অন্যযুগ/


মৈমনসিংহ-গীতিকা

মৈমনসিংহ-গীতিকাৰ অনুবাদ 

'মহুৱা'

কাব্যানুবাদ : ড° প্ৰাণ্‌জিৎ বৰা

মৈমনসিংহ গীতিকাৰ শতবৰ্ষ আৰু কিছু কথা 


অবিভক্ত ভাৰতবৰ্ষৰ অন্যতম বৃহৎ জিলা মৈমনসিংহৰ নামেৰেই পৰিচিত সেই অসামান্য সংকলন, মৈমনসিংহ গীতিকা ৷ আজিৰ পৰা এশ বছৰ পূৰ্বে ১৯২৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত হৈছিল এই সংকলন৷ সেই সময়ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ছাৰ আশুতোষ মুখাৰ্জীৰ আনুকূল্যত বাংলা ভাষা তথা সাহিত্যৰ ইতিহাসৰ জনক, প্ৰাচীন পুথি-পাঁজিৰ সংগ্ৰাহক তথা প্ৰকাশক ড॰ দীনেশচন্দ্ৰ সেনৰ পৃষ্ঠপোষকতাত নেত্ৰকোণাৰ চন্দ্ৰকুমাৰ দে-ই মৈমনসিংহৰ পাহাৰে-কন্দলে ঘূৰি ঘূৰি দহখন পালা সংগ্ৰহ  কৰে আৰু ড॰ সেনৰ  সম্পাদনাত মৈমনসিংহ গীতিকা  নামেৰে এই পালাসমূহৰ সংকলনটি গ্ৰন্থাকাৰে বিশ্ববিদ্যালয়ে প্ৰকাশ কৰে৷ ২০২৩ চনত এই গ্ৰন্থ প্ৰকাশৰ শতবৰ্ষ পূৰণ হ’ল৷ প্ৰকাশৰ শতবৰ্ষ গৰকা ‘মৈমনসিংহ গীতিকা’ গুৰুত্বপূৰ্ণ এইবাবেই যে এই পালাসমূহত ব্যৱহৃত লোকভাষা বা লোককথাৰীতিয়ে খ্ৰীষ্টীয় চতুৰ্থ শতাব্দী পৰ্যন্ত (গুপ্ত-সম্ৰাটসকলৰ সময়লৈকে) মৈমনসিংহকো সাঙুৰি লোৱা প্ৰাগজ্যোতিষপুৰৰ সেই কালৰ সাহিত্যৰ অনেক নতুন খবৰ আমাক দিব পাৰে৷ প্ৰাগজ্যোতিষপুৰৰ ৰাজনৈতিক-সামাজিক প্ৰভাৱৰ স্পষ্ট আঁচোৰৰ উপৰি পৰিস্থিতিকেন্দ্ৰিক আৱেগ প্ৰকাশৰ বেলিকা মৈমনসিংহকে ধৰি এসময়ৰ এই গোটেই অঞ্চলটোৰ লোকমনৰ সমৰূপতাকো এই পালাসমূহৰ ভাষাই বিশেষকৈ সাব্যস্ত কৰিছে৷ বহুক্ষেত্ৰত দেখা পাইছোঁ যে আমাৰ বিহুনাম বা বিভিন্ন মালিতাসমূহৰ সৈতে এইসমূহৰো প্ৰকাশভংগী প্ৰায় একে৷ এই পালাসমূহৰ অৱলম্বনত অৱশ্যেই আমাৰ লোকসাহিত্যৰ নিশ্চয় এক নতুন পযাৰ্লোচনাৰ সম্ভাৱনা আছে৷ মূলতঃ এই সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মৈমনসিংহ গীতিকাৰ অন্তৰ্গত প্ৰথমখন পালা ‘মহুৱা’ৰ কাব্যানুবাদ কৰাৰ বাবে আগবঢ়া গৈছে৷

ড॰ সেনে তেওঁৰ ‘ভূমিকা’ত লিখা অনুযায়ী, মহুৱা নামৰ পালাখন ১৯২৩-ৰ পৰা প্ৰায় তিনিশ বছৰ পূৰ্বে নমঃশূদ্ৰ ব্ৰাহ্মণ দ্বিজ কানাইৰদ্বাৰা ৰচিত৷ এই পালাত বৰ্ণিত নদেৰচাঁদ আৰু মহুৱাৰ প্ৰেমকাহিনী ইমানেই  জনপ্ৰিয় আছিল যে এসময়ত মৈমনসিংহৰ ঘৰে ঘৰে এই পালাৰ অভিনয় হৈছিল৷ আমাৰ কাব্যানুবাদ পঢ়িলেই পাঠকসকলে বুজিব পাৰিব যে আমাৰ মালিতাসমূহ বা লোকগীতসমূহৰ পুনৰ্বিচাৰৰ বেলিকা মহুৱাই নিঃসন্দেহে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷


