অংগনা চৌধুৰী
বসন্তই আহি প্ৰকৃতিৰ
বুকু শুৱনি কৰা আৰম্ভ কৰোঁতেই আমি মানে মই, মোৰ মানুহজন আৰু আমাৰ পুত্ৰ সাজু হ’লো হিমাচল
প্ৰদেশৰ সৌন্দৰ্যৰ সাক্ষী হ’বলৈ৷ শুকুলা ডাৱৰৰ মাজেৰে বিমানেৰে গৈ গুৱাহাটীৰ পৰা চণ্ডীগড়
পাওঁতে প্ৰায় ৰাতিয়েই হৈছিল৷ সেয়ে নিশাটো আমি বিমানবন্দৰৰ নিচেই কাষতে থকা এখন হোটেলত
কটালোঁ৷ পাছদিনা হোটেলতে ব্ৰেকফাষ্ট কৰি উঠি আমি টেক্সি লৈ ৰাওনা হ’লো চণ্ডীগড়ৰ পৰা
ছিমলালৈ বুলি৷ অৱশ্যে বাটতে আমি চণ্ডীগড়ৰ বিখ্যাত ৰকগাৰ্ডেনখন চাই যোৱাৰ কথা৷ এই ৰকগাৰ্ডেনখন
নেকচান্দ ৰকগাৰ্ডেন বুলিও জনা যায়৷ ১৯৫৭ চনত নেকচান্দ চাইনি নামে এজন ব্যক্তিয়ে এক
বিশাল অঞ্চল জুৰি বিভিন্ন শৈল স্থাপত্যৰে এই গাৰ্ডেনখন বনোৱা আৰম্ভ কৰে, যি নেকি ১৯৭৬
চনত সমাপ্ত হয়৷ ৰক গাৰ্ডেনত সোমাই সঁচাকৈয়ে কিন্তু অভিভূত হৈ পৰিলোঁ৷ কি সুন্দৰকৈ আৰু
সুপৰিকল্পিতভাৱে গঢ়ি তুলিছিল তেওঁ এই উদ্যানখন৷ শ-শ শিলৰ মূৰ্ত্তি, মাজে মাজে গুহাৰ
মাজেৰে পাৰ হ’ব পৰা বাট, সৰু সৰু দলং, জলপ্ৰপাত, মুঠতে তাত ঘূৰি থাকিলে বেলেগ এখন জগতত
আছোঁ যেন লাগে৷ তাৰপৰা বাহিৰলৈ ওলাই চিকঞ্জী দুগিলাচমান খাই আমি পুনৰ যাত্ৰা আৰম্ভ
কৰিলোঁ৷ একা-বেঁকা অথচ আহল-বহল মসৃণ পথেৰে আমি পুৰণি হিন্দী গানৰ কলি শুনি শুনি ছিমলালৈ
বুলি আগুৱালো৷ বাটৰ কাষে কাষে ফুল ফুলিছে, বিশেষকৈ ব’গেনভিলিয়া৷ বসন্তৰ উপস্থিতিত বনৰীয়া
ফুলবোৰো ৰমকজমককৈ ফুলি উঠিছিল৷ কচৌলিৰ ওচৰত এখন ধাবাত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি বৰ তৃপ্তি
পালোঁ৷ ৰুটি, লেমন চিকেন, ডালফ্ৰাই আৰু লচ্চী খাই কিছুদেৰি ধাবাৰ চোতালতে পাতি থোৱা
চকীত বহি জিৰণি ল’লো৷ তাৰপাছত পুনৰ যাত্ৰা৷ প্ৰায় তিনিঘণ্টা লাগিল আমাৰ চণ্ডীগড়ৰ পৰা
ছিমলা পাবলৈ৷ ছিমলাত আকৌ মল ৰ’ডটো কাৰফ্ৰি জ’ন৷ তাত গাড়ী-মটৰ একো নচলে বাবে মল ৰ’ডৰ
তলৰ বাটটোতে গাড়ীৰ পৰা নামিব লাগে আৰু টিকট কাটি বৃহৎ আকাৰৰ লিফ্টত বয়বস্তু লৈ ওপৰলৈ
