মূল: ৰাস্কিন বণ্ড
অনুবাদ: পংকজ
কুমাৰ নেওগ
পৰিষ্কাৰ হিমশীতল বতৰ আছিল। হিমালয়ৰ
শিখৰত জোনটো উদয় হোৱাৰ লগে লগে দেখা পালোঁ যে পাহাৰী অঞ্চলটোৰ বাট-পথবোৰত তেতিয়াও
বৰফ গোট মাৰি আছে। নিজৰ বিছনাখনতে এখন গল্পৰ কিতাপ আৰু এটা গৰমপানীৰ বটল লৈ পৰি থাকিবলৈ
বেছি ভাল পালোহেঁতেন কিন্তু শ্ৰী আৰু শ্ৰীমতী কাপাডিয়াক তেওঁলোকৰ পাৰ্টীটোত
উপস্থিত থাকিম বুলি কথা দি থোৱা আছে আৰু তালৈ নগ’লে
নিতান্তই অভদ্ৰামি হ’ব। অগত্যা দুটা ছুৱেটাৰ, এখন পুৰণি ফুটবল স্কার্ফ আৰু এটা অভাৰকোট পিন্ধি মায়াময় সেই
জোনালী সন্ধিয়া পথলৈ ওলাই আহিলো। কাপাডিয়া পৰিয়ালৰ ঘৰ মোৰ আৱাসৰ পৰা মাত্ৰ এমাইল
দূৰৈত; খোজ কাঢ়ি যাবলৈ বেছি সময় নালাগে। প্ৰায় আধা পথ অতিক্ৰম কৰাৰ পাছত বাটৰ দাঁতিত
ছোৱালী এজনী ৰৈ থকা দেখা পালোঁ। ছোৱালীজনীৰ বয়স বোধকৰো ষোল্ল বা সোতৰৰ বেছি নহয় কিন্তু তাইক যথেষ্ট পুৰণি ঢঙৰ যেন লাগিল। ছোৱালীজনীৰ
আছিল কঁকাললৈকে বৈ পৰা দীঘল চুলি আৰু তাই
মাইকা-খচিত গোলাপী আৰু লেভেণ্ডাৰ ৰঙৰ এটা পোছাক পিন্ধি আছিল। তাইৰ পোছাকযোৰে
আইতাহঁতৰ পৰিয়ালৰ এলবামত থকা ফটোবোৰৰ কথা মোক মনত পেলাই দিলে। অলপ ওচৰ চাপি মন
কৰিলো তাইৰ চকু দুটা বৰ ধুনীয়া আৰু হাঁহিটোও বৰ মৰমলগা।
‘শুভ সন্ধিয়া’ – মই সম্ভাষণ
জনালোঁ। ‘এই চেঁচা নিশাখন বাহিৰত কিয় ৰৈ আছা? ‘পার্টীলৈ
ওলাইছা নেকি?’ - তাই প্ৰশ্ন কৰিলে। ‘ও, ঠিকেই ভাৱিছা
আৰু তোমাৰ সুন্দৰ পোছাক দেখি অনুমান কৰিছো তুমিও তালৈকে যাবা। আহাঁ, আমি আমাৰ
গন্তব্য স্থান পামেই এতিয়া।’ তাই মোৰ কাষে কাষে আহি থাকিল আৰু অলপ পৰৰ পাছতে আমি
দেৱদাৰু গছবোৰৰ ফাঁকেৰে কাপাডিয়াহঁতৰ ঘৰৰ পৰা অহা লাইটৰ পোহৰ দেখা পালোঁ। ছোৱালীজনীয়ে
মোক তাইৰ নাম জুলি বুলি কৈছিল। মই তাইক আগতে কেতিয়াও দেখা নাই, অৱশ্যে মইয়ো সেই
হিল-ষ্টেছনটোলৈ মাত্র কেইমাহমান পূৰ্বেহে আহিছো। পার্টীত অনেক মানুহ গোট খাইছিল
আৰু বোধকৰো জুলিক কোনেও চিনি পোৱা নাছিল। সকলোৱে ভাৱিছিল যে তাই মোৰ বান্ধৱী। মইয়ো
সেই কথা কাকো অস্বীকাৰ কৰা নাছিলো। স্পষ্টকৈ বুজা গৈছিল যে তাই সেই পাৰ্টীটোত
অকলশৰীয়া অনুভৱ কৰিছিল আৰু সকলো মানুহৰ সৈতে মিলা-মিছা কৰিব বিচাৰিছিল। অৱশ্যে তাই
নিজকে নিজে উপভোগ নকৰা নহয়। খোৱা-বোৱাত সময় নষ্ট কৰাৰ সলনি মই তাইক এটা দলৰ পৰা
আনটো দললৈ ঘূৰি ফুৰা, কথা পতা, শুনা, হহাঁ এইবোৰতহে ব্যস্ত হৈ পৰা দেখা পাইছিলো; যেতিয়া গান-বাজনা আৰম্ভ হ’ল, তাই
নচাত ব্যস্ত হৈ পৰিল। অকলেই হওক বা কোনো সংগীৰ সৈতে হওক তাই সংগীতৰ তালে তালে
