ড০ পৰমানন্দ মহন্ত
ভাৰতৰ অগ্ৰণী জ্যোতিপদাৰ্থবিদ
ড০ জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ ২০ মে’ (২০২৫)ত দেহাৱসান ঘটে৷ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত
গৱেষণা কৰি থকাৰ সময়ত ১৯৬৪ চনতেই তেওঁ খ্যাতি লাভ কৰে মহাকৰ্ষণ সম্বন্ধে এটা বিকল্প
তত্ত্ব দাঙি ধৰি৷ গৱেষণা গুৰু অধ্যাপক ফ্ৰড হয়লৰ লগত যুটীয়াভাৱে উদ্ভাৱন কৰা এই তত্ত্বটোৱে
হয়ল-নাৰ্লিকাৰ তত্ত্ব নামেৰে প্ৰসিদ্ধি লাভ কৰে৷ মহাৰাষ্ট্ৰৰ কোলাপুৰত ১৯৩৮ (১৯ জুলাই) চনত
জন্ম লাভ কৰা নাৰ্লিকাৰৰ কৰ্মস্থান বানাৰছ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা বি. এছ. চি স্নাতক
হৈ ১৯৫৭ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা আহৰণ কৰেগৈ৷ ১৯৫৭-৭২ চনৰ এই সুদীৰ্ঘ
কালছোৱাত তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ বি. এ., এম. এ., পি. এইচ্. ডি আৰু ডি. এছ. চি – এই
আটাইকেউটা ডিগ্ৰী লাভ কৰাৰ উপৰি বি. এ. মহলাৰ গণিত বিষয়ৰ ৰেংলাৰ হৈ সুনাম আৰ্জিছিল৷
১৯৬৫ চনত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা কৰা ইনষ্টিটিউট অব থিঅ’ৰিটিকেল এষ্ট্ৰ’ন’মিৰ
প্ৰতিষ্ঠাপক সদস্য হৈ ১৯৭২ চনত ভাৰতলৈ ঘূৰি অহালৈকে কৰ্মৰত আছিল৷ ১৯৬৩ চনৰ পৰা তেওঁ
কিংছ কলেজৰ সন্মানীয় ফেল’(সদস্য) হৈ আছিল৷
মুম্বাইৰ অগ্ৰণী
গৱেষণা অনুষ্ঠান টাটা ইনষ্টিটিউট অব ফাণ্ডামেণ্টেল ৰিছাৰ্চ (TIFR)ত অধ্যাপক পদত নিয়োজিত
হৈ নাৰ্লিকাৰে জ্যোতিপদাৰ্থবিজ্ঞানৰ তাত্ত্বিক গৱেষণাৰ গোটটোক শক্তিশালী কৰিলে৷ ১৯৮৮
চনত বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ আহ্বানক্ৰমে তেওঁ পুণে আন্তঃবিশ্ববিদ্যালয় জ্যোতিৰ্বিজ্ঞান
আৰু জ্যোতিপদাৰ্থবিজ্ঞান কেন্দ্ৰ (IUCAA) স্থাপন কৰি ভাৰতৰ বিশ্ববিদ্যালয়সমূহত জ্যোতিৰ্বিজ্ঞান
আৰু জ্যোতিপদাৰ্থবিজ্ঞান শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰখন উজ্জীৱিত কৰি তুলিলে৷ এই দুই
বিষয়ত কেন্দ্ৰটোত হোৱা গৱেষণাই আন্তৰ্জাতিক খ্যাতি অৰ্জন কৰিছে আৰু ইয়াক অতি উচ্চ উৎকৰ্ষৰ
