অন্যযুগ/


উলাহেৰে উভতি চাওঁ—১৩

 ড° পোনা মহন্ত

দিন যায় আহে ৰাতি, সময় গৈছে টুটি ...

হয়, সময় এইদৰে বাগৰি গৈ আছিল৷ দিনৰ পাছত ৰাতি, ৰাতিৰ পাছত দিন৷ আৰু ক্ৰমান্বয়ে টুটি আহিছিল মোৰ তেনেই সাধাৰণ জীৱন পৰিক্ৰমাৰ শৈশৱৰ আদি ছোৱা৷ কিন্তু সেই দিনত সময়ৰ মূল্যৰ বিষয়ে মোৰ কোনো ধাৰণা নাছিল৷ পঢ়াশালিত থকা সময়খিনিৰ বাদে কেনেকৈ পুৱাৰপৰা গধূলিলৈ খেল-ধেমালি, হাঁহি-খিকিন্দালি, লগৰীয়াৰ সৈতে টলৌ-টলৌ ঘূৰি ফুৰি, গড়খাৱৈত সাতুৰি-নাদুৰি, জাকৈ-জুলুকিৰে মাছ মাৰি, নাম-কীৰ্তনত ভাগ লৈ, নামগোৱা-সবাহ আদি খাই বা আন নানা প্ৰকাৰে ৰং-তামাচা কৰি সময় পাৰ কৰিছিলোঁ, সেই বিষয়ে ঠায়ে ঠায়ে আগৰ লেখাত কৈ আহিছোঁ৷ যন্ত্ৰৱৎ স্কুললৈ অহা-যোৱা কৰাৰ বাহিৰে যে আন সময়ত একো পঢ়া-শুনা হোৱা নাছিল, সেই কথাও যথাস্থানত উনুকিয়াই অহা হৈছে৷ ডাঙৰ হৈ যেতিয়া হাইস্কুল-কলেজ পালোঁগৈ তেতিয়া সেই সুন্দৰ সময়বোৰ অপচয় হোৱা বুলি ভাবি মনত মাজে মাজে খেদ হৈছিল৷ কোনোবা এজন কবিয়ে কৈছিল গোলাপৰ কলিবোৰ আজিয়ে গোটাই লোৱা, কোনে জানে কাইলৈ হয়তো এইবোৰ লেৰেলি শুকাই যাব৷ ভাব হয়, মই যেন লৰালিৰ আগছোৱাত গোলাপৰ কলিবোৰ গোটাব নোৱাৰিলোঁ৷ চাই থাকোঁতেই কেনেকৈনো পঢ়াশলীয়া দিনবোৰ শেষ হৈ আহিছিল তৎ ধৰিবই পৰা নাছিলোঁ৷ ধেমাজি গুৱালগাওঁ স্কুলৰ দত্ত ছাৰে মোক এল্‌. পি. বৃত্তি পৰীক্ষা দিবলৈ পঠিয়াবলৈ নোপোৱাৰ বাবে দুখ প্ৰকাশ কৰাৰ কথা আগতে কৈ আহিছোঁ৷ বাৰেঘৰ ভকতগাওঁ স্কুলতো মোৰ একে দশাই হল৷ শুনিবলৈ পোৱামতে সেই সময়ৰ ছাৰগৰাকীয়ে মোক হেনো বৃত্তিলৈ পঠোৱাৰ কথা ভাবিছিল, কিন্তু শেষ পৰ্যায়ত, অৰ্থাৎ তৃতীয় শ্ৰেণীৰ পৰীক্ষাত তেখেতে আশা কৰা মতে ভাল নকৰা বাবে আৰু লগতে বোধকৰো পঢ়া-শুনাত মন নিদি ধিতিঙালি কৰি থকা বুলি শুনিবলৈ পাই তেখেতৰো মন টেঙালে৷ অৰ্থাৎ মোৰ কপালত আৰুএল্‌,পি. বৃত্তিনঘটিল৷ উল্লেখ কৰা উচিত হ, সেই কালত এনে বৃত্তি কেৱল লাভ কৰোঁতা বিদ্যাৰ্থীজনৰ বাবেই নহয়, স্কুলখনৰ বাবেও গৌৰৱৰ কথা আছিল৷ ব্ৰটিছৰ দিনৰপৰা চলি অহা বিধিমতে কোনো স্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে যদিএল্‌.পি. বৃত্তি পাছকৰে তেতিয়া হেনো চৰকাৰৰ দৃষ্টিত স্কুলখনৰ গুৰুত্ব বঢ়াৰ লগতে শিক্ষকগৰাকীৰো মাহে দুটকামান দৰ্মহা বাঢ়িছিল৷

