মূল : আৰ্ণেষ্ট হেমিংৱে
ভাবানুবাদ : যশোৱন্ত নিপুণ
এব্ৰ’ উপত্যকাৰ পাহাৰবোৰ খুব দীঘল আৰু শুকুলা৷ এইফালে ছাঁ পৰা ঠাই আৰু গছ নাছিল আৰু ষ্টেচনটো দুই ৰে’ল লাইনৰ মাজত ৰ’দত থিয় হৈ আছিল৷ ষ্টেচনটোৰ খুব কাষতেই তাত এটা বিল্ডিং আৰু পৰ্দা এখনৰ ভাল লগা ছাঁ পৰিছিল৷ বাৰখনলৈ যোৱা খোলা দুৱাৰখনত বাঁহৰ মণিৰ পৰ্দাখন মাখি আঁতৰাই ৰাখিবলৈ আঁৰি থোৱা আছিল৷ আমেৰিকানজন আৰু তেওঁৰ লগৰ গাভৰুজনীয়ে বিল্ডিংটোৰ বাহিৰত চন্দ্ৰতাপৰ তলৰ টেবুল এখনত বহিছিল৷ খুব গৰম পৰিছিল আৰু বাৰ্চিল’নাৰ পৰা ট্ৰেইনখন চল্লিছ মিনিটত আহি পাব লগা আছিল৷ এইটো ষ্টেচনত মাত্ৰ দুই মিনিট ৰৈ ট্ৰেইনখন মাদ্ৰিদলৈ যায়৷
“কি খাওঁ বাৰু ?” গাভৰুজনীয়ে সুধিছিল৷ তাই টুপীটো খুলি টেবুলত থৈছিল৷
“বৰ গৰম৷” যুৱকজনে কৈছিল৷
“বীয়াৰ লওঁ দিয়া৷”
“দোচ চাৰ্ভেজাছ৷” পৰ্দাখনৰ ফালে চাই যুৱকজনে কৈছিল৷
“ডাঙৰনে ?” মহিলা এগৰাকীয়ে দুৱাৰৰ কাষৰ পৰা সুধিছিল৷
“হয়৷ ডাঙৰ দুটা৷”
মহিলাগৰাকীয়ে দুগিলাছ বীয়াৰ আৰু দুখন ফেল্ট পেড আনিছিল৷ ফেল্ট পেড আৰু
গিলাছ দুটা টেবুলত থৈ তেওঁ যুৱকজন আৰু গাভৰুজনীলৈ চাইছিল৷ গাভৰুজনীয়ে দূৰৰ পাহাৰৰ
শাৰীবোৰলৈ চাই আছিল৷ ৰ’দত শুকুলা হৈ সেইবোৰ জিলিকিছিল আৰু বাকী সমতলখণ্ড শুকান আৰু
মুগা বৰণৰ আছিল৷
“সেইবোৰ বগা হাতীৰ দৰে দেখি৷” তাই কৈছিল৷
“মই কেতিয়াও এটা বগা হাতী দেখাই নাই৷” যুৱকজনে বীয়াৰত চুমুক দিছিল৷
“নাই, তুমি দেখা নাছিলা৷”
“কিজানি দেখিছিলোঁৱেই৷” যুৱকজনে কৈছিল৷ “তুমি মই দেখা নাই বুলি কোৱা
কাৰণেইতো একো প্ৰমাণ নহয়৷”
গাভৰুজনীয়ে মণিৰ পৰ্দাখনলৈ চাইছিল৷ “সিহঁতে পেইণ্ট কৰি থৈছে তাত৷ কিনো সেয়া
?”
“এনিচ দেল তোৰো৷ এবিধ পানীয়৷”
“খাই চাম নেকি ?”
যুৱকজনে পৰ্দাৰ মাজেৰ চিঞৰিছিল, “শুনিছেনে ?” মহিলাগৰাকী বাৰৰ পৰা ওলাই
আহিছিল৷
“চাৰি ৰিয়েল৷”
“দুটা এনিচ দেল তোৰো আমাৰ বাবে৷”
“পানীৰে ?”
