অন্যযুগ/


‘বৈদিক ভিলেজ’ৰ দুৰ্গাপূজা আৰু ভাললগা সময়

 অংগনা চৌধুৰী




 কলকাতা মহানগৰীত দুই-তিনিবাৰমান দুৰ্গাপূজা চোৱাৰ অভিজ্ঞতা ইতিমধ্যেই স্মৃতিৰ জোলোঙাত সোমাই আছিলেই৷ সেই হৈ-চৈ, সেই ভিৰ-ভাৰ, অজস্ৰ মানুহৰ সমাগমৰ মাদকতা  সম্পূৰ্ণ বেলেগ৷ এইবাৰ পুনৰ পূজাৰ সময়ত ওলালোঁ কলকাতালৈকেই, কিন্তু এক প্ৰশান্তিৰে ভৰা, কোলাহলশূন্য ঠাইলৈ নাম যাৰ ‘‘বৈদিক ভিলেজ’ ’৷ সপ্তমীৰ দিনাখন গুৱাহাটীৰ পৰা বিমানেৰে আমি প্ৰায় গধূলি পৰত কলকাতা পালোঁগৈ৷ ‘বৈদিক ভিলেজ’খন শিকাৰপুৰ, ৰাজাৰহাট অঞ্চলত অৱস্থিত৷ বিমানবন্দৰৰ পৰা মহানগৰীৰ ভিৰৰ পৰা বাচিবলৈ টেক্সী ড্ৰাইভাৰজনে আমাক কোনো এক ভিতৰুৱা বাটেৰে লৈ গৈ প্ৰায় এক ঘণ্টাৰ মূৰত আমাক ‘বৈদিক ভিলেজ’ পোৱালেগৈ৷ চৌদিশে বিজুলীবাতিৰ কাৰুকাৰ্য, খেৰৰ মূধচ, মাটিৰে লেপা (আচলতে ভিতৰটো চাগে কংক্ৰিটৰ) ঘৰবোৰ, মাজে মাজে ঢাকৰ শব্দ আৰু মাজে মাজে ভাহি অহা বাউল গীতে পৰিৱেশটো কৰি তুলিছিল অপূৰ্ব৷ ৰূমত চেক্‌ ইন কৰি ৰাতিৰ আহাৰ ৰূমতে অৰ্ডাৰ দিলোঁ, কাৰণ ইতিমধ্যে ভাগৰে আগুৰি ধৰিছিল৷ গা-পা ধুই, খোৱা-বোৱা শেষ কৰি উঠি কিছু সময় ৰূমৰ লগতে সংলগ্ন বাৰাণ্ডাখনত বহিলোঁ৷ বাৰাণ্ডাৰ গাতে লাগি থকা ৰিজৰ্টখনৰে অন্তৰ্গত প্ৰকাণ্ড প্ৰকাণ্ড গছেৰে ভৰা এখন হাবি৷ কতদিনৰ মূৰত যে এনেকৈ এক নিস্তব্ধ নিশা জিলিৰ মাত শুনি শুনি সময় কটাব পাৰিছোঁ!

