মূল (বাংলা) : বনফুল
ভাবানুবাদ : পূৰৱী
তালুকদাৰ
বাঘৰ বৰ উপদ্ৰৱ৷
মানুহবোৰ অস্থিৰ হৈ পৰিল৷ গৰু, পোৱালি, শেষ পৰ্যন্ত মানুহো বাঘৰ কবলত পৰি মৰিবলৈ ধৰিলে৷
সকলোৱে তেতিয়া লাঠি, যাঠি, বন্দুক বাহিৰ কৰি বাঘটো মাৰি পেলালে৷ এটা বাঘ গ’ল, কিন্তু
আকৌ এটা আহিল৷ অৱশেষত মানুহবোৰে বিধাতাৰ ওচৰত আবেদন কৰিলে–
“ভগৱান, বাঘৰ হাতৰ পৰা আমাক বচোৱাঁ৷”
বিধাতাই ক’লে – “বাৰু৷”
কিছুসময় পাছতেই বাঘে বিধাতাৰ দৰবাৰত গোচৰ তৰি জনালে– “আমি মানুহৰ অত্যাচাৰত অস্থিৰ হৈ পৰিছোঁ৷ বনৰ পৰা বনান্তৰলৈ পলাই ফুৰিছোঁ৷ কিন্তু চিকাৰীয়ে আমাক ক’তো শান্তিত থাকিবলৈ দিয়া নাই৷ ইয়াৰ এটা ব্যবস্থা কৰক৷
বিধাতাই ক’লে– “বাৰু৷”
ঠিক সেই সময়তে নেড়াৰ মাকে বিধাতালৈ আৱেদন পেছ কৰিলে– “দেউতা, আমাৰ নেডাই যেন এজনী ধুনীয়া ঘৈণীয়েক পায়৷ সঁচাকৈয়ে কৈছোঁ গোঁসাই, তোমালৈ পাঁচ পইচাৰ নৈবেদ্য আগবঢ়াম৷”
বিধাতাই ক’লে– “বাৰু৷”
হৰিহৰ ভট্টাচাৰ্যই মোকৰ্দমাৰ বাবে যাবলৈ ওলাইছিল৷ তেওঁ বিধাতাক সম্বোধন কৰি ক’লে, “আজীৱন তোমাৰ পূজা কৰিছোঁ৷ উপবাস কৰি কৰি দেহা খীণ কৰি পেলাইছোঁ৷ বদমাছ ভতিজাটোক আমি দেখুৱাই দিব খোজোঁ৷ তুমি মোৰ সহায় হোৱাঁ৷”
বিধাতাই ক’লে – “বাৰু৷”
সুশীলে পৰীক্ষা দিব ৷ সি সদায় বিধাতাক কয়, – “প্ৰভু পাছ কৰাই দিয়াঁ৷” আজি সি ক’লে, “প্ৰভুৱে যদি স্কলাৰশ্বিপ পোৱাই দিব পাৰে, পাঁচ টকা খৰচ কৰি প্ৰসাদ আৰু ভোগ আগবঢ়াম৷”
বিধাতাই ক’লে – “বাৰু৷”
হৰেন পুৰকায়স্থই ডিস্ট্ৰিক্ট ব’ৰ্ডৰ চেয়াৰমেন হ’ব খোজে৷ কালী পুৰোহিতৰ জৰিয়তে বিধাতাক ধৰি বহি পৰিল, এঘাৰটা ভোট মোক লাগে৷ কালী পুৰোহিতে শকত পৰিমাণৰ দক্ষিণা খাই ভুল সংস্কৃত মন্ত্ৰৰ প্ৰতাপত বিধাতাক অস্থিৰ কৰি তুলিলে৷ – “ভোটং দেহি - ভোটং দেহি -”
বিধাতাই ক’লে– “বাৰু, বাৰু৷”
কৃষকে হাত দাঙি ক’লে, “দেৱতা, পানী দিয়াঁ৷”
বিধাতাই ক’লে – “বাৰু৷”
অসুখী সন্তানৰ জননীয়ে বিধাতাক প্ৰাৰ্থনা জনালে – “মোৰ এটাই মাত্ৰ সন্তান, কাঢ়ি নিনিবা ভগৱান৷”
বিধাতাই ক’লে – “বাৰু৷”
কাষৰ ঘৰৰ খেন্তি পেহীয়ে উপৰোক্ত মাতাৰ বি,য়ে ক’লে, বিধাতা, নাটেশৰীৰ বৰ অহংকাৰ৷ নিতৌ নতুন গহনা পিন্ধি জগতখনক তাইৰ ভৰিৰ ধূলি যেন জ্ঞান কৰিছিল৷ ল’ৰাটোৰ ডিঙিত টিপি ধৰি বেছ কৰিছা দয়াময়৷ নাটেশৰীক ভাল শিক্ষা এটা দি পেলোৱাঁচোন৷”
বিধাতাই ক’লে, “বাৰু৷”
দাৰ্শনিকে ক’লে, “হে বিধাতা, তোমাক বুজিব বিচাৰোঁ৷”
বিধাতাই ক’লে, “বাৰু৷”
চীন দেশৰ পৰা চিৎকাৰ ভাহি আহিল, “জাপানীবোৰৰ হাতৰ পৰা বচোৱাঁ প্ৰভু৷”
বিধাতাই ক’লে , “বাৰু৷”
বাংলাদেশৰ পৰা এজন ডেকাই খাটনি ধৰি বহিল, “কোনো সম্পাদকে মোৰ লেখা নছপায়৷ ‘প্ৰবাসী’ত লেখা উঠাব খোজোঁ৷ ৰামানন্দ বাবুক সদয় হ’বলৈ কোৱাঁ৷”
বিধাতাই ক’লে, “বাৰু৷”
অলপ সুৰুঙা পোৱা মাত্ৰেই বিধাতাই কাষত বহি থকা ব্ৰহ্মাক সুধিলে, “আপোনাৰ ঘৰত খাটি সৰিয়হৰ তেল আছে নেকি?”
ব্ৰহ্মাই ক’লে, “আছে৷ কি কাৰণে, কওকচোন ?”
বিধাতা, “মোৰ অলপ দৰকাৰ হৈছে৷ দিব নে?”
ব্ৰহ্মা ছ (পঞ্চমুখে) “নিশ্চয়, নিশ্চয়৷”
ব্ৰহ্মাৰ ঘৰৰ পৰা খুব ভাল সৰিয়হৰ তেল আহিল৷ বিধাতাই সেইখিনি তৎক্ষণাৎ নাকত দি গভীৰ
টোপনিত লালকাল হৈ পৰিল৷
আজিও টোপনি ভগা নাই
৷
***
বাঙ্গালোৰ,
ভ্ৰাম্যভাষ - ৯৪৩৫৭০৮৯৯৬