নতুন যাত্ৰা : গাঁৱৰ পঢ়াশালিৰপৰা চহৰৰ বিদ্যালয়লৈ :

মই কোন চনত প্ৰাথমিক শিক্ষা সাং কৰি মাধ্যমিক শিক্ষাৰ যাত্ৰা পথত প্ৰথম খোজ পেলাইছিলোঁ সেই কথা ভালকৈ মনত নাই যদিও প্ৰৱেশিকা পৰীক্ষাৰ বছৰটোৰপৰা হিচাপ কৰিলে ১৯৫৪ (চন) পাওঁ৷ এইটো কথা স্পষ্ট মনত আছে যে মই প্ৰাইমেৰী স্কুল এৰাৰ সময়তে মাজু দাদাই হাইস্কুলীয়া শিক্ষা শেষ কৰি মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল৷ পিছত জানিব পাৰিছিলোঁ তেওঁ মেট্ৰিক পাছ কৰিছিল ১৯৫৪ চনত৷ অৰ্থাৎ মই মাধ্যমিক শিক্ষা লাভৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰা সময়লৈ স্বাধীন ভাৰতে মাত্ৰ সাতটা বছৰহে পাৰ কৰিছিল৷ সেই সময়ত আমাৰ আটাইতকৈ ওচৰৰটাউননাজিৰাত থকা হাইস্কুলখন গোটেই উজনি অসমৰ ভিতৰতে এখন নামজ্বলা স্কুল আছিল৷টাউনবুলি এই বাবেই কৈছোঁ যে সেইকালতনগৰবাচহৰশব্দতকৈটাউন’, ‘টাউনীয়াআদি শব্দহে গঞাৰ মুখতো শুনিবলৈ পোৱা ঘৈছিল৷ তেতিয়াৰ দিনত ৰাজ্যৰ জিলা বা মহকুমা সদৰতহে একোখনকৈ সম্পূৰ্ণৰূপে চৰকাৰী হাইস্কুল আছিল৷ সেয়ে সৰহ সংখ্যক স্কুলেই আছিল চৰকাৰী সাহায্যপ্ৰাপ্ত (Government Aided)৷ আমাৰ নাজিৰা হাইস্কুলখনো এই পৰ্যায়ৰে আছিল৷ ইয়াৰ বাহিৰেও আৰু এক শ্ৰেণীৰ স্কুল আছিল যিবিলাককভেন্চাৰ স্কুল’ (Venture School) বোলা হৈছিল৷ সেই কালত সম্পূৰ্ণ প্ৰাইভেট বা ব্যক্তিগত স্কুল আৰু ইংৰাজী মাধ্যমৰ স্কুল তেনেই কম আছিল৷ শ্বিলং (তেতিয়া অসমৰ ৰাজধানী)  গুৱাহাটী, ডিগবৈ, ডিব্ৰুগড়ৰ দৰে অন্য ভাষা-ভাষী লোক বাস কৰা বা তুলনামূলকভাৱে কিছু উদ্যোগপ্ৰধান চহৰতহে  এনে বিদ্যালয় দুই এখন থকা বুলি জানিবলৈ পাইছিলোঁ৷ সেয়ে ধনী হওক, দুখীয়া হওক, প্ৰায় সকলো মানুহেই নিজৰ সন্তানক মাতৃভাষাৰ বা অসমীয়া মাধ্যমৰ স্কুলত পঢ়াবলৈ বাধ্য হৈছিল৷ এই কাৰণতে নাজিৰা হাইস্কুল বা শিৱসাগৰ চৰকাৰী হাইস্কুলৰ দৰে বিদ্যালয়তচীটপোৱাটো সেই কালত সহজ কথা নাছিল৷ আমাৰ অঞ্চলৰ যিবিলাক লৰাই নাজিৰা হাইস্কুলত ভৰ্তি হব পৰা নাছিল তেওঁলোকে সাধাৰণতে বৰতল হাইস্কুল বা মেজেঙ্গা হাইস্কুলত নাম লগাইছিল৷ এই দুয়োখন ভেন্চাৰ স্কুল যদিও মেজেঙ্গাৰখন এম. . পৰ্যায়লৈ চৰকাৰী নে চৰকাৰী সাহায্যপ্ৰাপ্ত আছিল৷ বৰতল হল নাজিৰা নগৰৰ উপকণ্ঠৰ ৰেইল ষ্টেশ্বনৰ কাষৰ এডোখৰ ঠাই৷ হাইস্কুলখন ৰেইল লাইন আৰু ধোদৰ আলিৰ মাজৰ এডোখৰ আহল-বহল, মুকলি ঠাইত অৱস্থিত৷

কিয় জানো কব নোৱাৰোঁ, নাজিৰা হাইস্কুলত এড্মিশ্বন লোৱাৰঅৰ্থাৎ নাম লিখোৱাৰ মুহূৰ্তবোৰৰ কথা মোৰ দেখোন এতিয়া একো মনলৈ অহা নাই৷ সেই সময়ত তৃতীয় শ্ৰেণীত শিক্ষাৰ প্ৰাথমিক স্তৰ অন্ত হোৱাৰ পাছত চতুৰ্থ শ্ৰেণীৰ পৰা মাধ্যমিক স্তৰ আৰম্ভ হৈছিল৷ পৃথক আৰু স্বতন্ত্ৰ স্কুল বা মধ্য ইংৰাজী স্কুল আছিল যদিও হাইস্কুলবিলাকতো সাধাৰণতে চতুৰ্থৰপৰা দশম শ্ৰেণীলৈ আছিল৷ মোৰ নাজিৰা হাইস্কুলৰ চতুৰ্থ শ্ৰেণীত নামভৰ্তি হল৷ বোধকৰো বাচনি পৰীক্ষা দিবলগা হৈছিল৷ নহলেচীট  কেনেকৈ পাম? নাম লিখোৱাৰ সময়ত মোৰ লগত অভিভাৱক বা ডাঙৰ মানুহ কোন আছিল, সেই কথাও এতিয়া মনলৈ অহা নাই৷ সেই সময়লৈ ডাঙৰ দাদা ঘৰত প্ৰায় নাথাকিছিলেই, হয় নেফাৰ নক্তেসকলৰ মাজত বা ধেমাজি-ধকুৱাখনাৰ কোনো মিচিং বা আহোম সম্প্ৰদায়ৰ আমাৰ সত্ৰৰ শিষ্যসকলৰ গাঁৱত আছিলগৈ৷ আগতে কৈ আহিছোঁ মাজু দাদা তেতিয়া একেখন স্কুলৰপৰাই প্ৰৱেশিকা পৰীক্ষাৰ্থী৷ সেয়ে তেওঁ বোধকৰো মোক সংগ দিব পৰা নাছিল৷ যেই কি নহওক, ১৯৫৪ চনৰ কোনোবা এটা দিনত নাজিৰা চৰকাৰী সাহায্যপ্ৰাপ্ত উচ্চ মাধ্যমিক ইংৰাজী বালক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীত মোৰ নামভৰ্তিকৰণ হল৷ গাঁৱৰ প্ৰাইমেৰী স্কুলৰপৰা গৈ নগৰৰ হাইস্কুলত নাম লগালোঁতাকো নাজিৰা হাইস্কুলৰ দৰে এখন সেইকালৰ নামজ্বলা স্কুলত৷ কিন্তু ঘটনাটোৱে আমাৰ ঘৰত কোনো প্ৰকাৰৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ কথা মোৰ মনত নাই৷ কোনো চুবুৰীয়া বা আত্মীয় ডাঙৰ মানুহৰ লগত স্কুললৈ গলো, নাম লিখোৱালোঁ আৰু পুনৰ ঘৰ পালোঁহি৷ ইমানেই৷ আমাৰ ঘৰ আৰু নাজিৰা হাইস্কুলৰ মাজৰ দূৰত্ব প্ৰায় ছয় কিলোমিটাৰ হব৷ অৰ্থাৎ যোৱা-অহা ধৰি একেদিনাই প্ৰায় বাৰ কিলোমিটাৰ বাটকুৰি বাই জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ কৰিলোঁ৷ মই নাজিৰা হাইস্কুলৰ ছাত্ৰ হলোঁ৷

