মুনীন্দ্ৰনাথ মহন্তক বেচ ব্যস্ত হৈ থকা দেখিছিলোঁ৷ তেওঁ কাহিলি পুৱাতে উঠি গা-পা ধুই নামঘৰত সেৱা-সৎকাৰ কৰি বাহৰৰ নিৰ্দিষ্ট আসনত বহিছিলগৈ৷ ইতিমধ্যে দুই-এজনকৈ নক্তে গঞা গুৰুৰ কাষলৈ অহা দেখিছিলোঁ৷ সেই কালত বয়সীয়াল পুৰুষসকলৰ অনেকে লেংটি বা কৌপীন পিন্ধিছিল যদিও গুৰুক দেখা কৰিবলৈ আহোঁতে চুৰিয়াৰ দৰে চুটি কাপোৰ পিন্ধি আহিছিল৷ তেওঁলোকে সাধাৰণতে তামোল-পাণ বা ছালি, লা নিমখ, বাঁহৰ চুঙাত বিশেষ ধৰণে প্ৰস্তুত কৰা শুকান খৰিচা আৰু লগতে যি যেনেকৈ পাৰে দুই-চাৰি পইচা আগবঢ়াই গুৰু সেৱা কৰিছিল৷ গুৰুৱেও আশীৰ্বাদ দি সত্ৰৰ পৰা লৈ যোৱা পকামিঠৈ নিৰ্মালি হিচাপে প্ৰদান কৰিছিল৷ গাঁৱৰ বুঢ়া-মেথা বা বিষয়ববীয়াসকলক গামোচা পিন্ধোৱাও দেখিছিলোঁ৷ গুৰুৰ পৰা বিদায় লৈ তেওঁলোকে গুৰু বা নামঘৰৰ ফালে পিঠি নিদিয়াকৈ ওলোটাকৈ খোজ কাঢ়ি ওলাই অহা দেখিছিলোঁ৷ ভৈয়ামৰ অসমীয়া লোকসকলে এনে কৰা দেখা নাছিলোঁ৷ মই নিজে দেখা নাছিলোঁ যদিও পাছত শুনিবলৈ পাইছিলোঁ গঞা-প্ৰজাসকলে তেওঁলোকৰ ৰজাৰ কাষৰ পৰা আহোঁতেও এনো এইদৰে আহে৷ হয়তো ৰজা, গুৰু আদিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা ই তেওঁলোকৰ জনজাতীয় পৰম্পৰা হব পাৰে৷ ওপৰত উল্লিখিত পকা মিঠৈৰ বিষয়ে দু-আষাৰ কব লাগিব৷ ভজা পিঠাগুড়িত পগোৱা গুড় সানি সামান্য পৰিমাণৰ জালুকৰ গুড়ি দি বনোৱা ই এবিধ লাড়ু৷ দাঁতেৰে সহজে ভাঙিব নোৱৰাকৈ টান আৰু এবাৰ ভাঙি লোৱাৰ পাছত খাবলৈ বেচ ভাল এই মিঠৈবিধ সকলোৱে বনাব পৰা নাছিল বাবে আজিৰ পৰা পাঁচ-ছয় দশকৰ পূৰ্বে ই বৰ দুৰ্লভ বস্তু আছিল৷ তদুপৰি ডেৰ-দুমাহ পৰ্যন্ত নষ্ট নোহোৱাকৈ ইয়াক ৰাখিব পৰা হৈছিল৷ সত্ৰ গোঁসাইসকলে শিচ-ভকতক নিৰ্মালি হিচাপে প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰাৰ বাবেই হয়তো সাধাৰণ লোকসকলে এনে মিঠৈ বনাবলৈ চেষ্টা কৰা নাছিল৷ আজিকালি গুৱাহাটীৰ বজাৰত এনে মিঠৈ দেধাৰ কিনিবলৈ পোৱা যায়৷ মই অৱশ্যে তাহানি বৌ আৰু দাদাই বনোৱা পকা মিঠৈৰ জুতি এইবোৰত নেপাওঁ৷

(ক্ৰমশঃ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