“পানীৰ লগত লাগিব নেকি ?”
“মই নাজানো,” গাভৰুজনীয়ে কৈছিল৷ “পানীৰ লগত ভাল লাগেনে ?”
“ভালেই৷”
“পানী মিলাই দিব লাগিব ?” মহিলাগৰাকীয়ে সুধিছিল৷
“হয়৷ পানীৰ লগত দিয়ক৷”
“লিকৰিচৰ দৰে লাগিছে৷” গিলাছটো থৈ গাভৰুজনীয়ে কৈছিল৷
“সকলোবোৰ তেনেকুৱাই৷”
“অঁ৷” গাভৰুজনীয়ে কৈছিল৷ “সকলোবোৰ লিকৰিচৰ দৰে লাগে৷ বিশেষকৈ সেই সকলোবোৰ
যাৰ কাৰণে তুমি ইমান দিন ৰৈ থাকিলা, যেনে মদ৷”
“আহ্, বন্ধ কৰাঁ৷”
“তুমি আৰম্ভ কৰিছিলা,” গাভৰুজনীয়ে কৈছিল৷ “মোৰ মন ভুলোৱা হৈছিল৷ মই অলপ
ফূৰ্তিৰ সময় উপভোগ কৰিছিলোঁ৷”
“বাৰু, আমি চেষ্টা কৰোঁ দিয়া আৰু পাৰিলে ভালকৈ সময়খিনি কটাওঁ৷”
“ঠিক৷ মই চেষ্টা কৰি আছিলোঁ৷ মই কৈছিলোঁ যে পাহাৰবোৰ বগা হাতীৰ দৰে দেখি৷
সেইবোৰ জিলিকি নাছিলনে ?”
“জিলিকি আছিল৷”
“মই এই নতুন পানীয়বিধ খাই চাব বিচাৰিছিলোঁ৷ সেইটো আমি সকলোৱে কৰোঁ, নহয়
জানো - বস্তুবোৰ চাওঁ আৰু নতুন পানীয়ৰ সোৱাদ লওঁ৷”
“হয় কিজানি৷”
গাভৰুজনীৰ দুচকুৱে পাহাৰবোৰেদি বগাই গ’ল৷
“সেইবোৰ ধুনীয়া পাহাৰ,” তাই কৈছিল৷ “সেইবোৰ আচলতে বগা হাতী যেন নেদেখি, মই
মাত্ৰ গছবোৰৰ মাজেৰে দেখা সেইবোৰৰ পিঠিৰ ৰঙৰ কথা কৈছিলোঁ৷”
“আমি আৰু এটা ড্ৰিংক ল’ম নেকি ?”
“ঠিক আছে৷”
উষ্ণ বতাহজাকে মণিৰ পৰ্দাখন টেবুলৰ ওচৰলৈ উৰুৱাই আনিছিল৷
“বীয়াৰখিনি ঠাণ্ডা আৰু বঢ়িয়া৷”
“বৰ ভাল৷” তাই কৈছিল৷
“এইটো আচলতে এটা বৰ সাধাৰণ অপাৰেশ্যন, জিগ,” যুৱকজনে কৈছিল৷ “আচলতে এইটো
অপাৰেশ্যনেই নহয়৷”
টেবুলৰ খুৰাবোৰে চুই থকা মজিয়াখনলৈ গাভৰুজনীয়ে চাইছিল৷
“মই জানো তুমি এইটো বৰকৈ নাভাবিবা, জিগ৷ এইটো সঁচাকৈয়ে একোৱেই নহয়৷ এইটো
বতাহ আহিবলৈ দিয়াৰ দৰেই সহজ৷”
গাভৰুজনীয়ে একো কোৱা নাছিল৷
“মই তোমাৰ লগতে যাম আৰু তোমাৰ লগত সকলো সময়তে থাকিম৷ সিহঁতে মাত্ৰ বতাহখিনি
ভিতৰলৈ আহিবলৈ দিব আৰু তাৰ পাছত সকলো স্বাভাৱিক হৈ যাব৷”
“তেতিয়া পাছত আমি কি কৰিম ?”
