অন্যযুগ/


অমৰা আৰু ক্ৰেব নেবুলা

 মূল : মুহম্মদ জাফৰ ইকবাল (বাংলা)

অনুবাদ : ৰঞ্জনা দত্ত



তাৰ এই অভ্যাসটো আৰম্ভ হৈছিল একেবাৰে সৰুকালৰে পৰা৷ ৰঞ্জুৰ বয়স তেতিয়া চাৰি বছৰ৷ তাৰ মাক দেউতাকে ভাবিলে সি এতিয়া ডাঙৰ হৈছে গতিকে অকলে শোৱা দৰকাৰ৷ বায়েক শেৱালিৰ কোঠাত তাৰ কাৰণেও সৰু বিছনা এখন ঠিক কৰা হ’ল, তাত ৰঙচঙীয়া বিছনা চাদৰ আৰু কোমল গাৰু এটা দি সজাই দিলে৷ মাজৰাতি টোপনিৰ পৰা সাৰ পাই গ’লে যাতে অকলশৰীয়া নালাগে তাৰ বাবে শিতানত তাৰ প্ৰিয় খেলনা ভালুকটোও থৈ দিলে৷ মাজৰাতি মাকে দেখিলে ৰঞ্জুৱে নিজৰ কোঠাৰ পৰা হাতত সাৰে ভৰিত সাৰে উঠি আহিছে৷ মাকে সুধিলে-

“কি হ’ল? শোৱাৰ পৰা উঠি আহিলি যে?” 

ৰঞ্জুৱে তাৰ মাক আৰু দেউতাকৰ মাজত সোমাই লৈ ক’লে-

“ভালুকটোৱে ভালকৈ শুবলৈকে নিদিয়ে৷ 

মাকে আচৰিত হৈ সুধিলে-

“ভালুকটোৱে তোক শুবলৈ নিদিয়ে?” 

“নাই৷ যেতিয়াই টোপনি আহে খামুচি দিয়ে৷” 

ৰঞ্জুৱে নিজৰ চোলাটোৰ হাতখন কোঁচাই মাকক দেখুৱাই ক’লে-

“এইটো চোৱাঁ!”

মাকে দেখিলে আঁচোৰৰ দাগ এটা৷ আবেলি কাষৰ ঘৰৰ সৰু ছোৱালীজনীৰ লগত পুতলা এটা লৈ টনা-আঁজোৰা কৰোঁতে আঁচোৰ খাইছিল, মাকে নিজ চকুৰে দেখিছে৷ মাজৰাতি সেইটো লৈ ৰঞ্জুৰ সতে কথা পাতিবলৈ আৰু মন নগ’ল৷ 

পাছদিনা তাৰ বিছনাৰ পৰা খেলনা ভালুকটো গুচাই তাৰ ঠাইত এটা সৰু গোল গাৰু থোৱা হ’ল৷ কিন্তু আকৌ মাজৰাতি ৰঞ্জুৱে হাতত সাৰে ভৰিত সাৰে আহি মাকক জগাই নিজৰ বাবে বিছনাত ঠাই উলিয়াই লৈ ক’লে-

“ ইমান যে দুষ্টামি কৰিছে!” 

“কোনে?” 

“মৰা চৰাইটোৱে৷” 

“ ক’ৰ মৰা চৰাই?” 

“সেই বেৰত যে লগোৱা আছে!”

মাকৰ মনত পৰিল কোঠাটোৰ দেৱালত শেৱালিয়ে এখন মৰা চৰাইৰ পষ্টাৰ লগাই থৈছে৷ তেওঁ ক’লে- 

“সেইখন ছবিহে!”

ৰঞ্জুৱে মূৰ দুপিয়াই ক’লে – 

“ছবি আছিল৷ ৰাতি হ’লে ছবিৰ পৰা ওলাই আহি ভৰিত খুটি দিয়ে৷ এয়া চোৱাঁ মোৰ বুঢ়া আঙুলিত খুটি দিছে!”

আন্ধাৰত মাকে ৰঞ্জুৰ বুঢ়া আঙুলিৰ নখ বা মৰাটোৰ কাম-কাজ চাবলৈ অকণো উৎসাহ অনুভৱ নকৰিলে৷ ৰঞ্জুক নিজৰ কাষতে শোৱাৰ বাবে ঠাই অকণমান উলিয়াই দিলে৷

কথাটোৰ এইদৰেই আৰম্ভণি হ’ল- প্ৰয়োজনত ৰঞ্জুৱে খুব ধুনীয়াকৈ সাজি সাজি গল্প কয়৷ দেউতাকে ক’লে-

 “সৰু ল’ৰা, কথা কোৱাৰ সময়ত সঁচা-মিছা মিহলি কৰি পেলায়৷ ডাঙৰ হ’লে ঠিক হৈ যাব৷

আৰু অলপ ডাঙৰ হোৱাৰ পাছত দেখা গ’ল তাৰ গল্প সাজি কোৱা অভ্যাসটো আৰু বাঢ়িহে গৈছে৷ আগতে প্ৰয়োজনত গল্প সাজি সাজি কৈছিল আজিকালি প্ৰয়োজন নোহোৱাকৈও গল্প সাজি সাজি কোৱা হৈছে৷ কাষৰ ঘৰৰ সৰু ছোৱালীজনী দুপৰীয়া ৰঞ্জুৰ লগত খেলিবলৈ আহে৷ এদিন মাকে শুনিলে ৰঞ্জুৱে তাইক কৈছে-

“মোৰ মা আচলতে পৰী৷

 ছোৱালীজনীয়ে অবাক হৈ ক’লে-

 “পৰী?”

 “ অঁ৷ ৰঞ্জুৱে গহীন হৈ ক’লে-

“যেতিয়া আটাইবোৰ মানুহ টোপনি যায় তেতিয়া আমাৰ মায়ে সৰু পেণ্ট এটা পিন্ধি খিৰিকিৰে উৰি উৰি বাহিৰলৈ গুচি যায়”৷

 “সঁচা?”

“অঁ৷”

“সৰু পেণ্ট কিয় পিন্ধি যায় কিয়?

 ৰঞ্জুৱে হাঁহি হাঁহি ক’লে-

“শাড়ী পিন্ধি কেতিয়াবা কোনোবা  উৰিব পাৰে নেকি!”

ছোৱালীজনীয়ে কিছুপৰ ৰঞ্জুৰ ফালে অবিশ্বাসৰ চাৱনিৰে চাই সুধিলে-

“তোমাৰ মা উৰি উৰি কলৈ যায়?”