পাছদিনা পুৱা অজস্ৰ সুস্বাদু খাদ্যবস্তুৰে ভৰা কমপ্লিমেণ্টৰি ব্ৰেকফাষ্ট কৰি উঠাৰ পাছত পুত্ৰই খদমদম লগালে ৰিজৰ্টত থকা খেল-ধেমালিৰ পেকেজ এটা কিনি দিবলৈ৷ কথামতেই কাম৷ তাক পেকেজ এটা কিনি দিয়া হ’ল৷ পেকেজৰ ভিতৰত আৰ্চাৰী, বন্দুক চলোৱা, চাইকেল লৈ বিশাল চৌহদটো ঘূৰা, ৰপ ক্লাইম্বিং ইত্যাদিবোৰ অন্তৰ্গত আছিল৷ তাক দেউতাকৰ সৈতে পঠিয়াই মই কিছু সময়, অন্ততঃ আগবেলাটো অকলশৰে কটাবলৈ বিচাৰিলোঁ৷ মোৰ দৰে স্কুলীয়া সন্তান থকা মাকসকলে বুজিব যে দৈনন্দিন জীৱনটোত আমি ঘড়ীৰ কাঁটাৰ সৈতে দৌৰি দৌৰি চলিবলগীয়া হয়৷ শাৰীৰিক-মানসিকভাৱে আমি যে ভিতৰি ভিতৰি কিমান ভাগৰি থাকোঁ অথচ আজৰি নাপাওঁ৷ সেয়ে এটা বেলা অন্ততঃ মই অলসভাৱে কটাব বিচাৰিলোঁ৷ চৌহদটোৰ সৌন্দৰ্য কিছু ঘূৰি-পকি চাই মই ৰূমলৈ গ’লোঁ, বহল বাৰাণ্ডাখনত বহুপৰ বহি গছবোৰলৈ চাই থাকিলোঁ, ম’বাইলত ভাললগা গান শুনিলোঁ আৰু কিছুপৰ শুলোঁ৷

দুপৰীয়া খেলি-ধূলি ঘামি-জামি স্বামী পুত্ৰ ৰূম আহি ওলালহি৷ তেওঁলোকে গা-পা ধুই আজৰি হোৱাত তিনিও ৰিজৰ্টৰ ভিতৰৰে এছিয়ান কুইজিনৰ ৰেষ্টুৰেণ্টখনত দুপৰীয়াৰ আহাৰ খাবলৈ গ’লোঁ৷ বহুতে সেই সময়ত চৌহদৰ মাজতে থকা চুইমিং পুলত সাঁতুৰি-নাদুৰি স্ফূৰ্তি কৰি আছিল৷ ভাত-পানী খাই উঠি আমি মাটিৰ চাকি, চাহ খোৱা মাটিৰ ভাড় তৈয়াৰ কৰা মানুহজনৰ ওচৰলৈ গ’লোঁ৷ বহুতে তেওঁৰ ওচৰত বহি চাকি তৈয়াৰ কৰিবলৈ শিকি আছিল৷ মোৰ লাগিল দেখাত কামটো যিমান সহজ যেন লাগে, প্ৰকৃততে ইমানো সহজ নহয়৷ তাৰ কাষতে আন এজনে সকলোকে মা দুৰ্গাৰ অস্থায়ী টাটু হাতত আঁকি দি আছিল৷ মোৰ স্বামীৰ গাত স্থায়ী টাটু ঢেৰ৷ তথাপি তেওঁ মা দুৰ্গাৰ অস্থায়ী টাটু অঁকাবলৈ বৰকৈ মন কৰাত মই ক’লো – ঠিক আছে, তুমি কৰোৱাঁ, মই ভিডিঅ’ কৰি থ’ম৷ কাৰণ ইমান ধুনীয়া টাটুটো পানী লাগিলেইতো নাইকিয়া হৈ যাব৷ ভিডিঅ’ আৰু ফটোৰ মাজতেই অন্ততঃ চিনটো থাকিব৷ কথা শুনি তেওঁ তেওঁৰ মুখত হাঁহি বিৰিঙিল৷ টাটু কৰোৱাৰ পাছত আমি কিছুপৰ ৰূমলৈ জিৰণি ল’বলৈ আহিলোঁ৷ পিছে ডাৱৰৰ দৰে শুভ্ৰ কোমল বিছনাত পৰি কিমান দেৰি যে শুলোঁ ক’বই নোৱাৰিলোঁ৷ সাৰ পাই দেখোঁ, ৰাতি সাত বাজিবৰে হ’ল৷ ততাতৈয়াকৈ সাজি-কাচি ‘বৈদিক ভিলেজ’ ৰ ভিতৰতে পতা পূজা মণ্ডপত পূজা চাবলৈ বুলি ওলালোঁ৷ পূজাভাগ বাহিৰত পেণ্ডেল দি কৰা নাই, এটা ডাঙৰ হলৰ ভিতৰত কৰিছে৷ আমি তাতে সেৱা কৰি বাটাচা আৰু আখৈৰ প্ৰসাদ ল’লোঁ৷ ঢাকৰ শব্দেৰে মুখৰিত মণ্ডপত বহু বিদেশী টুৰিষ্টো দেখিলোঁ৷ তেওঁলোকেও হয়তো কলকাতাৰ পূজাৰ আমেজকণ ল’বলৈ আহিছে৷ বহু বয়স্ক স্বামী-স্ত্ৰী দেখিলোঁ যি হুইল চেয়াৰত বহি বা লাখুটি লৈ লৈ তাত থাকি সময়খিনি উপভোগ কৰিবলৈ আহিছে৷ মনটো ভাল লাগিল দেখি৷ আচলতে ভ্ৰমণপিপাসু লোকক বয়স, বাৰ্ধক্য, শাৰীৰিক অৱস্থা একোৱেই বাধা দি ৰাখিব নোৱাৰে৷ আমি চুইমিং পুলৰ কাষত অপেন ৰেষ্টুৰেণ্টখনত ছিংগাপুৰ ৰাইচ নুডল্‌ছ, মছালা চাহ, মছালা পেপচি খাই কিছুপৰ কটালোঁ৷ তাতে অলপ পৰৰ মূৰে মূৰে সন্ন্যাসীৰ দৰে বেশভূষা কৰা দুজন লোকে বাউল সংগীত গাই ঘূৰি ফুৰে৷ বাউল সংগীত শুনিলেচোন মোৰ মনৰ ভিতৰখন কিবা উৰুঙা উৰুঙা লাগে৷ সেইৰাতি ৰূমতে ভেট্‌কী সৰসে, চিকেন বিৰিয়ানি আদি খাই শুই পৰিলোঁ৷