মহুৱা


(বন্দনাগীতি)


পূবতে পূজিলোঁ পূবৰ ভানুশ্বৰ৷

এপিনে উদিত ভানু চৌদিশে বিস্তৰ৷৷

দক্ষিণে পূজিলোঁ হে ক্ষীৰ নদী সাগৰ৷

যি স্থানে বেহাই ফুৰে চান্দ সদাগৰ৷৷

উত্তৰে পূজিলোঁ হে কৈলাস পৰ্বত৷

যি স্থানে বিৰাজিছে আলীৰ পদচিহ্নৰ পাথৰ৷৷

পশ্চিমে পূজিলোঁ হে মক্কা হেন স্থান৷

যাৰ পিনে চালাম জনায় মোমিন মুছলমান৷৷

সভা পাতি বহিছে তাতে হিন্দু-মুছলমান৷

সভাৰ চৰণে পৰি জনালোঁ চালাম৷৷

চাৰিওকোণাৰ পৃথিৱীক পূজি মন কৰিলোঁ স্থিৰ৷

সুন্দৰবন স্থানে পূজোঁ গাজি জিন্দাপীৰ৷৷

আচমান জমিনে পূজোঁ চন্দ্ৰ আৰু সূৰ্য৷

ভগৱন্তক স্মৰি পূজোঁ কোৰাণ আৰু শাস্ত্ৰ৷৷

কিনো গালোঁ নাজানো বন্দনা কৰিলোঁ ইতি৷

ওস্তাদৰ চৰণ পূজিলোঁ কৰি মিনতি৷৷


   (১)

(হুমৰা অঘৰীৰ কথা)