মানে মল ৰ’ডলৈ যাব লাগে যদিহে হ’টেলখন মল ৰ’ডত থাকে৷ আমি আগতীয়াকৈ বুক কৰি থোৱা হোটেলখন
আছিল মল ৰ’ডতে৷ ই এখন হেৰিটেজ হোটেল, য’ৰ পৰা গোটেই ছিমলাৰ অপূৰ্ব দৃশ্য দেখা পাব পাৰি৷
নাম উইলো বেংক৷ লগতে আছে অপেন এয়াৰ কেফে, য’ত বহি পাহাৰৰ পাছফালে বেলি ডুব যোৱা চাই
চাই কফি খোৱাৰ আমেজেই বেলেগ৷ কিছু সময় ৰূমত জিৰণি লৈ আমিও সেই আমেজকণ ল’বলৈ কেফেলৈ
আহিলোঁ আৰু সাক্ষী হৈ ৰ’লো ছিমলাৰ মনোমোহা সূৰ্যাস্তৰ৷
গধূলি নমাৰ লগে লগে
মলৰ’ডৰ ব্যস্ততা যেন দুগুণ বাঢ়ি যায়৷ চাৰিওফালে ধুনীয়া ধুনীয়া কেফে, বেকাৰী, পাব্,
ৰেষ্টুৰেণ্ট, শ্ব’ল-ছুৱেটাৰৰ দোকান৷ জিক্মিক্ বিজুলীবাতিৰ পোহৰ, অগণন দেশী-বিদেশী
টুৰিষ্টৰ সমাগমে ছিমলাক কৰি তোলে অতুলনীয়৷ বাটে-বাটে খোজকাঢ়ি ভাগৰ লাগিলে অলপ দূৰে
দূৰে বহিবৰ বাবে লোহাৰ বেঞ্চৰ ব্যৱস্থা কৰা আছে৷ আমি লাহে লাহে অলপ খোজ কাঢ়ি আহোঁ বুলি
ওলাই কিমান যে আচলতে ঘূৰিলো নিজৰে হিচাপ নাই৷ মাজে মাজে অৱশ্যে কফি, পেষ্ট্ৰি, ম’ম’
আদিৰ জুতি লোৱাৰ পৰ্ব চলি থাকিল৷ পাছত ভৰি বিষোৱাতহে ঘড়ী চাই দেখোঁ ৰাতি দহ বাজিবৰে
হ’ল৷ তেতিয়ালৈ জনসমাগম কমিছিল আৰু ঠাণ্ডাও বাঢ়িছিল৷ সেয়েহে হোটেললৈ আহি ফিশ্ব টিক্কা,
ভাত আৰু ডালিৰে খুব সাধাৰণভাৱে ৰাতিৰ সাজ সামৰি বিচনাত বাগৰ দিলো৷
পাছদিনা পুৱা হোটেলৰ
পৰাই গাড়ী ঠিক কৰি দিছিল৷ ড্ৰাইভাৰজন খুবেই আমায়িক এজন হিমাচলী লোক৷ আমি প্ৰথমেই গ’লো
আৰ্মি মিউজিয়ামলৈ৷ মিউজিয়ামটোত সোমায়েই দেখা যায় ইণ্ডিয়ান আৰ্মিৰ ফৰ্মাৰ চিফ চেম মানেকশ্ব’ৰ
প্ৰতিমূৰ্ত্তি৷ গোটেই চৌহদটো চালে চকুৰোৱাকৈ সজোৱা আৰু অসম্ভৱভাৱে পৰিপাটী৷ মিউজিয়ামৰ
ভিতৰত ভিন্ ভিন্ সময়ত আৰ্মিসকলে লাভ কৰা মেডেল, পদক, ফটো, যুদ্ধত ব্যৱহৃত সামগ্ৰী
আদি সুন্দৰভাৱে সংৰক্ষণ কৰা হৈছে৷ তাৰ পৰা আমি গ’লো সংকটমোচন মন্দিৰলৈ৷ মন্দিৰৰ চাফ-চিকুণ
পৰিৱেশ দেখি বৰ ভাল লাগিল৷ তাৰপৰা ছিমলাৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰি মন্দিৰৰ ভিতৰত