পাছদিনা অলপ দেৰিকৈ ব্ৰেকফাষ্ট কৰিবলৈ ওলালোঁ৷ উদ্দেশ্য আছিল দিনৰ চাৰে দহ বজাত হ’বলগীয়া আদিবাসী নৃত্য উপভোগ কৰা৷ আদিবাসী বেশভূষাৰে নৃত্য পটীয়সীসকল আৰু হাতে হাতে মাদল লৈ পুৰুষসকল ইতিমধ্যেই উপস্থিত হৈছিলহি৷ মন ভৰি আদিবাসী নৃত্য উপভোগ কৰিলোঁ৷ ইচ্ছা কৰিলে দৰ্শকেও তেওঁলোকৰ সৈতে নৃত্য কৰিব পাৰে৷


‘বৈদিক ভিলেজ’ত ‘ভূমি’ বুলি আন এখন ৰেষ্টুৰেণ্ট আছে, য’ত অকল বেংগলী ব্যঞ্জনেই পোৱা যায়৷ আমি দুপৰীয়া তালৈ গ’লোঁ৷ তাত উদৰ পূৰাই সৰিয়হেৰে ৰন্ধা ইলিচ মাছ আৰু অন্যান্য ব্যঞ্জনেৰে ভাতসাঁজ খালোঁ৷ খোৱাতকৈ ভূমি ৰেষ্টুৰেণ্টখনৰ সাজসজ্জা দেখিহে বেছি মুগ্ধ হ’লোঁ৷ এনে লাগিল যেন কোনো অৰণ্যৰ মাজত অৱস্থিত আদিবাসী গাঁৱত মাটিৰ পঁজাত কাঠৰ পুৰণি আচবাবত বহিহে যেন ভাতসাঁজ খাইছোঁ৷