উত্তৰত গাৰো পাহাৰ ছমাহৰ পথ৷

তাৰেই উত্তৰে আছে হিমানী পৰ্বত৷৷

হিমানী পৰ্তব পাৰ হৈ তাৰো যে উত্তৰ৷

তাতে বিৰাজিছে সাতোখন সাগৰ৷৷

চন্দ্ৰ সূৰ্য নাই তাত আন্ধাৰে আৱৰা৷

বাঘ-ভালুকৰ বাস মানুহৰ নাই লৰা ফুৰা৷৷

তাতে বাস কৰে এক যাযাবৰ হুমৰা যাৰ নাম৷

তাৰে কথা কওঁ শুনা হেৰা হিন্দু মুছলমান৷৷

ডকাইতি কৰে সি ডকাইতৰ চৰ্দাৰ৷ 

মাইন্‌কিয়া নামে সৰু ভাই আছিল তাৰ৷৷

ঘূৰি ফুৰি ভ্ৰমি ফুৰে দুয়ো নানান দেশ৷

অপূৰ্ব কাহিনী কথা কওঁ শুনা সবিশেষ৷৷

ভ্ৰমিতে দুয়ো ভাই কি কাম কৰিল৷

ধনু নদীৰ তীৰে গৈ উপস্থিত হইল৷৷

কাঞ্চনপুৰ নামেৰে আছিল এক গ্ৰাম৷

তাতে বাস কৰিছিল এক ব্ৰাহ্মণ বিদ্বান৷৷

ছয়মাহৰ শিশু কন্যা পৰমা সুন্দৰী৷

ৰাত্ৰিবেলা হুমৰা তাকে কৰিল চুৰি৷৷

কন্যা চুৰি কৰি হুমৰাই এৰি গ’ল দেশ৷

সেই কন্যাৰে কথা কওঁ শুনা সবিশেষ৷৷ 

ছমহীয়া শিশু কন্যাৰ বছৰ বাগৰিল৷

সজাত ৰাখি পক্ষী পলাবলৈ লাগিল৷৷

এক দুই তিনিকৈ ষোল বছৰ যায়৷

খেলা কছৰত তাইক যতনেৰে শিকায়৷৷

সৰ্পৰ মূৰত থাকে যি তিৰবিৰ মণি৷

সেয়া দেখি পাগল হৈ উঠে বাইদাৰনন্দিনী৷৷

বাইদা বাইদা বোলে লোকে বাইদাৰ কি গুণ৷

ঘৰৰ ভিতৰতো কন্যা জ্বলে যেন কেঁচা সোণ৷৷

খোজ দিবৰ পৰত ভৰিলৈকে বৈ পৰে চুলি৷

মুখত ফুটি উঠে যেন কনকচম্পা কলি৷৷

আগল দীঘল চকুযুৰি আকাশৰ তৰা৷

তিলমাত্ৰ দেখিলেও কন্যাক নাযায় পাহৰা৷৷

বাইদাৰ কন্যাৰ ৰূপে কঁপায় মুনিৰো মন৷

সেই কন্যা লৈ বাইদা ঘূৰে ত্ৰিভুবন৷৷

পৰমা সুন্দৰী কন্যা হুমৰা বাইদাৰ নাৰী

ভাবি চিন্তি নাম থলে ‘‘মহুৱা সুন্দৰী’’৷৷

(* বাইদ্যা : অঘৰী, যাযাবৰ৷ মূলৰ পাঠৰ নিৰ্যাস অক্ষুণ্ণ ৰক্ষাৰ অৰ্থে হুমৰা যাযাবৰ বা অঘৰীৰ ঠাইত হুমৰা বাইদা বুলিয়েই কোৱা হৈছে৷)


     (২) 

গাৰো পাহাৰ; অৰণ্য

(হুমৰা আৰু মাইন্কিয়াৰ দলসহিতে প্ৰৱেশ)


অঘৰী হুমৰাই নামকাঢ়ি বোলে মাইন্কিয়া হেৰ’ ভাই৷

খেলা দেখুৱাবলৈ নে বিদেশলৈকে যোৱা যায়৷৷

মাইন্কিয়াই বোলে কওঁ দাদা মন দি শুনা৷

বিদেশলৈ যাব পাৰোঁ শুকুৰবাৰৰ দিনা৷৷

শুকুৰবাৰ আহিল যেতিয়া ভৰপুৱাতে উঠি৷

দলে বলে কৰিলে যাত্ৰা টালি-টোপোলা কৰি৷৷

আগে আগে হুমৰা যায় পাছে পাছে ভাই৷

পাছে পাছে অনেকজন লেখ-জোখ নাই৷৷

বাঁহ তমাল ল’লে সবে ৰছী আৰু কাঁচি৷

(...এইখিনিতে এটা পদ পোৱা হোৱা নাই...)৷৷

ভাটৌ ল’লে মইনা ল’লে আৰু ল’লে টিয়া৷

সোণবৰণীয়া দহিকতৰা ল’লে ভৰাই পিঞ্জৰা৷৷

ঘোঁৰা ল’লে গাধ ল’লে আৰু কিমান ক’ম৷

ৰাজ-চণ্ডালৰ হাড় ল’লে কেৱে নাপালে গম৷৷

চিকাৰী কুকুৰ ল’লে শিয়াল-সিয়ান বুলি৷

মনৰ সুখত ফুৰিবলৈ ওলাল বিদেশ নগৰী৷৷

লগতে ওলাল পাছে মহুৱা সুন্দৰী৷

লগতে সখীয়েক পালংক গ’ল ডিঙিতে সাবটি৷৷

এমাহ দুমাহ কৰি তিনিমাহ গ’ল৷

বামনকান্দা গাঁৱত গৈ উপস্থিত হ’ল৷৷


    (৩)  

 (নদেৰচাঁদৰ সভা)


সভাৰ মাজে বিৰাজিছে নদেৰচাঁদ কোন৷

গগনভৰা তৰাৰ মাজত পূৰ্ণিমাৰ জোন৷৷

আগে মানুহ পিছে মানুহ বিৰাট সভা৷

খোৰা আহি প্ৰৱেশ কৰিল চালাম কৰিয়া৷৷

‘‘শুনক বতৰা প্ৰভু মোৰ বেকত কৰোঁ আপোনাক৷

নতুন এদল অঘৰী আহিছে তামচা দেখাইবাক৷৷

পৰমা সুন্দৰী এক কন্যা লগতে তাহাৰ৷

এনে কন্যা জীৱনত দেখা নাই আৰ৷৷’’

কথা শুনি ঠাকুৰ তভক খাই ৰ’ল৷

পাছে মাতৃৰ কাষত গৈ উপস্থিত হ’ল৷৷

‘‘শুনা শুনা আই মোৰ কওঁ তোমাক৷

নতুন এদল অঘৰী আহিছে তামচা কৰিবাক ৷৷

তোমাৰ আজ্ঞা বাদে আন একো নিবিচাৰোঁ ৷

আজ্ঞা হ’লে অঘৰীহঁতক তামচা কৰাত পাচোঁ৷৷’’

“অঘৰীক তামচা কৰাবলৈ কেইশ টকা লাগে৷”