 ৰঞ্জুৱে মূৰ জোকাৰি ক’লে-

“নাজানো৷ মায়ে হাতত এটা বন্দুক লৈ যায়৷ চোৰ-ডকাইত বদমাছবোৰৰ লগত গোটেই ৰাতি ফাইট কৰে৷”

“তোমাৰ মায়ে চোৰ-ডকাইতৰ লগত ফাইট কৰে?

“বোধহয় কৰে৷

 ছোৱালীজনীয়ে অবিশ্বাসৰ দৃষ্টিৰে কিছুসময় ৰঞ্জুৰ ফালে চাই তাৰ পাছত কঁপা কঁপা মাতেৰে সুধিলে-

“তোমাৰ মা যদি পৰী তেনেহ’লে তুমিও পৰী নেকি?”

ৰঞ্জুৱে হাঁহি হাঁহি ক’লে-

“ধেত বুৰ্বক! ছোৱালী পৰীবোৰক কয় পৰী৷ ল’ৰা পৰীবোৰক কয় পৰা৷”

“পৰা?”

“ অঁ৷ মই এটা পৰা৷

 “তুমি উৰিব পাৰাঁ?”

“এতিয়া নোৱাৰোঁ৷ পাখি গজা নাই নহয়৷ পাখি গজিলেই উৰিম৷

ৰঞ্জুৰ মাকে দেখিলে যে গল্পৰ এই পৰ্যায়ত ৰঞ্জুৱে নিজৰ চাৰ্টতো খুলি পিঠিখন উলিয়াই দেখুৱাই সুধিলে তাত পাখি ওলোৱাৰ কিবা চিন দেখিছে নেকি৷ ছোৱালীজনীয়ে খুব ভাবি-চিন্তি ক’লে, এতিয়া ধৰিব পৰা নাই, কিন্তু কেতিয়াবা ওলাই যাব পাৰে৷

ৰাতি মাকে যেতিয়া দেউতাকক কথাটো ক’লে, দেউতাকে সৰু পেণ্ট পিন্ধি মাকে হাতত বন্দুক লৈ ওলাই যোৱা কথাটো শুনি ইমান জোৰকৈ হাঁহিবলৈ ধৰিলে যে মাকে আৰু একো ক'বলৈ সুবিধাই নাপালে৷ দেউতাকে বহুত সময় হাঁহি এসময়ত হাঁহিটো বন্ধ কৰি মাকক ক’লে-

“মোৰ কি ভাব হয় জানা?”

“কি?”

 “তোমাৰ ল’ৰা ডাঙৰ হৈ খুব ডাঙৰ এজন লেখক হ’ব! তাৰ অসম্ভৱ কল্পনাশক্তি হ’ব৷”

মাকে শুকান মুখেৰে ক’লে-

 “লেখক নহৈ যদি পলিটিচিয়ান হয়! যেনেকৈ গাজাখুৰি কথা অবিৰাম কৈ গৈছে মোৰ ভয়েই লাগিছে যদি-”

আৰু কেইদিনমান যোৱাৰ পাছত দেউতাকৰ আশাতকৈ মাকৰ আশংকাই সঁচা হোৱা যেন দেখা গ’ল৷ ৰঞ্জুৰ পঢ়া-শুনাৰ প্ৰতি একেবাৰে ধাউতি নাই৷ ক্লাছ ছেভেনত এবাৰ অসমীয়াতে ফেল কৰিলে৷ ৰিপৰ্ট কাৰ্ডখন লৈ মাকে কান্দো কান্দো মাতেৰে ক’লে-

“তই অসমীয়াত ফেল কৰিলি?”

ৰঞ্জুৱে নিৰ্লিপ্ত ভাবেৰে ক’লে-

“কবি ৰবীন্দ্ৰনাথেওতো পৰীক্ষাত ফেল কৰিছিল৷ নজৰুলেও কৰিছিল৷ আইনষ্টাইনেও কৰিছিল৷”

মাকে ৰঞ্জুৰ কাণখনত পকাই ক’লে-

“তোক এই খবৰ কোনে দিছে?”

ৰঞ্জুৱে সাৱধানে নিজৰ কাণখন এৰুৱাই ক’লে-

“মা , কিয় ফেল কৰিলোঁ কথাটো শুনিলে তুমি মোক আৰু খং নকৰাঁ৷”

“ কিয়?”

 ৰঞ্জুৱে তপত হুমুনিয়াহ এটাএৰি দি ক’লে-

“ৰাতিপুৱা পৰীক্ষা দিবলৈ ওলাই গৈ দেখিলোঁ, ষ্টেচনেৰি দোকানখনৰ আগত জাপানী চাহাব এজন ৰৈ আছে৷ তেওঁ ৰাস্তা হেৰুৱাই পেলাইছে৷”

 “তই তেওঁক ৰাস্তা দেখুৱাই দিলি?”

 “কেনেকৈ দিম? তেওঁ জাপানী ভাষাৰ বাদে আন একো ভাষাই নাজানে৷

“তই তেনেহ’লে কেনেকৈ জানিলি যে তেওঁ ৰাস্তা হেৰুৱাইছে?”

ৰঞ্জুৱে মুখত হাঁহি এমুখ বিয়পাই ক’লে-

“কোনোবাই ৰাস্তা হেৰুৱালে তেওঁৰ মুখখন দেখিলেই ধৰিব পাৰি! বেচেৰাৰ ইমান বিপদ, সেইবাবেই তেওঁক সহায় কৰিব লগা হ’ল- কাম চলাব পৰাকৈ অলপ অসমীয়া শিকাই দিব লগা হ’ল৷

মাকে চকুদুটা ৰঙা কৰি তাক ক’লে-

“তই ৰাস্তাত ৰৈ তেওঁক অসমীয়া শিকাই দিলি!”

“সেইকাৰণেইতো পৰীক্ষা হল পাওঁতে দেৰি হৈ গ’ল৷ তাৰ উপৰি-”

“ তাৰ উপৰি কি?”