সেৱা জনাই আমি গ’লো ভাইচৰয় পেলেচলৈ বুলি৷ পিছে সেইদিনা কিবা চৰকাৰী বন্ধৰ দিন আছিল
বাবে ভাইচৰয় পেলেচৰ ভিতৰভাগ বন্ধ আছিল৷ সেয়ে আমি বাহিৰভাগতে দুই এখন ফটো তুলিলো আৰু
গমন কৰিলো বিখ্যাত যাক্ষু মন্দিৰলৈ বুলি৷ যাক্ষু মন্দিৰ ছিমলাৰ সবাতোকৈ ওখ শৃংগত অৱস্থিত
তীৰ্থস্থান৷ লগতে এয়া এক আকৰ্ষণীয় টুৰিষ্ট স্পটো৷ কোৱা হয় যে হনুমানজীয়ে সঞ্জীৱনী বনৌষধ
আনিবলৈ যাওঁতে ইয়াতে কিছুসময় জিৰণি লৈছিল৷ অকোঁৱা-পকোঁৱা বাটেৰে যেতিয়া আমি সেইখিনি
গৈ পালো, তেতিয়া প্ৰথমে মই ইমানবোৰ থিয় চিৰি দেখি চিন্তাতেই পৰিছিলোঁ উঠিব পাৰিমনে
নাই বুলি, পিছে দেখিলোঁ চিৰিৰ কাষতেইচোন দৰ্শনাৰ্থীৰ বাবে এচ্কেলেটৰো লগোৱা আছে৷ অৱশ্যে
তাত টিকট কাটি উঠিব লাগে৷ টুৰিষ্টৰ বাবে ইমানখিনি ভবা বাবে হিমাচল টুৰিজিমক মনে মনে
ধন্যবাদ জনাই এচ্কেলেটৰত উঠি দুই মিনিটতে মন্দিৰৰ চৌহদ পালোগৈ৷ তাতে সমুখভাগতে থকা
হনুমানজীৰ মূৰ্ত্তিটোৰ উচ্চতা ১০৮ ফুট৷ মূৰ্ত্তিটো ইমানেই ওখ যে এনে লাগে যেন হনুমানজীয়ে
আকাশখন চুই আছে৷ যদিও মন্দিৰত সোমোৱাৰ বাবে দীঘল শাৰী পাতিবলগীয়া হৈছিল, কিন্তু খুব
পৰিপাটিভাৱে সকলো পৰিচালনা কৰা হৈছিল বাবে ক’তো কোনো খেলিমেলি নোহোৱাকৈ ভক্তই ভিতৰত
দৰ্শন কৰি আশীষ ল’ব পাৰিছিল৷ মন্দিৰৰ চৌহদতে নিৰামিষ কেফে আছিল৷ সেৱা কৰি উঠি আমি তাতে
দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ৷ তাৰ পৰা আমি পোনে পোনে হোটেললৈ আহিলো৷ হোটেলত সোমায়েই
শুভ্ৰকোমল বিচনাখন দেখি ভাগৰে শৰীৰ আৱৰি ধৰিলে৷ ভালকৈ এঘূমটি মাৰি গধূলি কফি একাপ একাপ
খাই বাট বুলিলো ছিমলাৰ বিখ্যাত খ্ৰাইষ্ট চাৰ্চ চাবলৈ বুলি৷ মল ৰ’ডৰেই টিলা এটাৰ ওপৰত
অৱস্থিত এই চাৰ্চ নিৰ্মাণ হৈছিল ১৮৪৬ চনৰ পৰা ১৮৫৭ চনৰ মাজৰ সময়চোৱাত৷ ই উত্তৰ ভাৰতৰ
দ্বিতীয়টো পুৰণি চাৰ্চ৷ ইয়াৰ নিৰ্মাণশৈলী হৈছে নিঅ’গথিক ষ্টাইলৰ আৰু বৰ্তমানো ইয়াত
প্ৰাৰ্থনা কৰা হয়৷ এই চাৰ্চৰ চৌহদত ৰৈ গোটেই ছিমলা চহৰৰ ৰাতিৰ দৃশ্য উপভোগ কৰাৰ সমান
