মূল (ইংৰাজী) : মায়া এনজেলিও (Maya Angelou ), আমেৰিকা
অনুবাদ : ড° ৰঞ্জিত দত্ত
দেৱালৰ ছাঁবোৰ,
হলঘৰটোৰ হাই-উৰুমিবোৰ,
জীৱনে মোক একেবাৰেই
ভীতিগ্ৰস্ত নকৰে।
দুষ্ট কুকুৰটোৱে
জোৰকৈ ভুকিছে,
বিৰাটকায় অশৰীৰিটো আছে
এচপৰা মেঘৰ ভিতৰত ,
জীৱনে মোক একেবাৰেই
ভতিগ্ৰস্ত নকৰে।
বুঢ়ী ৰাজহংসৰ মাকজনী,
মেলি দিয়া সিংহটো,
সিহঁতে আৰু মোক
ভীতিগ্ৰস্ত কৰিব নোৱাৰে।
ড্ৰেগনটোৱে শ্বাস-প্ৰশ্বাসত
অগনি বৰষিলেও
মোৰ শোৱাপাটীত
মই ভয়াৰ্ত নহওঁ।
মই
দুৰ্গন্ধৰ পিছে পিছে ঘূৰি
সিহঁতক খেদি পঠাওঁ,
মই
ৰং-তামাচা কৰোঁ,
সিঁহত দৌৰি পলায়।
মই নাকান্দোঁ
সেইবাবে সিহঁত উৰি যায়,
মই মিচিকিয়াই হাঁহো
সিহঁত উগ্ৰ হয়,
জীৱনে মোক কেতিয়াও
ভীতিগ্ৰস্ত নকৰে।
দুজন উগ্ৰ যুৱকে
কাজিয়া কৰিছে,
এই নিশাটোত সকলো অকলশৰীয়া,
কিন্তু জীৱনে মোক একেবাৰে
ভীতিগ্ৰস্ত নকৰে।
বাঘ-ঘোংবিলাক অচিনাকি
তথাপি উদ্যানত আন্ধাৰত
সিহঁতে মোক কাহানিও
ভীতিগ্ৰস্ত কৰিব নোৱাৰে।
সেই নতুন
শ্ৰেণী কোঠাটোত ল'ৰাবিলাকে
চুলি টনা-টনি কৰি আছে,
সৰু ছোৱালীবিলাকে
নিজৰ চুলিবোৰ
কেঁকুৰা-কেঁকুৰিকৈ ভাঁজ কৰিছে,
সিহঁতেও মোক কেতিয়াও
ভীতিগ্ৰস্ত কৰিব নোৱাৰে।
মোক সাপ আৰু বেংবোৰ
নেদেখুৱাবা,
মোৰ আৰ্তনাদ শুনা,
যদি মই আতংকিত হওঁ
সেয়া মাথোঁ
মোৰ সপোনক লৈহে।
মোৰ এক
যাদুকৰী সৌন্দৰ্য আছে
যাক মই মোৰ
কামিজটোৰ হাতখনৰ
মাজত লুকুৱাই থৈছোঁ,
সাগৰৰ পানীৰ পৃষ্ঠইদি মই
খোজ কাঢ়ি যাব পাৰোঁ
উশাহ লোৱা নোলোৱাকৈৱে।
জীৱনে মোক কেতিয়াও
ভীতিগ্ৰস্ত নকৰে
মুঠেই নকৰে,
একেবাৰেই নকৰে।
জীৱনে মোক কেতিয়াও
ভীতিগ্ৰস্ত নকৰে।