“তাৰ উপৰি মানুহজনৰ লগত জাপনী ভাষাত কথা পাতি পাতি মগজৰ ভিতৰত অসমীয়াৰ সলনি কেৱল জাপানী কথা- অসমীয়াৰ সমাস লিখিবলৈ লৈ জাপানী সমাস লিখি পেলালোঁ৷”

মাকে ৰঞ্জুৰ ফালে চাই এটা দীঘল হুমুনিয়াহ পেলালে৷

যিমানেই দিন পাৰ হৈ গ’ল ৰঞ্জুৰ কথা সাজি সাজি কোৱাৰ স্বভাৱটো বাঢ়িবলৈহে ধৰিলে৷ ব্যাকৰণৰ ক্লাছত এদিন হমৱৰ্ক কৰি ননাৰ বাবে ছাৰে তাক প্ৰকাণ্ড ধমকি এটা দিলে- অন্য কোনোবা হোৱা হ’লে ভয়ত ভেঁ ভেঁকৈ কান্দি দিলেহেঁতেন৷ কিন্তু ৰঞ্জুৱে ভয় নাখালে, সি হাঁহিমুখেৰে ক’লে-

 “ছাৰ মই হমৱৰ্ক কৰিছিলোঁ৷

 “কৰিছিলি যদি অনা নাই কিয়?”

“সেইটো এটা বিৰাট কাহিনী ছাৰ৷

 “বিৰাট কাহিনী?” ছাৰে তাৰ ফালে চাই চকু পকাই সুধিলে৷

ৰঞ্জুৱে ছাৰৰ চাৱনি অগ্ৰাহ্য কৰি কৈ গ’ল-

“মোৰ বাইদেউৰ নাম শেৱালি৷ তাই গৰমেণ্ট স্কুলৰ ক্লাছ নাইনত পঢ়ে৷ তাইৰ খুব চাহ খোৱাৰ নিচা৷ ৰাতি মোৰ মাক ক’লে- মা মই চাহ খাম৷ মায়ে তাইক ধমকি দি ক’লে- ইমান ৰাতি চাহ খাবি! যা, শুবলৈ যা৷ শেৱালিবাই মনটো খুব বেয়া কৰি শুবলৈ গ’ল৷ কিন্তু তাইৰ মনত চাহ খোৱাৰ ইচ্ছাটো থাকি গ’ল৷ মাজৰাতি দেখিলোঁ তাই বিছনাৰ পৰা উঠি খোজ কাঢ়িবলৈ আৰম্ভ কৰিছে- ইংৰাজীত ইয়াক শ্লীপ ৱাকিং বুলি কয়৷ যেতিয়া কোনোবাই শ্লীপ ৱাকিং কৰে তেওঁক ডিষ্টাৰ্ব কৰিব নালাগে৷ মই সেইবাবে তাইক ডিষ্টাৰ্ব নকৰিলোঁ৷ দেখিলোঁ তাই পাকঘৰৰ পৰা এক কেটলি পানী লৈ আনিছে৷ তাৰ পাছত মোৰ হমৱৰ্কৰ বহীখন লৈ হমৱৰ্কৰ পৃষ্ঠাবোৰ ফালি তাত জুই লগাই দিলে৷ সেই জুইত কেটলীৰ পানী গৰম হৈ চাহ হৈ গ’ল৷ এই সময়ত ডিষ্টাৰ্ব কৰিব নালাগে, সেইবাবে মই ডিষ্টাৰ্ব নকৰিলোঁ ছাৰ”৷

ছাৰে একো কথা নোকোৱাকৈ তাৰ ফালে একেথৰে চাই ৰ’ল৷ ক্লাছৰ আটাইতকৈ নিমাত বুলি জনাজাত আজমল নামৰ ল’ৰাটোৱে ফুচফুচাই শুধিলে- “ডিষ্টাৰ্ব কৰিলে কি হয়?”

ৰঞ্জুৱে কিবা এটা উত্তৰ দিব ওলাইছিল, কিন্তু তাৰ আগতেই ছাৰে আজমলৰ ফালে চাই বিৰাট জোৰে ধমক এটা দি ক’লে-

“ চুপ থাক বুৰ্বক! আৰু কিবা এটা কৱ যদি মূৰটো ভাঙি পেলাম”৷

আজমলে অবাক হৈ ফুচফুচাই ক’লে-

“ছাৰে মোৰ ওপৰত ইমান খং কৰিছে কিয়? মইনো কি কৰিলোঁ!”

দুবছৰমান যোৱাৰ পাছত ৰঞ্জুক লৈ আৰু দিগদাৰি হ’ল- কাৰণ হঠাতে সি ছায়েঞ্চ ফিকশ্বন পঢ়িবলৈ আৰম্ভ কৰিছে৷ ছায়েঞ্চ ফিকশ্বনৰ অদ্ভুত কাহিনীবোৰ পঢ়ি তাৰ মূৰটো পুৰাপুৰি বেয়া হৈ গ’ল। আগতে সাজি সাজি কোৱা গল্পবোৰ কোনো ৰকম সহ্য কৰিব পৰা আছিল, কিন্তু আজিকালি যিবোৰ কথা কয় সেইবোৰ একেবাৰেই সহ্য কৰিব নোৱাৰি৷ এবাৰ দুদিনমান তাৰ ক্লাছত দেখাদেখি নাই, তৃতীয়দিনা সি ভীষণ উত্তেজিত হৈ দুদিন আগৰ এখন খবৰ কাগজ লৈ ক্লাছত সোমালেহি৷ আটাইবোৰে ক্ৰিকেট খেল লৈ কথা পাতি আছিল৷ সি সিহঁতৰ কথা মাজতে বন্ধ কৰি বাতৰিকাকতখন সিহঁতৰ সমুখত খুলি লৈ ক’লে, “চা৷

সকলোৱে খবৰৰ কাগজখনৰ ফালে চালে- একো চাবলগীয়া নাই, সদায় যি থাকে সেইবোৰেই আছে কাকতত৷ ৰাজনৈতিক নেতাবোৰৰ ডাঙৰ ডাঙৰ কথা, মন্ত্ৰীবোৰৰ ঢোক ঢাল বজোৱা আৰু হত্যা, ডকাইতিৰ ঘটনা৷ আজমলে সুধিলে – “কি চাম?”

ৰঞ্জুৱে কিছু অধৈৰ্য হৈ ক’লে-

 “তাৰিখটো চা!”

দুদিন আগৰ তাৰিখ৷ ইয়াত চাবলৈ কি আছে কোনেও একো ধৰিব নোৱাৰিলে৷ ৰঞ্জুৱে বিৰক্ত হৈ ক’লে-

“এতিয়াও একো বুজি পোৱা নাই?”

