মূলঃ সুবোধ সৰকাৰ
অসমীয়া
অনুবাদঃ কুমুদ ঘোষ
তুমি
আছিলা গান, হ’লা ব্ৰহ্মপুত্ৰ নদী
তুমি
আছিলা মোৰ জুবিন, আজি তুমি সকলোৰে অসম৷
ৰাষ্ট্ৰীয়
সংগীতৰ দৰে থিয় হৈ আছা৷
জুবিন,
তোমাক কোনোৱে মাৰিব নোৱাৰিলে৷
তুমি
অমৰত্ব নামৰ চোতাল এখনত বহি গাইছা ফাগুন৷
তুমি
আজি মায়াবিনী এখন অসম৷
পানীৰ
তলত তুমি ভয়ঙ্কৰ চেষ্টা চলাই গৈছিলা
অলপমান
উশাহ ল’ব বিচাৰিছিলা৷
কোনোৱে
উশাহ নিদিয়ে
নিদিয়ে
বিশ্বাস৷
পানীৰ
পৰা তোমাৰ নিথৰ, নিৰ্বাক, নিৰীহ, নিৰ্ভীক
পানীৰে
তিতা শৰীৰ যেতিয়া এই পৃথিৱীলৈ আহিল
তেতিয়া
সমগ্ৰ অসমত ধুমুহা বলিল
সেই ধুমুহা
ধুমুহা নহয়, কান্দোন৷
সিঁচৰতি
হৈ পৰিল সেই কান্দোন
মেঘালয়ৰ
পৰা অৰুণাচল৷
আগৰতলাৰ
পৰা ইম্ফল৷
লামডিঙৰ
পৰা নগালেণ্ড৷
সাতভনী
বুলি যাক কওঁ
সেই সাতভনীৰ
চকুত চকুলো৷
চকুলো
নে গলিব ধৰা জুই?
জুবিন,
তোমাৰ মৃত্যু এক বিৰাট ৰহস্য৷
তুমি
কৈছিলা
মোৰ
কোনো ধর্ম নাই৷
মোৰ
কোনো জাতি নাই৷
মই কাঞ্চনজঙ্ঘা৷
গলিৰ
ভিতৰৰ পদপথৰ শিশুসকলৰ হাতত, দেৱশিশুসকলৰ হাতত
সোণ
দি দি তুমি
পাহাৰৰ
টিঙলৈ উঠি
লাভার্চ
পয়ণ্টত উঠি হৈ পৰিছিলা ৰডডেনড্ৰন৷
তোমাৰ
সেই গান আজি জনগণমন৷
জুবিন,
তোমাৰ মৃত্যু হ’বই নোৱাৰে৷
হ’ব নোৱাৰে
দুটা কাৰণত, এক তোমাৰ গান
দুই তোমাৰ
সাৱট৷
আৱেগে
সাৱটি ধৰা চুলি
সিবোৰেই
আছিল তোমাৰ অমৃত সন্তান৷
তোমাৰ
শৰীৰে কৈছে এটা তাৰিখ৷
তোমাৰ
মৃত্যু হৈছে৷
নহয়,
তোমাৰ মৃত্যু নাই৷
যি গান
তুমি গাইছিলা, সেই গানত কোনো
মৃত্যুৰ
তাৰিখ লিপিৱদ্ধ নাই৷
সেই গান
কেৱল গান নহয় যেন এক ভাৰত কান্দোন৷
জুবিন,
তোমাৰ কোনো মৃত্যু হোৱা নাই৷
মৃত্যুৰ
প্ৰমাণ-পত্ৰত কোনো চহী নাই
সাহস
নহ’ল কাৰো
তোমাৰ
প্ৰমাণ-পত্ৰ হাতত লৈ বহি আছে এজন
তেওঁকেই
আমি অমৰত্ব বুলি কওঁ৷
বাটে-পথে,
খালে-বিলে, ৰেলগাড়ীত উৰাজাহাজত
গাঁৱে-ভূঞে,
বিপ্লৱৰ হাবি-বননিত
কেবিনেটত,
কলতলত
মই কেতিয়াও
কোনো গায়কৰ বাবে
এখন ভাৰতবর্ষক
কন্দা দেখা নাছিলোঁ৷
গায়ক নাছিলা তুমি, তুমি আছিলা কাঞ্চনজঙ্ঘা৷
কাঞ্চনজঙ্ঘা
কেতিয়াও নমৰে৷
--------
