অংগনা চৌধুৰী
২০২৫-ৰ শাৰদীয় গধূলি
এটাত আমি গুৱাহাটীৰ পৰা দিল্লীলৈ উৰা মাৰিলো আকাশীযানেৰে৷ আমি মানে মই, মোৰ স্বামী,
একমাত্ৰ পুত্ৰ আৰু মোৰ মাতৃ৷ উদ্দেশ্য দিল্লীৰ পৰা উত্তৰাখণ্ডলৈ যোৱা৷ ৰাতিটো বিমানবন্দৰৰ
কাষৰে হোটেল এখনত কটাই পাছদিনা প্ৰথমে হৰিদ্বাৰলৈ বুলি টেক্সিত বহিলো৷ ৰ’দ জলমল পুৱা
মিৰাট হৈ আমাৰ টেক্সি পূৰ্ণ উদ্যমেৰে হৰিদ্বাৰলৈ বুলি আগবাঢ়িল৷ বাটতে বিখ্যাত ‘শিবা
ধাবা’ত দোচা, চাহ কফি ইত্যাদি খালোঁ৷ প্ৰায় চাৰে চাৰি ঘণ্টাৰ অন্তত আমি গৈ হৰিদ্বাৰ
পালোগৈ৷ তাত মা গংগাৰ ঘাটৰ কাষতে থকা হোটেল এখনত আমি আগতীয়াকৈ ৰূম বুক থৈছিলো৷ কিন্তু
সেই গোটেই অঞ্চলটো হ’ল ‘কাৰ ফ্ৰি জ’ন’৷ সেয়েহে টেক্সিৰ পৰা নামি বয়-বস্তুবোৰ ৰিক্সাত
উঠাই আমি হোটেললৈ বুলি আগবাঢ়িলো৷ হোটেলত সোমায়েই গা-পা ধুই প্ৰথমে এঘুমটি মাৰি ল’লো৷
তাৰপাছত গধূলি চাহ একাপ একাপ খাই ওলালো মা গংগাৰ আৰতি চাবলৈ৷ হোটেলৰ পৰা ঘাটলৈ খোজকাঢ়ি
গ’লে মাত্ৰ দহ মিনিটৰ বাট৷ সকলোফালে ঠেক ঠেক গলি আৰু গলিৰ দুয়োকাষে অজস্ৰ দোকান৷ কাপোৰ-কানি,
ভগৱানৰ মূৰ্তি, ফটো, মণি-মালা, কাণফুলি-নাকফুলি, খাৰু, পায়েল, চিঙ্ৰা-জেলেপী, চাহ
লচ্চী… কিহৰ দোকান নাই তাত!
ঘাটলৈ গৈ দেখো অজস্ৰ
মানুহ৷ ভীৰৰ ফাঁকে ফাঁকে আমি কোনোমতে আগবাঢ়িলো৷ কেইবছৰমান আগতে বাৰাণসীলৈ যাওঁতে তাত
থকা পাঁচোটা দিনৰ পাঁচোটা গধূলিতেই আমি আৰতি চাবলৈ গৈছিলো৷ এদিন যদি নাৱত বহি চাইছো,
এদিন পাৰত বহি৷ কি যে অপূৰ্ব অভিজ্ঞতা আছিল সেয়া! পিছে ইয়াত সিমানখিনি সুখজনক অভিজ্ঞতা
নহ’ব যেন বোধ হ’ল৷ তথাপি যেনিবা ভীৰৰ মাজতে থিয় হৈ চালোঁ৷ অৱশ্যে কিছুমান কথা তুলনা
কৰা উচিত নহয়৷ কাৰণ বাৰাণসীত মা গংগাৰ গতি বহুখিনি ধীৰ বাবে নাৱত বহি চোৱাৰ সুবিধা