ভাললগা কাম হয়তো আন একোৱেই নাই বুলি সেই মুহূৰ্তত মোৰ অনুভৱ হ’ল৷ হালধীয়া বৰণৰ পুৰণি
চাৰ্চটিয়ে ব্ৰিটিছৰ দিনৰে পৰা বৰ্তমানলৈকে কতযে ঘটনাৰ সাক্ষী হৈ থিয় দি আছে ভাবিলে
অবাক হৈ যোৱা যায়৷ সেই নিশা চুপ আৰু মাছৰ কাটলেটেৰে পাতলকৈ নৈশ আহাৰ সামৰিলো৷
পাছদিনা পুৱা ব্ৰেকফাষ্ট
কৰিয়েই আমি ওলালো প্ৰথমে মাছোবৰাৰ আপেলৰ বাগিচা চোৱাৰ উদ্দেশ্যেৰে৷ ড্ৰাইভাৰ দাদাজনে
ক’লে যে এপ্ৰিলমাহত আপেলৰ ফুলবোৰহে ফুলে, আপেলবোৰ লাগিব জুন মাহতহে৷ কিন্তু আমিতো আপেলৰ
গছেই তেতিয়ালৈকে দেখা নোপোৱা মানুহ৷ সেয়েহে ফুলেই হওক বা ফলেই হওক চাবলৈ আমাৰ উৎসাহ
অপৰিসীম৷ আধাঘণ্টামান গাড়ীৰে হোৱাৰ পাছত আমি মাছোবৰা পালোগৈ৷ তাত বহুত আপেলৰ বাগিচা
আছে আৰু আছে বহুত হোমষ্টে আৰু হোটেল৷ তাত ছিমলাৰ দৰে ভীৰ-ভাৰ নাই৷ নিৰিবিলি পৰিৱেশ৷
ড্ৰাইভাৰ দাদাই আমাক এখন চৰকাৰী কৃষিপামৰ অধীনত থকা আপেলৰ বাগিচালৈ লৈ গ’ল, য’ত নেকি
বিশাল অংশ জুৰি আপেলৰ খেতি কৰা হৈছে৷ ফুলি আছে অজস্ৰ আপেলৰ ফুল৷ বহল বহল বগা নেটেৰে
গছবোৰ ঢাকি থোৱা হৈছে৷ তাৰ মাজেৰে ভুমুকি মাৰি আমালৈ চাই হাঁহিছে ৰমক-জমককৈ ফুলি থকা
আপেলৰ ফুলে৷ মনটো সন্তুষ্টিৰে ভৰি পৰিল৷ তাৰ পৰা আমি আগুৱালো নালদেহৰাৰ ফালে৷ নালদেহৰাত
মই সোমালো শ্বল, ছুৱেটাৰ পোৱা শ্ব’ৰূম এখনত মা-দেউতাৰ বাবে কিছু উপহাৰ কিনিবলৈ আৰু
মোৰ মানুহজন আৰু পুত্ৰ গ’ল ঘোঁৰাত উঠি তাৰে প্ৰাকৃতিক দৃশ্য চাবলৈ৷ শ্ব’ৰূমত উপহাৰৰ
বস্তু কিনাৰ পাছত তেওঁলোকৰে চোতালত ৰ’দ পুৱাবলৈ মোক এখন চকী পাৰি দিলে লগতে আনি দিলে
একাপ গৰম চাহো৷ চাহত চুমুক দি মই ৰ’দ পুৱাই পুৱাই নালদেহৰাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ
কৰিলোঁ৷ প্ৰায় এঘণ্টামান পাছত ঘোঁৰাত উঠি কৰা পাহাৰীয়া ভ্ৰমণ সামৰি পিতা-পুত্ৰ মোৰ
ওচৰ পালেহিঢ দেখালেহি মোক ‘দিৱানা’, ‘মাচিছ’ আদি চিনেমাৰ শ্বুটিং স্পটৰ ধুনীয়া ধুনীয়া
ফটো আৰু হাতত গুজি দিলে তাতেই উৎপাদন হোৱা ‘কেশৰ’ৰ পেকেট৷ নালদেহৰাত এখন অপেন এয়াৰ