‘‘অঘৰীক তামচা কৰাবলৈ এশ টকা লাগে৷৷”

‘‘শুনা শুনা নদেৰচাঁদ অঘৰীহঁতক মাতাঁ৷

বাহিৰবাৰীৰ মহলত তামচা কৰিবলৈ দিয়াঁ৷”


     (৪) 

    ( খেল-প্ৰদৰ্শন)


হুমৰা অঘৰীয়ে নামকাঢ়ি বোলে মাইন্কিয়া মোৰ ভাই৷

ধনু-কাঁড় লৈ ব’লা তামচালৈ যাওঁ ওলাই৷৷

যেতিয়া নেকি হুমৰা অঘৰীয়ে ঢোলত জুৰিলে মাৰি৷

নদাপুৰৰ মানুহৰ মাজত লাগিল দৌৰাদৌৰি৷৷

এজনে আনজনক ৰিঙিয়াই বোলে আহ অ’ ওলাই৷

ঠাকুৰবাৰীত অঘৰীৰ খেলা আহিছনে বেগাই৷৷

চাৰিওপিনে মানুহে বেঢ়িছে তামচা চাবলৈ বুলি৷

নদেৰচাঁদ মাজতে বহিছে মাৰিছে উকি৷৷

যেতিয়া নেকি অঘৰী বালিকাই বাঁহ ধৰি দিলে দোলা৷

বহাৰ পৰা উঠি নদেৰ ঠাকুৰ একেকোবে হ’ল খাড়া৷৷

ৰছী বান্ধি উঠি যেতিয়া বাঁহত দেখুৱালে বাজি৷

ঠাকুৰে বোলে ইমান ওখ খহি পৰিল নেকি মৰি৷৷

হাতৰ তালৰ ঝুনঝুননি সহিতে ঢোলত পৰিল চাব৷

নাচ-গান কৰিবলৈ আহি পালোঁ আমি ঠাকুৰবাৰীৰ মাজ৷৷

বাজি দেখুৱালোঁ তামচা কৰিলোঁ ইনাম বকচিচ বা কি দিয়ে৷

মনেৰে ভাবোঁ ঠাকুৰৰ মন পালে আন একোকে নালাগে৷৷

হেজাৰ টকাৰ আলোৱান দিলে আৰু দিলে টকা-কড়ি৷

থাকিবলৈ বুলি হুমৰাই খুজিলে এখন বাৰী৷৷

দাইল দিলে চাউল দিলে ৰান্ধি-বাঢ়ি খোৱাঁ৷

নতুন বাৰীত খাই-বৈ সুখেৰে কটোৱাঁ৷৷

পট্টা কৰিলোঁ কবুলিয়ত কৰিলোঁ.....*

ভালদৰে বাৰী পাতাঁ উলুৱাকান্দালৈ গৈ৷৷

নতুন বাৰী পাতি অঘৰীয়ে কৰিলে পছন্দৰ ঘৰ৷

বায়ু উঠি কইনাৰ গাত উঠিল বৰ জ্বৰ৷৷

ন বাৰী পাতি উঠি অঘৰীয়ে লগালে বেঙেনা৷

সেই বেঙেনা ছিঙিবলৈ গৈ কান্দি পেলালে কইনা৷৷

নেকান্দিবা নেকান্দিবা কইনা নেকান্দিবা সোণজনী৷

বেঙেনা বেচি তোমালৈ আনিম ডিঙিৰ সাতসৰী৷৷

নতুন বাৰী পাতি অঘৰীয়ে লগালে উৰহী৷

তুমি কইনা নাথাকিলে মোৰ ডিঙিত ছুৰী৷৷

নতুন বাৰী পাতি অঘৰীয়ে লগালে কচু৷

কচু বেচি তোমালৈ আনিম হাতত পিন্ধা খাৰু৷৷

নতুন বাৰী পাতি অঘৰীয়ে লগালে কলজুপি৷

কল বেচি আনি দিম তোমাক ডিঙিৰ মালাধাৰি৷৷

নতুন বাৰী পাতি অঘৰীয়ে সাজিলে জুপুৰী৷

চৌদিশে মালঞ্চৰ বেৰা আইনা শাৰী শাৰী৷৷

হাঁহ মাৰিলোঁ পাৰ মাৰিলোঁ বাচি বাচি মাৰিলোঁ টিয়া৷

লৱণ কালজিৰাৰ সৈতে জুতি লগাই ৰান্ধা৷৷

(* এই অংশ উপলব্ধ নহয়)


              (৫)  

(নদাৰ ঠাকুৰৰ সৈতে মহুৱাৰ পানী অনা ঘাটত দেখাদেখি)