আছে৷ হৰিদ্বাৰত মা গংগা খৰস্ৰোতা বাবে সেই সুবিধা নাই৷ কৰা সম্ভৱো নহয়৷
যি কি নহওক, সভক্তিৰে
সেৱা এটি কৰি আমি ‘চোটিৱালা’ৰ দোকানত চোলে-ভতুৰে খাবলৈ সোমালো৷ চোটিৱালা বাবাই মোৰ
স্বামী আৰু পুত্ৰ কপালত ত্ৰিশূল আঁকি আশীৰ্বাদ দিলে৷ ৰাতি হোটেলত বিভিন্ন প্ৰকাৰৰ নিৰামিষ
খাদ্য দি গ’লহি৷ হৰিদ্বাৰ, ঋষিকেশ আদিত কোনোধৰণৰ আমিষ খাদ্য পোৱা নাযায়৷ ভাগৰো লাগিছিল,
সেয়ে খোৱা-বোৱা শেষ কৰি শুই পৰিলোঁ৷
পাছদিনা পুৱাই আমি
ঘাটলৈ গ’লো মোৰ দেউতাৰ অস্থি বিসৰ্জন দিবৰ বাবে৷ আপোনজনক শেষ বিদায় জনোৱা যে কিমান
কষ্টকৰ! সেয়া আমাৰ বাবে এক বৰ আৱেগিক মুহূৰ্ত আছিল৷ নীতি-নিয়মখিনি কৰি উঠি মা গংগাক
সেৱা কৰি পুনৰ আমি হোটেললৈ উভতিলো৷ ৰূমত সোমাই পুনৰ এবাৰ গা-পা ধুই তেতিয়াহে ব্ৰেকফাষ্ট
কৰিলো৷ তাৰপাছত আগেয়ে ঠিক কৰি থোৱা মতে ঋষিকেশ যাত্ৰাৰ বাবে টেক্সি আহি পালে বুলি হোটেলৰ
ৰিচেপশ্বনৰ পৰা খবৰ দিলে৷ হৰিদ্বাৰৰ পৰা ঋষিকেশ গৈ পাওঁতে আমাৰ এক-ডেৰঘণ্টা লাগিল৷
তাতো একেই ব্যৱস্থা৷ এক নিৰ্দিষ্ট ঠাইত গাড়ী ৰখাই দিয়ে, তাৰ পাছৰছোৱা খোজকাঢ়ি খোজকাঢ়ি
ঘূৰিব লাগে৷ আমি টেক্সিৰ পৰা নামিয়ে এজন গাইড ল’লো৷ তেওঁ আমাৰ লগে লগে গৈ ঠাইখিনিৰ
মহিমাৰ কথা বুজাই গৈ থাকিল৷ ৰামঝুলাত উঠাৰ আগেয়ে পোৱা যায় শত্ৰুঘ্ন মন্দিৰ৷ এই মন্দিৰ
এহাজাৰ বছৰ পুৰণি বুলি বিশ্বাস কৰা হয়৷ কোৱা হয় যে শত্ৰুঘ্নই নিজে এই ঠাইত আহি তপস্যা
কৰিছিল৷ তাৰ পৰা কিছুদূৰ আগুৱাই গৈয়ে পোৱা যায় ৰামঝুলা৷ বাটত দেৱালে দেৱালে শিৱ বাবাৰ
বিভিন্ন চিত্ৰ৷ বাটৰ কাষে কাষে ‘ঔঁম’ বা ‘ৰাম’ লিখা কুৰ্টা, স্কাৰ্ফ, বেগ আদি পোৱা
সৰু-বৰ দোকান৷ ৰামঝুলাত উঠি চৌপাশে চকু ফুৰালোঁ৷ কাষত সেউজ পাহাৰ আৰু তলেদি বৈ আছে
ভীষণ খৰস্ৰোতা মা গংগা৷ বিদেশী ভ্ৰমণকাৰী তাত ঢেৰ৷ বেছিভাগেই হিলদ’ল ভাঙি অহা সোঁতত