অবিৰতভাৱে নাচি গৈছিল।
যেতিয়া ঘৰলৈ যাবলৈ উঠো, ঘড়ীৰ
কাঁটাই মাজনিশা চুও চুও। মইয়ো কিছু পৰিমাণে সুৰাজাতীয় পানীয় গলাধঃকৰণ কৰাত চকু
কেইটা টানি ধৰিছিল আৰু সোনকালে বিছনাত পৰিব খুজিছিলো। অতিথি সকলক শুভৰাত্ৰি আৰু
বৰদিনৰ শুভেচ্ছা জনাই যাবলৈ লওঁতে জুলি আহি ওলাল আৰু মোৰ হাতত ধৰি ক’লে যে তাইয়ো ঘৰলৈ উভতিব খোজে। আমি যেতিয়া বাহিৰ পালোঁহি, মই
সুধিলো - ‘তুমি ক’ত থাকা, জুলি?’ ‘উলফছবার্নত’- তাই ক’লে। ‘একেবাৰে
পাহাৰটোৰ শিখৰত।’ ‘নিশাৰ বতাহজাক বৰ চেঁচা হৈ আহিছে’ – মই ক’লোঁ। ‘যদিও তোমাৰ
পোছাকটো বৰ সুন্দৰ, ই তোমাক উম দিব পৰা নাই। তুমি মোৰ অভাৰকোটটো
পিন্ধি ল’লে ভাল হ’ব। মই
ভালকৈয়ে গৰম কাপোৰ-কানি পিন্ধি আহিছো।’ তাই একো প্রতিবাদ নকৰিলে আৰু মই মোৰ অভাৰকোটটোৰে
তাইৰ কান্ধদুটা ঢাকি দিলোঁ। দুয়ো নিঃশব্দে ঘৰলৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰিলো; অৱশ্যে গোটেই পথ তাইক থ’বলগীয়া
নহ’ল। আমি য’ত
ইজনে সিজনক লগ পাইছিলো সেইখিনি ঠাই গৈ পোৱাৰ লগে লগে তাই ক’লে - ‘ইয়াৰ পৰা
এটা সৰু পথ ফালৰি কাটি ওপৰলৈ গৈছে। মই পাহাৰ বগাই ওপৰলৈ উঠি যাম।’ ‘তুমি বাটটো
ভালকৈ চিনি পোৱা জানোঁ?’ মই প্ৰশ্ন
কৰিলো। ‘এইটো এটা সৰু লুঙলুঙীয়া পথ।’ ‘একো চিন্তা কৰিবলগীয়া নাই’- তাই ক’লে। ‘মই বাটটোৰ প্রতিটি শিলগুটি চিনি পাওঁ কাৰণ বাটটোৰে অহা-যোৱা কৰিয়েই থাকোঁ। তদুপৰি
আজি পৃৰ্ণিমাৰ এটা উজ্জ্বল নিশা।’
: বাৰু
তেনেহলে, কোটটো পিন্ধিয়েই যোৱা। মই কাইলৈ লৈ আনিম।
এটা মুহূৰ্তৰ বাবে তাই যেন দ্বিধাগ্ৰস্ত ‘হল আৰু তাৰ পিছতে
হাঁহি এটা মাৰি মূৰ দুপিয়ালে। পাহাৰীয়া লুংলুঙীয়া বাটটোৰে উঠি গৈ ক্ষন্তেকৰ ভিতৰতে
তাই অদৃশ্য হ’ল আৰু মইয়ো অকলে ঘৰলৈ বাট বুলিলো।
পিছদিনা মই উলফছবার্ন পালোগৈ।
এটা সৰু জুৰি পাৰ হ’বলগীয়া হ’ল
আৰু তাৰ পাৰতেই ঘৰটো আছিল। সম্ভৱতঃ জুৰিটোৰ নামেৰেই ঘৰটোৰ নামকৰণ কৰা হৈছিল। খোলা লোহাৰ
গেট এখনেৰে চৌহদত সোমালো কিন্তু ঘৰটোৰ অৱশিষ্ট বুলিবলৈ একো নাছিল। মাত্ৰ ছাদবিহীন ধ্বংসাৱশেষ, শিলৰ স্তূপ, ছিন্নভিন্ন
চিমনি, আৰু কেইটামান খুটাৰ সৈতে এখন
ভঙা-চিঙা বাৰাণ্ডা পৰিলক্ষিত হ’ল। জুলিয়ে
মোৰ সৈতে ধেমালিহে কৰিছিল নেকি নে মইহে ভুল ঘৰ এটালৈ আহিলোঁ? পাহাৰটোৰ চাৰিওফালে পাক এটা মাৰি টেইলৰৰ পৰিয়াল থকা মিছন
হাউছলৈ গ’লোঁ আৰু বৃদ্ধা মিচেছ টেইলৰক জুলি নামৰ কোনোবা
ছোৱালীক তেওঁ চিনি পায় নেকি প্ৰশ্ন কৰিলো।
‘ওহো,সেই
নামেৰে কাকো চিনি নাপাওঁ’ - তেওঁ ক’লে। ‘ক’ত থাকে তাই?’