এদিনাখন নদাৰ ঠাকুৰে আৰম্ভিলে যাত্ৰা৷

ঘৰৰ কোণত চাকি জ্বলে তিনি সন্ধ্যাৰ বেলা৷৷

তামচা শেষ কৰি অঘৰীৰ কন্যা নিজ গৃহে যায়৷

নদাৰ ঠাকুৰে নিজৰ কথা কয় তাইক বাটতে পাই৷৷

শুন শুন কন্যা হেৰা মোৰ কথা ৰাখাঁ ৷

মনৰ কথা কওঁ শুনা কাষৰতে থাকাঁ ৷৷

সন্ধিয়া বেলিকা জোন উঠে বেলি বহে পাটে ৷

হেন সময়তে অকলে তুমি যাবা পানীৰ ঘাটে ৷৷

সন্ধিয়া বেলিকা পানীঘাটলৈ অকলৈ যাবা তুমি৷

কঁকালত তোমাৰ ভৰা গাগৰি দিম মই তুলি৷৷

কাষত কলচী লৈ সেই সন্ধিয়া মহুৱা পানীত নামে ৷

নদাৰ চাঁদো ঘাটলৈ যায় সেই সন্ধ্যাকালে ৷৷

‘‘জল ভৰি ভৰি সুন্দৰী কন্যা জলত দিছা মন ৷

কালি যে কৈছিলোঁ কিবা এষাৰ হৈছেনে স্মৰণ ৷৷”

‘‘শুনা শুনা ভিনদেশী সবাই কয় তোমাৰ ঠাই ৷

কালি বা কি এষাৰ কৈছিলা মোৰ মনত নাই ৷৷”

‘‘ন যৌৱনা কন্যা তুমি হোজা তোমাৰ মন ৷

একে ৰাতিতে সেই কথা হ’ল বিস্মৰণ ৷৷”

‘‘তুমিতো ভিন দেশী পুৰুষ মই ভিন নাৰী ৷

তোমাৰ সৈতে কথা কওঁতে যাওঁ লাজতে মৰি ৷৷”

‘‘জল ভৰি ভৰি সুন্দৰী কন্যা জলত তুলিছা ঢউ ৷

হাঁহিমুখে কোৱাঁ না কথা লগত নাই মোৰ কেউ ৷৷

কোন বা তোমাৰ মাতা কন্যা কোন বা তোমাৰ পিতা ৷

এই দেশলৈ অহাৰ আগেয়ে আছিলানো কেনিবা ৷৷”

‘‘নাই মোৰ মাতা-পিতা নাই সহোদৰ ভাই৷

সোঁতৰ শেলাই হৈ ভাহি ফুৰিছোঁ পাই৷৷

কপালতে আছিল লেখা অঘৰীৰ সৈতে ফুৰিম ঘূৰি৷

নিজৰ জুইত জাহ যাওঁ মই নিজে মৰোঁ পুৰি ৷৷

এই দেশত বুজে কোনে যাক কওঁ মোৰ কথা ৷

কোনেনো বুজিব মোৰ পোৰা মনৰ বেথা ৷৷

সুন্দৰী কন্যা লৈ থাকাঁ ঠাকুৰ মনৰ সুখেৰে ৷

নিজ ইচ্ছাই ঘৰ কৰিছা সুখেৰে-সন্তোষে ৷৷”

ঠাকুৰে বোলে ‘‘কন্যা তোমাৰ কেনে পাষাণ হিয়া ৷

আসৈ মাতিছা তুমি হোৱা নাই তোমাৰ বিয়া ৷৷”

“কঠুৱা তোমাৰ মাতা-পিতা কঠুৱা তোমাৰ প্ৰাণ ৷

এনুৱা যৌৱন তোমাৰ যায় অকাৰণ ৷৷

কঠুৱা তোমাৰ মাতা-পিতা কঠুৱা তোমাৰ হিয়া৷

এনুৱা যৌৱনকালে দিয়া নাই তোমাক বিয়া ৷৷”

‘‘কঠুৱা মোৰ মাতা-পিতা কঠুৱা মোৰ হিয়া৷

তোমাৰ দৰে নাৰী পালে কৰোঁ মই বিয়া ৷৷”

“লাজ নাই নিলাজ ঠাকুৰ নাই তোমাৰ লজ্জা ৷

ডিঙিত কলহ বান্ধি তুমি পানীত ডুবি মৰাঁ ৷৷”

“কত পাওঁ কলহ কন্যা কত পাওঁ ৰছী৷

তুমি হোৱা গভীৰ নাদ মই ডুবোঁ মৰি৷৷”