“আমি ঠিকে থাকিম৷ আগতে যেনেকৈ আছিলোঁ তেনেকৈ৷”
“কিহৰ বাবে তুমি তেনেকৈ ভাবিছা ?”
“মাত্ৰ সেই কথাটোৱে আমাক চিন্তাত ৰাখিছে৷ মাত্ৰ এইটোৱেই আমাক অসুখী কৰি
পেলাইছে৷”
পৰ্দাখনলৈ গাভৰুজনীয়ে চালে, হাত এখন মেলি দি মণিৰ দুডাল ৰচি তাই ধৰি পেলালে৷
“আৰু তুমি ভাবিছা তেতিয়া আমাৰ সকলো ঠিক হৈ যাব আৰু আমি সুখী হ’ম৷”
“মই জানো আমি সুখী হ’ম৷ তুমি ভয় খোৱাৰ দৰকাৰ নাই৷ এইটো কৰা বহুতকে মই জানো৷”
“ময়ো জানো,” গাভৰুজনীয়ে কৈছিল৷ “আৰু পাছলৈ সিহঁত সকলোৱে বৰ সুখত আছিল৷”
“বাৰু,” যুৱকজনে কৈছিল, “তোমাৰ মন নাই যদি তুমি কৰিব নালাগে৷ তুমি বিচৰা
নাই যদি তোমাক এইটো নকৰাওঁ৷ কিন্তু মই জানো এইটো একেবাৰে সহজ কাম৷”
“আৰু তুমি সঁচাকৈয়ে এইটোৱে বিচৰা ?”
“মই ভাবোঁ এইটোৱে আটাইতকৈ ভাল ৰাস্তা৷ কিন্তু যদি ইচ্ছা কৰা নাই তুমি এইটো
কৰাটো মই নিবিচাৰোঁ৷”
“আৰু মই যদি এইটো কৰোঁ তুমি সন্তুষ্ট হ’বা আৰু কথাবোৰ আগৰ দৰেই হৈ পৰিব আৰু
তুমি মোক ভাল পাবা ?”
“মই তোমাক আজিও ভাল পাওঁ৷ তুমি জানা মই তোমাক ভাল পাওঁ৷”
“মই জানো৷ কিন্তু এইটো যদি কৰোঁ, কথাবোৰ আকৌ বৰ ভাল হ’ব৷ যদি মই কওঁ কিবা
এটা বগা হাতীৰ দৰে দেখি, সেইটো তুমি ভাল পাবা ?”
“মই ভাল পাম৷ মই এতিয়াও ভাল পাওঁ মাত্ৰ এই কথাটো এই মুহূৰ্তত ভাবিব পৰা নাই৷
তুমি জানাই মই চিন্তাত পৰিলে মোৰ অৱস্থা কেনে হয়৷”
“মই যদি এইটো কৰোঁ তুমি আৰু কেতিয়াও চিন্তাত নপৰা ?”
“মই সেইবোৰ কথা চিন্তা নকৰিম কাৰণ এইটো একেবাৰে সহজ৷”
“তেনেহ’লে মই এইটো কৰিম৷ কাৰণ মই মোৰ কথা নাভাবোঁ৷”
“তুমি কি ক’ব খুজিছা ?”