তাত থকা আটাইকেউটাই মূৰ জোকাৰি ক’লে- “নাই পোৱা৷

মই অলপ আগতে হকাৰৰ পৰা কাগজখন কিনিছো, এক ঘণ্টাও হোৱা নাই৷”

 আজমলে চেলাউৰি কোঁচাই ক’লে-

 “হকাৰে পুৰণা কাগজ বিক্ৰী কৰে?”

ৰঞ্জুৱে অধৈৰ্য হৈ ক’লে-

 “ধুৰ গাধা! পূৰণা কাগজ কিনিম কিয় আজিৰ কাগজখনেই কিনিছোঁ৷ কাগজখন কিনি কিছুদূৰ আহোঁতেই ৰাস্তাৰ পাকটোৰ ওচৰতে দেখিলোঁ চিকচিকিয়া চিলিণ্ডাৰৰ দৰে এটা বস্তু৷ কিবা এটা কৌতূহল হোৱাত সেইটো ওচৰৰ পৰা চাবলৈ গ’লোঁ, ওচৰ পাওঁতেই ছাঁৎকৈ ঘূৰণীয়া দৰজা এখন খুলি গ’ল৷ তঁহতে কথাটো বিশ্বাসেই কৰা নাই চাগৈ৷ ভিতৰত দুজন মানুহ বহি আছিল, সিহঁতৰ গাৰ ৰঙ সেউজীয়া৷ মোক দেখি তাৰে এজনে ক’লে-

 “আৰে বাবাটো, এইফালে কথা এটা শুনি যোৱাঁচোন৷

মই একদম ভয় খাই গ’লো৷ এনেয়ে অচিনাকি মানুহ, তাতে গাৰ ৰঙ সেউজীয়া৷ ভাবিলোঁ উভতি ঘৰলৈ দৌৰ মাৰোঁ৷ কিন্তু মানুহ দুজনৰ চকুলৈ চাই ৰৈ গ’লোঁ৷ এনেকুৱা লাগিল যেন খুব বিপদত পৰিছে৷ মই কাষলৈ গৈ ভয়ে ভয়ে সুধিলোঁ- কি হৈছে?

 এজনে ক’লে- “আমি হেৰাই গৈছোঁ৷

 হেৰাই গৈছে?

মই অবাক হৈ ক’লো - এইটো হৈছে এটা তিনিআলি৷ আৰু কিছু আগুৱাই গ’লে আমাৰ স্কুলটো, তাৰ অলপ আগলৈ বাছ ষ্টেণ্ডটো-

সেউজীয়া ৰঙৰ দ্বিতীয় মানুহজনে ক’লে-

 নাই তুমি বুজি পোৱা নাই, আমি কোনো ঠাই হেৰুৱা নাই আমি সময়ৰ মাজত হেৰাই গৈছো৷”

“সময়ৰ মাজত?”

“অঁ৷ এইটো এটা টাইম মেশ্বিন৷ এক হাজাৰ বছৰ অতীতৰ এটা মিশ্বন শেষ কৰি ভৱিষ্যতলৈ গৈ আছিলোঁ৷ হঠাৎ কোনোবা এডোখৰত হেৰাই গ’লোঁ৷ এতিয়া কোন সময়ত আছোঁ ধৰিব পৰা নাই৷ সেইবাবে টাইম মেছিনটো কেলিব্ৰেট কৰিব পৰা নাই৷”

মই ক’লোঁ- “অহ! তাকে কওক! তাৰ মানে আপোনালোকে জানিব খুজিছে আজি কি তাৰিখ?”

“অঁ৷ সেইটোৱেই লাগে৷”

এয়া চাওক বুলি মই তেওঁলোকৰ আগত বাতৰি কাকতখন মেলি ধৰিলোঁ, আঠাইছ তাৰিখ, শনিবাৰ৷

সেউজীয়া ৰঙৰ মানুহ দুজনে সেইখন দেখি খুব ভাল পালে আৰু মোৰ হাতত ধৰি হেণ্ডশ্বেক কৰি ক’লে-

“তুমি আমাৰ খুব উপকাৰ কৰিলা৷ তোমাক কি লাগে কোৱাঁ৷”

“মইতো আৰু এইটো লাগে, সেইটো লাগে বুলি ক’ব নোৱাৰোঁ। সেইবাবেই ভদ্ৰতা ৰক্ষা কৰি ক’লোঁ যে মোক একো নালাগে৷ মানুহ দুজনে তেতিয়া মোক ইমান ডাঙৰ এটা জিৰকোনিয়ামৰ ক্ৰিষ্টেল দি ক’লে- লোৱাঁ, এইটোকে লোৱাঁ৷

মই লগে লগে ক’লোঁ- “বাপৰে ইমান ডাঙৰ ক্ৰিষ্টেলটো লৈ মই কি কৰিম- হাতৰ পৰা পৰি ভাগি যাব৷ যদি সঁচাই কিবা এটা দিব খুজিছে তেন্তে আপোনালোকৰ টাইম মেশ্বিনত মোক এবাৰ ফুৰাই আনক৷”

মানুহ দুজনে ক’লে – “উঠাঁ তেনেহ’লে৷”

মই ভিতৰত সোমালোঁ ৷ এজনে সুধিলে অতীতলৈ যাবা নে ভৱিষ্যতলৈ?

মই ক’লো, ভৱিষ্যতলৈকে যাওঁ৷

“কিমান দিন যাব খুজিছা?

মই ক’লো- বেছিদিন নহয়৷ এদিন বা দুদিন৷

“এজনে তাৰ চ্ছুইছ এটা টিপি দিলে, ঘটং ঘটংকৈ শব্দ এটা হ’ল৷ দুৱাৰখন খুলি দি ক’লে- আহি পালোঁহি!

“মই প্ৰথমে বিশ্বাস কৰা নাছিলোঁ, বাহিৰলৈ আহি মানুহ এজনক সুধিলোঁ- আজি কি বাৰ? তেওঁ ক’লে- সোমবাৰ!”

আজমল কথাৰ মেৰপেচ নুবুজা ল’ৰা৷ সি মূৰ দুপিয়াই ক’লে-

“আজি সঁচাকৈয়ে সোমবাৰ”!

ৰঞ্জুৱে চকু দুটা ডাঙৰ ডাঙৰ কৰি ক’লে-

“তাৰমানে শনি আৰু দেওবাৰ এই দুদিন মোৰ জীৱনৰ পৰা হেৰাই গৈছে! কি আচৰিত কথা দেখিলি!”