       (৬) 


শুন শুন মহুৱা বৈণী মোৰ মূৰকে খোৱাঁ ৷

অকলৈ কিয় সন্ধ্যাবেলা ঘাটলৈ যোৱাঁ ৷৷

কান্দি পাৰ কৰা গোটেই নিশা দুচকুৰে বৈ থাকে পানী ৷

মনৰ কথা এবাৰ কোৱাঁচোন চাওঁ কেনে লাগে শুনি ৷৷

হুমুনিয়াহ এৰি চাই থাকাঁ মাথোঁ ঠাকুৰবাৰীৰ পিনে৷

নদা ঠাকুৰ পাগল হৈছে শুনিছোঁ তোমাৰ গানে ৷৷

এই কথা শুনি মহুৱাই পাছে কৈ গ’ল ধীৰে ধীৰে ৷

‘‘মনৰ জুইকুৰা নুমুৱাওঁ সখী কোৱাঁচোন কিদৰে ৷৷

এই দেশ এৰি সখী ব’লা আন দেশলৈ যাওঁ ৷

বুজাব খুজিলেও মনে যে নুবুজে কিসতে বুজাওঁ ৷৷”

‘‘শুন বৈণী শুন তেনেহ’লে মোৰ কথা ৰাখাঁ ৷

সাদিনলৈ ঘাটলৈ নগৈ ঘৰতে বহি থাকাঁ ৷৷

নদাৰ ঠাকুৰ আহিব যেতিয়া পাই যাব বাতৰি ৷

গ’ল নিশা মৰি গৈছে তেওঁৰ সুন্দৰী নাৰীজনী ৷৷”

এই কথা শুনি মহুৱাই ধীৰে ধীৰে ক’লে৷

‘‘ময়ে আগতে মৰিম ক্ষণিকলৈও তেওঁক নেদেখিলে৷৷

চন্দ্ৰ-সূৰ্য সাক্ষী সখী সাক্ষী হোৱাঁ তুমি ৷

নদাৰ ঠাকুৰেই হ’ল গৈ মোৰ প্ৰাণৰ স্বামী ৷৷

অঘৰীৰ স’তে মই যে সখী যেনি তেনি যাওঁ ৷

মোৰ মন বান্ধিব পৰা ঠাই আছে জানো তাকে চাওঁ ৷৷”

প্ৰাণৰ বন্ধুক লগত লৈ হ’ম দেশান্তৰী ৷

বিহ খাই মৰিম মই কিম্বা ডিঙিত জৰী ৷৷


      (৭) 


(হুমৰা আৰু মাইন্কিয়াৰ আলোচনা)


শুনা শুনা মাণিক ভাই তোমাকে জনাওঁ ৷

এই দেশ এৰি ব’লা আন দেশে যাওঁ ৷৷

ঘৰ-বাৰী লৈ কি কৰিম ভাই খাম ভিক্ষা মাগি ৷

কন্যা মোৰ বলিয়া হৈছে নদাৰ ঠাকুৰক ভাবি ৷৷

মাইন্কিয়াই বোলে “এনে কথা নক’বা আৰু তুমি৷

কোন স’তে এৰি যাওঁ এনে লখিমী বাৰী ৷৷

যতনেৰে কৰা পুখুৰী খাওঁ বুলিলেই পানী ৷

পথাৰ ভৰি পকিছে সৌৱা সোণবৰণীয়া শালি ৷৷

বাটি ভৰাই খাম এদিন শালিধানৰ চিৰা ৷

এই দেশ এৰি নাযাবা দাদা মূৰত ধৰি কাঢ়াঁ কিৰা ৷৷”


          (৮)


(গভীৰ ৰাতি মহুৱাৰ সৈতে নদাৰ ঠাকুৰৰ পুনৰ্মিলন)


