মূল: ৰেইনাৰ মাৰিয়া ৰিল্কে
অনুবাদ: নিকু দুৱৰা
তৃতীয়খন চিঠি
ভিয়াৰেজ্জ’, পিছাৰ সমীপত, ইটালী, ২৩ এপ্ৰিল, ১৯০৩
আপুনি ইষ্টাৰৰ শুভেচ্ছা জনাই লিখা চিঠিখন পাই নথৈ আনন্দিত হ’লোঁ। চিঠিখনত আপুনি জেকবচনৰ
মহানতম সৃষ্টিসমূহৰ সম্পৰ্কে যিধৰণেৰে মন্তব্য আগবঢ়াইছে সেইসমূহ মন্তব্য আৰু
আপোনাৰ অনুসন্ধিৎসু মানসিকতাই এই কথাষাৰ প্ৰমাণিত কৰিছে যে আপোনাক মই প্ৰদান কৰা
পৰামৰ্শসমূহ অথলে যোৱা নাই।
এতিয়া আমি আলোচনা কৰিম তেওঁৰ Niels Lyhne গ্ৰন্থখনৰ বিষয়ে। এই গ্ৰন্থখন
একেসময়তে মহান আৰু হৃদয়স্পৰ্শী। এগৰাকী পাঠকে এই গ্ৰন্থখন যিমানেই পঢ়িব সিমানেই
তেওঁৰ সন্মুখত জীৱনৰ সুগন্ধি ফুলৰ দৰে সুকমোলতা আৰু সেই ফুলৰেই নিৰ্যাসস্বৰূপ বীজৰ
কঠিনতা— এই দুয়োটা দিশেই পৰিস্ফূট হৈ পৰিব। এইখন গ্ৰন্থত
এনে একোৱেই নাই যাক স্মৃতিৰ স্পন্দিত প্ৰতিধ্বনিত উপলব্ধি কৰোৱা হোৱা নাই, আয়ত্ত
কৰোৱা হোৱা নাই, অনুভৱ কৰোৱা হোৱা নাই বা চিনাকি কৰাই
দিয়া হোৱা নাই; কোনো অভিজ্ঞতাকেই কেতিয়াও একেবাৰে নগণ্য
বুলি ক’ব পৰা নহয়, আনকি
একেবাৰে সৰু ঘটনাটোয়েও কেতিয়াবা নিজকে নিয়তিৰ দৰেই ৰহস্যসময়ীভাৱে উন্মোচিত কৰে। নিয়তি নিজেই এনে এখন জালৰ দৰে যাৰ প্ৰতিডাল গুণা যেন কোনোবা এখন ৰহস্যময়ী হাতে আন এডাল গুণাৰ কাষত ৰাখিছে আৰু এনেকৈয়ে
শতাধিক গুণা একেলগ হৈ জালখন গুঠা হৈছে। আপুনি প্ৰথমবাৰলৈ কিতাপখন পঢ়োতে পঠনৰ
এক অপূৰ্ব আনন্দ লাভ কৰিব আৰু পুৱতি নিশাৰ এটা মধুৰ সপোনৰ দৰেই অনেক বিস্ময়াভূত
অভিজ্ঞতাৰ মাজেৰে যাত্ৰা কৰিব। কিন্তু মই আপোনাক এইটো কথা ন দি ক’ব পাৰোঁ যে কেৱল প্ৰথমবাৰ বুলিয়েই নহয়, পাছলৈও
এই কিতাপখন পঢ়াৰ সময়ত পাঠকজনে সেই একেধৰণেৰেই বিস্ময়মুগ্ধ হৈ থাকিব; কিতাপখন
প্ৰথমবাৰৰ বাবে পঢ়োতে পাঠকজনে যি অদ্ভুত আকৰ্ষণ লাভ কৰিব, সেই পঠন শক্তি কিতাপখনে
পাছলৈও একেদৰেই ধৰি ৰাখে।
সময়