ক্লাছৰ সকলোৱে ৰঞ্জুক ইমানদিনে ভালদৰে চিনি পাই গৈছে, সিঁহতে মুখটিপি হাঁহি আকৌ ক্ৰিকেটৰ আলোচনালৈ ঘূৰি গ’ল৷ ৰঞ্জুৱে খঙেৰে সিহঁতক ক’লে-

“তহঁতে মোৰ কথা বিশ্বাস কৰা নাই? ভাবিছ মই গাজা মাৰিছোঁ? তেনেহ’লে এই বাতৰি কাকতখন মোৰ হাতলৈ আহিল কেনেকৈ?”

তাৰ প্ৰশ্নৰ কোনেও সদুত্তৰ দিব নোৱাৰিলে, ৰঞ্জুৱে নিজৰ কিতাপ, বহী আদি বেঞ্চত থৈ আন কাৰোবাক গল্প শুনাবলৈ ওলাই গ’ল৷

ৰঞ্জুৰ এইদৰে সাজি গল্প শুনোৱাৰ আটাইতকৈ বেছি ভুক্তভোগী হৈছে তাৰ বায়েক শেৱালি৷ বায়েক বোৰে সাধাৰণতে সৰু ভায়েক বোৰৰ লগত উৎপাত কৰি থাকে কিন্তু শেৱালি সেই ধৰণৰ ছোৱালী নহয়, তাই ধৈৰ্য ধৰি ৰঞ্জুৰ গল্প বোৰ শুনে, গল্পৰ যি ডোখৰত বিস্ময় প্ৰকাশ কৰিব লাগে সেইখিনিত বিস্ময় প্ৰকাশ কৰে, য’ত দুখ পাব লাগে সেইখিনিত দুখ পোৱা যেন দেখুৱায়, য’ত ফূৰ্তি পোৱাৰ কথা তাত ফূৰ্তি কৰে৷ গল্প শুনি তাই কেতিয়াও বিৰক্ত নহয় আৰু যিমান গাজাখুৰি গল্পই নহওক কিয় সকলো সময়তে এনেকুৱা ভাব দেখুৱাই যেন তাই গল্পটো বিশ্বাস কৰিছে৷

ৰঞ্জুৰ ছায়েঞ্চ ফিকশ্বনৰ প্ৰতি আগ্ৰহৰ লগে লগে শেৱালিৰ বাবে গল্পবোৰ হজম কৰাটো খুব কঠিন হ’বলৈ আৰম্ভ কৰিলে৷ প্ৰায় প্ৰত্যেক দিনেই ৰঞ্জুৱে ঘৰলৈ আহি মহাকাশৰ কোনোবা আগন্তুকৰ কথা ক’বলৈ ধৰিলে৷ কোনোবাদিনা সেই আগন্তুকে তাক ব্লেকহলৰ গোপন ৰহস্যৰ কথা কয়, সি কয় তাৰ লগত কাগজ কলম নাছিল বাবে লিখা ৰাখিব নোৱাৰিলে৷ লিখি ৰাখিব পৰাহ’লে গোটেই পৃথিৱীত হুলস্থূল লাগি গ’লহেঁতেন৷ কোনোবাদিনা কয়- এখন ফ্লাইং ছচাৰৰ পৰা এটা অদ্ভুত প্ৰাণী ওলাই লেজাৰ গান লৈ তাক গুলি কৰিবলৈ চেষ্টা কৰিছিল আৰু সি কোনোমতে প্ৰাণটো হাতত লৈ পলাই আহিছে৷ এদিন আকৌ ক’লেহি যে স্কুলৰ পৰা ঘূৰি অহাৰ বাটত এজোপা আঁহত গছৰ তলত এটা চাৰিকোণীয়া উজ্জ্বল পোহৰ দেখি সেইফালে জুমি চাওঁতেই বেলেগ এখন বিশ্ব ব্ৰহ্মাণ্ডৰ এটুকুৰা দেখি আহিছে৷

এদিন ৰঞ্জু আহি শেৱালিক খুব উত্তেজিত সুৰেৰে ক’লেহি-

 “বাইদেউ,  আজি কি যে এটা ঘটনা ঘটিল জানানে!”

 শেৱালিয়ে চকুৱে-মুখে যিমান পাৰে আগ্ৰহ ফুটাই সুধিলে- “কি হ’লনো?”

“ফুটবল খেলি উভতি আহি আছিলোঁ৷ দেৰি হোৱা বাবে নতুনকৈ যে বিল্ডিংবোৰ বনাইছে তাৰ মাজেৰে শ্বৰ্টকাট মাৰিছোঁ৷ মাজৰ ঠাইখিনি য’ত ইটাবোৰ দমাই থোৱা আছে, তাৰ কাষৰ পৰাই ৰবট এটা ওলাই আহিল”৷

শেৱালিয়ে চকুদুটা ডাঙৰ ডাঙৰ কৰি ক’লে- “ৰবট?”

“অঁ৷ চিকচিকিয়া ষ্টেইনলেছ ষ্টিলৰ গাটো৷ মূৰৰ দুইফালৰ পৰা পোহৰ ওলাই আহিছে৷ চকুদুটা সেউজীয়া৷ মোক দেখি নাকেৰে মাত এটা উলিয়াই ক’লে- এঁ-ই - লঁ’-ৰা- ক- লৈ- যোৱাঁ?”

 শেৱালিয়ে হাঁহিটো লুকুৱাই তাক সুধিলে-

 “হয় নেকি, মই ভাবিছিলোঁ অকল ভুতুনীবোৰেহে নাকী সুৰেৰে কথা কয়৷ ৰবটবোৰেও তাৰমানে নাকী সুৰেৰে কথা পাতে?”

ৰঞ্জুৱে মূৰ দুপিয়াই ক’লে- “অঁ৷ মোৰতো তেনেকুৱাই লাগিল৷ মই ভয়ে ভয়ে ৰবটটোক ক’লো- “ঘৰলৈ যাওঁ৷”

ৰবটটোৱে ক’লে- ‘তুঁ-মি-মোঁ-ৰ-এঁ-টা- উ-পঁ-কা-ৰ- কঁ-ৰি-বাঁ-নে?”

মই তাক সুধিলো- “কি উপকাৰ?”

