অন্যযুগ/


কলীয়াপানীৰ কাৰাগাৰত ভূতৰ উচুপনি

বিমল বৰা


 

বিশ্বাস কৰক বা নকৰক, ভূত থাকক বা নাথাকক, ভূতৰ কাহিনীবোৰ কিন্তু  সকলোতে আছে৷ ভূতৰ লগত প্ৰত্যক্ষভাৱে আমি কি হয়তো কোনোৱেই মুখা-মুখি হোৱা নাই, কিন্তু ৰসাল কাহিনীবোৰ মানুহৰ মুখে মুখে বাগৰি ফুৰে৷ শনি আৰু মঙ্গলবাৰে আৰু বিশেষকৈ আঁউসিৰ ৰাতি হেনো ভূত ওলায়, ভূতে কিৰিলি পাৰে, তাণ্ডৱ চলায়৷ কাৰোবাৰ ঘৰলৈ হেনো ‘নিজান ৰাতি শুকান কেচুমতাৰ লডা দলিয়াই, আঁহত জোপাৰ গুৰিৰ পৰাই বগা কোমোৰা এটা ওলাই বাগৰি বাগৰি কিছুদূৰ গৈ নাইকিয়া হয়, জৰীগছৰ ওচৰৰ মৰিশালিটোত ৰাতি উচুপি উচুপি কান্দে’ ইত্যাদি কিমান যে গাৰ নোম শিয়ঁৰি উঠা ঘটনা৷ মুখ বাগৰি কথাবোৰ বিয়পি পৰে৷ সঁচা-মিছা পিছৰ কথা, কাহিনীবোৰ বোৱঁতী নদীৰ দৰে বৈ আছে৷ কেৱল আমাৰ ইয়াতেই নে? বিদেশতো সেই একেবোৰ কাহিনী৷ তেনে কাহিনীয়েই শুনিলোঁ এইবাৰ বিদেশত৷ তাকো দক্ষিণ গোলাদ্ধৰ্ৰ আটাইতকৈ ধনী দেশ এখনত৷ নুশুনিমনো কিয়, ভূত জানো কিবা ‘ৰিজিওনেল’, ভূত পুৰাপুৰি  ‘ইণ্টাৰনেশ্বনেল’৷ বিদেশ বাবেই হয়তো মনত কিছু কৌতুহল জাগিছিল ৷ সেয়েহে সেই নিজান দেশখনৰ নিজান দ্বীপটোৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে ভূতৰ গল্পৰ সোৱাদ ল’বলৈ  ঢাপলি মেলিছিলো ২০২৪ চনৰ ৭ জানুৱাৰিৰ দিনা৷ সেইদিনটো আছিল আমাৰ অষ্ট্ৰেলীয়াৰ টাছমেনিয়া প্ৰদেশৰ ৰাজধানী হোবাৰ্ট ভ্ৰমণৰ চতুৰ্থটো দিন৷ বাকিংহামশ্বায়াৰৰ চতুৰ্থ আৰ্ল  ৰবাৰ্ট হোবাৰ্টৰ নামেৰে নামকৰণ কৰা হোবাৰ্ট চহৰ৷ ৪০-৫০ ডিগ্ৰী দক্ষিণ অক্ষাংশৰ মাজত পশ্চিমা বতাহ  ‘গৰ্জন মুখৰ চল্লিশ’ এ কোবাই থকা হোবাৰ্ট সচাঁ অৰ্থতেই এখন ঐতিহাসিক পৰ্যটন চহৰ৷ এই চহৰৰ পৰাই আমি এখন টেক্সিৰে দহ বজাত ৰাওনা হৈছিলো হোবাৰ্টৰ উত্তৰ-পূৱে অৱস্থিত ভূতৰ বিচৰণ ভূমি ৰিচমণ্ড নামৰ সৰু চহৰখনলৈ৷ মাত্ৰ ২৭ কিলোমিটাৰ দূৰত্বৰ এক আধাঘণ্টীয়া চফৰ৷ থোৰতে ক’বলৈ হ’লে আজিৰ যুগৰ ‘এখন তামোলৰ বাট’৷ হ’লেও কিন্তু ষাঠি অষ্ট্ৰেলীয়ান ডলাৰ ভৰিলোঁ৷ ক্ৰেণবেৰী আৰু ব্লুবেৰীৰ বাগিচাবোৰৰ মাজেৰে বৈ যোৱা মসৃণ পথটোৰ কাষে কাষে দেখা পোৱা প্ৰাকৃতিক দৃশ্যৰাজিৰ ছবিখন অসমৰ লগত ঠায়ে ঠায়ে মিলে৷ চাৰে দহ বজাত আমাক নমাই দিলে ৰিছমণ্ড কাৰাগাৰৰ সন্মুখত৷ অষ্ট্ৰেলিয়াৰ আটাইতকৈ পুৰণি আৰু অক্ষত অৱস্থাত সংৰক্ষণ কৰি ৰখা এখন ইতিহাস প্ৰসিদ্ধ কাৰাগাৰ৷ বেৰৰ সৰু ফলক খনত মাত্ৰ দুটা সৰু শাৰী, ওপৰত ‘Richmond Gaol ১৮২৫’আৰু তলত 'Historic Site' বুলি লিখা আছে৷  Gaol বা Jail মানে কাৰাগাৰ৷ উচ্চাৰণ একেটাই, কিন্তু আজিকালি এই শব্দটো বৰকৈ  ব্যবহাৰ নকৰে৷ যি কি নহওক, এই কাৰাগাৰ তথা ভূত বাংলাকেইটাই হৈছে টাছমেনিয়াৰ বিশেষ ঐতিহ্য পৰ্যটন স্থান৷ শ শ দেশী-বিদেশী পৰ্যটক ইয়ালৈ আহে৷ বিদেশী পৰ্যটক হিচাপে আমিও এই মুহূৰ্তত উপস্থিত হৈছোঁহি কাৰাগাৰৰ সন্মুখত৷