হাইস্কুললৈ যোৱা প্ৰথম দিনটো লেখৰ দিন হলেও মোৰ বেলিকা সেই দিনা ঘৰত কোনো প্ৰকাৰৰ আনুষ্ঠানিকতা হোৱা নাছিল৷ হোৱাহলে নিশ্চয় মনত থাকিলহেঁতেন৷ আমাৰ দিনত গাঁৱৰ প্ৰায় সকলো লৰা-ছোৱালীৰ ক্ষেত্ৰত বোধকৰোঁ এনেকুৱাই আছিল৷ সেইদিনা ঘৰৰপৰা কিমান সময়ত ওলাইছিলোঁ, কি পিন্ধিছিলোঁ, কিতাপ-বহী কি কি লৈছিলোঁ, লগত কোন কোন আছিল ইত্যাদি আটাইবোৰ কথা এতিয়া মনত নাই৷ স্কুলৰ শ্ৰেণীসমূহ যিহেতু দহ বজাৰপৰা আৰম্ভ হৈছিল, সেয়ে ঘৰৰপৰা নিশ্চয় তাৰ ডেৰ ঘণ্টামানৰ আগতেঅৰ্থাৎ পুৱা চাৰে আঠমান বজাত ওলাব লগা হৈছিল৷ লগত মোতকৈ তিনি-চাৰি শ্ৰেণীৰ ওপৰৰ ইন্দুভূষণ মহন্ত, ডিম্বেশ্বৰ কলিতা আৰু বৰতল হাইস্কুলৰ আন দুজনমান আছিল৷ প্ৰথমজন মোৰ এগৰাকী খুৰাৰ পুত্ৰ দাদা আৰু দ্বিতীয়জন আগতে উল্লেখ কৰা মহৰীৰ সৰু পুতেক৷ ইন্দুভূষণ বা বাপুটি দাদাই পাছত বি.এছ.ছি. পাছ কৰি নাজিৰা হাইস্কুলতে সুদীৰ্ঘকাল শিক্ষকতাৰপৰা অৱসৰ লৈ সম্প্ৰতি সত্ৰৰ ঘৰত সপৰিয়ালে অৱসৰী জীৱন কটাইছে৷ ডিম্বেশ্বৰৰ কথা বৰ দুখ লগা৷ নাজিৰা হাইস্কুলৰপৰা ওলাই সুখ্যাতিৰে এমবিবিএছ. পাছ কৰি, বিলাততো চিকিৎসা বিজ্ঞানৰ উচ্চ শিক্ষা লাভ কৰাৰ পাছত কৰ্মৰত অৱস্থাতে বিদেশতে তেওঁৰ অকাল মৃত্যু ঘটে৷

