অন্যযুগ/


উদাৰমনা গছজোপা

মূল : শ্বেল চিলভাৰষ্টেইন
গল্প :
  দা গিভিং ট্ৰী’ (The Giving Tree)
অসমীয়া অনুবাদ : বিদিশা দত্ত


কথক— বহু দিনৰ আগৰ কথা, এজোপা গছ‌ আছিল। এটা কণমানি লৰাক গছজোপাই বৰ ভাল পাইছিল। প্ৰতিদিনে লৰাটো গছজোপাৰ ওচৰলৈ গৈছিল আৰু দুয়ো দুয়োৰে সংগ খুব উপভোগ কৰিছিল। 

গছজোপা— বন্ধু, এইখিনিলৈ আহাঁ। মোৰ ডালবোৰ দেখিছানে? আহাঁ, গা-গছেৰে বগাই উঠি ডালবোৰত ওলমি খেলাঁহি।

ৰাটো— (দুহাতেৰে ডাল এটাত ধৰি ডুলি ডুলি ওলমি থাকোঁতে) আহ, কি মজা!

গছজোপা— তোমাৰ ভোক লাগিছে নহয়নে? মোৰ ডালত লাগি থকা আপেল দুটামানকে খোৱাঁ।

ৰাটো— (আপেল এটাত কামোৰ মাৰি) কি সোৱাদভৰা আপেল!

কথক— এটা সময়ত লৰাটো ভাগৰুৱা হৈ গছজোপাৰ তলতে শুই পৰে। শুই থকা লৰাটোক ছাঁ দিবলৈ পাই গছজোপা আনন্দিত হয়।

সময় বাগৰি যায়। লৰাটো ক্ৰমান্বয়ে ডাঙৰ হয় আৰু কোনো কামত অন্য ঠাইলৈ গুচি যায়গৈ। গছজোপা তেনেই অকলশৰীয়া হৈ পৰে। 

কেইবছৰমানৰ পাছত, এদিন হঠাতে লৰাটো আহে। তাক দেখি গছজোপা বৰ সুখী হয়। 

 

গছজোপা— আহাঁ আহাঁ বন্ধু, মোৰ গাত উঠা আৰু ডালবোৰত ওলমি খেলা।

ৰাটো— মই ডাঙৰ হলোঁ। গছৰ ডালত ওলমি খেলাৰ দিন এতিয়া মোৰ আৰু নাই। মই ফূৰ্তিৰে জীৱনটো কটাব খুজিছোঁ আৰু তাৰ বাবে মই বহুত বস্তু কিনিব লাগিব। মোক কিছু পইচাৰ প্ৰয়োজন হৈছে। তুমি মোক অলপমান পইচা দিব পাৰিবা নেকি?

গছজোপা— মই দুঃখিত। মোৰ ওচৰত পইচা নাই। মোৰ ওচৰত কেৱল এই সেউজীয়া পাত আৰু আপেলহে আছে। তুমি মোৰ আপেলবোৰ ছিঙি বজাৰত বেচিবলৈ লৈ যোৱাঁ। কিছু পইচা তোমাৰ হাতলৈ আহিব।

কথক— লৰাটো বৰ আনন্দিত হল। সি গছৰ আটাইখিনি আপেল ছিঙি লৈ গল। তাক সহায় কৰিবলৈ পাই গছজোপাও বৰ সুখী হল। 

বহু দিনলৈকে গছজোপাই লৰাটোক দেখা নাপালে। গছজোপাই মনটো মাৰি থাকিল। এদিন লৰাটো আহি ওলালহি আৰু গছজোপা আনন্দত আত্মহাৰা হৈ পৰিল। 

গছজোপা— আস্! মোৰ বন্ধু আহিল! আহাঁ আহাঁ বন্ধু, মোৰ গাত উঠাঁ, ডালত ওলমি ডুলি থাকাঁ, আপেল খোৱাঁ, মোৰ ছাঁত খেলি থাকাঁ আৰু খুব ফূৰ্তি কৰাঁ।

ৰাটো— গছত বগাবলৈ মোৰ মুঠেও সময় নাই। এতিয়া মই এজন বিবাহিত মানুহ। মোৰ পৰিয়ালটোৰ বাবে এটা আৰামদায়ক ঘৰৰ প্ৰয়োজন হৈছে। তুমি মোক এটা ঘৰ দিব পাৰিবানে?

