অন্যযুগ/


পুত্র

মূল : সুতপা চক্ৰৱৰ্তী ( বাংলা ) 

অনুবাদ : নয়ন মণি মিশ্ৰ


বাহিৰত বৰষুণ হৈ আছে

মাতৃহীন তই ঘুৰি ফুৰিছ ইফালে সিফালে

মোৰ দেউতাৰ দৰে তোৰো 

বদলিৰ চাকৰি হৈছে

মোৰ উদ্বিগ্ন মনে স্বৰ্গ মৰ্ত্য নামানে

মই মাজে সময়েই ঘৰলৈ দৌৰি আহোঁ

মই মাজে সময়েই দৌৰি আহোঁ

তোৰ অফিচত

চাওঁ টেবুলত মূৰ গুজি 

মন দি কাম কৰি আছ

মাৰৰ কথা বাৰু এতিয়া আৰু মনত 

পৰে নে বোপাই? 

 ***

ভ্ৰাম্যভাষ: ৮৪০৩৮৪১৬১৭

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