পাৰ হৈ যোৱাৰ লগে লগে কিতাপখন পঠনৰ পৰা লাভ কৰা আনন্দ আৰু অনুভৱ যেন কেৱল
ক্ৰমান্বয়ে বাঢ়িহে যায় আৰু জগতখনক বা জগতৰ বস্তুবোৰক পৰ্যবেক্ষণ কৰাৰ দৃষ্টিভংগী
আগতকৈ উন্নত আৰু সৰল হৈ পৰে; জীৱনৰ প্ৰতি থকা
বিশ্বাস আৰু অধিক গভীৰ হয় আৰু জীৱনটো নিজেই অধিক আশীৰ্বাদধন্য আৰু তাৎপৰ্যপূৰ্ণ হৈ
উঠে।
ইয়াৰ
পাছত আপুনি
“Marie Grubbe”
শীৰ্ষক বিস্ময়কৰ গ্ৰন্থখন, জেকচনৰ চিঠি, ডায়েৰী আৰু শেষত তেওঁৰ কবিতাসমূহ পঢ়িব
লাগিব। তেওঁৰ কবিতাসমূহৰ অনুবাদ বৰ সঠিক হোৱা নাই যদিও কবিতাসমূহৰ মাজত জেকবচনৰ
অন্তহীন সুৰৰ সোপান অনুভৱ কৰিব পাৰিব। (ইয়াৰ বাবে আপুনি নিজৰ সাধ্যানুসাৰে জেকবচনৰ
সংগ্ৰহিত ৰচনাৱলীখন কিনিব পাৰে। এই সংগ্ৰহখনত উল্লেখ কৰা সকলোবোৰেই আছে। এই
কিতাপখন লাইপজিগৰ পৰা ইউজেন ডিডেৰিখছে তিনিটা খণ্ডত ভাল অনুবাদেৰে প্ৰকাশ কৰিছিল আৰু
মোৰ ধাৰণা মতে প্ৰতিটো খণ্ডৰ দাম মাত্ৰ ৫ বা ৬ মাৰ্ক[1]।)
“Here
should roses open…” (যিখন গ্ৰন্থ সূক্ষ্মতা আৰু ৰূপৰ দিশৰ পৰা অতুলনীয়)ৰ সম্পৰ্কে আপোনাৰ
মতামত নিৰ্বিবাদে শুদ্ধ। গ্ৰন্থখনৰ পাতনিটোৰ লেখকজনৰ সম্পৰ্কেও আপোনাৰ মতামত নিতান্তই
সঠিক। কিন্তু মই এইকনতে আপোনাক এটা অনুৰোধ কৰিব খোজো যে যিমান পাৰি সিমান কম
পৰিমাণে নান্দনিক সমালোচনা সম্পৰ্কীয় ৰচনা পঢ়িব—কিয়নো সেইবোৰত হয় একঘেয়েমিৰে
অৰ্থহীন হৈ পৰা পক্ষপাতদুষ্ট মতামত থাকে, নাইবা সমালোচকে শব্দৰ সৈতে একধৰণৰ চতুৰ খেলাহে কৰে।
এনেধৰণৰ সমালোচনাসমূহত প্ৰায়েই দেখা পোৱা যায় যে সমালোচকজনে আজি এটা দৃষ্টিভংগীৰ
সমৰ্থন কৰিছে আৰু কাইলৈ তাৰ বিপৰীত দৃষ্টিভংগীটোৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছে।
আগতেও কৈছো যে শিল্পকৰ্মবোৰৰ উপস্থিতি সদায় এক অকল্পনীয় নিঃসংগতাতহে পোৱা যায় আৰু
সমালোচনাৰ যোগেদি সেইসমূহ শিল্পৰ কাষলৈ যাব নোৱাৰি। শিল্পক বুজি পাবলৈ কেৱল এটাহে