পুনৰ মূল বিষয়লৈ আহোঁ৷ অসেইদিনা কি পিন্ধিছিলোঁ? নিশ্চয় হাফ শ্বাৰ্ট আৰু হাফ পেণ্ট পিন্ধিছিলোঁ, কিন্তু কি ৰঙৰ সেই কথা মনত নাই৷ পাছত চিলোৱা স্কুল য়ুনিফৰ্মৰ চোলাটো নীলা ৰঙৰ আৰু পেণ্টটো খাকী বৰণৰ আছিল৷ ভৰিত জোতা-চেণ্ডেল পিন্ধাৰ কথা মনত নাই৷ প্ৰথম অৱস্থাত কিছুমান দিন আন অনেক লৰাৰ দৰে ময়ো নিশ্চয় খালী ভৰিৰেই অহা-যোৱা কৰিছিলোঁ৷ কেতিয়াৰপৰা সেইকালত বজাৰত পোৱা বগা বা ৰঙা চানেকীয়া ৰঙা চানেকীয়া ৰঙৰ এবিধ কাপোৰৰ জোতা পিন্ধিবলৈ পাইছিলোঁ সেই কথা মনত পৰা নাই৷ হয়তো এনে জোতা য়ুনিফৰ্মৰ লগৰ বস্তু আছিল৷ আমি স্কুললৈ হয় ধোদৰ আলিয়েদি, নহয় ইয়াৰ সামন্তৰালভাৱে থকা ৰেইল পথেদি গৈছিলোঁ৷ উপনিবেশবাদী, শোষকাৰী বিদেশী চৰকাৰেতো একো নকৰিলেই, দেশে স্বাধীনতা লাভ কৰা ভালে কেইবছৰৰ পাছতো গুৰুত্বপূৰ্ণ ধোদৰ আলিৰ কোনো ধৰণৰ উন্নতি নহল৷ নাজিৰা নগৰৰ ভিতৰৰ এক-ডেৰ কিলোমিটাৰমান অংশ বাদ দি আমি খোজকাঢ়ি যাবলগীয়া সুদীৰ্ঘ পথছোৱা বাৰিষা বোকা-পানীৰে ভৰি থকাৰ বিপৰীতে খৰালি কালত ইয়াৰ ওপৰত দ গাঁত সৃষ্টি হোৱাৰ লগতে ধূলিৰ খেলা চলিছিল৷ তদুপৰি পথটোৰ বুকুত সেৰেঙাকৈ ছটিয়াই দিয়া ভঙা শিলগুটিবোৰে ইয়াক বেছি দুৰ্গম কৰি তুলিছিল৷ তেনে অৱস্থাত আমি ধোদৰ আলি এৰি ৰেইল পথেদিহে অহা-যোৱা কৰিছিলোঁ৷ যিসকল লোকৰ সৰুতে ৰেইল পথত খোজ কঢ়াৰ অভিজ্ঞতা আছে, তেওঁলোকে জানে যে ৰেইলৰ ছিৰিৰ বাহিৰফালে শিলৰ কাষে কাষে থকা ঠেক কেঁচা পথছোৱাইদি খোজ চলাব লাগে৷ কেতিয়াবা এনে হয় যে পথছোৱাৰ কোনো অংশ সৰু সৰু কাঁইটীয়া গছ-লতাই বা বনগুটি গছে আৱৰি থাকে৷ তেনে ক্ষেত্ৰত ৰেইলৰ দুই ছিৰিৰ মাজৰ শিলৰ ওপৰেদি খোজ কাঢ়ি আগ বঢ়াৰ বাদে আন উপায় নাথাকে৷ ডাঙৰ মানুহবিলাক এনেদৰেই গৈছিল৷ আমি লৰাবোৰে অৱশ্যে ছিৰিয়েদি গৈহে ফূৰ্তি পাইছিলোঁ৷ কেতিয়াবা দুই হাতেৰেবেলেঞ্চ’ (Balance) ৰাখি ছিৰিয়েদি কোনে কিমান দূৰ যাব পাৰিছিল সেই লৈ আমাৰ মাজত আনন্দৰ প্ৰতিযোগিতা চলিছিল৷ ইয়াৰ উপৰিও আমি আন দুই-এটা শিশুসুলভ দুষ্টামিৰ খেলা খেলি গৈ থকাৰ বাবে দীঘলীয়া পথছোৱা কিছু চমু যেন অনুভৱ হৈছিল৷ তাৰে এটা খেল আছিল ৰেইলপথৰ সমান্তৰালভাৱে যোৱা টেলিগ্ৰাফ লাইনৰ তাঁৰলৈ শিলগুটি দলিওৱা৷ শিলৰ ফৰ্মূটি গৈ তাঁৰত লাগিলে কঁপি কঁপি যি এক দীঘলীয়া শব্দ হয়(vibration) সেইটো শুনি আমি লৰাবোৰে বৰ ফূৰ্তি পাইছিলোঁ৷ কেতিয়াবা এনে হয় যে শিলগুটি গৈ টেলিগ্ৰাফ তাঁৰবোৰ ধৰি ৰখা মাৰ্বল পাথৰৰ দৰে বগা হল্ডাৰত (Holder) লাগিলে দুই এটা ভাগি বা নভগাকৈ তললৈ সৰি পৰে৷ কোনো কোনো লৰাই তেনে দুই এটা নি ঘৰত সজাই থয়গৈ৷ ময়ো এটা নে দুটা নি পাছলৈ পেইপাৰ-ওৱেইট (Paperweight) হিচাপে ব্যৱহাৰ কৰা কথা মনত আছে৷ কৈ থোৱা ভাল হব যে আমি এনে খেলবোৰ স্কুল ছুটী হোৱাৰ পাছত ঘৰলৈ উভটি আহোঁতেহে কৰিছিলোঁ৷ স্কুললৈ যাওঁতে কেনেকৈ সময়মতে পাওঁগৈ সেইটো চিন্তাহে আছিল সবাতোকৈ আগত৷