তেতিয়া সি ক’লে যে তাৰ ভীষণ ভোক লাগিছে৷ মই অবাক হ’লো৷ ৰবটৰ আকৌ ভোক লাগে নেকি? তেতিয়া ৰবটটোৱে মোক ক’লে যে যেতিয়া সিহঁতৰ ভোক লাগে, তেতিয়া সিহঁতে বেটেৰী খাব লগা হয়৷ মোটা মোটা ডি ছাইজৰ বেটেৰি৷

 শেৱালিয়ে আচৰিত হোৱা যেন দেখুৱাই সুধিলে- “ইছ্ হয় নেকি?”

 ৰঞ্জুৱে মূৰ দুপিয়াই ক’লে- “অঁ।”

 “তই তাক বেটেৰি কিনি দিলি?”

“অঁ৷ দোকানৰ পৰা দুই ডজন বেটেৰি কিনি দিলোঁ আৰু সি মোৰ সমুখতে বেটেৰিবোৰ কচ কচকৈ চোবাই খাই পেলালে৷

“বেটাৰি কিনিবলৈ পইচা পালি ক’ত?”

“ৰবটটোৱেই দিলে৷ তাৰ হাতত সকলো দেশৰে টকা আছে৷

শেৱালিয়ে হাঁহিটো কোনোমতে লুকুৱাই ক’লে- তই যে ৰবটটোৰ ইমান ডাঙৰ উপকাৰ এটা কৰি দিলি সি তোক একো উপহাৰ নিদিলে?”

ৰঞ্জুৱে মনটো মাৰি উত্তৰ দিলে- 

 “দিছে৷

“কি দিছে?

ৰঞ্জুৱে পকেটৰ পৰা তেঁতেলিৰ গুটি কেইটামান উলিয়াই ক’লে- 

“এইবোৰ!”

 “তেঁতেলিৰ গুটি?”

 “দেখিলে সাধাৰণ তেঁতেলিৰ গুটি যেনেই লাগে, কিন্তু আচলতে এইবোৰৰ যি গছ ওলাব তাৰ পৰা কেঞ্চাৰৰ ঔষধ উলিয়াব পৰা যাব৷

 শেৱালিয়ে খুব গহীন হৈ ক’লে-

 “তেনেহ’লে এইবোৰ ভালদৰে ৰাখি থ, নহ’লে হেৰাই যাব৷

 “অঁ৷ ৰাখিম৷

ৰঞ্জুৱে তেঁতেলিৰ গুটিকেইটা তাৰ সৰু টেমাটোৰ ভিতৰত ভৰাই থ’লে৷

ইয়াৰ কেইদিনমান পাছৰ কথা৷ মাকে ককাকলৈ চিঠি লিখি আছিল৷ পৃথিৱীৰ প্ৰায় সকলো মানুহেই যেতিয়া বলপইণ্ট পেনেৰে লিখা-মেলা কৰিছে তেতিয়া মাকে কিবা এক অদ্ভুত কাৰণে ফাউণ্টেন পেনৰ বাহিৰে একো ব্যৱহাৰ কৰিব নোখোজে৷ চিঠি লিখিবলৈ গৈ হঠাতে মাকে দেখিলে ফাউণ্টেন পেনৰ চিয়াঁহী শুকাই গৈছে৷ মাকে ৰঞ্জুক মাতি আনি ক’লে-

 “যাচোন চিয়াঁহীৰ বটলতো লৈ আন৷

ৰঞ্জুৱে চিয়াঁহীৰ বটলতো লৈ ঠিকেই আহি আছিল কিন্তু হঠাতে কথা নাই বতৰা নাই উজুটি খাই পৰিল৷ লগে লগে হাতৰ পৰা চিয়াঁহীৰ দোৱাতটো চিটিকি ওপৰলৈ গৈ মাটিত আচাৰ খাই পৰিল৷ কিবা বুজি পোৱাৰ আগতেই দোৱাতটো ভাগি এশ টুকুৰা হৈ মজিয়াৰ কাৰ্পেটত চিটিকি পৰি গোটেইখন চিয়াঁহীময় হ’ল৷

 মাকৰ ইমান খং উঠিল যে ক’বলৈ বাকী নাই৷ মাকৰ গালিবোৰ শুনি ৰঞ্জুৰ এনেকুৱা লাগিল যেন সি তাজমহল নহ’লে শিৱদৌলটোহে ভাঙি পেলালে! ৰঞ্জুক বকি বকি মাকে তাৰ বাৰ বজাই দিলে- এনেকুৱা কথাবোৰ ক’বলৈ ধৰিলে যে এটা সময়ত ৰঞ্জুৰ মনত ভাব হ’ল যে জীয়াই থকাৰ আৰু কোনো অৰ্থই নাই৷ অলপমান সময় সি ফেঁচফেঁচাই কান্দিলে আৰু তাৰ পাছত সি চিৰিয়েদি চাদৰ ওপৰলৈ উঠি গ’ল৷

নিৰ্জন চাদ, ওচৰত কেইজোপামান নাৰিকল গছ, বতাহত গছৰ পাতবোৰ জিৰজিৰকৈ লৰি আছে৷ আকাশৰ মাজভাগত আধা জোনবাইটো, তাৰ চাৰিওফালে কিছু অংশ পোহৰ হৈ আছে৷ চাদলৈ আহি ৰঞ্জুৰ মনটো বহুত শান্ত হ’ল৷ ৰেলিঙত ধৰি বহুত দূৰৰ এটা নিয়ন লাইটৰ ফালে চাই চাই সি ঠিক কৰিলে ডাঙৰ হৈ সি মাকক এটা ডাঙৰ শাস্তি দিব৷ যেতিয়া সি বহুত ডাঙৰ মানুহ হ’ব তেতিয়া মাকৰ জন্মদিনত দহ হাজাৰটা চিয়াঁহীৰ বটল আনি মাকৰ কোঠাটোত ভৰাই দি ক’ব- মা মনত আছে, যেতিয়া মই সৰু আছিলোঁ তেতিয়া এটা চিয়াঁহীৰ বটল ভঙাৰ বাবে মোক কিমান বকিছিলা? ইয়াত আছে দহ হাজাৰটা চিয়াঁহীৰ বটল, মই এতিয়া এইবোৰ ভাঙিম৷ এইবুলি কৈ এটা হাতুৰী লৈ সি প্ৰচণ্ড জোৰেৰে বটলবোৰ ভাঙি যাব- সোঁৱে-বাঁৱে চিয়াঁহীবোৰ চিটিকি পৰিব- মাকে ভয় খাই চিঞৰি থাকিব- সকলোৱে কি হৈছে চাবৰ বাবে দৌৰি আহিব-