উপায় আছে আৰু সেইটো হৈছে শিল্পটোৰ প্ৰতি নিঃচৰ্ত ভালপোৱা। এনেধৰণৰ বিশ্লেষণ, সমালোচনা বা পাতনি পঢ়াৰ
বিপৰীতে আপুনি সদায় নিজৰ ওপৰত আৰু নিজৰ অনুভৱৰ ওপৰত বিশ্বাস ৰাখিব লাগিব; যদি আপুনি শিল্পটোৰ
বিশ্লেষণত ভুলো হয়, তাৰ
পাছতো আপোনাৰ জীৱনৰ উত্থান-পতনৰ অনিৰুদ্ধ গতিয়ে আপোনাক লাহে লাহে উপলব্ধিৰ এক নতুন
দিশলৈ লৈ যাব পাৰিব। আপোনাৰ চিন্তাসমূহক স্বতঃস্ফূৰ্ত শান্ত আৰু বাধাহীনভাৱে গতি
কৰিবলৈ সুবিধা দিয়ক। এইসমূহ উপলব্ধি আন সকলোবোৰ অগ্ৰগতিৰ দৰেই আপোনাৰ অন্তৰৰ
গভীৰতম কোণটোৰ পৰা উদ্ভৱ হ'ব লাগিব আৰু মন কৰিব যাতে কোনো বাহ্যিক বস্তুৰ দ্বাৰা
ইয়াক কোনোপধ্যেই প্ৰভাৱিত কৰা নহয়। এই প্ৰসংগটোক আমি প্ৰসৱৰ সৈতে তুলনা কৰিব
পাৰোঁ। সুস্থ-সৱল সন্তানৰ বাবে যিদৰে আটাইতকৈ দৰকাৰী কথাটো হ'ল সম্পূৰ্ণ সময়
সন্তানটোক গৰ্ভত ধাৰণ কৰি তাৰ পিছতহে প্ৰসৱ কৰিব লাগিব ঠিক একেদৰে প্ৰত্যেকটো
ধাৰণা আৰু অনুভৱৰ বীজক নিজৰ ভিতৰতে সম্পূৰ্ণৰূপে পুৰঠ হ’বলৈ দিয়ক।প্ৰক্ৰিয়াটোৰ সৈতে জড়িত
সেই সকলো অন্ধকাৰ, অবৰ্ণনীয়, অচেতন আৰু আপোনাৰ নিজৰ বোধ
আৰু অধিগম্যতাৰ বাহিৰলৈ গৈ আপোনাৰ নিজৰ দৃষ্টিভংগীটোক ঠিক আপোনাৰ সন্তানৰ দৰেই ন-কৈ
প্ৰসৱৰ মুহূৰ্তটোলৈ অপেক্ষা কৰক। এইটো প্ৰক্ৰিয়াকহে শিল্পময় জীৱন এটা যাপন কৰা,
বুজি পোৱা আৰু তাক সৃষ্টি কৰা বুলি ক’ব পাৰি।
এই
গোটেই প্ৰক্ৰিয়াটোত সময়ৰ কোনো জোখ-লেখ নাথাকে; কোনোটো বছৰকেই আমি নিজাকৈ
মূল্যৱান বুলি কৈ পেলাব নোৱাৰো, এই যাত্ৰাটোত আনকি দহটা বছৰো একো নহ’বগৈও পাৰে। শিল্পী হোৱাৰ
অৰ্থই হ'ল এইটো যে এই
প্ৰক্ৰিয়াটোত আপুনি কোনোধৰণৰ হিচাপ কৰিব নোৱাৰিব; আপুনি নিজকে এনে এজোপা বৃক্ষ কৰি
গঢ়ি তুলিব লাগিব, যিজোপা
বৃক্ষই নিজৰ সঞ্জীৱনী শক্তিক কেতিয়াও জোৰকৈ প্ৰকাশ কৰিব নোখোজে, অথচ বসন্তৰ হাজাৰ
ধুমুহাৰ পাছতো বিশ্বাসেৰে অটল হৈ থিয় দি থাকে, যিজোপা বৃক্ষ তেতিয়াও থিয় হৈ থাকে