ৰাফ্টিং কৰিছে৷ ৰামঝুলা পাৰ হোৱাৰ পাছত পোৱা যায় বিভিন্ন আশ্ৰম আৰু শাৰী শাৰী দোকান৷
গাইডজনে আমাক চৰকাৰী অনুমোদন থকা দোকান এখনলৈ লৈ গ’ল৷ তাত মই নিজৰ বাবে এদাল স্ফটিকৰ
মালা আৰু মাৰ বাবে এডাল পঞ্চমুখী ৰুদ্ৰাক্ষৰ মালা কিনিলোঁ৷ ঋষিকেশত মা গংগাৰ বক্ষত
যি বিশালকায় শিৱবাবাৰ মূৰ্তি ৰখা হৈছে আৰু তীৰত হনুমানজীৰ, সেয়া সঁচাকৈয়ে অতুলনীয়৷
পাহাৰীয়া বাট বাবে খোজকাঢ়ি কাঢ়ি ভাগৰ লগাত এখন কেফেত সোমাই লেম’নেড আৰু ভেজ চাওমিন
খাই গাত শক্তি গোটাই ল’লোঁ আৰু সীতা ঝুলাৰ উদ্দেশ্যে বাট বুলিলোঁ৷ লক্ষ্মণ ঝুলাখন মেৰামতিৰ
বাবে বন্ধ থকা বুলি শুনিলোঁ৷ বাটতে এবাৰ ৰাজহুৱা প্ৰস্ৰাৱাগাৰত সোমাবলগীয়া হ’ল৷ প্ৰস্ৰাৱাগাৰৰ
অৱস্থা শোচনীয়৷ ভ্ৰমণকাৰীৰ পৰা টকা লৈও যদি চাফ-চিকুণকৈ নাৰাখে, তেতিয়া বৰ খং উঠে৷
তদুপৰি যথেষ্ট পৰিমাণে যিহেতু বিদেশীলোক ঋষিকেশলৈ আহে তেওঁলোকে বাৰু আমাৰ দেশৰ বিষয়ে
কি ধাৰণা লৈ উভতি যাব! বৰ লাজ লাগিল কথাটো ভাবি৷
সীতাঝুলাইদি ওলাই
আহি আমি আমাৰ নিৰ্দিষ্ট টেক্সিত বহিলোহি৷ হৰিদ্বাৰ পাই আমি ‘দাদা বৌদিৰ হোটেল’ নামৰ
এখন নিতান্তই সাধাৰণ হোটেলত ভাত খাবলৈ সোমালো যদিও দুপৰীয়াৰ আহাৰ খোৱাৰ সময় কেতিয়াবাই
উকলিছিল৷ চাফ-চিকুণকৈ পৰিৱেশণ কৰা পটল-আলু প’ষ্ট’, বেঙুন ভাজা, পদিনা চাটনি, পাপৰ ভজা,
চালাডেৰে বাঙালী ষ্টাইলত ৰন্ধা গৰম গৰম ভাতসাজ আমি পৰম তৃপ্তিৰে খালো৷ ৰূমত সোমাই গা-পা
ধুই যি বিচনাত পৰিলোঁ একেবাৰে ৰাতিহে সাৰ পালোঁ৷ অলপ দেৰি টি. ভি. চাই, অলপ দেৰি কথা
পাতি সময় কটাই পাতলীয়াকৈ ৰাতিৰ আহাৰ কৰি পুনৰ শুই পৰিলোঁ৷ যথেষ্ট ভাগৰ লাগিছিল সেইদিনা৷
পাছদিনা পুৱা টেক্সি
এখন লৈ ডেহ্ৰাডুনলৈ বুলি ওলালোঁ৷ হৰিদ্বাৰৰ পৰা ডেহ্ৰাডুনলৈ প্ৰায় আঢ়ৈ ঘণ্টাই লাগিল৷
