অন্যযুগ/


ৰেইনাৰ মাৰিয়া ৰিল্কেৰ কালজয়ী গ্ৰন্থ Letters to a Young Poet-অৰ মুকলি অসমীয়া অনুবাদ

মূল: ৰেইনাৰ মাৰিয়া ৰিল্কে

অনুবাদ: নিকু দুৱৰা

 

দ্বিতীয়খন চিঠি


 

ভিয়াৰেগ্গ’, পিছাৰ সমীপত, ইটালী

৫ এপ্ৰিল, ১৯০৩

 

মোক আপুনি ক্ষমা কৰিব, কিয়নো আপুনি যোৱা ২৪ ফেব্ৰুৱাৰি তাৰিখেই পঠিওৱা চিঠিখনৰ কথা মোৰ আজিহে মনত পৰিছে৷ মই যোৱা সময়ছোৱাত শাৰীৰিক অসুস্থতাৰ সৈতে যুঁজি আছিলোঁ৷ সম্পূৰ্ণৰূপে বেমাৰত পৰিছিলো বুলি ক’লে ভুল হ’ব, আচলতে ইনফ্লুৱেঞ্জাজাতীয় ৰোগতহে ভূগিছিলোঁ, যাৰ বাবে মই একো কামেই কৰিব পৰা নাছিলোঁ৷ বহুদিনৰ পাছতো মোৰ শৰীৰ সম্পূৰ্ণৰূপে সুস্থ নোহোৱাৰ বাবে মই শেষত এই দক্ষিণ সাগৰীয় অঞ্চলটোলৈ গুচি আহিছোঁ, এই অঞ্চলটোৱে মোক আগতেও এবাৰ সহায় কৰিছিল, কিন্তু মই এতিয়াও সম্পূৰ্ণকৈ সুস্থ হৈ উঠা নাই আৰু মই লিখিবলৈ বহুত কষ্ট অনুভৱ কৰিছোঁ৷ গতিকে মই এতিয়া আপোনালৈ লিখি পঠিওৱা এইকেইটা শাৰীকে গ্ৰহণ কৰিলে আনন্দিত হম৷

       স্বাভাৱিকতে আপুনি নিশ্চয় জানে যে আপুনি পঠিওৱা প্ৰতিখন চিঠিয়েই মোক অতি আনন্দিত কৰি তোলে; কিন্তু সমান্তৰালভাৱে আপুনিও মোৰ উত্তৰসমূহ যথেষ্ট ধৈৰ্য্যৰে গ্ৰহণ কৰিব লাগিব, কিন্তু মোৰ উত্তৰসমূহে আপুনি বিচৰা সকলোখিনি নিদিবও পাৰে৷ হৃদয়ৰ একেবাৰে নিভৃত সময়খিনিত আমি সকলো চূড়ান্তভাৱে নিসংগ আৰু এনেক্ষেত্ৰত যদিহে এগৰাকী মানুহে আন এগৰাকী মানুহক কিবা সামান্যও পৰামৰ্শ দিবলৈ বা সহায় কৰিবলৈ সক্ষম, তেন্তে নিশ্চিতভাৱে সেই মানুহজনৰ জীৱনটো ঘটনাবহুল হ’ব লাগিব, মানুহজনে সফলতাৰ শিখৰত আৰোহণ কৰিব লাগিব৷ এই ঘটনাবহুলতা আৰু সাফল্যপ্ৰাপ্তিয়েহে ব্যক্তিজনক পৰামৰ্শদাতা বা সহায়কাৰী হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিব৷

       মই আজিও আপোনাক কেৱল দুটা কথাহে ক’ব বিচাৰিম :