যদিও বৃক্ষজোপাই নাজানে যে আকৌ গ্ৰীষ্মকাল আহিব নে নাহে। গ্ৰীষ্মকাল অৱশ্যেই আহে।
কিন্তু এই গ্ৰীষ্মকাল কেৱল ধৈৰ্যশীলসকলৰ বাবেহে আহে, যিসকল মানুহ এই যাত্ৰাটোত
এনেধৰণেৰে চিন্তামুক্ত, শান্ত আৰু অপৰিসীমভাৱে উপস্থিত থাকে, যেন তেওঁলোকৰ বাবে
সীমাহীন সময়ে অপেক্ষা কৰি আছে। মই প্ৰতিদিনে শিকোঁ, মোৰ প্ৰতিটো দুখ আৰু কষ্টৰ মাজেৰে
শিকোঁ [যিবোৰৰ প্ৰতি মই কৃতজ্ঞ]। মই এই কথাটো শিকিছো যে শিল্পৰ যাত্ৰাত ধৈৰ্যই
হৈছে সকলো।
ৰিচাৰ্ড
ডেমেলঃ তেওঁৰ কিতাপবোৰে মোক (যদিও মই তেওঁক প্ৰসংগক্ৰমেহে চিনি পাওঁ) এনেধৰণৰ প্রভাৱিত কৰি পেলাইছে যে
যেতিয়াই মই তেওঁ লিখা এটা সুখপাঠ্য
পৃষ্ঠা পঢ়ি পেলাও, তাৰ পাছত মই পৰৱর্তী
পৃষ্ঠাটো মেলিবলৈকে ভয় কৰোঁ, কিয়নো
হ’ব পাৰে যে পৰৱৰ্তী পৃষ্ঠাটোৱে তেওঁৰ প্ৰতি থকা মোৰ সমীহ
আৰু ভালপোৱাক পৰিৱৰ্তন কৰি তুলিব পাৰে। আপুনি তেওঁৰ লিখাৰ শৈলীক “কামোদ্দীপক
জীৱনশৈলী আৰু কামোদ্দীপক কাব্যশৈলী” (Sensual life and sensual poetry) হিচাপে ঠিকেই মূল্যাংকন কৰিছে— আৰু মনত ৰাখিব যে এইটোও নিৰ্ঘাত সত্য যে শৈল্পিক অভিজ্ঞতাৰ সৈতে যৌন
অভিজ্ঞতাৰ এক সুক্ষ্মাতিসূক্ষ্ম সম্পৰ্ক থাকে। যৌনতাৰ সৈতে জড়িত আকৰ্ষণ আৰু বেদনা
দৰাচলতে একেটা আনন্দময় অনুভূতিৰ দুটা পৃথক প্ৰকাশভংগীহে। আৰু যদিহে কোনোবাই শিল্পত
কামোদ্দীপকতাৰ পৰিৱৰ্তে “যৌনজ”ৰ
ধাৰণাটোৰ প্ৰয়োগ কৰে তেন্তে ই বেছি সঠিক হ’ব,
কিয়নো ই বেছি বিশাল আৰু প্ৰকৃত ৰূপটোক সামৰি ল’ব—
যি প্ৰকৃত ৰূপটো সকলোধৰণৰ ত্ৰুটি আৰু ধৰ্মীয় অনুশাসনৰ পৰা মুক্ত— আৰু তেনেক্ষেত্ৰত
তেওঁৰ শিল্পসমূহ অধিক মহান আৰু অকল্পনীয়ভাৱে গুৰুত্বপূৰ্ণ হৈ পৰিব।ৰিচাৰ্ড জেমেলৰ কাব্যিক
শক্তি অতি প্রবল আৰু মানৱ জীৱনৰ এক মৌলিক প্রবৃত্তিৰ দৰেই অত্যন্ত শক্তিশালী।
তেওঁৰ কবিতাসমূহত নিজা ছন্দময়তা আছে, যি ছন্দময়তা লক্ষ্য কৰিলে এনে লাগে এয়া যেন
পাহাৰৰ পৰা নামি অহা এটা তীব্ৰগতিৰ জুৰিহে।