প্ৰথমে আমি গ’লো তাৰে ক্লেমেণ্ট টাউনত থকা মাইণ্ড ৰোলিং মনেষ্ট্ৰিলৈ৷ প্ৰকাণ্ড চৌহদেৰে
ই ভাৰতৰ ভিতৰতে অন্যতম এক বৃহৎ বৌদ্ধধৰ্মৰ কেন্দ্ৰ৷ ইয়াত থকা আকাশলংঘী বুদ্ধ মূৰ্তিটো
হ’ল আকৰ্ষণৰ মূল৷ তদুপৰি গছ-লতিকা ফুলেৰে আৱৰি থকা চৌহদটোত খোৱা-বোৱা কৰিবলৈ ৰেষ্টুৰেণ্ট,
বৌদ্ধধৰ্মীয় লোকৰ সংস্কৃতিৰ লগত জড়িত নানান বস্তুৰ দোকানৰ উপৰিও প্ৰায় তিনিশমান শিষ্যই
বৌদ্ধ ধৰ্মৰ শিক্ষা ল’ব পৰাকৈ এখন কলেজো আছে৷ ইমান শান্তিময় সুন্দৰ পৰিৱেশ যে বহিলে
বহি থাকিবৰ মন যায়৷ তাত আমি ঘূৰি-ফুৰি ফটো তুলি যথেষ্ট সময় পাৰ কৰি নিৰামিষ পাহাৰী
ম’ম’ আৰু চাহ খাই ওলাই আহিলো ‘ফৰেষ্ট ৰিচাৰ্ছ ইন্ষ্টিটিউট’-লৈ বুলি৷ ইয়াক চুটিকৈ কোৱা
হয় এফ.আৰ.আই. (F.R.I.) বুলি৷ ই ১৮৭৮ চনত স্থাপিত হৈছিল৷ বৃহৎ চৌহদ আৰু ক’ল’নিয়েল স্থাপত্যৰ
সুন্দৰ নিদৰ্শন এই এফ.আৰ.আই.৷ ইয়াৰ বিস্তৃতি আৰু বিশালকায় অবয়ব দেখি আমি মুগ্ধ হৈ ৰ’লো৷
ইয়াৰ ভিতৰভাগৰ বিভিন্ন কোঠাত সংৰক্ষিত হৈ আছে গছ-লতিকা বিষয়ক বিভিন্ন ফটো, তাৰ শিপা,
গা-গছ, কাঠফুলা আৰু তাত থকা সকলো বস্তুৰ বিষয়ে লিখা ফলক৷ আমাৰতো চাই ভাল লাগিলেই, কিন্তু
উদ্ভিদ বিজ্ঞানক মূল বিষয় হিচাপে লৈ পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এই ঠাই হৈছে ভূ-স্বৰ্গ৷
তাত থকা কেণ্টিনত আইচক্ৰীম একোটাহঁত খাই আমি উভটনি যাত্ৰা কৰিবলৈ সাজু হ’লো৷ ওভতোতে
হৰিদ্বাৰ পাবলৈ কেইকিল’মিটাৰমান থাকোতে পোৱা বিখ্যাত ‘খাইৰা’ ধাবাত খুব সুন্দৰকৈ পালক-পনীৰ,
দম্ আলু, ডাল, চালাডেৰে ভাত এসাঁজ খালো৷ হৰিদ্বাৰ আহি হোটেলত দুই ঘণ্টামান জিৰণি ল’লোঁ৷
পাছদিনাখন যিহেতু দিল্লীলৈ ওভতাৰ কথা, সেয়ে ৰাতি আঠমান বজাত এবাৰ মা গংগাক চাই আহোঁ
বুলি ভাবিলোঁ৷ সৰু সৰু দুটা প্লাষ্টিকৰ গেলেনো কিনিলো গংগাজল ঘৰলৈ লৈ যাম বুলি৷ পানীৰ