: মোক উলফছবার্নত
থকা বুলি কৈছিল কিন্তু ঘৰটো দেখোন এটা ধ্বংসস্তূপহে মাত্ৰ।’
: উলফছবার্নত
যোৱা চল্লিশ বছৰতকৈয়ো বেছি সময় কোনো মানুহ নাই। মেকিনন পৰিয়াল তাত আছিল আৰু
তেওঁলোক আছিল ইয়াত বসবাস কৰিবলৈ অহা পুৰণি পৰিয়ালবোৰৰ এটা। কিন্তু যেতিয়া তেওঁলোকৰ
ছোৱালীজনীৰ মৃত্যু হয়...’
তেওঁ এক্ষন্তেকৰ বাবে থমকি মোলৈ এটা অদ্ভুত চাৱনি
দিলে।
: মই ভাৱোঁ
তাইৰ নাম আছিল জুলি... যি নহওঁক যেতিয়া তাই ঢুকাল তেওঁলোকে ঘৰটো বিক্রী কৰি ইয়াৰ
পৰা গুচি যায়। তেতিয়াৰ পৰা ঘৰটোত কোনো নথকা বাবে লাহে লাহে ই ধ্বংসস্তূপত পৰিণত
হয়। কিন্তু তুমি বিচাৰি অহা জুলি এইজনী জুলি নিশ্চয় হ’ব
নোৱাৰে। তাইৰ ক্ষয়ৰোগত মৃত্যু হৈছিল। সেই দিনবোৰত এই বেমাৰটোত কৰিবলগীয়া বিশেষ একো
নাছিল। বাটৰ ঠিক কাষৰ সমাধিক্ষেত্ৰখনতে তাইৰ কবৰ আছে।
মই মিচেছ টেইলৰক ধন্যবাদ জনাই
লাহে লাহে সমাধিক্ষেত্ৰখনৰ ফালে খোজ ল’লোঁ।। বিশেষ
আৰু একো জানিব বিচৰা নাছিলো আৰু অনিচ্ছাসত্বেও মোৰ ভৰি দুখনে মোক যেন
সমাধিক্ষেত্ৰলৈ আগবঢ়াই নিলে। দেৱদাৰু গছবোৰৰ নিৰিবিলি ছাঁত আছিল এখন সৰু
সমাধিস্থল। আকাশৰ নির্মল নীলা ৰঙৰ প্ৰেক্ষাপটত হিমালয়ৰ ধৱল তুষাৰপাত তাৰ পৰাই
দৃষ্টিগোচৰ হয়। এইখন সমাধিস্থলতে বিস্মৃত সাম্রাজ্য-নির্মাতাসকল - সৈনিক, সদাগৰ, অভিযাত্রী
আৰু তেওঁলোকৰ স্ত্রী আৰু সন্তানসকল নিদ্ৰাৰত হৈ ৰৈছে। জুলিৰ সমাধিটো বিচাৰিবলৈ মোৰ
খুব এটা সময় নালাগিল। এটা সাধাৰণ সমাধিফলকত তাইৰ নাম স্পষ্টভাৱে এইদৰে লিখা আছিল :
জুলি মেকিনন
১৯২৩-১৯৩৯
‘কটালা আমাৰ
সৈতে মাত্ৰ কিছু ক্ষণ
হ’ল
যে সময় তোমাক দিবলৈ বিদায়,
পালাগৈ পৰমপিতাৰ তপোবনখনি
শান্তিৰে থাকা তাত হৃদয় জুৰাই।’
যদিও অনেক দুৰ্দান্ত বাৰিষাই সমাধিক্ষেত্ৰৰ
প্ৰায়বোৰ প্ৰস্তৰ ফলক জৰাজীৰ্ণ কৰি পেলাইছিল, জুলিৰ সৰু সমাধিফলকখন স্পর্শ কৰিব পৰা নাছিল। যাবলৈ ঘূৰি
থিয় হোৱাৰ সময়তে সমাধিফলকৰ পিছফালে পৰিচিত বস্তু এপদ লক্ষ্য কৰিলো। মই উভতি গৈ
সেই বস্তুবিধৰ ওচৰ চাপিলো। ঘাঁহনিৰ ওপৰত মোৰ অভাৰকোটটো পৰিপাটিকৈ ভাঁজ কৰি থোৱা
আছিল। কোটটোৰ সৈতে ধন্যবাদসূচক কোনো সৰু টোকা নাছিল কিন্তু অদৃশ্য আৰু কোমল কিবা
এটাই মোৰ গাল-মুখ স্পৰ্শ কৰি যোৱা যেন ভাৱ হ’ল আৰু
মই বুজিব পাৰিলো যে কোনোবাই মোক ধন্যবাদ দিবলৈ চেষ্টা কৰিছে।
০০০
ঠিকনা:
মাস্কাট, চুলতানেট অব ওমান।
ফ’ন: +৯৬৮-৯৯৬৭-২৭৮১।