নাজিৰা হাইস্কুলৰ চতুৰ্থ শ্ৰেণীত ভৰ্তি হোৱাৰ সময়ত মোৰ বয়স দহ-এঘাৰ বছৰৰ ভিতৰত হব৷ ইমান কম বয়সত অহা-যোৱা ধৰি দিনে ১১-১২ কিলোমিটাৰ পথ কেনেকৈ খোজ কাঢ়িছিলোঁ সেইটো ভাবি এতিয়া আচৰিত হওঁ৷ এইবোৰ কথা আজিকালিৰ লৰা-ছোৱালীক প্ৰসংগক্ৰমে কব লগা হলে তেওঁলোকে আশ্চৰ্যৰ লগতে অবিশ্বাসৰ চাৱনিৰেহে চোৱা দেখোঁ৷ সেই কালত কিতাপ-বহী কঢ়িওৱা বেগ, খোৱাপানীৰ বটল বা পানীখোৱা ছুটীত খাবৰ বাবে ঘৰৰপৰাটিফিন বক্স’-ত কিবা লৈ যোৱাৰ ধাৰণাটোৱেই নাছিল৷ অন্ততঃ আমাৰ স্কুলৰ কোনো লৰাকে ঘৰৰপৰা বটলত পানী বা বাকচত খোৱা-বস্তু লৈ যোৱা দেখা নাছিলোঁ৷ স্বাভাৱিকতে প্ৰশ্ন হয় বাটত পিয়াহ লাগিলে আমি কি কৰিছিলোঁ? জাৰৰ দিনৰ কথা বাৰু এৰিলোঁ, গৰমকালি টিকা ফটা ৰদত পাঁচ-ছয় কিলোমিটাৰ পথ খোজ কাঢ়োঁতে বাটত পিয়াহ নলগাটোহে আচৰিত কথা হব৷ ৰেইল পথৰ কাষত পানী খুজি খাব পৰাকৈ মানুহৰ ঘৰো নাথাকে৷ কেতিয়াবা পিয়াহত ৰব নোৱাৰি কাষৰীয়া পথাৰত থকা পুখুৰীৰ পানী খোৱাৰ কথাও মনত আছে৷ এইবোৰ মাছ ধৰি ৰাখিবলৈ কৃষকে খন্দা সৰু সৰু পুখুৰীহে, পানী খাব পৰা পুখুৰী নহয়৷ বাধ্যত নপৰিলে কোনেও এনে পুখুৰীৰ পানী নেখায়৷ সাধাৰণতে আমি লৰাবোৰে হেপাহ পলুৱাই পানী খোৱা পুখুৰীটো আছিল বৰতল পাৰ হৈ ৰেইল ষ্টেশ্বনৰপৰা সামান্য দূৰত৷ তেতিয়া সেই ঠাইত চৰকাৰী আবকাৰী বিভাগে চলোৱা এটা সুৰা তৈয়াৰ কৰা কাৰখানা বা মদৰ ভাতী আছিল৷ চাৰিওফালে বেৰা দি থোৱা চৌহদটোত এটা ৰঙা টিনৰ ঘৰ আৰু কাষত এটা ফটফটীয়া পানীৰ পুখুৰী আছিল৷ পুখুৰীটোৰ পানীৰ পৰা এডাল লোহাৰ পাইপ ঘৰটোৰ ভিতৰলৈ সোমাই গৈছিল৷ পাছত জানিব পাৰিছিলোঁ ঘৰটোৰ ভিতৰত থকা কল বা যন্ত্ৰৰ সহায়ত সেই পাইপেদি পানী তুলি নি বিশেষ পদ্ধতিৰে মদ তৈয়াৰ কৰা হৈছিল৷ এই মদ টাউনৰ সুৰাৰ দোকানত পোৱাবিলাতী মদ’-তকৈ  অনেক গুণে কম দামী হোৱা বাবে দৰিদ্ৰ সুৰাপায়ী বিশেষকৈ বাগানীয়া শ্ৰমিকসকলৰ মাজত বৰ প্ৰিয় আছিল৷ আমি স্কুললৈ যাওঁতে সেইখিনি ঠাই পোৱা সময়লৈঅৰ্থাৎ চাৰে ন মান বজালৈকে – মদ বনোৱা কলটো চলোৱা হোৱা নাছিল৷ আবেলি স্কুলৰপৰা উভতি আহোঁতে কলৰ শব্দ প্ৰায়ে শুনিছিলোঁ আৰু কেতিয়াবা চুলাই মদৰ ভেকেটা-ভেকেট গোন্ধ মোৰ নাকতো লাগিছিলহি৷