যি সোঁত মই শিকলিত ধৰি ভয়ে ভয়ে চিৰিৰে নামি গেলেন দুটাত গংগাজল সংগ্ৰহ কৰিলোঁ৷ সেইদিনা
বহুদেৰিলৈকে সোঁতবোৰলৈ চাই চাই ভাবুক হৈ তীৰতে থিয় দি থাকিলোঁ৷ সময়বোৰতো এনেকৈয়ে গৈ
থাকিব উভতি নহাৰ বাটেৰে৷ আমিও এদিন বুঢ়া হ’ম, কায়িক অৱয়ব নোহোৱা হ’ব৷ অথচ এই সোঁত বৈ
থাকিব৷ এনেকৈয়ে মানুহ ইয়ালৈ আহি থাকিব, তীৰত ৰৈ তেতিয়াও মোৰ দৰে বহুলোক ভাবুক হ’ব৷
বিভিন্ন প্ৰশ্ন মনত লৈ মা গংগাৰ কাষলৈ ঘৰৰ পৰা আহিছিলোঁ৷ তাৰ বহু প্ৰশ্নৰ উত্তৰ পালোঁ,
কিছুমান উত্তৰ হয়তো অনাগত দিনবোৰে দিব, জীৱনত হ’ব লগা আৰু নতুন নতুন অভিজ্ঞতাই দিব৷
অজানিতে মোৰ চকুলো ওলাই আহিল৷
হোটেললৈ ঘূৰি আহোঁতে
বাটৰ কাষত থকা দোকানৰ পৰা কিছুমান হৰিদ্বাৰ, ঋষিকেশৰ ছবি থকা গোঁসাইঘৰত থ’ব পৰা ফটো
ফ্ৰেম, ফ্ৰিজ মেগনেট, চন্দৰ পেকেট ইত্যাদি কিনি আনিলোঁ৷ হোটেলৰ ৰূমত সোমাই নিশাৰ সাঁজ
খোৱাৰ আগতে পাছদিনা দিল্লীলৈ ঘূৰি যাবলৈ বুলি বয়-বস্তুবোৰ সামৰি বেগত ভৰাই থ’লোঁ৷
পাছদিনা পুৱা ন বজাত
আমাৰ টেক্সি আহি পোৱাত হৰিদ্বাৰক বিদায় জনায় আমি দিল্লীলৈ বুলি ৰাওনা হ’লোঁ৷
দিল্লী বিমানবন্দৰৰ
কাষত যিখন হোটেলত যাওঁতে থাকি গৈছিলোঁ, তাতেই উভতি আহি থাকিবলৈও ৰূম বুক কৰি থৈছিলোঁ৷
দুপৰীয়া আহি পাই তাত চেক-ইন কৰি ভাত-পানী খাই অলপ শুই ল’লোঁ৷ তাৰপাছত ওচৰতে থকা বসন্তকুঞ্জৰ
এমবিয়েন্স মললৈ গ’লো৷ তাত এনেই ঘূৰি-পকিয়ে ভাল লাগে৷ দুই এটা বজাৰ কৰি ফুড-ক’ৰ্টত খাই-বৈ
ৰাতিকৈ হোটেললৈ উভতিলোঁ৷
পাছদিনা লাহে-ধীৰে
দুপৰীয়াৰ ভাতসাঁজ খাই বিমানবন্দৰলৈ গ’লো কাৰণ গুৱাহাটীমুখী বিমানখন আছিল গধূলি৷ বুকুত
উত্তৰাখণ্ডত কটোৱা কেউটাদিনৰে স্মৃতি লৈ বিমানবন্দৰত বেলি ডুবা আকাশখনলৈ চাই চাই কফি
একাপ হাতত তুলি ল’লোঁ আৰু ঘৰমুৱা পখীটি হ’বলৈ সাজু হ’লোঁ৷