কেন্দ্ৰ হিচাপে গণ্য কৰা হয়৷ এনে এটা অনুষ্ঠান গঢ় দিয়াৰ কৃতিত্বৰ কাৰণে Third
World Academy নামৰ আন্তৰ্জাতিক গৱেষণা অনুষ্ঠানে ২০১৪ চনত নাৰ্লিকাৰক অতি সন্মানীয়
Third World Academy Prize টো প্ৰদান কৰে৷ ২০০৩ চনত IUCAA সঞ্চালকৰ পদৰ পৰা অৱসৰ লোৱাৰ
পাছতো এমেৰিটাছ অধ্যাপকৰূপে আমৃত্যু তেওঁ অনুষ্ঠানটোৰ লগত জড়িত হৈ আছিল৷
জ্যোতিপদাৰ্থবৈজ্ঞানিক
গৱেষণাৰ বাহিৰেও নাৰ্লিকাৰ বিজ্ঞানৰ প্ৰচাৰৰ এজন উদ্যোগী কৰ্মী আছিল৷ কেম্ব্ৰিজত গৱেষণা
কৰি থকা দিনৰপৰাই তেওঁ তেওঁৰ গৱেষণাৰ বিষয়বস্তুবোৰ বিজ্ঞান-চৰ্চাৰ লগত জড়িত নথকা সাধাৰণ
লোকে বুজি পোৱাকৈ লিখিবলৈ লৈছিল৷ ইংলেণ্ডত থাকোঁতেই তাৰ স্থানীয় আলোচনীত প্ৰকাশ পোৱা
তেওঁৰ এনে ৰচনাসমূহ পঢ়ুৱৈয়ে আদৰি লৈছিল৷ ভাৰতলৈ অহাৰ পাছত বিজ্ঞান জনপ্ৰিয়কৰণৰ প্ৰতি
তেওঁৰ হেঁপাহটো যেন বাঢ়িহে গ’ল৷ ইংৰাজীৰে বাহিৰেও তেওঁ নিজৰ মাতৃভাষা মাৰাঠী আৰু হিন্দীতো নানা প্ৰবন্ধ প্ৰকাশ কৰিবলৈ ল’লে৷ ৰেডিঅ’ আৰু দূৰদৰ্শনৰ যোগেদিও তেওঁৰ কথিকা প্ৰচাৰ
হ’ল৷ কল্পকাহিনী লেখক কাৰ্ল ছাগানৰ ‘কছ্মছ্’ নামৰ ধাৰাবাহিকখনৰ ধাৰাভাষ্যকাৰৰূপত
অৱতীৰ্ণ হৈ হিন্দীভাষাত দিয়া তেওঁৰ টিপ্পনীয়ে ভাৰতীয় দৰ্শকক মুগ্ধ কৰিলে৷ তেওঁৰ প্ৰৰোচনাত
ভাৰত চৰকাৰেও ‘ব্ৰহ্মাণ্ড’ নাম দি গ্ৰহ-নক্ষত্ৰ-বিশ্বব্ৰহ্মাণ্ডৰ সম্পৰ্কে ১৭ খণ্ডৰ
ধাৰাবাহিক এখন নিৰ্মাণ কৰি প্ৰচাৰ কৰালে৷ এই ধাৰাবাহিকখনৰ পৰিকল্পনাৰ সম্পূৰ্ণ দায়িত্ব
নাৰ্লিকাৰক দিয়া হৈছিল৷ কল্পকাহিনী ৰচনা কৰিও তেওঁ বিজ্ঞানৰ প্ৰচাৰ কাৰ্য চলাই আছিল৷
সুদক্ষ বক্তা হিচাপে দেশৰ বিভিন্ন অনুষ্ঠানত ভাষণ দি শ্ৰোতাক আপ্লুত কৰিছিল৷
এই চেগতে নাৰ্লিকাৰৰ
দুবাৰ ডিব্ৰুগড় ভ্ৰমণৰ কথা জনাব খুজিছোঁ৷ আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ হৈ নতুন সহস্ৰাব্দটোক আদৰণি জনাবলৈ পদাৰ্থবিজ্ঞানৰ দুটামান বিষয়ত এলানি বক্তৃতাৰ আয়োজন
কৰি ভাৰতৰ আগশাৰীৰ বিজ্ঞানীক আমন্ত্ৰণ জনোৱাৰ ব্যৱস্থা কৰিছিলোঁ৷ প্ৰথমটো বক্তৃতা
২০০০ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হৈছিল আৰু বক্তৃতাটো দিছিল বাংগালোৰৰ অধ্যাপক এন.
