মূল (বাংলা) : ড° নিমৰ্ল দেবনাথ, ত্ৰিপুৰা
অনুবাদ : হিল্লোলজ্যোতি সিংহ
তোমাৰ চহৰে আজিও পুৰণি আঘাতৰ দাগ
মচি পেলাব জনা নাই
এতিয়াও অলপমান দেৱালত ৰৈ গৈছে
সোঁৱৰণিৰ আঁচোৰ, ফলা পোষ্টাৰ
প্লাষ্টাৰ খহি পৰা পুৰণি দিনৰ সাধু।
তোমাৰ চহৰে আজিও পুৰণি সকলোবোৰ গছ
কাটি শেষ কৰিব পৰা নাই
কিছুমান বৰগছ আজিও থিয় হৈ আছে নীৰৱে,
শিপাইছে সেইবোৰ পথত
যিবোৰত হাতত ধৰাধৰি কৰি আমি খোজ কাঢ়িছিলোঁ।
তোমাৰ চহৰে আজিও আমাৰ বুলিবৰ বাট
একেবাৰে বন্ধ কৰিব পৰা নাই
অলিগলিবোৰত এতিয়াও গোপনে ৰৈ গৈছে
আমাৰ খোজৰ চিন।
আজি তোমাৰ চহৰত চৰাইৰ কলৰৱ কমিছে
কিন্তু একেবাৰে হেৰাই যোৱা নাই,
সেই পুৱাৰ ৰ’দত
কোনো এক আনমনা মুহূৰ্তত,
হয়তো এতিয়াও শুনা যায়
সিহঁতৰ হেৰাই নোযোৱা মাত।
তোমাৰ চহৰে বিচাৰিছিল
সুউচ্চ অট্টালিকা, কাঁচৰ অফিচেৰে
আকাশখন ঢাকি পেলাবলৈ
তথাপি আকাশৰ এটুকুৰা নীলাই
কেতিয়াবা কেতিয়াবা জুমি চায়
সেই খিৰিকিৰে
যাৰ মাজেৰে আমি এসময়ত বৰষুণৰ ছবি আঁকিছিলোঁ।
তোমাৰ চহৰে আজিও সকলোবোৰ পাহাৰ কাটি
সমান কৰিব পৰা নাই,
কিছুমান টিলা এতিয়াও বাকী আছে
সেইবোৰত হয়তো ঘাঁহ নাই
কিন্তু বতাহত এতিয়াও সুহুৰি বাজে
যি আমাৰেই কথা কয়।
তোমাৰ চহৰত কিছুমান জলাশয় আৰু পুখুৰী
আজিও বৰ্তি আছে
হয়তো এফালে মাটি পেলাইছে পুতিবলৈ
তথাপিও আনফালে এতিয়াও আবেলিৰ ৰ’দ পৰে,
আৰু কোনোবা এটা হেৰাই যোৱা দিনৰ দৰে
পানীত ভাহে
আমাৰ এযোৰ ছাঁ।
ভ্ৰাম্যভাষ – ৯৪৩৫১২০০৭৬
ই-মেইল - singha.hilloljyoti@gmail.com