       ভাৰতৰ আন্দামান আৰু নিকোবৰ দ্বীপপূঞ্জৰ  নিচিনাকৈ অষ্ট্ৰেলিয়াখন ইংলেণ্ডৰ বাবে আছিল এসময়ৰ ‘কলীয়াপানী’৷ ইংলেণ্ডত এটা সময়ত অপৰাধী ৰাখিবলৈ ঠাই নোহোৱা হৈছিল৷  অপৰাধীবোৰক ৰাখিবৰ বাবে বিকল্প স্থান হিচাপে অষ্ট্ৰেলিয়া নামৰ দ্বীপৰাষ্ট্ৰখনত ব্ৰিটিছৰ  চকু পৰিছিল৷ কেপ্তেইন জেমচ্‌  কুকে  তেওঁৰ সামুদ্ৰিক অভিযানত অষ্ট্ৰেলিয়াৰ পূৱ উপকূলক ইতিমধ্যেই আৱিষ্কাৰ কৰি গৈছিল৷ গতিকে এই বিশাল দেশখনৰ প্ৰতি এটা সম্যক ধাৰণা ব্ৰিটিছৰ আছিল৷ সেয়েহে অপৰাধীসকলক ইয়াতেই নিৰ্বাসন দিয়াৰ  পৰিকল্পনা ব্ৰিটিছে এটা সময়ত কৰি পেলাইছিল৷ ফলশ্ৰুতিত ১৭৮৭ চনৰ মে’ মাহৰ ১৩ তাৰিখৰ দিনা কেপ্তেইন আথাৰ্ৰ ফিলিপৰ নেতৃত্বত এঘাৰখন জাহাজৰ প্ৰথমটো বহৰ বন্দীসহ  পৰ্টছ্‌মাউথৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল অষ্ট্ৰেলিয়াৰ অভিমুখে৷ প্ৰায়  ২৪০০০ কিলোমিটাৰ সাগৰীয় পথ অতিক্ৰমি ২৫০ দিনৰ পিছত ১৭৮৮ চনৰ জানুৱাৰি মাহৰ ২০ তাৰিখে লংগৰ পেলাইছিল নিউ ছাউথ ৱেলছৰ ব’টানি বে’ ত৷ জাহাজত কেৱল চোৰ-ডকাইতেই আছিলনে? নহয়, অপৰাধীৰ লগতে নিৰপৰাধী লোকো আথাৰ্ৰৰ সহযোগী হৈ গৈছিল সেই অজান দেশখনলৈ৷ ‘উলুৰ লগত বগৰী’ নে ‘বগৰীৰ লগত উলু মৰিছিল’ বুজিবলৈ টান পালোঁ৷ যি কি নহওক, এই ১৩৫০ জনীয়া দলটোত আছিল নৌ-সেনা, নাৱিক, অসামৰিক বিষয়া আৰু মুক্ত  বসতি প্ৰধান লোক৷ অৱশ্যে ৭৮০ জনেই হেনো আছিল বিভিন্ন দোষেৰে দণ্ডিত অপৰাধী৷ অষ্ট্ৰেলিয়াত তেতিয়াই সূচনা হৈছিল  ব্ৰিটিছৰ উপনিৱেশ আৰু প্ৰথম ‘পেনাল কলনী’৷ লাহে লাহে ব্ৰিটিছৰ উপনিৱেশ সম্প্ৰসাৰিত হৈছিল ভ্যান ডাইমেনছ্‌ লেণ্ড অথাৰ্ৎ বৰ্তমানৰ টাছমেনিয়া দ্বীপলৈ৷ ডাৰৱেণ্ট নদীৰ পূৱ উপকূলস্থিত ৰিচডন নামৰ ঠাইখনত ১৮০৩ চনত প্ৰথম বসতি আৰম্ভ হৈছিল যদিও এবছৰৰ পাছতে উপনিৱেশকৰণৰ মূল ভেটি ৰচিত হৈছিল হোবাৰ্ট চহৰত৷ ইয়াৰ পাছতে বসতিৰ সম্প্ৰসাৰণ ঘটিছিল ৰিচমণ্ড চহৰলৈ৷ লাহে লাহে অষ্ট্ৰেলিয়া নিবাৰ্সিত অপৰাধীৰ সংখ্যা বাঢ়িছিল৷  স্থানীয় বাসিন্দাসকলৰ লগতো সংঘাত বাঢ়িছিল ব্ৰিটিছৰ৷ ফলত এই স্থানীয় লোকসকলো এটা সময়ত অপৰাধীৰ তালিকাভূক্ত হৈছিল৷ এই গোটেইবোৰ বন্দীকে শাস্তিৰ লগতে কঠোৰ নিয়ন্ত্ৰণত ৰাখিবৰ বাবে নিৰ্মাণ কৰিবলগীয়া হৈছিল বিখ্যাত ৰিচমণ্ড জেইল৷ ১৮২৫ চনৰ পৰা ১৮৪০ চনলৈকে