গধূলি আমি প্ৰথমে ধুনুচি নৃত্য চাবলৈ গ’লোঁ৷ কি যে এক অপূৰ্ব পৰিৱেশ! দৰ্শকেও তাত ভাগ ল’ব পাৰে ইচ্ছা কৰিলে৷ মহিলাৰ উপৰি পুৰুষসকলেও যে ইমান সুন্দৰকৈ ধুনুচি নৃত্য কৰিব পাৰে দেখি মোহিত হ’লোঁ৷ ঢাকৰ শব্দ, ধুনুচি নৃত্য, মাটিৰ মলাৰ পৰা ওলোৱা ধোঁৱাৰে আৱৰা এটি  কেতিয়াও পাহৰিব নোৱৰা গধূলি৷

তাৰ পাছত অডিটৰিয়ামত আৰম্ভ হ’ল সাংস্কৃতিক সন্ধিয়া৷ সন্ধিয়াটিৰ নাম দিয়া হৈছিল সংলাপ-এ-সৌভনিক৷ সৌভনিক হৈছে এজন কবি-সুৰকাৰ-গায়ক, যি একালত জাৰ্মানিত আছিল চাকৰিৰ খাতিৰত, কিন্তু সংগীতৰ তাড়নাত তেওঁ দেশৰ পাহাৰী গাঁৱলৈ ঘূৰি আহে আৰু সেই ঠাইসমূহৰ স্থানীয় সংগীতক লৈ ন-ন সুৰৰ সৃষ্টি কৰে৷ পুৰণি, নতুন নানান হৃদয়স্পৰ্শী গীতেৰে ৰাতিলৈকে তেওঁ সময়খিনি ভৰাই তোলে৷ তেওঁক সহযোগ কৰিছিল তেওঁৰেই শিষ্য ঈশিকা নামেৰে কিশোৰী এগৰাকীয়ে৷

ৰাতি কৰ্ন, ব্ৰক’লী আৰু বেক্‌ কৰা মাছেৰে ভাত খাই কানি-কাপোৰ সামৰাত লাগিলোঁ৷ পাছদিনা ওভতাৰ কথা৷ ৰাতি বহু দেৰিলৈকে জিলিৰ মাত শুনি শুনি বাৰাণ্ডাত বহিলোঁ, মাজে মাজে সৌভনিকে গোৱা গীত গুণগুণালোঁ৷ কিবা যেন এক বেলেগ ৰাতি, কিবা যেন এক বেলেগ অনুভৱ৷

পাছদিনা পুৱা আমাৰ বাবে গাড়ী সাজু কৰা আছিল বিমান বন্দৰলৈ যাবলৈ৷ গাড়ীত উঠাৰ আগেয়ে লৰালৰিকৈ ৰিচেপশ্বনৰ ল’ৰা এজনে আহি ক’লে যে যদিও তেতিয়া বহুত সোনকাল হৈ আছে, তথাপি তেওঁলোকে আমাৰ বাবে সামান্য ব্ৰেকফাষ্ট পেক্‌ কৰি দিছে৷ আমি যাতে বাটত খাই লওঁ৷ বাটত পেকেট খুলি দেখোঁ ডাঙৰ ডাঙৰ চিকেনচীজ চেণ্ডুইচ, মাফিন, কেক, জুচৰ পেকেট, কল, আপেল, পানীৰ বটল তিনিওৰে বাবে তেওঁলোকে দি পঠিয়াইছে৷ আমি গাড়ীত আহি থাকোঁতে সেয়া খাই ল’লোঁ৷ অৱশেষত প্ৰকৃতিৰ প্ৰশান্তিৰ মাজত অনন্য সুন্দৰ এক দুৰ্গাপূজা উপভোগ কৰাৰ অভিজ্ঞতা বুকুত বান্ধি আমি ঘৰমুৱা হ’লোঁ আকাশমাৰ্গেৰে৷      

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