হয়, এই পুখুৰীটোৰপৰাই মই আৰু মোৰ লগৰ ল’ৰাকেইটাই প্ৰায়ে পানী খাইছিলোঁ৷ পুখুৰীটো বেছ চাফাকৈ ৰখা হৈছিল আৰু পানীও আছিল দেখাত অতি পৰিষ্কাৰ৷ অৱশ্যে পানী খোৱা কামটো সিমান সহজ নাছিল৷ প্ৰথম কথা, চকীদাৰৰদ্বাৰা খেদা খোৱাৰ ভয়৷ দ্বিতীয়তে, পুখুৰীপাৰটো কিছু থিয় হোৱা বাবে পানীৰ কাষলৈ নামি গৈ পানী খোৱা যথেষ্ট বিপদজনক আছিল৷ ভাগ্যে যেনিবা লোহাৰ পাইপডাল থকাৰ বাবে বাওঁহাতেৰে সেইডালত ধৰি সোঁহাতেৰে এচলু-দুচলুকৈ পানী খাই পিয়াহ পলুৱাই পাৰত থোৱা কিতাপ-বহীবোৰ লৈ পুনৰ খৰখোজেৰে স্কুলমুৱা হৈছিলোঁ৷ দহ বাজিবলৈ দহ মিনিটমান থকাৰ আগতে স্কুল পাবগৈ লাগিছিল৷ শ্ৰেণীসমূহ আৰম্ভ হোৱাৰ আগতে প্ৰাৰ্থনা সভাত উপস্থিত থকাটো বাধ্যতামূলক আছিল৷

চাৰৰ হাতত সৌকা

যিমানদূৰ মনত পৰে তেতিয়া ক্লাছ ফ’ৰত তিনিটা ছেকশ্বন আছিল- এ, বি আৰু চি৷ মই কোনটোত পৰিছিলোঁ এতিয়া মনত নাই৷ কিন্তু কেইটামান কথা স্পষ্টকৈ মনত আছে৷ প্ৰথম, আমাৰ শ্ৰেণীকোঠা স্কুলৰ প্ৰধান পকী বিল্ডিঙত নাছিল, তাৰপৰা অলপ দূৰত থকা বাঁহ-বেতৰ কেঁচা ঘৰ এটাতহে আছিল৷ দ্বিতীয়, আমাৰ ক্লাছ টীচাৰ আছিল শচীন শৰ্মা ছাৰ (বৰ্তমান প্ৰয়াত) যি আমাক ইংৰাজী পঢ়ুৱাইছিল৷ সেই কালত প্ৰতিদিনে আৰম্ভণি ক্লাছ লোৱা শিক্ষকগৰাকীক সাধাৰণতে ক্লাছ টীচাৰ বোলা হৈছিল৷ তৃতীয়তে, প্ৰথম দিনাৰপৰাই মোৰ চকুত পৰা কথাটো হ’ল প্ৰতিগৰাকী ছাৰেই শ্ৰেণীত পাঠদান কৰিবলৈ ৰেজিষ্টাৰ বহী আৰু প্ৰয়োজনীয় কিতাপ-পত্ৰৰ লগতে একোডাল বেত বা এচাৰি কঢ়িয়াই আনিছিল৷ পাছলৈ প্ৰায়সকল শিক্ষকৰ হাতত সৌকাৰ প্ৰয়োগ দেখি ভাবিবলৈ বাধ্য হৈছিলোঁ, সেই দিনত এচাৰিৰ আগতহে বিদ্যা কথাষাৰ যেন আটায়ে বিশ্বাস কৰিছিল৷

এইদৰে জীৱনৰ বাটত আৰম্ভ হ’ল এক নতুন যাত্ৰা৷ এই পথ কিন্তু মসৃণ নাছিল, আছিল বোকা পানী আৰু শিলেৰে ভৰা৷ এই মুহূৰ্তত এজন ইংৰাজ কবিৰ এটা কবিতালৈ মনত পৰিছে -

Does the road wind up-hill all the way?

Yes, to the very end.

Will the day’s journey take the whole long day?

From oorn to night, my friend

(C. G. Rossetti)

মোৰ এই যাত্ৰাও আছিল পাহাৰ বগোৱাৰ যাত্ৰা৷ পুৱাৰপৰা ৰাতিলৈকে অবিৰতভাৱে গৈ থকাৰ যাত্ৰা৷

(আগলৈ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