“মই মোৰ কথা নাভাবোঁ৷”
“বাৰু, মই তোমাৰ কথা ভাবোঁ৷”
“অহ, সঁচাকৈয়ে৷ কিন্তু মই মোৰ কথা নাভাবোঁ৷ আৰু মই এইটো কৰিম আৰু তেতিয়া
সকলো ঠিক হৈ যাব৷”
“যদি তেনেকৈয়ে ভাবিছা তুমি এইটো কৰাটো মই নিবিচাৰোঁ৷”
গাভৰুজনীয়ে বহাৰ পৰা উঠিছিল৷ তাই ষ্টেচনটোৰ শেষলৈকে গৈছিল৷ আনফালে এব্ৰ’ৰ
পাৰে পাৰে শস্যৰ পথাৰ আৰু গছৰ লানি৷ নদীৰ পৰা বহু দূৰত পৰ্বত৷ মেঘ এটুকুৰাৰ
ছাঁ শস্যৰ পথাৰৰ মাজেৰে লাহে লাহে আগুৱাই গৈ আছিল৷ তাই গছবোৰৰ মাজেৰে নদীখনলৈ চাই
আছিল৷
“আৰু এই সকলোবোৰ আমাৰ হ’লহেঁতেন,” তাই কৈছিল৷ “আৰু এই সকলোবোৰ আমাৰ
হ’লহেঁতেন আৰু প্ৰত্যেকদিনেই আমি ইয়াক অধিক অসম্ভৱ কৰি পেলাওঁ৷”
“কি ক’লা ?”
“মই কৈছিলোঁ আমি সকলো পাব পাৰিলোহেতেন৷”
“আমি সকলো পাব পাৰোঁ৷”
“নহয়, আমি নোৱাৰোঁ৷”
“গোটেই পৃথিৱীখনেই আমাৰ হ’ব পাৰে৷”
“নহয়, নোৱাৰে৷”
“আমি সকলো ঠাইলৈ যাব পাৰোঁ৷”
“নহয়, আমি নোৱাৰোঁ৷ এয়া আৰু আমাৰ নহয়৷”
“এয়া আমাৰ৷”
“নহয়৷ আৰু এবাৰ যেতিয়া সিহঁতে তাক কাঢ়ি নিয়ে, তুমি আৰু কেতিয়াও ঘূৰাই
নোপোৱা৷”
“কিন্তু সিহঁতে তাক কাঢ়ি নিয়া নাই৷”
“কিছুদিন ৰ’ম আৰু চাম৷”
“চন্দ্ৰতাপৰ তললৈ আহাঁ,” সি কৈছিল৷ “তুমি কথাবোৰ তেনেকৈ ভাবি নল’বা৷”
“মই একোৱেই ভাবি নলওঁ,” গাভৰুজনীয়ে কৈছিল৷ “মই মাত্ৰ কথাবোৰ জানো৷”
“যিটো তুমি কৰিব নোখোজা সেইটো তুমি কৰাটো মই কেতিয়াও নিবিচাৰোঁ —-”
“মোৰ বাবে যে সেইটো বেয়া সেইটোও নহয়,” তাই কৈছিল৷ “মই জানো৷ আৰু এটা বীয়াৰ
ল’ম নেকি ?”
“ঠিক আছে৷ কিন্তু তুমি বুজিব লাগিব যে —”
“মই বুজি পাওঁ,” গাভৰুজনীয়ে কৈছিল৷ “আমি কিজানি অলপ সময় মনে মনে থাকিব
পাৰোঁ ?”
সিহঁতে টেবুলত বহিছিল আৰু গাভৰুজনীয়ে উপত্যকাৰ শুকান ফালটোলৈ চাইছিল৷
যুৱকজনে তাইলৈ আৰু টেবুলখনলৈ চাইছিল৷
“তুমি বুজিব লাগিব,” সি কৈছিল, “যে তুমি যদি বিচৰা নাই মই তোমাক এইটো কৰাটো
নিবিচাৰোঁ৷ মই এইটোৰ বাবে সম্পূৰ্ণ সাজু যদিহে সেইটো তুমি গুৰুত্ব দিব লগা কথা
বুলি ভাবা৷”
“এইটোৰ তোমাৰ কাৰণে একো মূল্য নাই ? আমি ঠিকেই গৈ থাকিব পাৰিম৷”
“অৱশ্যেই মূল্য আছে৷ কিন্তু তোমাৰ বাহিৰে আন কাকোৱেই মই নিবিচাৰোঁ৷ মোক আন
কাৰো প্ৰয়োজন নাই৷ আৰু মই জানো এইটো একেবাৰে সহজ৷”
“ঠিকেই, তুমি জানা এইটো একেবাৰে সহজ৷”
“তুমি তেনেকৈ ক’ব পাৰা, কিন্তু মই ভালকৈ জানো৷”
“তুমি মোৰ বাবে এটা কাম কৰিবা এতিয়া ?”