ফাগুন শেষ হৈ আহিছে চ’তৰ ৰাগী ৷

কু কু কৈ কুলিয়ে মাতিছে গছৰ ডালত বহি ৷৷

আগৰঙাকৈ শালিধান উঠিছে পকি ৷

মাজনিশা সাৰ পাই নদাৰ চাঁদ উঠিছে বহি ৷৷

ওঁঠলৈ তুলি ল’লে কাষতে থকা বাঁহী ৷

ইংগিতেৰে বুজালে মহুৱা যাতে আহে লৱৰি ৷৷

আকাশজুৰি পাপিয়াই জোৰে নিজৰ গীতি ৷

বাঁহী শুনি সুন্দৰী কন্যাৰ ভাঙি গ’ল টোপনি ৷৷

পৰম সুখত নিদ্ৰাত পৰে অঘৰীৰ দল ৷

বলিয়াৰ দৰে কন্যা ঘৰৰ বাজ হ’ল ৷৷

ধীৰে ধীৰে গৈ কন্যাই নদীৰ ঘাটলৈ আহি ৷

দেখে কন্যাই নদাৰ ঠাকুৰে বজাইছে প্ৰেমৰ বাঁহী ৷৷

একমনে সাবটাসাবটিকৈ ৰ’ল দুয়োজনা ৷

নদাৰ ঠাকুৰে ক’বলৈ ধৰিলে কাণ পাতি শুনা ৷৷

‘‘আইকো এৰিম বোপাইকো এৰিম এৰিম ঘৰবাৰী ৷

কন্যা তোমাক লগত লৈ হ’ম দেশান্তৰী ৷৷”

নদাৰ ঠাকুৰৰ ডিঙিত ধৰি কান্দে অঘৰীৰ কন্যা ৷

‘‘মই নাৰী পাগলিনী হায় তুমি মোৰ ডিঙিৰ মালা ৷৷

তিলমাত্ৰ দেখা নাপালে তোমাক হওঁ পাগলী ৷

সজাত ভৰাই বান্ধি ৰাখিছে পগলা পক্ষী ৷৷

ফুল যদি হ’লাহেঁতেন ধন, ফুল হ’লাহেঁতেন যদি৷

চুলিত গুজি ৰাখিলোহেঁতেন যতনাই বান্ধিলোহেঁতেন বেণী৷৷

মই মৰোগৈ পানীত ডুবি ধন মোৰ বাসনা এৰাঁ ৷

মোক পাবৰ আশা এৰি ঘৰলৈ উলটি যোৱাঁ ৷৷”

হুমৰাই তেনেতে দুয়ো প্ৰণয়ীক কিবা প্ৰকাৰে দেখে ৷

দূৰৈৰ পৰাই হুমৰাই দুয়োকে চায় আলেঙে আলেঙে ৷৷

শেষ নিশা হ’লত নদাৰ ঠাকুৰে নিজ ঘৰে বাট ধৰে ৷

কাষত কলচী লৈ পুৱাবেলা কন্যা নৈ ঘাটলৈ আহে ৷৷


                     (৯)  

            (শেষ বিদায়– মহুৱাৰ কথা)


‘‘শুনা শুনা নদাৰ ঠাকুৰ মোৰ কথা শুনা ৷

এই গাঁও এৰি যামগৈ গুচি আজি নিশাবেলা ৷৷

আই-বোপাইক লগত লৈ এৰি যাম ঘৰ-বাৰী ৷

তোমাৰ লগতে গৈ যেন হ’মগৈ দেশান্তৰী ৷৷

তোমাৰ সৈতে মোৰ চাগৈ এয়ে শেষ দেখা ৷

কেনেকৈনো থাকিম মই হৈ অদেখা ৷৷

অবলা নাৰী মই, আছে কুল মান ৷

পিতাইৰ সৈতে নগ’লে নাথাকিব মান ৷৷

পৰি ৰ’ল ঘৰ-মাটি পৰি ৰ’লা তুমি ৷

পগলা মনটোক কেনেকৈ ৰাখোঁ বান্ধি ৷৷

নুশুনো নুশুনো আৰু তোমাৰ গুণৰ বাঁহী ৷

উজাগৰী দুচকুৰে নুপুৱাওঁ আৰু ৰাতি ৷৷ 

মনেৰে যদি বৰিছা বন্ধু ৰাখাঁ মোৰ কথা ৷

দেখা কৰি যোৱাঁ বন্ধু দেখা কৰি যোৱাঁ ৷৷

সাৰ পাই দেখিম জানো আৰু তোমাৰ সোণামুৱা মুখ ৷

তোমাৰ সৈতে ভ্ৰমি আৰু ক’তনো পাম সুখ ৷৷

যোৱাৰ বেলিকা একেষাৰ মাথোঁ কৈ যাওঁ তোমাক ৷

উত্তৰ দিশে যোৱাঁ তুমি নাই কোনো বিপাক ৷৷

মোৰ ঘৰলৈ যাবা বন্ধু নাই ভিন-পৰ ৷

নল-খাগৰীৰ বেৰাৰে সৈতে দক্ষিণমুৱা ঘৰ ৷৷

সেই তাতে আছোঁ আমি মাহ-পষেক জুৰি ৷

তালৈকে যোৱাঁ বন্ধু অতিথি হোৱাঁ তুমি ৷৷

মোৰ ঘৰলৈ যাবা বন্ধু বহিবলৈ দিম পীৰা ৷

জলপান বুলি যতনাই  দিম শালিধানৰ চিৰা ৷৷

শালিধানৰ চিৰা খাবা লগতে কল দুটাও পিটিকি ল’বা ৷

ঘৰতে আছে ম’হৰ দৈ খাবা তিনিও বেলা ৷৷

আজিয়েই যে শেষ দেখা বন্ধু আৰু জানো হ’ব দেখা ৷৷’’