এই পোন্ধৰটা বছৰত কেবাটাও পৰ্য্যায়ত নিৰ্মাণ কৰি উলিওৱা এখন বিখ্যাত কাৰাগাৰ৷ অপৰাধীক ৰাখিবৰ বাবে অপৰাধীৰ দ্বাৰা নিমাৰ্ণ কৰা ৰিচমণ্ডৰ এখন বিশেষ কাৰাগাৰ, য’তপুৰুষ আৰু মহিলা উভয়কে বন্দী কৰি ৰখা হৈছিল৷ ভ্যান ডাইমেনছ  লেণ্ডৰ তৃতীয় লেফটেনেণ্ট গৱৰ্ণৰ উইলিয়াম ছ’ৰেলে এই কাৰাগাৰৰ নাম ৰাখিছিল ’ৰিচমণ্ড গাওল’ বা জে’ল৷ সম্ভৱতঃ লণ্ডনৰ ৰিচমণ্ড হিলৰ নামেৰে নামকৰণ কৰা হৈছিল ৰিচমণ্ড চহৰ আৰু কাৰাগাৰ৷ কথাবোৰ আগদিনা ৰিচমণ্ড চহৰ পাৰ হৈ ফিলিপ দ্বীপলৈ যাওঁতে গাইডজনে কৈ গৈছিল৷ সেইদিনা ৰিচমণ্ড কাৰাগাৰৰ সন্মুখত অকণমান সময়ৰ বাবেহে আমাৰ বাছখন ৰখাইছিল৷ গাইডজনৰ গলগলীয়া মাতৰ ধাৰাভাষ্যই আমাৰ মনত কৌতুহল জগাইছিল বাবেই আজি নিজাববীয়াকৈ পৰিকল্পনা কৰিছিলো এই চফৰটোৰ৷ বাহিৰৰ পৰা দেখাত তেনেই সাধাৰণ যেন লগা দীঘল বাৰাণ্ডাবিহীন ঘৰটোৰ দুৱাৰমুখত আমি তিনিও-পৰিবাৰ, কন্যা আৰু মই-উপস্থিত হ’লোহি৷ কৰিডৰটোৱেদি সোমায়েই সোঁফালে এই কাৰাগাৰ তথা বৰ্তমানৰ পৰ্যটন স্থলীৰ কাৰ্যালয়৷ দৰ্শনৰ টিকট, পৰ্যটকৰ তথ্য-পুস্তক, ছাইট-গাইড আদি ইয়াতে পোৱা যায়৷ সৰু-সৰু ল’ৰা-ছোৱালীৰ বাবে প্ৰৱেশ বিনামূলীয়া৷ প্ৰাপ্ত বয়স্কৰ বাবে এটা টিকটৰ ডাম দহ ডলাৰ৷ তিনি জনৰ বাবে ত্ৰিশ ডলাৰ দি তিনিটা টিকট কন্যাই কিনি আনিলে৷ আমাৰ ভাৰতীয় মূল্যত সেই সময়ত প্ৰায় ১৬০০ মান টকা হ’ব৷ গা কিন্তু হমহমাই গৈছিল৷ কি বা আছে ভিতৰত? ভূতৰ মুখামুখি হ’মনেকি বাৰু? বাহিৰৰ পৰা দেখাত ঘৰটো হ’লে অলপো আকৰ্ষণীয় নাছিল৷ অথচ বাহিৰে-ভিতৰে মানুহৰ পাতলীয়া ভীৰ৷ সেয়ে কাৰ্যালয়ৰ ভিতৰতে থাউকতে সৰু তথ্য-পুস্তিকাখনত চকু ফুৰালো৷ লিখা আছে, ‘এইয়া এক স্ব-নিৰ্দেশিত চফৰ৷ আপুনি ইয়াত দেখাপাব তাহানিৰ ‘একক আৱদ্ধ কোঠা (solitary confinement cells), বন্দীক শাস্তি দিয়া ঠাই, ভৰিত শিকলি লগাই একেলগে ভালেমান অপৰাধীক বান্ধি থোৱা কোঠা (chain gang and convict holding rooms), দোষীক পিটন দিয়া বা বেত্ৰাঘাট কৰা কোঠাৰ লগতে এটা শৌচাগাৰ (flogging yard and privy),  তাহানিৰ চেহেৰাৰে সংৰক্ষিত ৰান্ধনিঘৰটো (cookhouse with original oven), জেইলখনৰ নক্সা আৰু পথ নিৰ্দেশনা, শিশুৰ বাবে গতি চিহ্ন (trail sheets for children), স্মৃতিগ্ৰন্থ আৰু ক্ৰাফ্‌টৰ দোকান’, ইত্যাদি৷ ইয়াত বিভিন্ন কাৰণত শিশুসকলক কাৰাগাৰৰ ভিতৰত যেনি-তেনি ঘুৰি ফুৰাতো তেওঁলোকে নিবিচাৰে৷ সেয়ে পথ নিৰ্দেশনা দিয়া আছে৷ হাতত টিকট আৰু পুস্তিকাকেইখন লৈ কৰিডৰটো পাৰ হৈ ভৰি থ’লো কাৰাগাৰখনৰ মাজৰ চোতালত৷ চাৰিওফালে চাৰিটা ঘৰৰ মাজত চোতালখন৷ বৰ্গক্ষেত্ৰিক আকাৰত চাৰিফালে চাৰিটা ঘৰ৷ ঘৰটোৰে প্ৰতি চোতালমুখি এখন বা দুখন দুৱাৰ৷ প্ৰথমে সোমালো জেইলাৰ থকা ঘৰটোত৷ প্ৰায় দুশ বছৰীয়া বিছনা, বেৰত আঁৰি থোৱা ঘড়ী, জুইশাল, ৰন্ধা-বঢ়া পাত্ৰ, চকী-টেবুল আদি সজাই থোৱা আছে৷ জেইলাৰ ঘৰটোৰ ওপৰ মহলালৈ উঠি গ’লো৷ চকী-টেবুল এযোৰ খিৰিকিৰ কাষতে থোৱা আছে৷ এই খিৰিকিখনেদিয়েই জেইলাৰে বাকী ঘৰকেইটাত থকা বন্দীবোৰক নিৰীক্ষণ কৰি থাকে৷ বন্দীসকলক ৰাতি কোবোৱা ঠাইখন, একেলগে ভৰিত শিকলি লগাই বন্দীবোৰক ৰাতি শুবলৈ দিয়া কোঠাটো, তাহানিৰে সেই শিকলিডাল, সৰু সৰু একক কোঠাবোৰ, সেই সময়ত ব্যৱহৃত বন্দুক, পিষ্টল, চাবুক, পুৰণা টলা-চাবি, লেম্প, জেকেট, বুট জোতা, বন্দীসকলে কাম কৰোঁতে ব্যৱহাৰ কৰা হাটুৰি-বটালি, ৰন্ধা-বঢ়া ঠাই, ব্ৰেড বনোৱা ঠাই, পলায়ন কৰিব বিচৰা বন্দীক ধৰিবৰ বাবে ব্যৱহাৰ কৰা বিশেষ ফান্দখন, প্ৰতিটো কোঠা আৰু প্ৰত্যেকবিধ সামগ্ৰীৰে ওচৰত লিখি ৰখা সংক্ষিপ্ত বিৱৰণ, ইত্যাদি ভালেমান পুৰণিকলীয়া বয়-বস্তুৰে জেইলৰ ঘৰবোৰ পৰিপূৰ্ণ৷ ইমান পৰে বস্তুবোৰ চাইহে গৈছোঁ, মনত কোনো ধৰণৰ উত্তেজনা নাই৷ কিন্তু যেতিয়াই বন্দীসকলক বেত্ৰাঘাট কৰা কোঠাটোত সোমালোঁ প্ৰথমবাৰৰ বাবে তেতিয়াই মনটো অলপ সেমেকিল৷ খুঁটা এটাত বন্দীজনক জপতিয়াই বান্ধি পিঠিত ২৫ ৰ পৰা ১০০ চাবুকৰ কোব হেনো সোধাইছিল৷ চাবুকৰ কোবৰ শব্দ আৰু বন্দীৰ যন্ত্ৰণা-কাতৰ চিঞৰবোৰৰ হৃদয় বিদাৰক বৰ্ণনা অ’ডিৱৰ যোগেদি শুনি থাকোঁতে এনে লাগিছিল যেন আমাৰ চকুৰ আগতেই ঘটনাবোৰ ঘটি আছিল৷ কিমান বীভৎস আছিল সেইযুগৰ বন্দীসকলৰ জীৱন! লাহে লাহে উপনিৱেশ যুগৰ ববৰ্ৰতাৰ ছবি এখনৰ মাজত সোমাই পৰা যেন লাগিছিল৷ আপুনি ইতিহাসপ্ৰেমী হওকেই বা নহওক, ঐতিহ্য সংৰক্ষণৰ প্ৰতি সচেতন হওক বা নহওক, ৰিচমণ্ড কাৰাগাৰত সোমালে আপুনি ইতিহাসৰ মিঠা-তিতা আটাইবোৰ ৰসেই পাব৷ সেইবাবেই হয়তো প্ৰতি দিনে বহু পৰ্যটক ইয়ালৈ আহে৷ সেই কোঠাটোৰ হৃদয় বিদাৰক ছবি এখন মনত লৈ এইবাৰ আহিলো সেই একক আৱদ্ধ কোঠাটোলৈ৷ উশাহ-নিশাহ যেন ল’বই নোৱাৰিম এনে লাগিছিল৷ নাই বিচনা, নাই খিৰিকী ৷ এক মিটাৰ বহল আৰু দুই মিটাৰ দীঘল কোঠাটোত কোনো মতেহে থিয় হৈ থাকিব পাৰি৷ ইয়াৰে এটা কোঠাত  ‘ইমা মাৰ্টিন’ (Emma Martin) ক ১৮৩৮ চনৰ ২ ফেব্ৰুৱাৰিৰ পৰা ২১ দিন পৰ্যন্ত আৱদ্ধ কৰি ৰাখিছিল ৷ ইমাৰ প্ৰতিমূৰ্ত্তিটোৰ কাষতে বেৰত লগাই থোৱা ফলক খনত লিখা আছিল তাইৰ এক সংক্ষিপ্ত বিৱৰণ৷ তাইক হেনো অভদ্ৰ আৰু অসন্মানজনক আচৰণৰ বাবেই তিল তিলকৈ শাস্তি বিহিছিল৷ খাদ্য হিচাপে দিয়া হৈছিল এটুকুৰা ৰুটি আৰু অলপ পানী৷ সন্মখত এটা বাকেট৷ ইয়াতেই শৌচ-প্ৰসাৱ কৰি ঢাকি থয়৷ দৃশ্যটো দেখি শিঁহৰি উঠিছিলো৷ এইয়া জানো সম্ভৱ? সম্পূৰ্ণ অকলশৰীয়া এটা নিৰৱ জীৱন ? কোঠাটোৰ ভিতৰলৈ সোমাই গৈ উপলব্ধি কৰিবলৈ চেষ্টা কৰিছিলোঁ কেনেকৈনো এই দুৰ্গন্ধময় বাকেটটো মুখৰ আগত ৰাখি তাকেই সংগী হিচাপে লৈ ইমাই জীৱন অতিবাহিত কৰিছিল? মহিলা আৰু পুৰুষ কয়দী ৰখা তেনেকুৱা কেবাটাও কোঠা কাৰাগাৰখনত আজিও আগৰ ৰূপত সংৰক্ষণ কৰি ৰাখিছে৷ আন এটা কোঠাৰ ফলকত দেখা পাইছিলো ‘এলেন ৱাৰ্লি’ (Ellen Varley) ৰ যন্ত্ৰণাকাতৰ জীৱন কাহিনী৷ তাইক জেইলাৰৰ চাকৰণী হিচাপে নিয়োগ কৰিছিল৷ সঘনাই কাজিয়া-পেচালত লিপ্ত হোৱা, কামত অনুপস্থিতি আৰু অতিপাত মদ্যপান কৰাৰ বাবে তাইকো এনে এটা কোঠাতেই একেই ৰুটি-পানীৰে বন্দী কৰি ৰাখিছিল৷ শেহলৈ তাইক হোবাৰ্টত থকা ‘কেচকেড  ফিমেল ফেক্টৰি’লৈ চালান দিছিল৷ কিমান গৰাকী মহিলাই এই নিঃসংগ আৰু বীভৎস জীৱন কটাইছিল তাৰ সংখ্যাতো জনা নাছিলোঁ যদিও ফলক এখনত আৰু কেইগৰাকীমানৰ নাম লিখি থোৱা দেখা পাইছিলোঁ৷ তাৰ ভিতৰত এলিজাবেথ মেক কুচিয়ে কামত অনুপস্থিত থকাৰ বাবে ২৫ দিন, পলাবলৈ চেষ্টা কৰি ধৰা পৰা মেৰী লৱে  ১৮ দিন আৰু ওপৰৱালাৰ কথা নমনাৰ বাবে মেৰী মিলিগানে ২ দিন এনে আৱদ্ধ কোঠাত দিন কটাইছিল৷ পুৰুষ বন্দীসকলৰো আছিল একেই যন্ত্ৰণাকাতৰ কঠোৰ জীৱন৷ কোবাই কোবাই হাত-ভৰিত শিকলি লগাই কঠোৰ নিৰীক্ষণৰ মাজত বিভিন্ন কামত এই দোষী বন্দীসকলক বনুৱা হিচাপে খটুৱাইছিল৷ অলপ হেৰফেৰ কৰিলেই ৰাতি ৰাতি কাৰাগাৰৰ ভিতৰত চাবুকৰ কোব পৰিছিল৷ আকৌ এই ‘চাবুকধৰা’ জনো হেনো কয়দীৰ মাজৰ পৰাই নিয়োগ কৰিছিল৷ জেইলাৰেনো আৰু কিমানক কোবাব? তাকো একোব-দোকোব নহয়, একেবাৰে শ ৰ ঘৰত৷ ঘৰৰ তলা ভাঙি চুৰ কৰাৰ অপৰাধত দণ্ডিত জৰ্জ গ্ৰোভাৰ নামৰ বন্দীজন এসময়ত নিজেও চাবুকৰ কোব পাইছিল আৰু শেহলৈ চাবুকধৰাৰৰ দায়িত্বও হেনো তেওঁক দিছিল৷ গতিকে মাছৰ তেলেৰে মাছ ভাজিছিল৷ ৰিচমণ্ড কাৰাগাৰৰ কুখ্যাত হিচাপে চিহ্নিত অপৰাধীজন আছিল আইকি ছলমন (Ikey Solomon) ৷ চাৰ্লছ ডিকেন্সৰ বিখ্যাত উপন্যাস ‘অলিভাৰ টুইষ্ট’ৰ ‘ফেগিন’  নামৰ বিশেষ চৰিত্ৰটোৰ নমুনা ছলমনৰ পৰাই লোৱা হৈছিল বুলি কোৱা হয়৷ চাবুকধৰাৰ পদ এওঁক দিয়া হোৱা নাছিল যদিও চাবুকৰ কোবত শৰীৰ নিশকটিয়া হৈ পৰিছিল৷ তথাপিও হেনো ৰিচমণ্ড কাৰাগাৰৰ বন্দীসকলক হোবাৰ্ট কাৰাগাৰৰ বন্দীৰ তুলনাত সৌভাগ্যৱান বুলিয়েই কোৱা হয়, কাৰণ হোবাৰ্টৰ বন্দীসকলে ৫০০ চাবুকৰ কোব সহ্য কৰিবলগীয়া হৈছিল৷ কোবোৱাৰ পিছত হেনো নিমখ সানি দিছিল৷ হে’ হৰি, ববৰ্ৰতাৰ চুড়ান্ত নিদৰ্শন আৰু কিবা থাকিব পাৰেনে? ‘সাপ হৈ খোঁটে, বেজ হৈ জাৰে’৷ কাৰণ চাবুকৰ কোবত  ঘাইল হোৱাজনৰ চিকিৎসাৰ ববে এজন অষ্ট্ৰোপচাৰ বিশেষজ্ঞকো কাৰাগাৰতে ৰাখিছিল৷ বন্দীসকলৰ মৃত্যু ব্ৰিটিছৰ কাম্য নাছিল৷ কাৰণ বন্দীসকল আছিল ব্ৰিটিছৰ এক বিশেষ বনুৱা সম্পদ৷ তেজক পানী কৰি কপালৰ ঘাম মাটিত পেলায় সেই সময়ৰ সকলো নিমাৰ্ণ কাৰ্যত বন্দীসকলক কঠোৰভাৱে নিয়োগ কৰা হৈছিল৷ ফলকত লিখি থোৱা কথাবোৰ পঢ়ি পঢ়ি, সংৰক্ষিত আচ-বাব আৰু দৃশ্যবোৰৰ চাই চাই আমি আহি প্ৰৱেশ কৰিলো সেই বিশেষ কোঠাটোত য’ত পলাবলৈ চেষ্টা কৰা বন্দীক কৰায়ত্ব কৰিবৰ বাবে ব্যৱহাৰ কৰা চিটিকাখন  (Man catcher) সযতনে এতিয়াও পৰ্যটকৰ বাবে ৰাখি থৈছে৷ সম্পূৰ্ণ লোহাৰে নিৰ্মিত এই চিটিকাত ভৰি দি কিমানজনে ভৰি হেৰুৱাইছিল  নাজানিলো, কিন্তু ব্ৰিটিছৰ এই অমানৱীয় শাস্তি বিধান দেখি তবধ মানিছিলোঁ৷ দেখি গা শিৰ শিৰাই গৈছিল৷ ভাৰতীয়সকলেও এনে ববৰ্ৰতা যে কিমান সহ্য কৰিছিল? জালিয়ানাৱালাবাগৰ নিচিনা বীভৎস হত্যাকাণ্ড ৰচনা কৰিব পৰা মানুহবোৰ চাগে এটা সময়ত ইংলেণ্ডতে আছিল৷ হুমুনিয়াহ কাঢ়ি কোঠাটোৰ পৰা ওলায় আহি কাৰাগাৰৰ মাজৰ চোতালখনৰ কাষতে থকা গছজোপাৰ তলত থিয় হ’লোহি ৷ ঔপনিৱেশিক যুগৰ কিছু খণ্ডিত ছবিয়ে মনটো তোলপাৰ লগাই থাকিল৷ হয়, বাহিৰৰ পৰা দেখাত সাধাৰণ যেন লগা কাৰাগাৰৰ কোঠাবোৰে ভালেমান হৃদয় বিদাৰক কাহিনী বুকুত সাৱটি আজিও একে ঠাইতে সেই ঐতিহ্যক বহন কৰি থিয় হৈ আছে৷   