ঠিক এই সময়তে ৰঞ্জুৰ ভাৱ হ’ল পিছফালে এটা অদ্ভুত শোঁ শোঁ ধৰণৰ শব্দ হৈছে।  কিছু অবাক হৈ সি পাছলৈ ঘূৰি চাই সি যিটো দৃশ্য দেখিলে তাৰ গোটেই গাটো ঠাণ্ডা হৈ গ’ল৷ প্ৰাণটাকি চিঞৰ এটা মাৰিবলৈ লৈও সি বহুত কষ্টৰেহে নিজকে শান্ত কৰি ৰাখিলে৷

 ৰঞ্জুৱে দেখিলে তাৰ পিছফালে দুটা মানুহৰ সমান ওখ ঠাইত এখন গোল মহাকাশযান ভাহি আছে! সেইখন বিৰাট ডাঙৰ, প্ৰায় পুৰা চাদখনেই আৱৰি আছে৷ যানখনৰ তলৰ ফালে ঠিক মাজ ভাগতে এটা গোল গাঁতৰ দৰে, তাৰ পৰা নীলা পোহৰ এটা ওলাই আহিছে৷ মহাকাশযানখন প্ৰায়  কেৱল এটা মৃদু শোঁ শোঁ শব্দ, খুব কাণ পাতি শুনিলেহে ধৰিব পাৰি৷

ৰঞ্জুৱে নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলে৷ প্ৰথমতে তাৰ এনেকুৱা লাগিল যে সি বোধহয় পাগল হৈছে- সি দেখা পোৱা আটাইবোৰ কথা দৃষ্টিবিভ্ৰম মাথোঁ৷ সি আকৌ ভালদৰে চাই ধৰিব পাৰিলে, এইটো দৃষ্টিবিভ্ৰম নহয়, সি সঁচাকৈয়ে দেখিছে৷ কি কৰিব একো ধৰিব নোৱাৰি সি হাঁকৈ মুখখন মেলি ৰৈ থাকিল৷

কিছু সময়ৰ পাছত ৰঞ্জুৱে নীলা পোহৰটোত এটা ছাঁ দেখিবলৈ পালে, ছাঁটো কিলবিলাই লৰি লৰি লাহে লাহে স্পষ্ট হৈ পৰিল৷ ভাব হ’ল বহুত দিন নোখোৱা-নোবোৱাকৈ থকা মানুহ এটা শুকাই খৰিকাডালৰ দৰে হৈ পৰিছে আৰু তাৰ মূৰটো আৰু ডাঙৰ হৈ পৰিছে৷ তাত গোল গোল চকু, নাক নাই নাকৰ ঠাইত দুটা গাঁত৷ মুখ থকা ঠাইত গোল ফুটা এটা দেখি ভাব হ’ল যেন খুব অবাক হৈ চাই আছে৷

প্ৰাণীটোৱে গাটো লৰাই লৰাই এটা অদ্ভুত শব্দ কৰিলে৷ শুনি এনেকুৱা লাগিল যেন মানুহ এটা খুব জোৰত হাঁচি এটা মাৰিবলৈ গৈ কাহি পেলাইছে৷ ৰঞ্জুৱে কি ক’ব ধৰিব নোৱাৰি ক’লে-

 “ৱেলকাম জেণ্টলমেন”৷

 কিয় জানো তাৰ ভাব হ’ল ইংৰাজীত কথা ক’লে মহাকাশৰ এই প্ৰাণীটোৱে ভালদৰে বুজিব পাৰিব৷ প্ৰাণীটোৱে সেই সময়তে পৰিষ্কাৰ অসমীয়া ভাষাত ক’লে-

 “শুভসন্ধ্যা মানৱশিশু”৷

 ৰঞ্জুৱে অবাক হৈ সুধিলে –

  “তুমি অসমীয়া?”

প্ৰাণীটোৱে ক’লে- 

“নাই মই অসমীয়া নহওঁ৷ কিন্তু মই তোমালোকৰ গ্ৰহৰ যি কোনো মানুহৰ ভাষাত কথা ক’ব পাৰোঁ৷ এয়া শুনা বুলি কৈ প্ৰাণীটোৱে বিশুদ্ধ কামৰূপীয়া ভাষাত গান দুশাৰী মানেই গাই দিলে-

 জেঠোৰ মাহোৰ গৰোম দিনত

গাছৰ তলোত বহি

ভাইবলো মনোত এংকেই মৰ জীৱন যাবো যহি…”

ফ্লাইং ছচাৰ আৰু তাৰ ৰহস্যময় প্ৰাণীটো দেখি ৰঞ্জু যিমান অবাক হ’ল তাৰ মুখত কামৰূপীয়া গীত শুনি তাতকৈও বেছি আচৰিত হ’ল৷ কিন্তু তাৰ প্ৰায় লগে লগেই ৰঞ্জুৰ মনৰ পৰা ভয়ৰ ভাবটো একেবাৰে আঁতৰি গ’ল৷ সি খুকখুককৈ হাঁহি প্ৰাণীটোক ক’লে-

 “তোমাৰ নাম কি?”

 “তোমালোকৰ দৰে আমাৰ নামৰ দৰকাৰ নহয়৷ আমি এনেই চিনাকি ৰাখিব পাৰো৷

ৰঞ্জুৱে ক’লে- “ মোৰ নাম ৰঞ্জু৷ তোমাক দেখি মোৰ খুব ভাল লাগিছে৷


“কিয়?”

 “মোৰ ছায়েঞ্চ ফিকশ্বন পঢ়ি খুব ভাল লাগে- সেইবাবে৷

 প্ৰাণীটোৱে কাহ মৰাৰ দৰে শব্দ এটা কৰি ক’লে- 

“ছায়েঞ্চ ফিকশ্বন হৈছে গাজাখুৰি”৷

 “তুমি ছায়েঞ্চ ফিকশ্বন নপঢ়াঁ?”

 “আমি একো পঢ়াৰ দৰকাৰ নাই৷ আমি এনেয়ে সকলো জানো৷

 “সঁচা?”