কিন্তু
কেতিয়াবা এনেকুৱা লাগে যে তেওঁৰ এই প্ৰকাশিকা শক্তি সদায় সত্য আৰু অকপট নহয়।
(কিন্তু পুনৰ এইটোৱেই সৃষ্টিশীল ব্যক্তিসকলৰ বাবে এটা কঠিন পৰীক্ষা হৈ পৰেঃ
শৈল্পিক সৃষ্টিৰ ক্ষেত্ৰত তেওঁ সদায় অসচেতন হৈ থাকিব লাগিব, নিজৰ
শ্ৰেষ্ঠ গুণসমূহৰ বিষয়ে অজ্ঞ হৈ থাকিব লাগিব আৰু যদিহে তেওঁ সেয়া কৰিবলৈ অসমমৰ্থ
হৈ পৰে তেন্তে তেওঁ সেই গুণবোৰৰ সৰলতা আৰু অক্ষুণ্ণতা হেৰুৱাব পেলাব!) আৰু তাৰ
পিছত যি ক্ষণত তেওঁ এই প্ৰকাশিকা শক্তিক তেওঁৰ সত্তাৰ মাজেৰে বোৱাই আনি যৌনতালৈ
আহি পায়, তাতেই তেওঁ মানৱীয় পৱিত্ৰতাৰ পৰা কিছু
আঁতৰি যায়। দৰাচলতে এইক্ষেত্ৰত কোনোধৰণৰ পৰিপক্ক আৰু পৰিষ্কাৰ যৌন জগত বুলি একো
নাথাকে, বৰঞ্চ যৌনতাৰ ক্ষেত্ৰত মানৱীয় পৰিচয়তকৈ
পৌৰুষসুলভতাহে দেখা পোৱা যায়, যি
কামোদ্দীপ্ততা, ৰাগী আৰু অস্থিৰতা, আৰু
পুৰণি কু-সংস্কাৰ আৰু অহংকাৰৰে ভৰা এটা ৰূপহে হৈ পৰে, যিটো ৰূপকে মানুহে প্ৰেম
বুলি জীয়াই ৰাখিছে। ইয়াৰ অন্তৰালৰ কাৰণটো হৈছে যে প্ৰেমৰ ক্ষেত্ৰত তেওঁ এগৰাকী
পুৰুষ হিচাপেহে প্ৰেম কৰে, মানুহ হিচাপে নহয়। এই সীমাবদ্ধতাটোৰ বাবেই তেওঁৰ যৌন
অনুভৱত একধৰণৰ লৈংগিক সীমাবদ্ধতা, বন্যতা, হিংসাপৰায়ণতা, সময়-সাপেক্ষ
আদি দোষবোৰ সোমাই পৰে, যাৰ বাবে তেওঁৰ কলাত্মকতা হ্ৰাস হৈ পৰে আৰু তেওঁৰ চেতনাক
সন্দিহান আৰু অস্পষ্টতাৰ মাজলৈ লৈ যায়। তেওঁৰ যৌন চেতনা কোনোপধ্যেই নিষ্কলঙ্ক নহয়
বৰং ই সময় আৰু আবেগেৰে পৰিচালিত আৰু সেইবাবে ইয়াৰ মাত্ৰ অলপ অংশহে সময়ৰ গতিত ৰৈ
যাব। (কিন্তু অধিকাংশ কলাই এনেকুৱা!) তথাপিও তাৰ পাছতো তেওঁৰ সৃষ্টিৰাজিৰ মাজত যি
মহানতা দেখা পোৱা যায়, তাৰ পৰা পাঠকসকল গভীৰভাৱে আহ্লাদিত হ'ব
পাৰে, কিন্তু সেই আহ্লাদনৰ মাজতো নিজকে এইসমূহৰ
মাজত সম্পূৰ্ণৰূপে হেৰুৱাই পেলোৱাটো অনুচিত আৰু বিনা দ্বিধাই “ডেমেলীয়
জগত” (Dehmelian World)ৰ অনুগামী হোৱাটোও অনুচিত। এইবাবেই
