অন্যযুগ/


সাক্ষী

 মূল : অয়ন তালধী (বাংলা) 

অনুবাদ : পাপু মজুমদাৰ


এজন চিত্ৰশিল্পী

গোটেই জীৱন মানুহৰ ছবি

আঁকিছে৷ 

চকু আঁকিছে, ওঁঠ আঁকিছে, 

হাতৰ শিৰাও৷

মৃত্যুৰ পূৰ্বে নিজৰ

এটা প্ৰতিকৃতি আঁকিবলৈ গৈ

কেনভাছ উকা কৈ ৰাখি দিলে৷ 

কাষত লিখা আছিল-

“যাক সবাতোকৈ বেছি দেখিছো, 

তাকেই সবাতোকৈ কম চিনি পাইছো৷”

 

ফোনঃ ০৯৮৬৪২০১৭৭৯

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