মূল : অক্টাভিঅ’ পাজ
ভাবানুবাদ : যশোৱন্ত
নিপুণ
পানীয়ে সুৰংগ খান্দে শিলত,
বতাহে পানীবোৰ সিঁচি দিয়ে দূৰলৈ,
শিলে বতাহক আগচি ধৰে ৷
পানী, বতাহ, শিল ৷
বতাহে শিলক আকৃতি দিয়ে,
শিল এটা পানীৰ পিয়লা,
পানী হেৰাই যায় আৰু বতাহ হয়,
শিল, বতাহ, পানী ৷
বতাহে তাৰ চাকনৈয়াত গায়,
প্ৰৱাহিত পানীয়ে সুহুুৰিয়ায়,
নিশ্চল শিল নীৰৱ চিৰকাল ৷
বতাহ, পানী, শিল ৷
প্ৰত্যেকেই ভিন্ন আৰু এক :
পাৰ হয় আৰু হেৰাই যায়
সিহঁতৰ শূন্য নামবোৰৰ মাজেৰে :
পানী, শিল, বতাহ ৷