মুকুন্দই৷ দ্বিতীয় সহস্ৰাব্দ-বক্তৃতাটো দিবলৈ আমি ড০ নাৰ্লিকাৰক নিমন্ত্ৰণ
জনাইছিলোঁ৷ একে সময়তে উত্তৰ-পূব পদাৰ্থবিজ্ঞান একাডেমিয়ে তৃতীয় বাৰ্ষিক অধিৱেশনখন আয়োজন
কৰিছিল৷ সেয়েহে ২০০২ চনৰ ৭ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ ড০ নাৰ্লিকাৰক আমি
অতিথি অধ্যাপকৰূপে পোৱাৰ সৌভাগ্য ঘটিছিল৷ সহস্ৰাব্দৰ বক্তৃতাটো তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ
‘ৰংঘৰ’ প্ৰেক্ষাগৃহত প্ৰদান কৰে বিশ্বব্ৰহ্মাণ্ড তত্ত্বৰ সম্পৰ্কেই– পিছে সাধাৰণ মানুহে
বুজি পোৱাকৈ, কাৰণ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপৰি চহৰৰ বহু গণ্য-মান্য লোকেও এই
সুবক্তা বিজ্ঞানীজনক চাবলৈ আৰু শুনিবলৈ হেঁপাহ কৰিছিল৷ তদুপৰি ৮ নৱেম্বৰৰ দিনা তেওঁ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়ৰ ছাত্ৰ, শিক্ষক আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
আৰু শিক্ষকৰ লগত অন্তৰংগ আলাপত মিলিত হৈ পদাৰ্থবিজ্ঞানৰ অনেক বিষয়ত আলোকপাত কৰে৷ তেখেতৰ
সহজ-সাৱলীল প্ৰকাশভংগী আৰু অমায়িক আচৰণে বিজ্ঞানী আৰু সাধাৰণ মানুহৰ মাজৰ প্ৰাচীৰখন
ভাঙি পেলাইছিল৷ ৯ নৱেম্বৰত তেওঁ ‘Recent Problems in Astrophysics and Cosmology’ শীৰ্ষক
বক্তৃতাৰে উত্তৰ-পূব পদাৰ্থবিজ্ঞান একাডেমিৰ তৃতীয় বাৰ্ষিক সন্মিলনখন উদ্বোধন কৰে৷
এই জনপ্ৰিয় বিজ্ঞানীগৰাকীৰ আগমনত বাতৰি কাকতসমূহেও উৎসাহ প্ৰকাশ কৰি বাতৰি উলিয়ায় আৰু
তেওঁৰ কৰ্ম আৰু জীৱন সম্বন্ধে আলোকপাত কৰি প্ৰবন্ধ-পাতি প্ৰকাশ কৰে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ
বুৰঞ্জীত নৱেম্বৰ মাহৰ এইকেইটা দিন স্মৰণীয় হৈ ৰৈছে৷
প্ৰায় ১৫ বছৰৰ পাছত
‘Cosmology, Astrophysics and High Energy Physics’-অৰ conference এখনলৈ আহি নাৰ্লিকাৰ
দ্বিতীয়বাৰৰ কাৰণে আমাৰ বিশ্ববিদ্যালয়ত পদাৰ্পণ কৰিলে৷ এইবাৰ তেওঁ সস্ত্ৰীক আহিছিল
আৰু আমাৰ নতুন অতিথিশালাত তেখেতসকলৰ থকাৰ ব্যৱস্থা কৰা হৈছিল৷ সন্মিলনত তেখেত ব্যস্ত
আছিল যদিও তাৰ মাজতে এটা লোকবোধ্য বক্তৃতাৰ আয়োজন কৰা হৈছিল৷ আকাশবাণীৰ অনুৰোধত মই
তেখেতৰ সাক্ষাৎকাৰ এটা ল’বলৈ সুবিধা পাইছিলোঁ৷ দিনটোৰ পৰিশ্ৰমৰ পাছত তেখেত ভাগৰুৱা হৈ
পৰিলেও নিৰ্দিষ্ট সময়তে তেখেতে আমাৰ লগত বাৰ্তালাপ কৰিছিল৷ ভাৰতৰ শিক্ষাব্যৱস্থা, ভাৰতত
বিজ্ঞানৰ বিকাশৰ দিশকে ধৰি নানা বিষয়ত তেখেতে মুকলিকৈ মত প্ৰকাশ কৰিছিল৷ সাক্ষাৎকাৰটোৰ
পাছত মোক লগ দিয়া আকাশবাণীৰ বিষয়া খুৰছিদ আহমেদে কৈছিল, ‘ঋষিতুল্য মানুহ এজনক লগ পোৱাৰ
সৌভাগ্য হ’ল৷’
কুৰি শতিকাৰ দ্বিতীয়াৰ্ধৰ এগৰাকী অগ্ৰণী ভাৰতীয় বিজ্ঞানী হিচাপে তেওঁ চিৰদিন স্মৰণীয় হৈ ৰ’ব৷