“তোমাৰ বাবে মই যিকোনো কাম কৰিবলৈ সাজু৷”
“অনুগ্ৰহ কৰি তুমি, অনুগ্ৰহ কৰি, অনুগ্ৰহ কৰি, অনুগ্ৰহ কৰি তুমি তুমি তুমি
তুমি মুখখন বন্ধ কৰিবানে ?”
সি একো নকৈ ষ্টেচনৰ বেৰৰ কাষত থোৱা বেগ কেইখনলৈ চাইছিল৷ বেগ কেইখনত সিহঁতে
নিশা কটোৱা হোটেলবোৰৰ লেবেল আছিল৷
“কিন্তু মই নিবিচাৰোঁ তুমি,” সি কৈছিল, “মই আৰু খাতিৰ নকৰোঁ৷ যি হয় হৈ থাকক৷”
“মই চিঞৰি দিম৷” গাভৰুজনীয়ে কৈছিল৷
পৰ্দাখনৰ সিফালৰ পৰা মহিলাগৰাকীয়ে দুগিলাছ বীয়াৰ লৈ ওলাই আহিছিল৷ তেওঁ
গিলাছ দুটা সেমেকা ফেল্ট পেডৰ ওপৰত থৈছিল৷ “ট্ৰেইন পাঁচ মিনিটত আহি পাব৷” তেওঁ
কৈছিল৷
“তেওঁ কি ক’লে ?” গাভৰুজনীয়ে সুধিছিল৷
“ট্ৰেইন পাঁচ মিনিটত আহি আছে৷”
গাভৰুজনীয়ে মহিলাগৰাকীক ধন্যবাদ জনাই তেওঁলৈ চাই সহৃদয়তাৰে হাঁহিছিল৷
“বেগকেইখন সেই ফালে লৈ যোৱাটোৱে ভাল হ’ব৷” যুৱকজনে কৈছিল৷ তাই তাৰ ফালে চাই
হাঁহিছিল৷
“ঠিক আছে৷ সেইবোৰ থৈ আহাঁ৷ বীয়াৰখিনি আমি শেষ কৰিম৷”
সি ডাঙৰ দুটা বেগ উঠাই লৈ আনটো লাইনৰ কাষলৈ কঢ়িয়াই নিছিল৷ লাইনেৰে দূৰলৈ
চাই পঠিয়াইছিল কিন্তু ট্ৰেইনখন দেখা নাছিল৷ ঘূৰি আহি বহুতেই ট্ৰেইনৰ বাবে অপেক্ষা
কৰি ড্ৰিংক কৰি থকা বাৰৰুমটোলৈ সি গৈছিল৷ সি বাৰত এনিচ এটা খাইছিল আৰু
মানুহবোৰক লক্ষ্য কৰিছিল৷ সকলোৱে শান্তভাৱে ট্ৰেইনৰ অপেক্ষা কৰি আছিল৷ মণিৰ
পৰ্দাখন পাৰ হৈ সি আগুৱাই গৈছিল৷ তাই টেবুলত বহি থকাৰ পৰা তালৈ চাই হাঁহিছিল৷
“অলপ ভাল পাইছানে ?” সি সুধিছিল৷
“মই ভালেই আছোঁ,” তাই কৈছিল৷ “মোৰ একো হোৱা নাই৷ মই ভালেই আছোঁ৷”
—--