মূল: চাৰ্লছ বুকোওস্কি
ভাবানুবাদ: যশোৱন্ত নিপুণ
যদি এইটো তোমাৰ অন্তৰৰ পৰা উদ্গীৰণ নহয়
সকলো বাধা সত্বেও,
এইটো নকৰিবা৷
তুমি নিবিচৰাকৈয়ে এইটো তোমাৰ কলিজা আৰু তোমাৰ
মন আৰু তোমাৰ মুখ
আৰু তোমাৰ ৰন্ধ্ৰবোৰৰ পৰা ওলাই নাহে
এইটো নকৰিবা৷
শব্দবোৰ বিচাৰি যদি ঘণ্টাৰ পাছত ঘণ্টা কম্পিউটাৰৰ
স্ক্ৰীণখনলৈ চাই বা টাইপৰাইটাৰৰ ওপৰত হাউলি পৰি
তুমি বহি থাকিব লগা হয়,
এইটো নকৰিবা৷
যদি তুমি এইটো কৰিব বিচাৰিছা
টকা আৰু বিখ্যাত হোৱাৰ বাবে,
এইটো নকৰিবা৷
যদি তুমি এইটো কৰি আছা
কাৰণ তুমি নাৰীক তোমাৰ বিছনাত বিচাৰিছা,
এইটো নকৰিবা৷
যদি তুমি তাত বহি থাকিব লাগে
আৰু এইটো বাৰে বাৰে পুনৰ লিখিব লগা হয়,
এইটো নকৰিবা৷
যদি এইটো কৰাৰ কথা ভবাটোও
এক ডাঙৰ পৰিশ্ৰম,
এইটো নকৰিবা৷
যদি তুমি
আন কোনোবাৰ দৰে লিখিবলৈ বিচাৰিছা,
তেতিয়া এইটো একেবাৰে পাহৰি যোৱা৷
যদি তুমি এইটোৱে তোমাৰ অন্তৰৰ পৰা
গৰ্জন কৰি ওলাই আহিবলৈ অপেক্ষা কৰিব লাগে,
তেতিয়া ধৈৰ্যেৰে অপেক্ষা কৰা৷
এইটোৱে যদি তোমাৰ অন্তৰৰ পৰা
কেতিয়াও গৰজি ওলাই নাহে,
তুমি অন্য কিবা কৰা৷
যদি তুমি প্ৰথমে এইটো তোমাৰ পত্নী বা তোমাৰ
প্ৰেমিকা
বা তোমাৰ প্ৰেমিক বা তোমাৰ মা-দেউতা
বা অন্য কোনোবাক এইটো পঢ়ি শুনাব লগা হয়,
তেনেহ’লে তুমি এতিয়াও প্ৰস্তুত হোৱা নাই৷
অন্য ইমানবোৰ লেখকৰ দৰে নহ’বা,
অন্য যিসকলে নিজকে লেখক বুলি কয় তেনে
হাজাৰ-বিজাৰ মানুহৰ দৰে নহ’বা,
নিৰস, আমনিদায়ক আৰু ফোঁপোলা বৌদ্ধিকতাৰ আৱৰণ
নহ’বা,
আত্মপ্ৰেমত নিমগ্ন নহ’বা৷
পৃথিৱীৰ পুথিভঁৰালবোৰে
এনে প্ৰজাতিটোৰ পৰা
হামিয়াই হামিয়াই আঁতৰি শুবলৈ গৈছে৷
এইটোৰ সংখ্যাটো নবঢ়াবা৷
এইটো নকৰিবা৷
যদিহে এইটো তোমাৰ আত্মাৰ পৰা
ৰকেটৰ দৰে ওলাই নাহে,
যদিহে অৰ্থহীন স্থবিৰতাই তোমাক
বলিয়ালি বা হত্যা বা আত্মহত্যাৰ দিশলৈ ঠেলি
নপঠায়,
এইটো নকৰিবা৷
যদিহে তোমাৰ অন্তৰৰ সূৰ্যটোৱে
তোমাক পুৰি ছাৰখাৰ কৰা নাই,
এইটো নকৰিবা৷
যেতিয়া সেই সময় সঁচাকৈয়ে উপস্থিত হয়,
আৰু যদি তোমাকেই বিচাৰি লোৱা হৈছে,
এইটো স্বতঃস্ফূৰ্তভাৱে হৈ যাব
আৰু এইটো হৈয়েই থাকিব
যেতিয়ালৈকে তোমাৰ মৃত্যু বা ইয়াৰ মৃত্যু
তোমাৰ মাজত নহয়৷
অন্য আৰু কোনো ৰাস্তা নাই৷
আৰু অন্য কোনো ৰাস্তা কেতিয়াও নাছিল৷
-----