গছজোপা— মোৰ কোনো ঘৰ নাই। তুমি পিছে এটা কাম কৰিব পাৰাঁ। মোৰ ডালবোৰ কাটি নি এটা ঘৰ সাজি লব পাৰাঁ। 

কথক— গছজোপাৰ কথা শুনি লৰাটোৱে বৰ ভাল পালে। সি আনন্দ মনেৰে ডালবোৰ কাটি নিজৰ বাবে ঘৰ এটা সাজিবলৈ লৈ গল। গছজোপাও বৰ সুখী হল। 

তাৰ পাছৰ বহু দিনলৈকে লৰাটোৰ দেখাদেখি নোহোৱা হল। গছজোপা বৰ দুখী হৈ পৰিল।  কেই বছৰমানৰ পাছত যেতিয়া লৰাটো পুনৰ আহিল, আনন্দত গছজোপাৰ মাত হেৰাই যাবৰ উপক্ৰম হল। লৰাটো তেতিয়ালৈ এজন পূৰ্ণবয়স্ক পুৰুষ হৈ পৰিছে।

গছজোপা— আহাঁ বন্ধু, আহাঁ। কোৱাঁচোন তোমাৰ বাবে মই কি কৰিব পাৰোঁ?

মানুহজন— মই ব্যৱসায়িক কামত এফালে যাবলৈ ওলাইছোঁ। তাৰ বাবে মোক এখন ভাল নাৱৰ প্ৰয়োজন হৈছে। তুমি মোক এখন নাও দিব পাৰিবা নেকি?

গছজোপা— এতিয়া মোৰ এই গা-গছডালহে আছেগৈ। তুমি গা-গছডাল কাটি নি এখন নাও সাজি লব পাৰাঁ দেখোন। তাৰ পাছত তুমি যেনিয়ে ইচ্ছা কৰা, তালৈকে নাৱত উঠি গুচি যাব পাৰিবা।

কথক— মানুহজনে ততাতৈয়াকৈ গছজোপা কাটি পেলালে। সময়ত তেওঁ এখন নাও সাজি উলিয়ালে। অৱশেষত গছজোপাৰ মূঢ়াটোহে বাকী ৰলগৈ। 

তাৰ বহু বছৰৰ পাছত মানুহজনক সেই অঞ্চলত পুনৰ দেখা পোৱা গল। তেতিয়ালৈ তেওঁ এজন বৃদ্ধ হৈ পৰিছিল। তথাপি নিজৰ বন্ধুক চিনি পাবলৈ গছজোপাৰ অলপো কষ্ট নহল। 

গছজোপা— বন্ধু, মই বৰ দুঃখিত। চোৱাঁচোন, তোমাক দিবলৈ মোৰ একোৱেই নাই। মোৰ গাত আজিকালি আপেলবোৰো নালাগে। 

বৃদ্ধ লোকজন— মোৰ দুৰ্বল দাঁতকেইটাই জানো আপেল চোবাব পাৰিব?

গছজোপা— মোৰ যে ডালবোৰো নাইকিয়া হল। তুমি ধুনীয়াকৈ ওলমি ওলমি ডুলি থাকিব পাৰিলাহেঁতেন।

বৃদ্ধ লোকজন— মই এই বয়সতনো কেনেকৈ ডালত ওলমি খেলিম?

গছজোপা— মই যে গা-গছডালো হেৰুৱালোঁ। তুমি বগাই উঠিব পাৰিলাহেঁতেন। 

বৃদ্ধ লোকজন— গছত কেনেকৈ বগাম? মই বৰ ভাগৰুৱা। 

গছজোপা—  (এটা হুমুনিয়াহ কাঢ়ি) মই দুঃখিত। মই যদি কিবা প্ৰকাৰে তোমাক সহায় কৰিব পাৰিলোঁহেঁতেন! কিন্তু মোৰ যে এতিয়া একোৱেই নাই। মই এতিয়া এক পুৰণি মূঢ়াৰ বাদে একোৱেই নহয়। মই বৰ দুঃখিত।

বৃদ্ধ লোকজন— মৰমৰ গছজোপা, তুমি মোক প্ৰতিবাৰেই কিবা নহয় কিবা এটি দি আহিছা। কিন্তু এতিয়া অকণমান শান্তিপূৰ্ণ ঠাইত বহি কিছু পৰ জিৰণি লোৱাৰ‌ বাদে মোক অন্য একোৱেই নালাগে।

গছজোপা— (আনন্দ মনেৰে) আস! গছৰ পুৰণি মূঢ়াবোৰত বহি জিৰাবলৈ যে কিমান ভাল! আহাঁ বন্ধু আহাঁ, বহাঁ আৰু জিৰণি লোৱাঁ।

কথক— বৃদ্ধ লোকজনে গছজোপাই কোৱামতেই কৰিলে।

গছজোপা সঁচাকৈয়ে বৰ সুখী হল।

সমাপ্ত



অনুবাদকৰ ঠিকনা :
দুলীয়াজান
জিলা: ডিব্ৰুগড়
ভ্ৰাম্যভাষ: ৭৫৭৮৮১৯৭৫৭

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