ৰেষ্টুৰেণ্টত আমি বাটাৰ চিকেন, পনীৰ কাৰী আৰু ৰুটীৰে দুপৰীয়াৰ আহাৰ কৰি ল’লো৷ লগতে
কেশৰ দিয়া ডাঠকৈ গাখীৰ চাহ৷
নালদেহৰাৰ পৰা কুফ্ৰী
যোৱাৰ বাটত অলপ ভিতৰলৈ সোমাই গৈ পোৱা যায় ভাৰতৰ ৰাষ্ট্ৰপতিৰ গ্ৰীষ্মকালীন আৱাস৷ তাত
গৈহে গম পালোঁ যে বছৰত এবাৰ বোলে তালৈ আহি ছুটী কটাই যোৱাটো ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ বাবে
বাধ্যতামূলক৷ দুই, তিনিবাৰ মিলিটেৰীয়ে চেকিং কৰাৰ পাছত আমাক চৌহদৰ ভিতৰত সোমাবলৈ দিলে৷
প্ৰকাণ্ড এক আটকধুনীয়া কাঠৰ বাংলো, সমুখত ফুলৰ বাগিচা, য’ত নেকি নানান ফুলৰ লগতে ফুলি
আছে মোক চা, মোক চা কৰি অজস্ৰ টিউলিপ ফুল৷ বাংলোটোৰ এফালে পাহাৰ, আনফালে সেউজ অৰণ্য৷
এখন যেন পৃথিৱীতে সাজি লোৱা সৰগহে৷ বাংলোটোৰ ভিতৰচোৱাত মেৰামতিৰ কাম চলি থকাত টুৰিষ্টক
সোমাবলৈ দিয়া হোৱা নাছিল৷ বাহিৰতে ঘূৰা-পকা কৰি ফটো তুলিবলৈ দিয়া হৈছিল৷
তাৰ পৰা ওলাই আহি
টেক্সীত উঠাৰ আগেয়ে দেখিলো মাক-জীয়েক এহালে মেগী আৰু চাহ বনাই বিক্ৰী কৰি আছে৷ বৰ আশাৰে
দুয়ো আমাক হাতবাউল দি মাতি থকাত আমাৰো মানা কৰিবলৈ বেয়া লাগিল৷ ভোকো নলগা নহয়৷ বহাৰ
ব্যৱস্থা বুলিবলৈ কাঠৰ বেঞ্চ এখন আৰু হাতভঙা চকী দুখন৷ পিছে পাহাৰৰ নিৰ্জনতাৰ মাজত
গৰম গৰম মেগী আৰু চাহ খাই যেনেকুৱা ভাল লাগিল, কেতিয়াবা তেনেকুৱা আনন্দ হয়তো ৰাজকীয়
খাদ্যয়ো দিব নোৱাৰে৷
সেইনিশা হায়দৰাবাদী
বিৰিয়ানী আৰু চিকেন কাবাবেৰে নৈশআহাৰ সামৰি পাছদিনাৰ ওভতনি যাত্ৰাৰ বাবে বেগ সামৰাত
লাগিলো৷
পাছদিনা লাহে-ধীৰে
ব্ৰেকফাষ্ট কৰি উঠি আমি ছিমলাক বিদায় দি একা-বেঁকা পাহাৰীয়া পথেৰে চণ্ডীগড়লৈ নামি আহিলো৷
চণ্ডীগড়ত ‘এলাণ্টেমলত’ কিছুসময় খোৱা-বোৱা, বজাৰ-সমাৰ কৰি কটাই এয়াৰপ’ৰ্টৰ নিকটবৰ্ত্তী
হোটেলত উঠিলোহি৷ পাছদিনা পুৱাই গুৱাহাটীলৈ বুলি বিমানত উভতি যোৱাৰ কথা৷ ভ্ৰমণে আমাক
যি আনন্দ আৰু অভিজ্ঞতা দিয়ে, আন একো বস্তুৱে সেয়া দিব নোৱাৰে৷ স্মৃতিৰ ভঁৰাল মেটমৰা
কৰি আমি ঘৰমুৱা হ’বলৈ সাজু হ’লো৷