অন্যযুগ/


মনটো আমাৰ বিৱাহিত কিন্তু আমি বহুত সৰু


মূল (ইংৰাজী) : জৰ্জ অৰৱেল, ইংলেণ্ড

অনুবাদ : ড° ৰঞ্জিত দত্ত



মনটো আমাৰ বিৱাহিত

কিন্তু আমি বহুত সৰু

মনটো আমাৰ বিৱাহিত 

কিন্তু আমি বহুত সৰু

যুগৰ সামাজিক প্ৰথা মতে

অভিভাৱকসকলে আমাক 

বিয়াৰ বান্ধোনেৰে বান্ধি

এটি সৰু  পৃথক কোঠাত

আৱদ্ধ কৰি দিয়ে আৰু

নিশাৰ আহাৰৰ সময়তহে কেৱল

খোৱাৰ গীত গাওঁ একেলগে। 

সময়বোৰ পাৰ হৈ গ'ল,

মধ্যযুগত অৰণ্যবোৰ আছিল সেউজীয়া,

অতীজতে গুহাত বাস কৰা মানুহবোৰৰ

সতি-সন্ততিবোৰ আছিল বিৱাহিত আৰু

সেই বিৱাহ-বিচ্ছেদৰ ধ্যান-ধাৰণাৰেই 

প্ৰভাৱান্বিত হৈ  এতিয়াও

প্ৰেম আৰু যাতনাৰ সময়তে

সময়ত মনত পেলায় ৰোমিওক-

দুৰ্ভাগ্যগ্ৰস্ত প্ৰেমিক প্ৰেমিকাহালক-

জুলিয়েট আছিল মাথোঁ চৌধ বছৰীয়া।

সময়বোৰো পাৰ হৈ গ'ল,

গুহা-মানৱবোৰে নতুনকৈ

জ্বলাই লোৱা জুইকুৰাৰ ওচৰত 

প্ৰেয়সীক কাষত  লৈ 

জিৰণি লৈছিল নিশা

খৰিৰ ধোৱাঁৰ গোন্ধত।

আমিও আমাৰ নিজৰ

জুইকুৰাৰ কাষতেই পাৰ কৰিম 

হিয়াৰ আশা-আকাংক্ষাবোৰৰ স'তে 

আমাৰ পঞ্চাছটি বছৰ।


চুলিবোৰ যেতিয়া আমাৰ 

ৰূপালী হৈ পৰিব

মনত ৰাখিম আমিও তেতিয়া

উজলি উঠা সেই মেঘাচ্ছন্ন দিনবোৰৰ কথা।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