আপোনাৰ বিৰোধাভাস ব্যৱহাৰ কৰিবলৈ নাযাব, বিশেষকৈ আপোনাৰ অসৃষ্টিশীল সময়চোৱাত এই ভুলটো মুঠেও নকৰিব৷ সৃষ্টিশীল সময়চোৱাতহে আপুনি বিৰোধাভাসক ব্যৱহাৰ কৰক, তাকো জীৱন জীওৱাৰ এটা মাত্ৰ আহিলা হিচাপেহে৷ যদিহে বিৰোধাভাসক সঠিক আৰু বিশুদ্ধভাৱে ব্যৱহাৰ কৰা হয় আৰু এই বিৰোধাভাস স্বতঃস্ফূৰ্তভাৱেই ওলাই আহে তেন্তে কেতিয়াও ইয়াক ব্যৱহাৰ কৰিবলৈ পিছ হুঁহুকি আহিব নালাগে৷ যদিহে আপুনি অনুভৱ কৰিছে যে বিৰোধাভাস আপুনি বেছিকৈ ব্যৱহাৰ কৰে বা কৰিবলৈ লৈছে, তেন্তে আপুনি সেইসমূহ মহান আৰু গম্ভীৰ বিষয়সমূহৰ সম্পৰ্কে লিখিবলৈ আৰম্ভ কৰক, যিসমূহৰ সন্মুখত বিৰোধাভাস নিষ্প্ৰভ হৈ পৰে৷ আৰু সেই তেনে অৱস্থাত, সেই গম্ভীৰ বিষয় বা ঘটনাসমূহক বৰ্ণনা কৰিবলৈ যাওঁতে দুটা ঘটনা হ’ব পাৰে – যদিহে বিৰোধাভাসসমূহ কৃত্ৰিম তেন্তে আপোনাৰ লিখাৰ শৈলীৰ পৰা এইসমূহ আঁতৰি যাব আৰু যদিহে বিৰোধাভাসসমূহ আপোনাৰ নিজৰ ভিতৰৰ পৰা স্বতঃস্ফূৰ্তভাৱে আহিছে তেন্তে ই আগতকৈ শক্তিশালী হৈ আপোনাৰ সৃষ্টি আৰু চেতনাৰ এক প্ৰকাশভংগী হিচাপে ৰূপান্তৰ হৈ পৰিব৷

 

আৰু আজি আপোনাক ক’বলৈ ওলোৱা দ্বিতীয় কথাটো হৈছে :

মোৰ হাতত যিমানসমূহ গুৰুত্বপূৰ্ণ কিতাপ আছে, সেইসমূহৰ ভিতৰত দুখন কিতাপ মই সদায় য’লৈকে যাওঁ লৈ ফুৰোঁ৷ এই দুখন কিতাপ এতিয়াও মোৰ সৈতে ইয়াতো আছে৷ সেই কিতাপ দুখন হৈছে বাইবেল আৰু মহান ডেনিছ কবি জেনচ্‌ পিটাৰ জেকব্‌চনৰ কিতাপসমূহ৷ মই নাজানো আপুনি তেওঁৰ লিখা পঢ়িছে নে পঢ়া নাই৷ আপুনি খুব সহজতেই তেওঁৰ কিতাপ পাব পাৰে, তেওঁৰ বহুকেইখন কিতাপৰ খুব ভাল অনুবাদ “Reclaims Universal Bibliothek”-ত আছে৷ আপুনি জেকব্‌চনৰ ক্ষুদ্ৰ সংস্কৰণৰ Six Stories, তেওঁৰ উপন্যাস Niels Lyhne তেওঁৰ প্ৰথম গল্পৰ সংকলন Mogens পঢ়িব পাৰে৷  এইকেইখন গ্ৰন্থৰ পঠনে আপোনাৰ জীৱনলৈ আনন্দ, ঐশ্বৰ্য আৰু মহানতা কঢ়িয়াই আনিব৷ এইকেইখন কিতাপৰ সৈতে আপুনি কিছু সময় পাৰ কৰক, কিতাপকেইখনৰ পৰা শিকিবলগীয়াসমূহ শিকক আৰু আটাইতকৈ ডাঙৰ কথা কিতাপকেইখনৰ প্ৰেমত পৰক৷ আপোনাৰ এই ভালপোৱাই আপুনি ভবাতকৈ বহুত কিবাকিবি আপোনাক প্ৰতিদান হিচাপে দিব পাৰিব আৰু ইয়াৰ পাছত মই নিশ্চিত যে আপোনাৰ জীৱনটোৰ সকলো সুখ আৰু দুখৰ অনুভূতিসমূহৰ মাজত আপোনাক এই কিতাপকেইখনৰ পঠনে দিয়া প্ৰতিদানসমূহ অন্যতম হৈ পৰিব৷

       মই যদিহে আপোনাক কওঁ যে কিদৰে মই মোৰ সৃষ্টিশীলতা, ইয়াৰ সুগভীৰ বিশালতা আৰু স্থায়িত্বক কৰ্ষণ কৰিছোঁ, তেন্তে মই দুগৰাকী মানুহৰে নাম ল’ব লাগিব : এগৰাকী হৈছে মহান কবি জেকব্‌চন আৰু আনগৰাকী হৈছে আজি পৰ্যন্ত অসমতুল্য হৈ থকা মহান খনিকৰ আগষ্ট ৰ’ডিন৷ 

       মই আশা কৰোঁ যে আপোনাৰ জীৱনৰ পথছোৱা সুখেৰে ভৰি পৰক৷

 

আপোনাৰ

ৰেইনাৰ মাৰিয়া ৰিল্কে

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