  

       এয়াই হৈছে ৰিচমণ্ড কাৰাগাৰ৷ কাৰাগাৰত আজি দোষী বন্দীবোৰ নাই, কিন্তু কথাবোৰ লোককথাৰ দৰে বাগৰি ফুৰিছে৷ বন্দীবোৰ কেতিয়াবাই মৰিল কিন্তু আত্মাবোৰ ভূত হৈ থাকি গ’ল৷ কেৱল কাৰাগাৰৰ ভিতৰতে নহয়, গোটেই ৰিচমণ্ড চহৰতে হেনো আজি ভূতে পিয়া পি দি ফুৰে৷ কাৰাগাৰৰ পুৰুষ ব্লকটোৰ তৃতীয় কোঠাটোত ভূতৰ দপদপনি আৰু হুমুনিয়াহ মানুহে বহুত দিনলৈকে শুনিছিল৷ মানুহে ইয়াত ভূতৰ উপস্থিতি দিনতে অনুভৱ কৰিছিল৷ কোঠাটোত সোমোৱাৰ লগে লগে মানুহৰ হাত-ভৰি শীতল হৈ কঁপিবলৈ আৰম্ভ কৰিছিল৷ কোনোবাই আকৌ চেঁচা হাতৰ পৰশো পাইছিল৷ জেইলাৰৰ কোঠাটোত আকৌ ভূতুনী ওলায়৷ গোলাপী ৰঙৰ পোছাক পিন্ধা মাইকী ভূতুনী জনীক ইফালে-সিফালে ঘুৰি ফুৰা বহুতো মানুহে দেখিছিল৷ কেইটামান সৰু ল’ৰা-ছোৱালীৰ ভূত পোৱালীয়ে চিৰিৰে তল-ওপৰ কৰি খেলি থকাও বহুতে প্ৰত্যক্ষ কৰিছিল৷ এইবোৰ হেনো ৰক্ষকেই ভক্ষক হৈ দোষী সাব্যস্ত হোৱা আৰু দোষী হিচাপে সেই কাৰাগাৰৰ এটা কোঠাত চাবুকৰ কোব খাই  কেইদিনমান জীৱন অতিবাহিত কৰা জেইলাৰ ৰেণ্ডেল ইয়ঙৰ ঘৈণীয়েক আৰু তেওঁৰ ল’ৰা-ছোৱালী কেইটাৰ পৰা হোৱা ভূত৷ ৰাতি ৰাতি সেই বেত্ৰাঘাট কৰা কোঠাটোৰ পৰা কাৰোবাৰ যন্ত্ৰণাকাতৰ চিঞৰ চাৰিওফালে বিয়পি পৰিছিল৷ চহৰখনটো ভূত মানুহে দেখা পাইছিল৷ আটাইতকৈ নাম থকা ভূতটো আছিল আগতে কৈ অহা জৰ্জ গ্ৰোভাৰৰ ভূত৷ চোৰৰ পৰা চাবুকধৰালৈ উন্নিত হোৱা গ্ৰোভাৰক তেওঁৰ আচৰণৰ বাবে লগৰীয়াই সমূলি ভাল পোৱা নাছিল৷ মদৰ নিচাত ৰিচমণ্ড দলঙৰ ওপৰত মচগুল হৈ থকা অৱস্থাত কোনোবা সতীৰ্থই তেওঁক নদীলৈ পেলায় দিছিল৷ ৰিচমণ্ড দলংখনো কিন্তু সাধাৰণ নহয়৷ ১৮২৩ চনত কেৱল বন্দীসকলে কোয়েল নদীৰ ওপৰত নিৰ্মাণ কৰি উলিওৱা আৰু অষ্ট্ৰেলিয়াৰ ঐতিহাসিক স্থান হিচাপে তালিকাভূক্ত হোৱা আটাইতকৈ পুৰণি দলং (stone span bridge)৷ সেইখন দলঙৰ তলত গ্ৰোভাৰক এজন পুলিচে উদ্ধাৰ কৰিছিল৷ তেতিয়ালৈকে জীৱটো ওলাই যোৱা নাছিল ৷ সেহাই সেহাই তেওঁক দলিয়াই দিয়া মানুহ কেইটাক চিনি পোৱা বুলিও পুলিচক জনাইছিল৷ পুলিচে কি কৰিলে একো উল্লেখ নাই৷ কেইদিনমানৰ পাছতে গ্ৰোভাৰ মৰিল আৰু ভূতলৈ ৰূপান্তৰ হ’ল৷ গ্ৰোভাৰৰ ভূতে দলংখনত পাইচাৰি কৰি থকা বহুতে দেখিছে৷ লগতে গ্ৰোভাৰৰ ক’লা-বগা ৰঙৰ কুকুৰটোও দলংখনত ঘুৰি ফুৰে৷ এইটো আকৌ কুকুৰৰ পৰা হোৱা ভূত৷ চহৰখনত ‘প্ৰস্পেক্ট হাইচ’ নামৰ এটা দুমহলীয়া গোলাপী ৰঙৰ ঘৰ এতিয়াও আছে৷ মালিক আছিল