অন্যযুগ/


পাৰ্ৱতী তিৰ্কীৰ কবিতা

 


অনুবাদ : মৃদুল মৰাণ


 

(কবি পৰিচয়ঃ ঝাৰখণ্ডৰ আদিবাসী কবি পাৰ্ৱতী তিৰ্কী (জন্মঃ ১৯৯৪) প্ৰথম কাব্য সংকলনফিৰ উগনা’ (২০২৩, হিন্দী) ইয়াৰ বাবেই তেওঁ ২০২৫ চনত সাহিত্য অকাদেমি যুৱ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে এওঁৰ কবিতাই ছোট নাগপুৰ মালভূমি অঞ্চলৰ আদিবাসী সমাজৰ স্থানীয় বিশ্বদৃষ্টিক এক সাংস্কৃতিক ভাণ্ডাৰ আৰু এক জীৱন্ত প্ৰমাণ হিচাপে প্ৰতিষ্ঠা কৰিছে৷ তিৰ্কীৰ কবিতাই প্ৰকৃতি আৰু সংস্কৃতি, মানৱ আৰু -মানৱ, আধ্যাত্মিক আৰু ভৌতিকএই আধুনিক দ্বৈত্যবোৰ ভাঙি পেলায়৷ ইয়াৰ সলনি তেওঁ এনে এক সমগ্ৰ বিশ্বৰ চিত্ৰ অংকন কৰে সকলোবোৰ আন্তঃসংযুক্ত আৰু চৈতন্যময়৷ তেওঁৰ কবিতা প্ৰকৃততে সমাজৰ একতা, পৃথিৱীৰ ভাৰসাম্য আৰু প্ৰকৃতিৰ প্ৰতি চেনেহৰ বিষয়ে৷ প্ৰকৃতিৰ অধঃপতন এই সময়ৰ অন্যতম বিয়োগান্তক দিশ বুলি বিবেচনা কৰা কবিয়ে অৰণ্যৰ প্ৰতি থকা আদিবাসী সমাজৰ ভালপোৱাক যথেষ্ট গুৰুত্ব দিছে৷ তেওঁ বিশ্বাস কৰে যে, আদিবাসী সমাজৰ গণতান্ত্ৰিক চেতনা বৰ্তমান সময়ত আমাৰ বাবে এক পথ-নিৰ্দেশক পাৰে৷ সেয়ে আদিবাসী জীৱনশৈলীত নিহিত জীৱন-দৰ্শন আৰু স্বকীয় আৰু সহজ-সৰল সম্পৰ্কবোৰ আৱশ্যকীয়৷

            আউটলুক ইণ্ডিয়া সৈতে হোৱা এক সাক্ষাৎকাৰত তিৰ্কীয়ে আদিবাদী সমাজৰ প্ৰাকৃতিক জীৱন শিপাই থকা নিজৰ কবিতাৰ বিষয়ে এনেকৈ কৈছেফিৰ উগনা আদিবাসীসকলৰ পানী, অৰণ্য আৰু জীৱনৰ সৈতে থকা অন্তৰ্নিহিত সম্পৰ্ক আৰু সংযোগক প্ৰতিফলিত কৰে৷ ইয়াত আছে প্ৰকৃতিৰ সৈতে থকা তেওঁলোকৰ আৱেগিক বান্ধোন, প্ৰকৃতিৰ প্ৰতি থকা গভীৰ বিশ্বাস, প্ৰকৃতিয়ে গঢ় দিয়া তেওঁলোকৰ সামাজিক গাঁথনি আৰু প্ৰকৃতি সংৰক্ষণৰ প্ৰতি তেওঁলোক কিমান প্ৰতিশ্ৰুতিবদ্ধ, তাৰ আভাস৷ অৰণ্য কেৱল সম্পদ নহয়; আদিবাসীসকলৰ বাবে এক আৱেগিক আৰু আধ্যাত্মিক স্থান৷ অৰণ্য আৰু তাৰ পৰা জন্মা সমাজখনৰ প্ৰতি থকা গভীৰ প্ৰেমক কেন্দ্ৰ কৰিয়েই এই কবিতাবোৰৰ আৱৰ্তন৷)

 

                        ১) বাঁহী

            বাঁহনি সামৰি বিয়পি পৰা

            চঞ্চল বতাহৰ

            খিল্খিল্হাঁহি

            এজন প্ৰেমিকে শুনিলে

 

            আৰু তেওঁ বাঁহেৰে গঢ়িলে

            সুন্দৰ এটি বাঁহী

 

            সেই বাঁহীৰ

            সুললিত মাতৰ আঁত ধৰি

            গালে মোহিনী মন্ত্ৰ

            প্ৰাণৰ প্ৰিয়াক কৰিলে বশীভূত৷

 

 

                        ২) বৰষুণ

            টোৰ্টোৰ্কৰি

            মানুহৰ লগতে ভেকুলীৰো

            মেঘৰ বাবে এটি প্ৰাৰ্থনা

            গীতৰ মজ্লিছত

            চামিল সকলো

 

            কিয়নো ভেকুলীৰো আছিল

            বৰষুণলৈ অযুত ভালপোৱা৷

 

 

                        ৩) লকড়া*

            হেৰা ককাই!

            তুমি কিয় মোৰ পথৰ হেঙাৰ হৈ হৈছা থিয়

 

            মইতো তোমাৰে ভাই

 

            এদিন এখন অৰণ্য পাৰ হৈ যাওঁতে

            বাঘৰ মুখামুখি হৈ

            কোনোবাই কৈছিল বোলে এনেকৈ

 

            বাঘে তেওঁক আৰু পুনু নিদিলে বাধা

            সেই দিনধৰি মানুহ আৰু বাঘ

            পৰিয়ালৰ সম্বন্ধৰে বন্ধা

                       

*লকড়া : বাঘ৷ ঝাৰখণ্ডৰ কুড়ুখ আদিবাসীৰ মাজত প্ৰচলিত টোটেম তথা গোত্ৰ৷

***

ঠিকনা :

সহকাৰী অধ্যাপক

অসমীয়া বিভাগ

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়

দেৰগাঁও৭৮৫৬১৪



অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