 “সঁচা৷ আমি তোমাৰ ওচৰলৈ আহিছো এটা বিশেষ কামৰ বাবে৷ আমি সোনকালেই ক্ৰেব নেবুলালৈ ঘূৰি যাব লাগিব৷ কিন্তু আমাৰ ফিউল টেঙ্কত লিক এটা হৈছে সেইটো ঠিক কৰিবলৈ সময় নাই৷ তুমি সেইবাবে আমাক সহায় কৰিবা৷”

 ৰঞ্জুৱে অবাক হৈ সুধিলে- “মই?”

 “অঁ তুমি৷

 “কেনেকৈ?”

“তোমাৰ বাওঁফালৰ পকেটত এটা চুয়িংগাম আছে৷ সেইটো চোবাই কোমল কৰি দিয়াঁ, আমাৰ টেঙ্কৰ লিকটোত সেইটো লগাই দিম৷”

ৰঞ্জু অবাক হৈ গ’ল, সঁচাকৈয়ে তাৰ বাওঁ পকেটত চুইংগাম এটা আছে৷ সেইটো মুখত সুমুৱাই কোমল কৰি মুখৰ পৰা উলিয়াই সি প্ৰাণীটোৰ ফালে আগ বঢ়াই দিলে৷ প্ৰাণীটোৱে ক’লে- 

 “আৰু ওচৰলৈ আহাঁ৷ মই এই নীলা শক্তি বলয়ৰ বাহিৰলৈ যাব নোৱাৰোঁ৷

ৰঞ্জু আৰু অকণমান আগুৱাই গ’ল৷ প্ৰাণীটোৱে তাৰ তুলতুলীয়া কোমল হাতখনেৰে চুইংগাম টুকুৰা লৈ ক’লে- “অশেষ ধন্যবাদ৷

 ৰঞ্জুৱে সুধিলে- “এতিয়া তোমালোক যাবাগৈ?”

 “অঁ,  তুমি আমাক সহায় কৰা বাবে আমি তোমাক এটা উপহাৰ দিব খুজিছোঁ৷

ৰঞ্জুৱে কঁপা কঁপা মাতেৰে সুধিলে- “কি উপহাৰ?”

“আমি যিখন ঠাইত থাকোঁ, সেই ক্ৰেব নেবুলাৰ এটা ত্ৰিমাত্ৰিক প্ৰতিকৃতি৷ তোমালোকৰ গ্ৰহতেই পাইছোঁ, আমি আমাৰ ঠাইখনলৈ বহুতো লৈ গৈছোঁ৷ তোমাকো এটা দি যাওঁ৷ চাওঁ হাতখন দিয়াঁ।” 

 উত্তেজনাত ৰঞ্জুৰ উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হ’ল৷ সি হাতখন আগবঢ়াই দিলে আৰু আৰু তাত গোল ধৰণৰ বস্তু এটা আহি পৰিল৷ প্ৰায় লগে লগেই নীলা পোহৰটো ভিতৰলৈ সোমাই গ’ল আৰু ফ্লাইং ছচাৰৰ দৰে বস্তুটো ঘূৰি ঘূৰি ওপৰলৈ উঠি যাবলৈ ধৰিলে৷ ৰঞ্জুৱে অবাক হৈ দেখিলে যে বস্তুটো সৰু হৈ হৈ আকাশত মিলি গৈছে৷

গোল ধৰণৰ বস্তুটো হাতত লৈ সি চিৰিৰ ফালে দৌৰি গ’ল৷ চিৰিত থকা পোহৰত সি ভালদৰে চাই দেখিলে আৰু সবিস্ময়ে আৱিষ্কাৰ কৰিলে যে সেইটো এটা অমৰা৷ লগে লগে তাৰ মনত পৰিল যে অমৰাৰ গঠনটো সঁচাকৈয়ে দেখিবলৈ একেবাৰে ক্ৰেব নেবুলাৰ দৰে৷ মহাকাশৰ এটা অদ্ভুত প্ৰাণীয়ে তাৰ লগত এনেকুৱা ধেমালি কৰিব বুলি বাৰু কোনে ভাবিব পাৰে!

 ৰঞ্জুৱে হতচকিতৰ দৰে নিজৰ কোঠাত আহি সোমালহি৷ শেৱালিয়ে তাক দেখি আগুৱাই আহি সুধিলে-

“ৰঞ্জু, ইমানপৰে ক’ত আছিলি তই, বিচাৰি পোৱা নাছিলো যে?”

 ৰঞ্জুৱে সৰুকৈ উত্তৰ দিলে- “ চাদত”৷

 “চাদত অকলে কি কৰি আছিলি?”

ৰঞ্জুৱে কিছুপৰ শেৱালিৰ ফালে চাই সৰুকৈ ক’লে- “একো নাই৷

“একো নাই?”

“নাই৷”

শেৱালিয়ে কিছু অবাক হৈ ৰঞ্জুৰ ফালে ঘূৰিলে, তাক ভালদৰে চালে আৰু সুধিলে-

“তোৰ কি হৈছে? এনেকৈ থৰ লাগি চাই আছ কিয়?”

“কেনেকৈ চাইছোঁ?” 

“এনেকুৱা লাগিছে যেন তই ভূত-চুত কিবা এটা দেখি আহিছ!”

ৰঞ্জুৱে একো উত্তৰ নিদিলে৷ শেৱালিয়ে আকৌ সুধিলে-

“তোৰ হাতত সেইটো কি?”

“অমৰা৷”

 “অমৰা!” শেৱালীৰ মুখখন উজ্জ্বল হৈ উঠিল৷ 

“মোৰ কাৰণে আনিছ?”

 ৰঞ্জুৱে দুৰ্বলভাৱে হাঁহি এটা মাৰি সুধিলে- “তোমাক লাগিব?”

 “দে৷ শেৱালিয়ে ৰঞ্জুৰ হাতৰ পৰা অমৰাটো লৈ কাপোৰৰ আগেৰে মচি  কামোৰ এটা মাৰি ক’লে-

 “ইচ! ইমান টেঙা! ক’ত পালি এই অমৰাটো?” 

ৰঞ্জুৱে কিবা এটা ক’বলৈ গৈ ৰৈ গ’ল, এটা তপত হুমুনিয়াহ পেলাই ক’লে-

“ক’ত পাম আৰু! চবে য’তে পায় তাতেই পাইছোঁ!

 




ঠিকনা:

ৰঞ্জনা দত্ত

কে ডি এনক্লেভ, জিলিকা পথ, পাঞ্জাবাৰী,

পিন নম্বৰ- ৭৮১০৩৭

ম’বাইল নম্বৰ – ৮৪৮৬৯- ৭৩৭৫৫

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