মূল : বাংলা
অনুবাদ : মুনমুন সৰকাৰ
(১) অসুখ
অসুখ
অসুখ ভাল নাপায় কোনেও
তথাপিও মানুহ অসুখীয়া হয়
অসুখ আহে
নিঃশব্দে সিন্ধি খান্দি শৰীৰৰ পাকঘৰলৈ
বটুৱা উদং কৰি খাই থৈ যায়, যোৱাৰ আগে আগে
গৃহিণীৰ হেঁপাহৰ ফুলৰ গছকেইজোপাত
আঙুলি বুলাই কৈ থৈ যায়
আজি যাওঁ
ফুল ফুলিলে আকৌ আহিম...
(২) দুঃখ
দুঃখ
দুখ মোৰ বুলি
দাবী কৰিব নোৱাৰোঁ
তথাপি কিমান সহজতে মানুহক দুখ দিওঁ
(৩) খালী
বুঢ়া বয়সত মানুহে বেছিকৈ কথা কয়।
কোনোবা আকৌ নিঃশব্দ হৈ পৰে
কোনো কোনোৱে আকৌ একেটা কথাকে চেপেটা কৰি থাকে।
আশে পাশে থকা মানুহবোৰ বিৰক্ত হয়।
বুঢ়া মানুহবোৰৰ এখন সমুদ্র আছে।
মানুহ ফুৰিবলৈ আহে,
মাছ মাৰে
জাহাজ চলায় সমুদ্রৰ
বুকুত
আৰু পেলাই থৈ যায় খালী বিয়েৰৰ কেন।
(৪) ফু
এডাল মমবাতিৰ মৃত্যু
এটা ফু
এটা বাঁহীৰ জন্ম
এটা ফু।
(৫)
বুদ্ধ ভগৱানৰ মূৰ্তি হেৰুৱাই পেলাইছোঁ
কেইদিনমান উকা হৈ
পৰা থকা বেদীৰ ওপৰত কোনোবাই খেলনা বন্দুক এটা থৈ গৈছে
অভ্যাস বশত: ওলাবলৈ লওঁতে
তাতেই অলপ ৰওঁ
চকুহাল মুদি দিওঁ
মুদি মুদি চাওঁ
বন্দুক আৰু বুদ্ধ
দুয়ো হাঁহিছে।
শেষৰ কবিতাৰ শিৰোনাম নাই।
***
ভ্ৰাম্যভাষ : ৮৬৩৮৯৩৭৮১৭