জেমচ্‌  বাস্কোম আৰু তেওঁৰ পত্নী এলিজাবেথ বাস্কোম৷ ঘৈণীয়েক মৰি ভূত হ’ল, কিন্তু গিৰিয়েকৰ কি হ’ল নাজানিলো৷ ঘৈণীয়েকৰ ভূতে ঘৰটোত হেনো এৰি থৈ যোৱা মূল্যৱান আ-অলঙ্কাৰ বোৰ বিচাৰি ঘুৰি-ফুৰা দৃশ্যটো¸ ঘৰটোৰ কৰ্ম্মচাৰীবোৰে বহুত দিন দেখা পাইছে৷ কোনোৱে আকৌ ঘৰটোত তিনিটা ভূত দেখিছিল৷ দুটা মানুহৰ ঘৰটোত তিনিটা ভূত ক’ৰ পৰা ওলাল সেই লৈয়ে বহু দিন মানুহৰ মাজত গুণগুণনিও চলিছিল৷  অৱশ্যে দীঘল বাদামী ৰঙৰ পোছাক পিন্ধা ভূতুনিজনী বন্ধুত্বপূৰ্ণ আছিল বুলি সকলোৰে মুখে মুখে, কাকো অন্যায় নকৰিছিল৷ ওচৰতে থকা পুৰণা ডাকঘৰটোত অসংখ্য ভূতৰ বাসস্থান বুলি সকলোৱে জানিছিল৷ হয়তো কাৰাগাৰৰ বন্দীত্ব জীৱন কটায় অৱশ হৈ পৰা বন্দীসকলৰ আত্মাবোৰ ভূত হৈ এই বাংলাটোতে মুক্ত বিচৰণ কৰি ফুৰে৷ আৰু এটা অচিনাকী ভূতে দলংখন পাৰ হৈ চহৰৰ ফালে মাজে মাজে দিনত আৰু কেতিয়াবা ৰাতি আহিছিল বুলি এটা জনৰৱ ১৯৩০ চন মানৰ পৰা মানুহৰ মাজত প্ৰচলিত৷ কাৰ ভূত কোনেও নাজানে, কেৱল কোনোবা স্থানীয় বাসিন্দাৰে ভূত বুলি অনুমান কৰে৷ এযোৰ ছাঁই বৰণীয়া চ্যুট, মুৰত ষ্ট্ৰ’ ব’টাৰ টুপী আৰু হাতত এডাল লাঠি৷ বৰ ভদ্ৰ ভূত, কাকো হেনো একো আমনি নকৰে, মাত্ৰ নিজৰ পথত অহা-যোৱাহে কৰে৷ কিমান শুনিব বিদেশৰ ভূতৰ অদ্ভুত কাহিনী? কথাবোৰ ভাৱি ভাবি কাৰাগাৰৰ বাহিৰলৈ ওলাই আহিলো৷ এয়াও এক পৰ্যটন নে? হয়, ঐতিহ্য পৰ্যটন৷ কাৰাগাৰৰ পুৰণি ঘৰকেইটা, লগতে ইয়াৰ ইতিহাস আৰু অপৰাধীসকলৰ তাহানিৰ যন্ত্ৰণা-কাতৰ জীৱন এই আটাইবোৰ সংপৃক্ত কৰি গঢ়ি তোলা এখন অংকিত প্ৰতিচ্ছবিৰ বিৱৰণেৰে এক পৰ্যটন৷ ইতিহাসপ্ৰেমী অষ্ট্ৰেলিয়ানসকলে ইতিহাস তৈয়াৰ কৰাই নহয়, নতুন প্ৰজন্মক ইতিহাসৰ লগত পৰিচয় কৰাবৰ বাবে ইয়াক সংৰক্ষণ কৰিছে আৰু সেইবোৰকে আজি পৰ্যটকৰ কেন্দ্ৰ বিন্দুলৈ ৰূপান্তৰ ঘটাইছে৷ আৰু আমি? ইতিহাস খুঁচৰি খুঁচৰি ‘আমি’বোৰ আজি  ‘মই’ হ’বলৈ গৈ আছোঁ, আৰু তেওঁলোকে সেই একেই ইতিহাসত বিচাৰি পাইছে ‘মই’ ৰ পৰা ‘আমি’ হোৱাৰ পথ৷ পাৰ্থক্য সিমানেই৷ গধুৰ মন এটা লৈ চাৰে তিনিমান বজাত আহি হোটেলত সোমালোহি৷

                                  ---------------                           

 

অৱসৰ প্ৰাপ্ত অধ্যক্ষ,

জে বি কলেজ (স্বতন্ত্ৰ), যোৰহাট,

ভ্ৰাম্যভাষ: ৯৪৩৫০৯২৮৪০

 

(লেখাটোৰে সম্পৰ্কিত আলোকচিত্ৰসমূহ) 




অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