অনুচিত, কিয়নো তেওঁৰ যৌন চেতনা কিছু পৰিমাণে ব্যভিচাৰ আৰু বিভ্ৰান্তিৰে ভৰপূৰ আৰু
প্ৰকৃত যৌন চেতনাৰ পৰা কিছু দূৰৈত অৱস্থান কৰে। কিন্তু তাৰ পাছতো এইসমূহ লেখাই
একেসময়তে মহানতাৰ দিশলৈ খোজ দিবলৈ আৰু জীৱনৰ শেষ অৰ্থ উপলব্ধি কৰিবলৈ সাহস দিব
পাৰে।
সামৰণিলৈ মোৰ কিতাপসমূহৰ সম্পৰ্কে ক’বলৈ গ’লে যদিহে মই আপোনালৈ মোৰ
প্ৰকাশিত কিতাপসমূহ পঠিয়াই দিব পাৰিলোহেঁতেন, মই অতি সুখী হ’লোহেঁতেন। কিন্তু মই অতি
দৰিদ্ৰ আৰু মোৰ কিতাপসমূহ এবাৰ প্ৰকাশ হোৱাৰ পাছত সেইবোৰ আৰু মোৰ হৈ নাথাকে। আনকি
মই কেতিয়াবা মোৰ কিতাপসমূহ নিজেও কিনিব নোৱাৰোঁ আৰু সেইবাবেই মই মোৰ কিতাপসমূহ মোৰ
ৰসিক পাঠকসকললৈ দিব নোৱাৰো, যিসকল পাঠকে সেই কিতাপসমূহ অধিক মৰমেৰে পঢ়িলেহেঁতেন।
সেইবাবে মই এতিয়ালৈকে প্ৰকাশ কৰা ১২ বা ১৫খনমান কিতাপৰ নাম আৰু প্ৰকাশকৰ তালিকা
এখন গাঁঠি দিছোঁ। আশা কৰো, সেই কিতাপকেইখন আপুনি নিজৰ সুবিধা অনুযায়ী ক্ৰয় কৰিব।
মোৰ
কিতাপসমূহ আপুনি পঢ়িছে বুলি জানিলে নথৈ সুখী হম।
প্ৰান্তত
আপোনাৰ,
ৰেইনাৰ
মাৰিয়া ৰিল্কে
(অনুবাদকৰ
টোকাঃ তৃতীয়খন চিঠিৰ ক্ষেত্ৰত কাৰিকৰী কাৰণত ইতিমধ্যে প্ৰকাশিত দুখন অনুবাদিত
চিঠিৰ ইংৰাজী অনুবাদক K.W. Marurerৰ সংস্কৰণটো ব্যৱহাৰ কৰিব পৰা নগ’ল। তাৰ বিপৰীতে M.D. Herter Nortnয়ে অনুবাদ কৰা
সংস্কৰণটোহে ব্যৱহাৰ কৰিছোঁ।)
[1] মাৰ্ক হৈছে
জাৰ্মানীৰ পুৰণি মুদ্ৰা একক। ২০০২ চনত ইউৰো (Euro) প্ৰচলন হোৱাৰ আগলৈকে জাৰ্মানীৰ চৰকাৰী মুদ্ৰা আছিল ডয়চে মাৰ্ক।
ঊনবিংশ আৰু বিংশ শতিকাৰ আৰম্ভণিত এই মুদ্ৰা জাৰ্মান সাম্ৰাজ্য আৰু পিছলৈ ৱেইমাৰ
গণৰাজ্যতো ব্যৱহৃত হৈছিল। পাঠকসকলে এই পাঠ্যাংশত উল্লিখিত মাৰ্ক শব্দটোক ইংলেণ্ডত
প্ৰচলিত একেনামৰ মুদ্ৰাটো বুলি ভাবিব নালাগে। পাঠ্যাংশত জাৰ্মানৰ মুদ্ৰাটোৰ কথা
কোৱা হৈছে। সেই সময়চোৱাত এক মাৰ্ক প্ৰায় ২৫ টা পেনিৰ সমমূল্যৰ আছিল।