    (১০)          

(অঘৰী দলৰ পলায়ন)


‘‘ সন্দেহ যিহেতু হ’ল ভাইহঁত আৰু নাথাকোঁ এই স্থানত৷

মোৰ কথা ৰাখাঁ ব’লা যাওঁ আন কোনো দেশত ৷৷

ঘৰ-বাৰী থাকক পৰি থাকক পৰি চাউল-চিৰা ৷

এই দেশত আৰু থকা নাযায় ভাইহঁত কেৱল মূৰৰ পীড়া ৷৷’’

বাঁহ-ৰছী সকলোবোৰ লগত লৈ জুৰি ৷

পলাই  গ’ল অঘৰীৰ দল গভীৰ এন্ধাৰ ৰাতি ৷৷

পৰি ৰ’ল ঘৰ-দুৱাৰ বাৰী মাটি খেতি ৷

সেই কথা শুনিয়েই সবে থাউকতে উঠে চমকি ৷৷

নঁদাৰ ঠাকুৰৰ কাণত গৈ যেতিয়া পৰিল সেই কথা ৷

মাটিত আহি পৰিল মুখলৈ নিয়া ভাতৰ গোটেই গঢ়া ৷৷

মাকে মাতে বাপেকে মাতে নুশুনে কাৰো কথা ৷

  সকলোৱে ৰটে, হ’ল নদাঁৰ ঠাকুৰ বলীয়া ৷৷


           (১১)

(মাকৰ কাষৰ পৰা নদাঁৰ ঠাকুৰৰ বিদায় গ্ৰহণ)


‘‘ভঙা ঘৰ পৰি ৰৈছে চোৱাঁ হোৱা নাই চাল ৷

পোকা-পিঁপৰাৰ বাস হৈছে নাই কোনো খেয়াল ৷৷

সেই ঘৰতে কন্যা আহি  নিৰলে বহে ৷

বিনা সূতাৰে মোলৈকে বুলি মালা গাঁথি থাকে ৷৷

দিন যায় মাহ যায় আৰু জানো হ’ব দেখা ৷

আছিলোঁ ব্ৰাহ্মণ-পুত্ৰ কপালত আছিল এই লেখা ৷৷

চন্দ্ৰ-সূৰ্য সাক্ষী হোৱাঁ, সাক্ষী হোৱাঁ তৰা ৷

বিদায় দিয়াঁ মা মোক, মোক বিদায় দিয়াঁ ৷৷

তীৰ্থ কৰিবলৈ এৰি যাওঁ দেশ যাবলৈ দিয়াঁ ৷৷

মাৰ নকঢ়াকৈ ভাত ৰান্ধা মা মোৰ বাবে ৰান্ধা ৷

তোমাৰ পুত্ৰ বিদেশলৈ যাব নকৰিবা মানা ৷৷

বিদায় দিয়াঁ মা মোকে বিদায় দিয়াঁ মোকে ৷

তীৰ্থলৈ বুলি যাম মই অতি দূৰ দেশে ৷৷

মাকে বোলে,‘‘ বাচা মোৰ তই মোৰ দুচকুৰ তৰা৷

তিলমান তোক নেদেখিলেও হওঁ মই বলিয়া ৷৷

তোক নেদেখিলে বাচা গলত লগাম জৰী ৷

তোৰ অবিহনে এই বংশত কোনে লগাব চাকি ৷৷

ভিক্ষা লাগি খাম লাগিলে লগে ভাগে থাকি ৷

বুকুৰ হাড় দলিয়াই দিম নাযাবি আঁতৰি ৷৷

কঁকালৰ এছোৱা গ’ল তোৰ গূ-মুত ধুই ৷

মাঘমহীয়া শীতে আনছোৱা নিলে আছোঁ কোনোমতে বৈ৷৷

বিদেশে বিপদে যদি হায় পুত্ৰৰ প্ৰাণ যায় ৷

খবৰ কোনেও নাপাওঁতেই মাকে গম পায় ৷৷

বুজ নামানে পৰাণে বাচা কেনেকৈ থাকিম ঘৰত ৷

তই এৰি গ’লে বাচা মৰি যাম দুখত ৷৷’’

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